কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

পশ্চিমবংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলা সামৰি চাৰিটা মাল্টিট্ৰেক প্ৰকল্পত কেবিনেটৰ অনুমোদন: প্ৰায় ৪১০ কিলোমিটাৰলৈ বৃদ্ধি পাব ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক

প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৯,৪৫০ কোটি টকা; ২০৩০-৩১ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হ’ব নিৰ্মাণ কাৰ্য

प्रविष्टि तिथि: 19 AUG 2026 3:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৯,৪৫০ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:

  • খড়গপুৰ ভদ্রক (ৰাণীতাল) চতুৰ্থ লাইন: ১৭৩ কিলোমিটাৰ (পশ্চিমবংগ আৰু ওড়িশা)
  • ভদ্রক হৰিদাসপুৰ চতুৰ্থ লাইন: ৭৫ কিলোমিটাৰ (ওড়িশা)
  • গুমমিডিপুণ্ডি গুডুৰ তৃতীয় আৰু চতুৰ্থ লাইন: ৯০ কিলোমিটাৰ (অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু)
  • কটক পাৰাদ্বীপ (বাদাবান্ধা) তৃতীয় আৰু চতুৰ্থ লাইন: ৭২ কিলোমিটাৰ (ওড়িশা)

 

ৰে’ললাইনৰ ক্ষমতা বৃদ্ধিয়ে চলাচল প্ৰক্ৰিয়া উল্লেখযোগ্যভাৱে দ্ৰুত কৰি তুলিব, যাৰ ফলত ভাৰতীয় ৰে’লৰ কাৰ্যদক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি পাব। এই মাল্টিট্ৰেকিং প্ৰস্তাৱসমূহে ৰে’ল চলাচল সুচল কৰাৰ লগতে যান-জঁট হ্ৰাস কৰিব। প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'নতুন ভাৰত'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে, যিয়ে অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ মাধ্যমেৰে কৰ্মসংস্থান/স্ব-নিয়োজনৰ সুযোগ বৃদ্ধি কৰি স্থানীয় ৰাইজক "আত্মনিৰ্ভৰশীল" কৰি তুলিব।

 

এই প্ৰকল্পসমূহ সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ জৰিয়তে বহুমুখী সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দি 'পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন'ৰ অধীনত পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ যাতায়াতৰ বাধাহীনভাৱে সুচল সংযোগ প্ৰদান কৰিব।

 

পশ্চিমবংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলা সামৰি লোৱা এই চাৰিটা প্ৰকল্পই ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৪১০ কিলোমিটাৰ বৃদ্ধি কৰিব। প্ৰস্তাৱিত মাল্টিট্ৰেকিং প্ৰকল্পসমূহে প্ৰায় ৬০ লাখ জনসংখ্যা থকা আনুমানিক ৬,৪৪৮খন গাঁৱলৈ সংযোগ সুদৃঢ় কৰিব।

 

প্ৰস্তাৱিত ক্ষমতা বৃদ্ধিয়ে দেশৰ কেইবাখনো আগশাৰীৰ পৰ্যটনস্থলীৰ ৰে’ল সংযোগ উন্নত কৰিব, যাৰ ভিতৰত আছে কুলডিহা বন্যপ্ৰাণী অভয়াৰণ্য, ভিৰ্তাকনিকা ৰাষ্ট্ৰীয় উদ্যান, মা ভদ্ৰকালী মন্দিৰ, মা ধামৰাই মন্দিৰ, পঞ্চলিংগেশ্বৰ মন্দিৰ, তালছাৰী-উদয়পুৰ আৰু চান্দিপুৰ সাগৰীয় সৈকত, পুলিকট হ্ৰদ, নেলাপাট্টু পক্ষী অভয়াৰণ্য, ভগৱান বীৰৰাঘৱ প্ৰুমাল মন্দিৰ, গদা কুজংগ জগন্নাথ মন্দিৰ, সাৰলা মন্দিৰ, ধৱলেশ্বৰ মন্দিৰ, ললিতগিৰি (বৌদ্ধ ধৰ্মীয়স্থলী) ইত্যাদি।

 

প্ৰস্তাৱিত প্ৰকল্পসমূহ কয়লা, আকৰিক লোহা, চিমেণ্ট, লোহা আৰু তীখা, কণ্টেইনাৰ, অ’টোমোবাইল, খাদ্যশস্য আদি সামগ্ৰী পৰিবহনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ পথ। এই ক্ষমতা সম্প্ৰসাৰণৰ কাৰ্যসূচীৰ ফলত প্ৰতি বছৰে অতিৰিক্ত ৭৬ মিলিয়ন টন মাৰ্চেণ্টাইজ/মালবাহী যান-জঁটৰ সুবিধাজনক পৰিবহন সম্ভৱ হ'ব। ৰে’ল পৰিবহন পৰিৱেশ-অনুকূল আৰু শক্তি-দক্ষ হোৱাৰ বাবে, ই জলবায়ুৰ লক্ষ্য অৰ্জন কৰাত আৰু দেশৰ লজিষ্টিক খৰচ হ্ৰাস কৰাত, খাৰুৱা তেলৰ আমদানী হ্ৰাস কৰা (~১৩ কোটি লিটাৰ) আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাত (~৬৫ কোটি কিলোগ্ৰাম) সহায় কৰিব, যিটো ২.৬০ কোটি গছ ৰোপণ কৰাৰ সমান।

 

***

MJPS/DB


(रिलीज़ आईडी: 2301208) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Gujarati , Odia , Tamil , Telugu_Vw , Telugu , Kannada , Malayalam