পোষ্ট কৰা হৈছে:
24 OCT 2026 1:56PM by PIB Guwahati
ডিজিটেল কৃষিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ভাৰত চৰকাৰে মাৰ্চৰ নিৰ্ধাৰিত সময়সীমাৰ পাঁচ মাহ পূৰ্বে ১১ কোটি কৃষক আইডি সৃষ্টিৰ লক্ষ্যত উপনীত হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰাম্য উন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই সাফল্যক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সমৃদ্ধিশালী কৃষকৰ সৈতে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ৰূপায়ণ কৰা ডিজিটেল কৃষি মিছনৰ অধীনত এই মাইলৰ খুঁটি অতিক্ৰম কৰা হৈছে। কৃষকসকলক অনন্য ডিজিটেল পৰিচয় প্ৰদান কৰাৰ বাবে কৃষক আইডি বিকাশ কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ জৰিয়তে চৰকাৰী আঁচনি, বেংক ঋণ, শস্য বীমা আৰু দুৰ্যোগ সাহায্যৰ স্বচ্ছ, দক্ষ আৰু সময়োপযোগী নিশ্চিত হোৱাৰ লগতে কাগজ-পত্ৰৰ কাম আৰু বাৰে বাৰে পৰীক্ষা কৰাৰ প্ৰয়োজন হ্ৰাস হয়।
নিৰ্ধাৰিত সময়ৰ পাঁচ মাহ পূৰ্বে লক্ষ্যপ্ৰাপ্তি
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে ২৩ অক্টোবৰৰ নিশাৰ ভিতৰত ১১ কোটি কৃষক আইডি সৃষ্টি সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই লক্ষ্যত উপনীত হোৱাৰ সময়সীমা ২০২৭ চনৰ ৩১ মাৰ্চ নিৰ্ধাৰণ কৰিছিল। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ৰাজ্য চৰকাৰ তথা ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলে নিৰ্ধাৰিত সময়ৰ পাঁচ মাহ পূৰ্বে এই লক্ষ্যত উপনীত হ’বলৈ সমন্বয়ৰে কাম কৰে। তেওঁ এই সাফল্যৰ বাবে সমগ্ৰ দেশৰ কৃষকসকলক অভিনন্দন জনোৱাৰ লগতে কৃষক আইডিক তেওঁলোকৰ নিজৰ ডিজিটেল পৰিচয় আৰু আধুনিক প্ৰযুক্তিৰ জৰিয়তে কৃষিক অধিক দক্ষ, স্বচ্ছ আৰু সমৃদ্ধিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
কাগজ-পত্ৰৰ কাম হ্ৰাস আৰু অধিক স্বচ্ছভাৱে সুবিধাসমূহৰ উপলভ্যতা
সশ্ৰী চৌহানে কয় যে কৃষক পৰিচয় পত্ৰৰ ব্যৱস্থাই কৃষকসকলে বাৰে বাৰে চৰকাৰী কাৰ্যালয় আৰু বেংকলৈ যোৱা বা বিভিন্ন আঁচনিৰ বাবে একেখন নথি দাখিল কৰাৰ প্ৰয়োজনীয়তা যথেষ্ট হ্ৰাস কৰিব। ইয়াৰ পূৰ্বে, কৃষকসকলে প্ৰায়েই বিভিন্ন সুবিধা লাভ কৰিবলৈ বাৰে বাৰে নথিপত্ৰ প্ৰদান কৰিবলগীয়া হৈছিল, যাৰ ফলত সময় আৰু ধন দুয়োটাৰে লোকচান হৈছিল। কৃষক আইডিৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ সেৱাৰ প্ৰৱেশাধিকাৰ সহজ আৰু অধিক স্বচ্ছ হ’ব বুলি আশা কৰা হৈছে।
বেংক ঋণ আৰু কিষাণ ক্ৰেডিট কাৰ্ডঃ ঋণ প্ৰক্ৰিয়া সহজ হৈ পৰিব, যাৰ ফলত বাৰে বাৰে নথিপত্ৰ পৰীক্ষাৰ প্ৰয়োজনীয়তা হ্ৰাস হ'ব।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাঃ প্ৰাকৃতিক দুৰ্যোগ বা শস্যৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ মূল্যায়ন আৰু ইয়াৰ বিতৰণ অধিক স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰা হ’ব। কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন পৰিশোধ কৰা হ’ব।
দুৰ্যোগ সাহায্য সহায়ঃ জৰুৰীকালীন অৱস্থাত সাহায্য অধিক দ্ৰুতভাৱে প্ৰকৃত আৰু যোগ্য কৃষকসকলৰ ওচৰলৈ আহিব।
ন্যূনতম সমৰ্থন মূল্যত (এমএছপি) শস্য ক্ৰয়ঃ ডিজিটেল ব্যৱস্থাই ক্ৰয় প্ৰক্ৰিয়াত মধ্যস্থতাকাৰীৰ ভূমিকা আঁতৰ কৰাত সহায় কৰিব আৰু কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সম্পূৰ্ণ মূল্য লাভ কৰাটো নিশ্চিত কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে কৃষি সেৱা প্ৰদানত স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰাৰ জৰিয়তে যোগ্য কৃষকসকলে কম পদ্ধতিগত বাধাৰ সৈতে চৰকাৰী সমৰ্থন লাভ কৰাটো সুনিশ্চিত কৰা।
ইতিমধ্যে ৬ কোটিৰো অধিক কৃষক লাভান্বিত
ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত ডিজিটেল কৃষি মিছন আৰম্ভ কৰা হয়। এই অভিযানৰ অধীনত বিকশিত কৰা ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)-এ ইতিমধ্যে ফল দেখুৱাইছে। কৃষক আইডি-আধাৰিত সেৱা প্ৰদান ব্যৱস্থাৰ জৰিয়তে, সমগ্ৰ দেশৰ ৬ কোটিৰো অধিক কৃষকে এতিয়ালৈকে বিভিন্ন আঁচনিৰ অধীনত প্ৰত্যক্ষ সুবিধা লাভ কৰিছে। কৃষি সেৱাৰ সৈতে কৃষকৰ নিৰ্ভৰযোগ্য তথ্যভাণ্ডাৰ সংযোগ কৰাৰ জৰিয়তে জালিয়াতি আৰু নকল প্ৰমাণীকৰণৰ প্ৰয়োজনীয়তা আঁতৰ কৰাত সহায় হৈছে। ই চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয় উন্নত কৰাৰ লগতে নীতি প্ৰস্তুতকৰণ আৰু আঁচনিসমূহৰ নিৰীক্ষণ শক্তিশালী কৰাৰ জৰিয়তে সেইবোৰৰ ৰূপায়ণ আৰু লাভালাভৰ বিতৰণ অনুসৰণ কৰাটো সহজ হৈ তুলিছে।
সমবায় যুক্তৰাষ্ট্ৰবাদৰ শক্তিশালী উদাহৰণ
শ্ৰী চৌহানে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সামূহিক প্ৰচেষ্টাক এই সাফল্যৰ কৃতিত্ব প্ৰদান কৰি ইয়াক সমবায় যুক্তৰাষ্ট্ৰবাদৰ এটা উৎকৃষ্ট উদাহৰণ বুলি অভিহিত কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন, জিলা পৰ্যায়ৰ দল আৰু গাঁওসমূহত কাম কৰা তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক নিৰ্ধাৰিত সময়ৰ পূৰ্বে লক্ষ্যত উপনীত হোৱাত তেওঁলোকৰ অৱদানৰ বাবে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও প্ৰযোজ্য নিয়ম অনুসৰি আনৰ ভূমিত কাম কৰা তথা নিজৰ ভূমিত কাম কৰা কৃষকসকলক ডিজিটেল মঞ্চলৈ অনাৰ বাবে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ কল্যাণ আৰু সমৰ্থন কাৰ্যসূচীৰ পৰা কোনো যোগ্য কৃষক যাতে বাদ নপৰে সেয়া নিশ্চিত কৰাটোৱেই হৈছে ইয়াৰ উদ্দেশ্য।
ভাৰতীয় কৃষিৰ ৰূপান্তৰ ঘটাব প্ৰযুক্তিয়ে
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ন্যূনতম চৰকাৰ, সৰ্বাধিক প্ৰশাসন নীতিৰ সৈতে সংগতি ৰাখি কৃষক পঞ্জীক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। কৃষক আই ডি কেৱল ডিজিটেল পৰিচয় পত্ৰ নহয়; ই এটা স্বচ্ছ, দায়বদ্ধ আৰু কৃষক-কেন্দ্ৰিক প্ৰশাসন ব্যৱস্থাৰ বাবে শক্তিশালী ভেটি। কৃষকসকলৰ বাবে এটা প্ৰমাণিত ডিজিটেল পৰিচয় সৃষ্টি কৰাৰ জৰিয়তে কৃষি সেৱাৰ প্ৰদান উন্নত কৰা আৰু চৰকাৰী সমৰ্থন কাৰ্য্যকৰীভাৱে অভিপ্রায় কৰা হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে । সমগ্ৰ দেশৰ কৃষকসকলক অভিনন্দন জনাই শ্ৰী চৌহানে তেওঁলোকক আধুনিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ, অপ্ৰয়োজনীয় অসুবিধা নোহোৱাকৈ তেওঁলোকৰ অধিকাৰ থকা আঁচনি আৰু সুবিধাসমূহ লাভ কৰিবলৈ আৰু ভাৰতীয় কৃষিক নতুন শিখৰলৈ লৈ যোৱাত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ কয় যে এই সাফল্যই আধুনিক কৃষি পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে য’ত প্ৰযুক্তিয়ে কৃষকসকলৰ স্বাৰ্থ পূৰণ কৰে আৰু উন্নত ভাৰতৰ দৃষ্টিভংগীক সমৰ্থন কৰে।
***
SS/DK/DD