তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইআইচিটি আৰু নেটফ্লিক্সৰ ৬টা পাঠ্যক্ৰমৰ বৃত্তিৰ জৰিয়তে ভাৰতৰ নৱপ্ৰজন্মৰ কাহিনীকাৰসকললৈ সহযোগিতা

পোষ্ট কৰা হৈছে: 26 AUG 2026 12:40PM by PIB Guwahati

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’ল’জিছ (IICT) আৰু নেটফ্লিক্সৰ যৌথ উদ্যোগত ১০০গৰাকী শিক্ষাৰ্থীৰ বাবে বিশেষ বৃত্তিৰ কথা ঘোষণা কৰা হৈছে। এই পদক্ষেপৰ অধীনত দুটা এবছৰীয়া ডিপ্ল’মা আৰু চাৰিটা ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমসহ মুঠ ৬টা পেছাদাৰী কাৰ্যসূচীত ৮০ শতাংশ পৰ্যন্ত বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।

 

এই বৃত্তি আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা ৬টা পাঠ্যক্ৰম হৈছে— ‘ইণ্টাৰেক্টিভ কমিক্স এণ্ড ছিকুৱেন্সিয়েল আৰ্টছ’ আৰু ‘ভিজুৱেল ইফেক্টছ মাষ্টাৰী’ৰ ডিপ্ল’মা; তথা ‘ভাৰ্চুৱেল আৰ্ট ডিপাৰ্টমেণ্ট কণ্টেণ্ট ক্ৰিয়েচন’, ‘মিডিয়া টেক ৱৰ্কফ্ল’’, ‘আৰ্ট অৱ কেৰেক্টাৰ এনিমেচন’ আৰু ‘ই-স্প’ৰ্টছ এণ্ড গেমিং মেনেজমেন্ট’ৰ চাৰ্টিফিকেট পাঠ্যক্ৰম।

 

২০২৬ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু নেটফ্লিক্সৰ সহযোগী-চিইঅ’ শ্ৰী টেড ছাৰাণ্ড’ছৰ মাজত অনুষ্ঠিত বৈঠকৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰিছিল যে ভাৰতৰ কাহিনী কোৱাৰ এক চহকী প্ৰসংগ আৰু অসাধাৰণ সৃজনশীল প্ৰতিভা আছে, যাক ব্যৱহাৰ কৰি কণ্টেণ্ট প্ৰস্তুতিৰ বিশ্বজনীন কেন্দ্ৰ হিচাপে আমাৰ দেশৰ অৱস্থানক অধিক শক্তিশালী কৰিব পৰা যায়। তাৰেই পৰিপ্ৰেক্ষিতত ‘নেটফ্লিক্স ইণ্ডিয়া ষ্ট’ৰীটেলিং ইনিচিয়েটিভ’ মুকলি কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্স (AVGC) পৰিস্থিতিতন্ত্ৰত নৱপ্ৰজন্মৰ কাহিনীকাৰসকলক উদ্যোগ-অনুকূল দক্ষতাৰে সজ্জিত কৰি ভাৰতৰ সৃজনশীল প্ৰতিভাক আগবঢ়াই নিয়া, যি ভাৰতৰ ‘অৰেঞ্জ ইকনমি’ (সৃজনশীল অৰ্থনীতি)ৰ মূল চালিকাশক্তি।

 

এই বৃত্তি সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থী আৰু কৰ্মৰত পেছাদাৰীসকলৰ বাবে উপলব্ধ হ’ব।

 

আইআইচিটিৰ ‘ভিজুৱেল ইফেক্টছ মাষ্টাৰী’ আৰু ‘মিডিয়া টেক ৱৰ্কফ্ল’’ পাঠ্যক্ৰমৰ সূচী নেটফ্লিক্সৰ পৰামৰ্শ অনুসৰি আধুনিক উদ্যোগ-পদ্ধতি আৰু বিশ্বমানৰ সৈতে সঙ্গতি ৰাখি প্ৰস্তুত কৰা হৈছে।

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব তথা আইআইচিটি ব’ৰ্ডৰ অধ্যায়ক্ষ শ্ৰী চঞ্চল কুমাৰে কয়, "ভাৰতৰ ক্ৰিয়েটিভ ইকনমি এতিয়া এক বিশেষ দিশলৈ গতি কৰিছে। প্ৰযুক্তিয়ে যিদৰে কাহিনী সৃষ্টিৰ শৈলী সলনি কৰিছে, নৱপ্ৰজন্মৰ প্ৰতিভাক গঢ় দিয়া প্ৰতিষ্ঠানসমূহো তাৰ সৈতে সলনি হ’ব লাগিব। ভাৰতৰ বিৰাট ক্ৰিয়েটিভ প্ৰতিভা আৰু গোলকীয় AVGC-XR উদ্যোগৰ দ্ৰুত পৰিৱৰ্তিত প্ৰয়োজনৰ মাজত এক সেতু হিচাপে আইআইচিটিক কল্পনা কৰা হৈছিল। বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব এই সেতুখন গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ অংশ। এনে সহযোগিতাই ক্লাছৰুমলৈ উদ্যোগৰ ব্যৱহাৰিক জ্ঞান আনিব আৰু ভাৰতৰ প্ৰতিভাক ভৱিষ্যতৰ সৃজনশীল কৰ্মশক্তি হিচাপে গঢ়ি তোলাত সহায় কৰিব।"

 

আইআইচিটিৰ চিইঅ’ ড° বিশ্বাস দেওস্কাৰে কয়, "আইআইচিটিৰ দৰে প্ৰতিষ্ঠানৰ উদ্দেশ্য কেৱল দক্ষতা প্ৰদান কৰাই নহয়, বৰঞ্চ সেই দক্ষতাসমূহ যাতে উদ্যোগৰ পৰিৱৰ্তিত ধাৰাৰ সৈতে প্ৰাসংগিক হৈ থাকে সেয়া সুনিশ্চিত কৰা। নেটফ্লিক্সৰ সৈতে এই সহযোগিতাই পাঠ্যক্ৰম প্ৰস্তুতি আৰু পেছাদাৰী কাৰ্যপদ্ধতিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীৰ পৰা প্ৰত্যাশা কৰা মানদণ্ড পৰ্যন্ত উদ্যোগটোৰ প্ৰত্যক্ষ দৃষ্টিভংগীক আমাৰ শৈক্ষিক কাঠামোলৈ আনিছে। সুসংগঠিত শিক্ষাৰ সৈতে উদ্যোগৰ প্ৰত্যক্ষ দিহা-পৰামৰ্শ আৰু বিত্তীয় সাহায্যৰ সংমিশ্ৰণ ঘটাই আমি এক শক্তিশালী প্ৰতিভাশালী গেটৱে’ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছো, যিয়ে ভাৰতৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ক্ৰিয়েটিভ ইকনমিত অৰিহণা যোগাবলৈ সাজু হ’ব।"

 

ফিকি AVGC-XR ফ’ৰামৰ অধ্যক্ষ মুঞ্জাল শ্ৰফে কয় যে, ফিকি-আইআইচিটি-নেটফ্লিক্সৰ এই সহযোগিতাই ভাৰতৰ AVGC-XR খণ্ডৰ বাবে এক ভৱিষ্যত-উপযোগী কৰ্মশক্তি গঢ়ি তুলিবলৈ উদ্যোগ-প্ৰাসংগিক প্ৰতিভা বিকাশৰ দিশত এক নতুন পদক্ষেপ চিহ্নিত কৰিছে।

 

আইআইচিটি হৈছে এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটি খণ্ডৰ বাবে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মহাৰাষ্ট্ৰ চৰকাৰ, FICCI আৰু CIIৰ অংশীদাৰিত্বৰে স্থাপন কৰা এক ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ। প্ৰতিষ্ঠানটোৱে বৰ্তমান মুম্বাইৰ পেডাৰ ৰোডত থকা এনএফডিচি চৌহদৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছে, আনহাতে ইয়াৰ স্থায়ী ১০ একৰৰ চৌহদটো গোৰেগাঁৱৰ ফিল্ম চিটিত গঢ়ি তোলা হৈছে। এই বৃত্তি আৰু পাঠ্যক্ৰম সম্পৰ্কে অধিক তথ্যৰ বাবে iict.org ৱেবছাইট ভ্ৰমণ কৰক।

 

* * *

PIB Mumbai | Sriyanka Chatterjee/Yash Rane/Darshana Rane/DB


(ৰিলিজ আই ডি : 2303551) অতিথি কক্ষ : 6