ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শিক্ষকসকলক প্ৰদান কৰিলে ৰাষ্ট্ৰীয় বঁটা

দেশৰ উন্নয়নত শৈক্ষিক উৎকৃষ্টতা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ অপৰিসীম গুৰুত্ব আছে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 05 SEP 2026 3:09PM by PIB Guwahati

আজি (৫ ছেপ্টেম্বৰ, ২০২৬) শিক্ষক দিৱসৰ দিনা নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  ভাষণ আগবঢ়াই ৰাষ্ট্ৰপতিয়ে কয় যে আমাৰ সংবিধানত সন্নিবিষ্ট সুযোগৰ সমতাৰ আদৰ্শক বাস্তৱায়িত কৰাৰ বাবে শিক্ষাই হৈছে আটাইতকৈ ফলপ্ৰসূ উপায়।প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আধাতে  এৰি দিয়াৰ হাৰ নগণ্য হোৱাটো  শিক্ষকৰ প্ৰচেষ্টাত সম্ভৱ হৈ উঠিছে বুলিও তেওঁ  কয় । এই  সফলতাৰ বাবে  তেওঁ সকলো শিক্ষকৰে শলাগ লয়।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্কুলীয়া শিক্ষাই শিক্ষা ব্যৱস্থাৰ ভেটি গঠন কৰে। যিকোনো সময়তে জ্ঞান আৰু দক্ষতা আহৰণ কৰিব পাৰি যদিও শৈশৱৰ সময়ত সজ আচৰণৰ পাঠ প্ৰদান কৰাটো বহু বেছি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। প্ৰাথমিক শ্ৰেণীত অধ্যয়ন কৰা শিশুৰ বৌদ্ধিক, শাৰীৰিক, নৈতিক বিকাশৰ ক্ষেত্ৰত  মনোনিৱেশ কৰি আমাৰ শিক্ষকসকলে ভৱিষ্যত প্ৰজন্মৰ উৎকৃষ্ট ছাত্ৰ-ছাত্ৰী তথা কৰ্তব্যপৰায়ণ নাগৰিক প্ৰস্তুত কৰিব পাৰে।

ৰাষ্ট্ৰপতিয়ে আঙুলিয়াই দিয়ে যে বহু ছাত্ৰ-ছাত্ৰী আৰ্থিকভাৱে বঞ্চিত পৰিয়ালৰ পৰা আহিছে; ইয়াৰে কিছুমান প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী; আন কিছুমানে সাধাৰণ গাঁৱৰ বিদ্যালয়ৰ পৰা বৃহৎ চহৰৰ বিদ্যালয়লৈ আহে;  কিছুমান অধিক লাজকুৰীয়া , কিছুমানৰ অপৰিসীম প্ৰতিভা আছে যদিও আত্মবিশ্বাসৰ অভাৱ  আৰু কিছুমান বিশেষভাৱে সক্ষম শিশুও আছে।

শিক্ষকসকলে তেওঁলোকৰ মনত   আত্মবিশ্বাস জগাই তোলাৰ লগতে বৈষম্যৰ  অনুভৱ  দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি তেওঁ কয় ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ উন্নয়নত শৈক্ষিক উৎকৰ্ষতা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ গুৰুত্ব অপৰিসীম। ভাৰতক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলা আৰু ইয়াক জ্ঞানৰ মহাশক্তিলৈ ৰূপান্তৰিত কৰাটো আমাৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম বিষয় বুলিও তেওঁ কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমি বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ দিশে আগবাঢ়িছো আৰু এই লক্ষ্য বিশ্বমানৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তেহে লাভ কৰিব পৰা যাব। আমাৰ শিক্ষকসকলে শিক্ষা ব্যৱস্থাত প্ৰাণৰ সঞ্চাৰ ঘটায়। আমাৰ দেশৰ এগৰাকীও  ছাত্ৰ-ছাত্ৰী  যাতে গুণগত শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। আমাৰ শিক্ষকসকলে তেওঁলোকৰ মৰম তথা  নিষ্ঠাৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান, প্ৰেৰণা, নৈতিকতা, সংবেদনশীলতা জগাই তুলিব লাগিব  বুলি ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

Please click here to see the President’s Speech

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2307024) অতিথি কক্ষ : 5