তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) ২০২৬ৰ বাবে সংবাদ মাধ্যমৰ স্বীকৃতি লাভৰ আবেদনৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ ২০২৬লৈ বৃদ্ধি কৰিছে।

২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ বাতৰি সংগ্ৰহ আৰু সম্প্ৰচাৰৰ পৰিকল্পনা কৰা সংবাদ মাধ্যমৰ পেছাদাৰীসকলে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ (পিআইবি) আনুষ্ঠানিক স্বীকৃতি প’ৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব।
যোগ্য সংবাদ মাধ্যমৰ কৰ্মীসকলক সংশোধিত সময়সীমাৰ পূৰ্বে পঞ্জীয়ন সম্পূৰ্ণ কৰি প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
পঞ্জীয়নৰ লিংক: https://accreditation.pib.gov.in/eventregistration/login.aspx
কোনো প্ৰশ্নৰ বাবে আবেদনকাৰীসকলে iffi.mediadesk@pib.gov.in-ত যোগাযোগ কৰিব পাৰে।
স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ পেছাদাৰীসকলে মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। ইয়াৰ ভিতৰত আছে—
- চলচ্চিত্ৰ প্ৰদৰ্শনী
- পেনেল আলোচনা
- চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমা জগতৰ পেছাদাৰীসকলৰ সৈতে মত-বিনিময়
- নেটৱৰ্কিংৰ সুযোগ
- মহোৎসৱৰ বাতৰি সংগ্ৰহৰ সৈতে জড়িত অন্যান্য কাৰ্যকলাপ
আইএফএফআইৰ পূৰ্বৰ সংস্কৰণ (৫৬সংখ্যক)ৰ বাবে ইতিমধ্যে প’ৰ্টেলত পঞ্জীয়ন কৰা সংবাদ মাধ্যমৰ পেছাদাৰীসকলে একেটা প্ৰৱেশ-তথ্য ব্যৱহাৰ কৰি লগ-ইন কৰিব পাৰিব আৰু প্ৰয়োজন অনুসৰি নিজৰ নথি-পত্ৰসমূহ আপডেট কৰিব পাৰিব।
এছিয়াৰ অন্যতম প্ৰসিদ্ধ চলচ্চিত্ৰ মহোৎসৱত নিজৰ স্থান নিশ্চিত কৰিবলৈ আগতীয়াকৈ আবেদন কৰক। চিনেমা জগতক গঢ় দিয়া ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰক, পৰ্দাৰ সিপাৰৰ কাহিনীসমূহ আৱিষ্কাৰ কৰক আৰু চলচ্চিত্ৰ নিৰ্মাণ, সৃজনশীলতা তথা সংস্কৃতিৰ আইএফএফআইৰ প্ৰাণৱন্ত উদযাপনৰ অংশীদাৰ হওক।
ইয়াৰ উপৰি, সংবাদ মাধ্যমৰ সৈতে জড়িত নোহোৱা চলচ্চিত্ৰপ্ৰেমীসকলেও প্ৰতিনিধি হিচাপে আইএফএফআইৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। ৫৭সংখ্যক আইএফএফআই ২০২৬ত প্ৰদৰ্শিত হ’বলগীয়া বিভিন্ন চলচ্চিত্ৰ আৰু অন্যান্য কাৰ্যসূচীৰ সমৃদ্ধ অভিজ্ঞতা লাভৰ বাবে তেওঁলোকে https://www.iffigoa.org/delegate-registration লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে।
আইএফএফআইৰ বিষয়ে
১৯৫২ চনত আৰম্ভ হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম চলচ্চিত্ৰ উদযাপন। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) আৰু গোৱা ৰাজ্য চৰকাৰৰ অধীনস্থ এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱাই (ইএছজি) যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, কিংবদন্তি আৰু উদীয়মান প্ৰতিভাসকলক একত্ৰিত কৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে এই মহোৎসৱে গোৱাৰ প্ৰাণৱন্ত পৰিৱেশত বিভিন্ন কাহিনী, ভাষা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ পৰম্পৰাক উদযাপন কৰে।
৫৭সংখ্যক আইএফএফআই ২০২৬ৰ বিষয়ে অধিক তথ্য আৰু শেহতীয়া বিৱৰণৰ বাবে অনুগ্ৰহ কৰি https://www.iffigoa.org/ ৱেবছাইট চাওক।
*****
Mahesh Kumar/ Aparajita Priyadarshini/AA