গৃহ মন্ত্ৰালয়
হিমালয়ৰ পাদদেশৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গ্লফ(GLOF) আৰু হিমবাহৰ স্খলনজনিত দুৰ্যোগৰ সৈতে মোকাবিলাৰ প্ৰস্তুতি পুনৰীক্ষণ কেন্দ্ৰীয় গৃহ সচিবৰ
পোষ্ট কৰা হৈছে:
03 SEP 2026 2:17PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনে আজি নতুন দিল্লীত হিমালয়ৰ পাদদেশৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তুষাৰাবৃত হ্ৰদ বিস্ফোৰণৰ ফলত হোৱা প্লাৱন (গ্লফ) আৰু হিমবাহৰ স্খলনৰ বিপদাশংকাৰ মোকাবিলা কৰা প্ৰস্তুতি পুনৰীক্ষণৰ বাবে এক বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ লগতে গৃহ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এনডিএমএ), কেন্দ্ৰীয় জল আয়োগ (চিডব্লিউচি), ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি) আৰু প্ৰতিৰক্ষা ভূ-তথ্য গৱেষণা প্ৰতিষ্ঠানৰ (ডিজিআৰই) জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকত হিমালয় অঞ্চলত গ্লফৰ ক্ৰমবৰ্ধমান বিপদাশংকাৰ বিষয়ে পুনৰীক্ষণ কৰা হয়, য’ত বিশেষভাৱে প্ৰাৰম্ভিক সতৰ্কবাণী, সংবেদনশীল তুষাৰাবৃত হ্ৰদ আৰু বৰফেৰে আবৃত অঞ্চলসমূহৰ নিৰীক্ষণ, উচ্চ ক্ষতিশংকাপূৰ্ণ স্থানসমূহৰ চিনাক্তকৰণ, প্ৰবাহৰ পথ নিৰ্ধাৰণ, সময়মতে সতৰ্কবাণী প্ৰচাৰ, স্থানান্তৰৰ প্ৰস্তুতি আৰু প্ৰতিক্ৰিয়া ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ নিজ নিজ প্ৰস্তুতি আৰু দুৰ্যোগ প্ৰশমন কৌশলসমূহ উপষ্ঠাপন কৰে, য’ত সংবেদনশীল তুষাৰাবৃত হ্ৰদসমূহ নিৰীক্ষণ, প্ৰাৰম্ভিক সতৰ্কবাণী ব্যৱস্থা শক্তিশালী কৰা, সতৰ্কবাণী অন্তিমটো পৰ্যায়লৈ প্ৰচাৰ কৰাৰ ব্যৱস্থা উন্নত কৰা, প্ৰবাহৰ পথৰ পৰিকল্পনা, সমুদায়ভিত্তিক প্ৰস্তুতি আৰু সংবেদনশীল অঞ্চলসমূহত সঁহাৰিমূলক কাৰ্যৰ সম্পদ মোতায়েনৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ অন্তৰ্ভুক্ত থাকে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক সংবেদনশীলতা আৰু প্ৰস্তুতিমূলক পদক্ষেপসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা হয়, য’ত বিপদ প্ৰশমনমূলক পদক্ষেপসমূহ জিলা আৰু স্থানীয় পৰ্যায়ত প্ৰত্যক্ষ কাৰ্যত পৰিণত কৰাত গুৰুত্ব দিয়া হয়।
কেন্দ্ৰীয় গৃহ সচিবে বিশেষকৈ বিপদাশংকা বৃদ্ধি পোৱা সময়ছোৱাত সংবেদনশীল তুষাৰাবৃত হ্ৰদ আৰু ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ সঘন আৰু সক্ৰিয় নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজ্যিক সংস্থাসমূহ, জিলা প্ৰশাসন আৰু বৈজ্ঞানিক তথা কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ মাজত সুদৃঢ় সমন্বয় ৰক্ষা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰামৰ্শ দিয়া হয় যাতে সতৰ্কবাণীসমূহৰ ওপৰত খৰতকীয়া আৰু ফলপ্ৰসূভাৱে পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়।
কেন্দ্ৰীয় গৃহ সচিবে গুৰুত্ব আৰোপ কৰে যে গ্লফ আৰু হিমবাহৰ স্খলনৰ প্ৰস্তুতি কেৱল সঁহাৰিকেন্দ্ৰিক ব্যৱস্থাৰ মাজতে সীমাৱদ্ধ নাৰাখি বিপদাশংকাভিত্তিক পৰিকল্পনা, প্ৰতিৰোধমূলক প্ৰশমন আৰু সমুদায়-পৰ্যায়ৰ প্ৰস্তুতিৰ দিশে আগবঢ়াই নিব লাগিব। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিয়মীয়াকৈ তেওঁলোকৰ প্ৰস্তুতি পৰিকল্পনা পুনৰীক্ষণ কৰিবলৈ, প্ৰাৰম্ভিক সতৰ্কবাণী আৰু স্থানান্তৰৰ ব্যৱস্থাত থকা আসোঁৱাহসমূহ চিনাক্ত কৰিবলৈ আৰু যিকোনো জৰুৰী পৰিস্থিতিৰ আগতেই প্ৰয়োজনীয় সংশোধনমূলক পদক্ষেপ ল’বলৈ পৰামৰ্শ দিয়া হয়। ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ বাবে মঞ্জুৰ কৰা গ্লফ প্ৰশমন প্ৰকল্পৰ কাম খৰতকীয়া কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ আলোকপাত কৰে।
সংবেদনশীল হিমালয় অঞ্চলসমূহত ধন-জনৰ ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ বাবে ধাৰাবাহিক আন্তঃ-সংস্থা সমন্বয়, বিপদাশংকাৰ তথ্য নিয়মীয়াতৈ আদান-প্ৰদান কৰা আৰু প্ৰাৰম্ভিক সতৰ্কবাণী তথা প্ৰতিক্ৰিয়া ব্যৱস্থা শক্তিশালী কৰাৰ নিৰ্দেশনাৰে বৈঠকৰ সামৰণি মৰা হয়।
***
RK / RR / PR / PS/DB
(ৰিলিজ আই ডি : 2306543)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Nepali
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada