ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

২৬-০৯-২০২৬ ৰ বিয়লি ৩ বজাত আয়োগৰ বৈঠক অনুষ্ঠিতঃ তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ বৈঠকত

পোষ্ট কৰা হৈছে: 26 SEP 2026 5:36PM by PIB Guwahati

i. চলিত এছ আই আৰ-ৰ সময়ত জাননী জাৰি কৰা যিকোনো ব্যক্তিৰ ক্ষেত্ৰত, মেপ নকৰা আৰু যুক্তিসঙ্গত অসামঞ্জস্যতাৰ বাবে, বি এল অ’ সকলে নথিপত্ৰ সংগ্ৰহৰ বাবে এনে ব্যক্তিসকলৰ ঘৰলৈ যাব আৰু তাৰ পাছত ই আৰ অ’-ৰ সিদ্ধান্তৰ বাবে ই চি আই নেটত-ত আপলোড কৰিব। এনে ব্যক্তিসকলক শুনানিৰ বাবে ই আৰ অ’/এ ই আৰ অ’ কাৰ্যালয়লৈ মাতি অনাৰ প্ৰয়োজন নাই। কেৱল ব্যতিক্ৰমী পৰিস্থিতিত, ই আৰ অ’-ৰ দ্বাৰা সিদ্ধান্ত লোৱা অনুসৰি, শুনানি অনলাইনত অনুষ্ঠিত হ’ব। পৰিয়ালৰ যিকোনো প্ৰাপ্তবয়স্ক সদস্যক প্ৰয়োজন হ’লে তেওঁলোকৰ হৈ শুনানীত উপস্থিত থাকিবলৈ নিৰ্বাচকে কৰ্তৃত্ব কৰিব পাৰে। অনলাইন শুনানিৰ সুবিধা শক্তিশালী কৰা হ’ব।

ii. ডি ই অ'-সকলে (জিলা নিৰ্বাচন বিষয়া) প্ৰয়োজন অনুসৰি নিশাৰ আশ্ৰয় শিবিৰত বাস কৰা লোক, শ্ৰমিক, দৰিদ্ৰ লোক, গৃহহীন আদিৰ বাবে পৰ্যাপ্ত সংখ্যক হেল্প ডেস্ক সৃষ্টি/বিশেষ শিবিৰ অনুষ্ঠিত কৰিব।

iii. এছ আই আৰ-ৰ বাবে প্ৰ-পত্ৰ ৬ -ৰ সৈতে সংলগ্ন ঘোষণাপত্ৰখন উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে। অ-এছ আই আৰ ম্যাদৰ বাবে, নিয়ম অনুসৰি প্ৰযোজ্য প্ৰ-পত্ৰসমূহ (ভোটাৰৰ পঞ্জীয়ন নিয়ম ১৯৬০) ব্যৱহাৰ কৰা হ'ব

iv. বিধিবদ্ধ ক্ষমতা অনুসৰি ক্ষেত্ৰ বিযয়াসকলৰ ইচিআই নেট প্ৰণালীত ভূমিকা-ভিত্তিক প্ৰৱেশাধিকাৰ আছে। জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত (ডিইচি) ৰ নেতৃত্বত আৰু আই আই টি/আই আই আই. টি-ৰ এজন স্বতন্ত্ৰ বিশেষজ্ঞকে ধৰি এখন সমিতিয়ে ই চি আই নেট-ৰ পৰ্যালোচনা কৰি ই আইন আৰু নিয়মৰ ব্যৱস্থাসমূহ মানি চলে নে নাই সেই বিষয়ে দুবাৰকৈ পৰীক্ষা কৰি আয়োগক প্ৰতিবেদন দাখিল কৰিব। যোৱা কেইমাহমানত ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা পোৱা ইনপুটৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে পৰ্টেলটোৰ বিভিন্ন উন্নয়ন সাধন কৰা হৈছে। যদি ক্ষেত্ৰ বিযয়াসকলৰ দ্বাৰা আৰু অধিক নমনীয়তাৰ প্ৰয়োজন হয়, সেইটো কাৰ্য্যকৰী কৰা হ'ব। এতিয়াৰ পৰা আয়োগৰ অনুমোদনৰ পূৰ্বে আইটি মডিউল আৰু প’ৰ্টেলৰ বিষয়ে সকলো নতুন পদক্ষেপৰ বিষয়ে বিষয়া সমিতি (চিঅ’ অ’)ত আলোচনা কৰা হ’ব।

v. চিইঅ’ দিল্লীৰ পৰা পোৱা অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ২০২৬ চনৰ ৩০ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। জাননী আৰু দাবী তথা আপত্তি নিষ্পত্তিৰ সময়সীমা ২০২৬ চনৰ ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। লগতে মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা পোৱা অনুৰোধ অনুসৰি মহাৰাষ্ট্ৰত দাবী আৰু আপত্তি দাখিলৰ সময়সীমা আয়োগে ২০২৬ চনৰ ১২ অক্টোবৰলৈকে বৃদ্ধি কৰিছে। মহাৰাষ্ট্ৰত জাননী, দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়সীমা ২০২৬ চনৰ ১০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

vi. আয়োগৰ সকলো বৈঠকৰ কাৰ্যসূচী আগতীয়াকৈ বিতৰণ কৰা হ’ব আৰু কাৰ্য্যক্ৰম প্ৰকাশ কৰা হ’ব

vii. সকলো বিষয়াৰ এ পি এ আৰ {বাৰ্ষিক প্ৰদৰ্শন মূল্যায়ন প্ৰতিবেদন} নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত, অৰ্থাৎ প্ৰতি বছৰে ৩১ ডিচেম্বৰত সম্পূৰ্ণ কৰা হ'ব।

viii. বিষয়াসকলৰ বিদেশ ভ্ৰমণৰ বাবে আয়োগৰ অনুমোদন লোৱা হ’ব।

ix. আয়োগৰ বিষয়াসকললৈ আয়ুক্তসকলে জাৰি কৰা সকলো নিৰ্দেশনা নিখুঁতভাৱে পালন কৰা হ'ব।

২. ইতিমধ্যে বিহাৰ আৰু পশ্চিমবংগকে ধৰি ২০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ সম্পূৰ্ণ হৈছে। এছ আই আৰ-ৰ সময়ত বা তাৰ পাছত নাম বাদ পৰা যিকোনো ব্যক্তি, আৰু যুৱ/প্ৰথমবাৰৰ ভোটদাতাকে ধৰি যিকোনো ব্যক্তিয়ে নিৰন্তৰ আপডেট প্ৰক্ৰিয়াৰ অধীনত ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সংশ্লিষ্ট ই আৰ অ’-ত আবেদন কৰিব পাৰে। চি ই অ.-ক ইয়াৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চি ই অ’, ডি. ই অ’, ই আৰ অ’ -সকলে এই ভোটাৰসকলৰ নাম পঞ্জীয়নৰ বাবে তৎক্ষণাত এক বিশেষ অভিযান আৰম্ভ কৰিব।

৩. ইয়াৰ উপৰি পুনৰ উল্লেখ কৰা হৈছে যে-

i. কেবিনেট সচিবলৈ লিখা পত্ৰখন আয়োগ বা তথ্য প্ৰযুক্তি বিভাগৰ কোনো নীতিগত বিষয়ৰ সৈতে সম্পৰ্কিত নাছিল, বৰঞ্চ ই চি আই-ত ডেপুটেচনত থকা এজন বিষয়াৰ কামৰ সৈতে সম্পৰ্কিত আছিল। দুয়োগৰাকী আয়ুক্তৰ নিৰ্দেশ আৰু ডিইচিৰ দ্বাৰা তথ্য প্ৰযুক্তি বিভাগৰ ওপৰত তদাৰক কৰাৰ পাছত সংশ্লিষ্ট বিষয়াজনে জাৰি কৰা কাম পুনৰ বিতৰণৰ নিৰ্দেশ প্ৰকৃততে কাৰ্যকৰী কৰা হোৱা নাছিল।

ii. শেহতীয়া মাহবোৰত আয়োগে সমগ্ৰ দেশতে এছ আই আৰ-কে ধৰি বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছে। বিহাৰৰ পৰা আৰম্ভ কৰি পশ্চিম বংগ আৰু আন ৩০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আৰম্ভ কৰি সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৪-৬-২০২৫ তাৰিখে জাৰী কৰা এছ আই আৰ-ৰ নিৰ্দেশ আয়োগৰ সর্বসম্মত অনুমোদনৰ সৈতে জাৰী কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২৭-০৫-২০২৫ তাৰিখৰ নিৰ্দেশৰ জৰিয়তে ইয়াক বাহাল ৰাখিছে। ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এছ আই আৰ-ৰ সময়সূচী ২৭-১০-২০২৫ -ত আৰু ১৯ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ১৪-০৫-২০২৬ -ত আয়োগৰ সর্বসম্মত অনুমোদনৰ সৈতে জাৰী কৰা হৈছিল। তৃতীয় পৰ্যায়ৰ বাকী ১২ খন ৰাজ্যত চূড়ান্ত প্ৰকাশৰ পাছতহে ভোটাৰৰ সংখ্যাৰ চূড়ান্ত সংখ্যা জানিব পৰা যাব।

iii. চিইঅ’ গোৱাই সংশ্লিষ্ট বিএলঅ’ সকলক বাদ পৰা ভোটাৰসকলৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ ঘৰে ঘৰে ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিছে। ৯৭ গৰাকীৰ ভিতৰত ৮১ গৰাকী ভোটদাতাই ইতিমধ্যে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰ-পত্ৰ-৬ পূৰণ কৰিছে।

৪. এই প্ৰেছ নোটটো ২৬-০৯-২০২৬ ত অনুষ্ঠিত আয়োগৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি জাৰী কৰা হৈছে আৰু ইয়াত সম্পূৰ্ণ আয়োগৰ অনুমোদন আছে।

২০২৬ চনৰ ২৬ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত নিৰ্বাচন আয়োগৰ বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰৰ সৈতে নিৰ্বাচন আয়ুক্ত ড০ এছ এছ সান্ধু আৰু ড০ বিবেক যোশী

 

**********

PK/GDH/RP/MK


(ৰিলিজ আই ডি : 2315339) অতিথি কক্ষ : 22