গৃহ মন্ত্ৰালয়
স্বাধীনতা দিৱসৰ পূৰ্বে আইএছআই সমৰ্থিত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাট্টি নেটৱৰ্ক ধ্বংস তথা দুই শতাধিক কৰ্মীক গ্ৰেপ্তাৰ কৰি ইয়াৰ ধ্বংসাত্মক আক্ৰমণৰ পৰিকল্পনা বিফল মোদী চৰকাৰৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত, সীমান্তৰ সন্ত্ৰাসবাদৰ প্ৰতি 'শূন্য সহনশীলতা' নীতিৰ অংশ হিচাপে ১২ আগষ্টত ১৪ খন ৰাজ্যত ২৫৩ জন লোকক আটক
শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ বিৰুদ্ধে ৮০ৰো অধিক এজাহাৰ, দুই শতাধিকক গ্ৰেপ্তাৰ
प्रविष्टि तिथि:
17 AUG 2026 3:00PM by PIB Guwahati
নিৰাপত্তা সংস্থাসমূহে স্বাধীনতা দিৱসৰ পূৰ্বে আইএছআই সমৰ্থিত শ্বাহজাদ ভাট্টি নেটৱৰ্ক (এছবিএন) ৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ বহু-ৰাজ্যিক অভিযান চলাই ইয়াৰ সন্ত্ৰাসবাদীৰ বিশাল নেটৱৰ্ক ধৰা পেলায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব তথা গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত সীমান্তৰ সন্ত্ৰাসবাদৰ প্ৰতি 'শূন্য সহনশীলতা' নীতিৰ অংশ হিচাপে, ১৪ খন ৰাজ্যত ২৫৩ গৰাকী লোকক আটক কৰা হয়, শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ বিৰুদ্ধে ৮০ টাতকৈও অধিক গোচৰ ৰুজু হোৱাৰ লগতে দুই শতাধিক লোকক গ্ৰেপ্তাৰৰ অভিলেখ সৃষ্টি হয়।
এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "মোদী চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আইএছআই সমৰ্থিত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাট্টি নেটৱৰ্কক ধ্বংস কৰাৰ লগতে দুই শতাধিক কৰ্মীক গ্ৰেপ্তাৰ কৰি ইয়াৰ ধ্বংসাত্মক আক্ৰমণৰ পৰিকল্পনা বিফল কৰে। ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ এক উজ্জ্বল উদাহৰণ সৃষ্টি কৰি ১৪ খন ৰাজ্যৰ বিভিন্ন স্থানত সমন্বিত অভিযান চলাই এই নেটৱৰ্ক ধ্বংস কৰে। আই এছ আই-ৰ পুঁজিৰে কাম কৰা দলটোৰ পৰা আই ই ডি, পাকিস্তান অৰ্ডনেন্স ফেক্টৰীৰ চিহ্ন থকা গ্ৰেনেড, পিস্তল, সক্ৰিয় কাৰ্ট্রিজ আৰু চোৰাংচোৱাৰ কাম কাজত ব্যৱহৃত চি চি টি ভি কেমেৰাকে ধৰি যথেষ্ট পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰা হয়। এই নেটৱৰ্ক কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। "
পাকিস্তানস্থিত আই এছ আই সমৰ্থিত সন্ত্ৰাসবাদী চিণ্ডিকেট শ্বাহজাদ ভাট্টি নেটৱৰ্ক (এছ বি এন)সমগ্ৰ ভাৰতত গ্ৰেনেড, আই ই ডি আৰু পেট্ৰ’ল বোমা আক্ৰমণ তথা লক্ষ্যভিত্তিক বিশেষ হত্যাৰ সৈতে জড়িত । এছ বি এন-এ আৰক্ষী, প্ৰতিৰক্ষা আৰু ধৰ্মীয় স্থানসমূহৰ অনুসন্ধান কৰিবলৈ তথা চোৰাংচোৱা কাম কাজৰ বাবে চি চি টি ভি কেমেৰা স্থাপন কৰিবলৈ স্থানীয় মাধ্যমসমূহকো ধন দি আহিছে।
স্বাধীনতা দিৱসৰ আশে-পাশে এছ বি এনৰ পৃষ্ঠপোষকতাত পৰিকল্পিত ব্যাঘাতসমূহক প্ৰতিহত কৰিবলৈ, ১২ আগষ্টত ৰাজ্যিক আৰক্ষী বাহিনী সমূহৰ সৈতে এক বাস্তৱ-সময় ভিত্তিক চোৰাংচোৱা তথ্য বিনিময় কৰিব পৰা ব্যৱস্থা ব্যৱহাৰ কৰি সমন্বয়েৰে বহু-ৰাজ্যিক অভিযান চলোৱা হয়। ইয়াৰ ফলত উত্তৰ প্ৰদেশ (৬২), হাৰিয়ানা (৫২), দিল্লী (৫১), পঞ্জাৱ (৪৪), ৰাজস্থান (১৫), মহাৰাষ্ট্ৰ (৮), উত্তৰাখণ্ড (৫), কৰ্ণাটক, গুজৰাট আৰু বিহাৰ (৩ গৰাকী কৈ), তথা তেলেংগানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু কেৰালাম (২ গৰাকী কৈ) কে ধৰি ১৪ খন ৰাজ্যত ২৫৩ জন লোকক আটক কৰা হোৱাৰ লগতে দিল্লী আৰু কৰ্ণাটকত নতুন এজাহাৰ পঞ্জীয়ন কৰা হয়।
সামগ্ৰিকভাৱে, ইউ এ পি এ, বি এন এছ, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু বিস্ফোৰক সামগ্ৰী আইনৰ অধীনত এছ বি এন-ৰ বিৰুদ্ধে ৮০ৰো অধিক এজাহাৰ দাখিল হোৱাৰ লগতে দুই শতাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি অভিযান কালত উদ্ধাৰ হোৱা আই ই ডি, পাকিস্তান অৰ্ডনেন্স ফেক্টৰীৰ চিহ্ন থকা গ্ৰেনেড, পিস্তল, সক্ৰিয় কাৰ্ট্রিজ আৰু চোৰাংচোৱা কাম কাজৰ চি চি টি ভি ৰ জৰিয়তে এই নেটৱৰ্কৰ সীমান্তৰ সিপাৰৰ সৈতে প্ৰত্যক্ষ সংযোগ নিশ্চিত হৈছে।
নিৰাপত্তা সংস্থাসমূহে সীমান্তৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰত চৰকাৰৰ শূন্য সহনশীলতা আৰু দেশজুৰি এছবিএনৰ নেটৱৰ্ক ধ্বংস কৰাৰ বাবে সমন্বিত পদক্ষেপ অব্যাহত ৰখাৰ কথা পুনৰ নিশ্চিত কৰিছে।
*****
RK/RR/PR/PS/DD
(रिलीज़ आईडी: 2300486)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam