ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকন ২.০ সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰে

ছেমিকন ২.০-ৰ ছটা স্তম্ভৰ অধিসূচনা জাৰি

ভাৰত ১০-বছৰৰ লক্ষ্যৰ বিপৰীতে চাৰি বছৰতে ৮৫ হাজাৰ ছেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰ গঢ়াৰ লক্ষ্যত উপনীত হ’লঃ অশ্বিনী বৈষ্ণৱ

অনাগত বৰ্ষ সমূহত ভাৰতে বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ বজাৰৰ প্ৰায় ১০% অধিকাৰ কৰিবঃ অশ্বিনী বৈষ্ণৱ
টায়াৰ-II আৰু টায়াৰ-III চহৰৰ ছাত্ৰ-ছাত্ৰীসকলে ২৫০-ৰো অধিক অৰ্ধপৰিবাহী চিপ ডিজাইন কৰিছেঃ অশ্বিনী বৈষ্ণৱ

পোষ্ট কৰা হৈছে: 31 AUG 2026 4:12PM by PIB Guwahati

ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি, ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি সংবাদ মাধ্যমক সম্বোধন কৰি ভাৰতৰ অৰ্ধপৰিবাহী বাতাবৰণক পৰৱৰ্তী পৰ্য্যায়ত উপনীত কৰিবলৈ চৰকাৰৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। এই উপলক্ষে ছেমিকন ২.০ আঁচনিৰ ছটা স্তম্ভৰ অধিসূচনা জাৰি কৰা হয়। এই কাৰ্য্য ভাৰতৰ অৰ্ধপৰিবাহী ডিজাইন আৰু উৎপাদন ক্ষমতা সুদৃঢ়কৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হয়।

আঁচনিখন প্ৰথম ছেমিকন ইণ্ডিয়া কাৰ্য্যক্ৰমে সৃষ্টি কৰা গতি আধাৰিত। ই চিপ ডিজাইন, ফেব্ৰিকেচন তথা পেকেজিঙৰ পৰা আৰম্ভ কৰি সঁজুলি, সামগ্ৰী, গৱেষণা আৰু উন্নয়ন তথা প্ৰতিভা বিকাশলৈকে সমগ্ৰ অৰ্ধপৰিবাহী মূল্য শৃংখলত বিত্তীয় আৰু আন্তঃগাঁথনিৰ সহায় আগবঢ়ায়।

এই আঁচনিৰ লক্ষ্য হৈছে অৰ্ধপৰিবাহী যোগান শৃংখলৰ স্থিতিস্থাপকতা বৃদ্ধি আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহত প্ৰযুক্তিগত নেতৃত্ব প্ৰতিষ্ঠা কৰি ভাৰতৰ অৰ্থনৈতিক বিকাশ তথা ৰাষ্ট্ৰীয় নিৰাপত্তাক সুদৃঢ় কৰা। ই ১০ টা শিতানক সামৰি ছটা স্তম্ভৰ অধীনত কাৰ্য্যপন্থা গ্ৰহণ কৰিব।

ছেমিকন ২.০-ৰ অধীনস্থ ছটা স্তম্ভ হ’লঃ

• স্তম্ভ ১ - ডিজাইন

• স্তম্ভ ২ - মেচিন আৰু সামগ্ৰী

• স্তম্ভ ৩ - অধিক ফেবছ স্থাপন

• স্তম্ভ ৪ - এটিএমপি/অ’এছএটি উদ্যোগক অধিক সুদৃঢ় কৰা

• স্তম্ভ ৫ - গৱেষণা আৰু উন্নয়ন

• স্তম্ভ ৬ - প্ৰতিভাৰ বিকাশ

স্তম্ভ ১ - ডিজাইনঃ শিতানসমূহঃ ৰাষ্ট্ৰীয় গুৰুত্ব আৰু কৌশলগত অগ্ৰাধিকাৰৰ বাবে অৰ্ধপৰিবাহী আইপি, চিপ, চিষ্টেম-অন-চিপ (SoC) আৰু মডিউলৰ ডিজাইন; বাণিজ্যিক খণ্ডৰ বাবে অৰ্ধপৰিবাহী আইপি, চিপ আৰু এছঅ’চি-ৰ ডিজাইন; মোতায়েনৰ অৰ্থে অৰ্ধপৰিবাহী আইপি/চিপ/ এছঅ’চি-ৰ বাবে মোতায়েন-সংযুক্ত প্ৰৰোচনা (DLI)।

স্তম্ভ ২ - মেচিন আৰু সামগ্ৰীঃ শিতানসমূহঃ অৰ্ধপৰিবাহী উৎপাদন বাতাবৰণ।

স্তম্ভ ৩ - অধিক ফেবছ স্থাপনঃ শিতানসমূহঃ ছিলিকন অর্ধপৰিবাহী ৱেফাৰ ফেবছ; যৌগিক অৰ্ধপৰিবাহী/ফট’নিক্স/চেন্সৰ (MEMS সহ) ফেব/পৃথক অৰ্ধপৰিবাহী ফেব আৰু ডিছপ্লে’ ফেবছ।

স্তম্ভ ৪ - এটিএমপি/অ’এছএটি উদ্যোগক অধিক সুদৃঢ় কৰাঃ শিতানসমূহঃ অৰ্ধপৰিবাহী সমাবেশ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিং (ATMP) / আউটচ'ৰ্চড অৰ্ধপৰিবাহী সমাবেশ আৰু পৰীক্ষা (OSAT) সুবিধা।

স্তম্ভ ৫ - গৱেষণা আৰু উন্নয়নঃ শিতানসমূহঃ উন্নত অৰ্ধপৰিবাহী প্ৰযুক্তিৰ বাবে গৱেষণা আৰু উন্নয়ন (R&D)।

স্তম্ভ ৬ - প্ৰতিভাৰ বিকাশঃ শিতানসমূহঃ প্ৰতিভাৰ বিকাশ।

ইয়াত শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, “ভাৰত ১০-বছৰৰ লক্ষ্যৰ বিপৰীতে চাৰি বছৰতে ৮৫ হাজাৰ ছেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰ গঢ়াৰ লক্ষ্যত উপনীত হ’ল। এতিয়া আৰু এক লাখ অভিযন্তা গঢ়াৰ নতুন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনাগত বৰ্ষ সমূহত ভাৰতে বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ বজাৰৰ প্ৰায় ১০% অধিকাৰ কৰিব। টায়াৰ-II আৰু টায়াৰ-III চহৰৰ ছাত্ৰ-ছাত্ৰীসকলে ২৫০-ৰো অধিক অৰ্ধপৰিবাহী চিপ ডিজাইন কৰিছে। এটা প্ৰকল্পত ভূমিপূজনৰ মাত্ৰ ১৩ মাহৰ ভিতৰতে বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে, একেদৰে একাধিক প্ৰকল্পত ২০০ দিন, ১৫০ দিন আৰু আনকি ৯০ দিনৰ ভিতৰতে অনুমোদন জনোৱা হৈছে। ভাৰতত বিকশিত হৈ থকা অৰ্ধপৰিবাহী বাতাবৰণে ৫০,০০০–৬০,০০০ প্ৰত্যক্ষ নিয়োগৰো সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।”

ছেমিকন ২.০-ৰ অধীনত সমৰ্থিত প্ৰকল্পসমূহৰ সময়সীমা সাধাৰণতে ছয় বছৰ পৰ্য্যন্ত হ’ব, একেদৰে আঁচনিখন প্ৰথম অৱস্থাত আবেদনৰ বাবে তিনি বছৰলৈকে মুকলি থাকিব।

ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন (ISM) হ’ব ছেমিকন ২.০ ৰূপায়ণৰ ন’ডেল এজেন্সী। মিছনে আবেদনৰ আহ্বান জনাব, কাৰিকৰী আৰু বিত্তীয় মূল্যায়ন গ্ৰহণ কৰিব, আবেদনকাৰীক পৰামৰ্শ আগবঢ়াব তথা ৰূপায়ণ কাৰ্য্যৰ তদাৰক কৰিব। আইএছএম-এ চি-ডিএচি-ৰ সহায়ত ডিজাইন আৰু মোতায়েন শিতানসমূহ ৰূপায়ণ কৰিব পাৰে। মিছনে উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে ২০২৬-ৰ পৰা অৰ্ধপৰিবাহী ডিপ-টেক বঁটাও ঘোষণা কৰিব পাৰে।

ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে বিত্তীয় সহায়ৰ বাবে বাজেটৰ ব্যৱস্থা কৰিব। অনুমোদিত চৰ্ত অনুসৰি ন’ডেল সংস্থাটোৱে ইয়াৰ বিতৰণ কৰিব। ৰূপায়ণৰ তিনি বছৰৰ পিছত বা প্ৰয়োজন অনুসৰি আঁচনিখনৰ প্ৰভাৱ মূল্যায়ন কৰিবলৈ আৰু পৰিৱৰ্তন বা অব্যাহত ৰখাৰ কথা বিবেচনা কৰিবলৈ মধ্য-কালীন মূল্যায়ন কৰা হ’ব।

অধিসূচনাখনৰ বাবে Semicon 2.0 চাব।

ইয়াত here সংবাদমেল চাব পাৰিব।

*****

Vinod Kumar/Vanshita Jaiswal/Aparajita Priyadarshini/SB


(ৰিলিজ আই ডি : 2305799) অতিথি কক্ষ : 7