গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ বৰ্ষৰ বাবে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ ৪৯০গৰাকী কৰ্মীক ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’ প্ৰদান

কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’—এ উৎকৃষ্ট কাৰ্যক স্বীকৃতি প্ৰদান কৰে, উচ্চ বৃত্তিমূলক মানদণ্ডক প্ৰসাৰিত কৰে আৰু সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধি কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’ প্ৰৱৰ্তনে আৰক্ষীৰ সকলো কৰ্মীৰ মনোবল বৃদ্ধি কৰিব

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত এই পদক ঘোষণা কৰা হয়

পোষ্ট কৰা হৈছে: 31 OCT 2026 9:55AM by PIB Guwahati

২০২৬ বৰ্ষৰ বাবে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ ) আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা (চি পি ও )ৰ মুঠ ৪৯০গৰাকী কৰ্মীক ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’ প্ৰদান কৰা হৈছে। উৎকৃষ্ট কৰ্মৰ স্বীকৃতি প্ৰদান, উচ্চ পেছাদাৰী মানৰ প্ৰসাৰ আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে এই পদক প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত প্ৰৱৰ্তন কৰা ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’ৰ জৰিয়তে আৰক্ষীৰ সকলো কৰ্মীৰ মনোবল বৃদ্ধি পাব।

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত জাৰি কৰা অধিসূচনাৰ জৰিয়তে ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’ প্ৰৱৰ্তন কৰা হৈছিল। সমগ্ৰ ভাৰতীয় ইউনিয়নৰ আৰক্ষী বাহিনী, নিৰাপত্তা সংস্থা, ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় আৰক্ষী সংগঠন (চি পি অ’)/কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)/ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ড/অসম ৰাইফলছৰ চোৰাংচোৱা শাখা/বিশেষ শাখা; আৰু ফৰেনছিক বিজ্ঞান (কেন্দ্ৰ/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ সদস্যসকলক অভিযানত দেখুওৱা উৎকৃষ্টতা, তদন্তত অসাধাৰণ সেৱা, ব্যতিক্ৰমী কাৰ্যক্ষমতা, অদম্য আৰু সাহসী চোৰাংচোৱা সেৱা, ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত কৰ্মৰত চৰকাৰী বিজ্ঞানীসকলে কৰা প্ৰশংসনীয় কামৰ স্বীকৃতি স্বৰূপ এই "কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক" প্ৰদান কৰা হয়।

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে প্রতি বছৰে ৩১ অক্টোবৰত এই পদক ঘোষণা কৰা হয়।

পদকপ্ৰাপকসকলৰ তালিকা গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট https://www.mha.gov.in   ত উপলব্ধ।

 

 

(Click for the list of Awardees)

*******

RK / RR / PR / PS/DM


(ৰিলিজ আই ডি : 2330862) অতিথি কক্ষ : 7