তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মুখ্য সচিব তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগসমূহক দুৰ্যোগ-প্ৰৱণ অঞ্চলসমূহত নতুন কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন প্ৰসাৰিত কৰাৰ আহ্বান; বান, ভূমিকম্প আৰু বিজুলীৰ ফলত ক্ষতিগ্ৰস্ত ষ্টেশ্যনলৈ ১১.৫০ লাখ টকাৰ জৰুৰীকালীন অনুদানৰ দিহা
प्रविष्टि तिथि:
07 AUG 2026 3:31PM by PIB Guwahati
ভাৰতত কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন স্থাপনৰ নীতি নিৰ্দেশনা অনুসৰি কমিউনিটী ৰেডিঅ’ সম্প্ৰচাৰৰ মূল উদ্দেশ্য হৈছে কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন (চি আৰ এছ)-ৰ সেৱা এলেকাৰ ভিতৰত বাস কৰা সম্প্ৰদায়সমূহৰ কামত সেৱা আগবঢ়োৱা।
ইয়াৰ উপৰিও নীতি-নিৰ্দেশনাৰ অধীনত চৰকাৰে প্ৰাকৃতিক জৰুৰীকালীন, প্ৰাকৃতিক দুৰ্যোগ, জনস্বাৰ্থ বা অনুৰূপ পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় বুলি বিবেচিত যিকোনো বিশেষ বাৰ্তা সম্প্ৰচাৰ কৰিবলৈ কমিউনিটী ৰেডিঅ’ ষ্টেশ্যনসমূহক নিৰ্দেশ দিয়াৰ ক্ষমতা আছে আৰু অনুমতিধাৰীয়ে এনে নিৰ্দেশনা মানি চলিবলৈ বাধ্য।
নীতি-নিৰ্দেশনাই কমিউনিটী ৰেডিঅ’ ষ্টেশ্যনসমূহক নাগৰিক সুবিধা, প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্য সম্পৰ্কীয় সতৰ্কবাণী আৰু স্থানীয় প্ৰশাসনে প্ৰদান কৰা অন্যান্য তথ্যসমূহৰ সৈতে জড়িত ৰাজহুৱা ঘোষণা সম্প্ৰচাৰ কৰিবলৈও অনুমতি দিয়ে।
সেই অনুসৰি প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য জৰুৰীকালীন অৱস্থাৰ সময়ত স্থানীয় ভাষাত সময়োপযোগী আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰচাৰত কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন(চি আৰ এছ)সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইয়াৰ উপৰিও, স্থানীয় জনগোষ্ঠীসমূহৰ তথ্যৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত কমিউনিটী ৰেডিঅ’ ষ্টেশ্যনসমূহৰ প্ৰমাণিত উপযোগিতা বিবেচনা কৰি, বিশেষকৈ বান-প্ৰৱণ, উপকূলীয় আৰু অন্যান্য দুৰ্যোগ-প্ৰৱণ অঞ্চলসমূহত, মন্ত্ৰালয়ে সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিব আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰশাসনিক সচিবসকলক যোগাযোগ সম্বোধন কৰি, দুৰ্যোগ সম্পৰ্কীয় তথ্য প্ৰচাৰৰ বাবে এই ফলপ্ৰসূ মাধ্যম ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় আৰু নতুন কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন স্থাপন কৰিবলৈ এনে ধৰণৰ অঞ্চলবোৰ চিনাক্ত তথা প্ৰসাৰণৰ দিহা কৰা হয়।
কমিউনিটী ৰেডিঅ' ষ্টেশ্যনসমূহ "ভাৰতত কমিউনিটী ৰেডিঅ' আন্দোলনলৈ সমৰ্থন" শীৰ্ষক কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত স্থাপন কৰা হয়, যিখন আঁচনি ২০২৬-২৭ চনৰ পৰা ২০৩০-৩১ পৰ্যন্ত ৫০ কোটি টকা ব্যয়ৰে অব্যাহত ৰখাৰ বাবে অনুমোদন জনোৱা হৈছে। এই আঁচনিখনৰ লক্ষ্য হৈছে জৰুৰীকালীন অৱস্থাত সম্প্ৰচাৰৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ ইউ পি এছ, জেনেৰেটৰ চেট আৰু সৌৰশক্তি ব্যৱস্থাৰ দৰে বিকল্প শক্তি উপকৰণকে ধৰি কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন স্থাপন আৰু পৰিচালনাৰ বাবে প্ৰয়োজনীয় সঁজুলি ক্ৰয় বা সলনিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি নতুন আৰু বৰ্তমানৰ কমিউনিটী ৰেডিঅ’ ষ্টেশ্যনসমূহক শক্তিশালী কৰা।
বান, বজ্ৰপাত, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কাৰ্যক্ষম সামূহিক অনাতাঁৰ কেন্দ্ৰসমূহলৈ ১১.৫০ লাখ টকাৰ জৰুৰীকালীন অনুদানৰ ব্যৱস্থাও এই আঁচনিৰ জৰিয়তে কৰা হৈছে।
তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগনে শ্ৰীযুত কনাদ পুৰকায়স্থ, শ্ৰীযুত মনন কুমাৰ মিশ্ৰ, সীমা দ্বিবেদী, শ্ৰী শম্ভু শৰণ পেটেল, শ্ৰীমতী সাধনা সিংহই সোধা প্ৰশ্নৰ লিখিত উত্তৰত আজি ৰাজ্যসভাত এই তথ্য প্ৰদান কৰে। ।
****
Mahesh Kumar/ Vivek Vishwash/KB
(रिलीज़ आईडी: 2296069)
आगंतुक पटल : 7