তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ইণ্টাৰনেটক অবৈধ আৰু অশ্লীল বিষয়বস্তুৰ পৰা মুক্ত কৰি ৰখাৰ লগতে নিৰাপদ আৰু বিশ্বাসযোগ্য ডিজিটেল পৰিৱেশ সুনিশ্চিত কৰাৰ লক্ষ্য চৰকাৰৰ

মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধ সন্দৰ্ভত পৰিচয় গোপনে ৰাখি প্ৰতিবেদন-গ্ৰহণৰ ব্যৱস্থা সক্ষম কৰিছে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল’ (এনচিআৰপি)-য়ে; 'প্ৰতিবেদন আৰু সন্দেহজনকতা পৰীক্ষণ' মডিউল-য়ে নাগৰিকসকলক ডীপফে’ক-কে ধৰি সন্দেহজনক ডিজিটেল সত্তাসমূহক চিনাক্ত কৰাত সহায় কৰিব

प्रविष्टि तिथि: 05 AUG 2026 5:08PM by PIB Guwahati

 

মহিলা আৰু শিশুকে ধৰি ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি, সুৰক্ষিত, বিশ্বাসযোগ্য আৰু জবাবদিহি ইণ্টাৰনেট নিশ্চিত কৰাটো হৈছে চৰকাৰৰ নীতিসমূহৰ লক্ষ্য। ভাৰতৰ ইণ্টাৰনেট যাতে কোনো ধৰণৰ অবৈধ বিষয়বস্তু বা তথ্য, বিশেষকৈ অশ্লীল আৰু দৃষ্টিকটু বিষয়বস্তুৰ পৰা মুক্ত হয়, সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

তথ্য প্ৰযুক্তি আইন, ২০০০ (আই টি আইন) আৰু তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) অধিনিয়ম, ২০২১ (আই টি নিয়ম)য়ে একেলগে ডিজিটেল স্থানত অবৈধ আৰু ক্ষতিকাৰক বিষয়বস্তুৰ সৈতে মোকাবিলা কৰাৰ বাবে এক ব্যাপক কাঠামো প্ৰদান কৰে আৰু মধ্যস্থ মাধ্যমসমূহৰ ওপৰত জবাবদিহিতা নিশ্চিত কৰাৰ বাবে স্পষ্ট বাধ্যবাধকতা আৰোপ কৰে।

আই টি অধিনিয়ম, ২০২১য়ে ছ’চিয়েল মিডিয়া-ৰ মধ্যস্থ মাধ্যমকে ধৰি অন্যান্য মাধ্যস্থতাকাৰীসকলৰ ওপৰত যথাৰ্থ বাধ্যবাধকতা আৰোপ কৰিছে যাতে তেওঁলোকৰ কম্পিউটাৰ সম্পদৰ ব্যৱহাৰকাৰীসকলে যাতে অশ্লীল, পৰ্ণগ্ৰাফিক, পেড’ফিলিক, শিশুৰ বাবে ক্ষতিকাৰক, গোপনীয়তা আক্ৰমণকাৰী, অপমানজনক বা হাৰাশাস্তি কৰা কোনো তথ্যৰ উপস্থাপন, প্ৰদৰ্শন, আপলোড, পৰিৱৰ্তন, প্ৰকাশ, প্ৰেৰণ, সংৰক্ষণ, আপডেট বা শ্বেয়াৰ নকৰে অথবা আপাততঃ বলবৎ থকা যিকোনো আইন উলংঘা নকৰে। আই টি অধিনিয়ম, ২০২১ত উল্লেখ কৰা অনুসৰি মধ্যস্থতাকাৰীসকলে আইনী বাধ্যবাধকতা পালন নকৰাৰ ক্ষেত্ৰত আই টি আইন-ৰ ধাৰা ৭৯ৰ অধীনত প্ৰদান কৰা তৃতীয় পক্ষৰ তথ্যৰ পৰা ৰেহাইৰ সুযোগ হেৰুৱায়। যিকোনো বাহাল থকা আইনৰ অধীনত তেওঁলোক অনুষংগিক ব্যৱস্থা বা গোচৰ তৰাৰ বাবে দায়বদ্ধ হ'ব

২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চৰকাৰে ডীপফে’ক আৰু এআই-উৎপন্ন বিষয়বস্তুকে ধৰি কৃত্ৰিমভাৱে সৃষ্টি কৰা তথ্য (এছজিআই)ৰ পৰা উদ্ভৱ হোৱা ক্ষতিৰ সমাধানৰ বাবে আইটি অধিনিয়ম সংশোধন কৰি নিয়ন্ত্ৰণ কাঠামো শক্তিশালী কৰিছিল।

সংশোধনী অনুসৰি মধ্যস্থতাকাৰী আৰু বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে অশ্লীল, বিভ্ৰান্তিকৰ, ছদ্মবেশ ধাৰণ কৰা, বা শিশুৰ বাবে ক্ষতিকাৰক বিষয়বস্তুকে ধৰি অবৈধ এআই-উৎপন্ন বিষয়বস্তুৰ সৃষ্টি আৰু প্ৰচাৰ ৰোধ কৰিবলৈ যুক্তিসংগত কাৰিকৰী ব্যৱস্থা স্থাপন কৰিব লাগিব। প্লেটফৰ্মসমূহ ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা, ২০২৩, বা যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন, ২০১২ৰ দৰে প্ৰতিবেদন বাধ্যতামূলক কৰা আইনসমূহৰ অধীনত আনুষংগিক অপৰাধসমূহৰ বিষয়ে উপযুক্ত কৰ্তৃপক্ষক প্ৰতিবেদন দিবলৈ বাধ্য থাকিব।

ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই ৪ চি)-ৰ  অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল’ (NCRP) (https://cybercrime.gov.in) আৰম্ভ কৰা হৈছে, যাতে জনসাধাৰণে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত কাণ্ডৰ তথ্য দিব পাৰে। এনচিআৰপি-ত মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে সংঘটিত কিছুমান বিশেষ শ্ৰেণীৰ চাইবাৰ অপৰাধৰ বিষয়ে পৰিচয় গোপনে ৰাখি প্ৰতিবেদন দাখিল কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। “মহিলা/শিশু সম্পৰ্কীয় অপৰাধৰ প্ৰতিবেদন” মডিউলৰ অধীনত অভিযোগকাৰীয়ে “পৰিচয় গোপনে ৰাখি প্ৰতিবেদন দাখিল কৰক” বিকল্প বাছি ল’ব পাৰে, যিয়ে ব্যক্তিগত পৰিচয়ৰ বিৱৰণ প্ৰকাশ নকৰাকৈ অভিযোগ দাখিল কৰাৰ অনুমতি দিয়ে।

এনচিআৰপি-য়ে সন্দেহজনক ৱেবছাইটৰ ইউআৰএল, হোৱাটছএপ নম্বৰ/টেলিগ্ৰাম হেণ্ডেল, ফোন নম্বৰ, ই-মেইল আইডি, এছএমএছ হেডাৰ/নম্বৰ, ডীপফে’ক আৰু ছ’চিয়েল মিডিয়া ইউআৰএল ৰিপ’ৰ্ট কৰিব পৰাকৈ ‘ৰিপ’ৰ্ট এণ্ড চেক ছাস্পেক্ট’ শীৰ্ষক এটা মডিউল প্ৰৱৰ্তন কৰিছে।

চৰকাৰে ১৩২ কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰি দিছে। ‘মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (চিচিপিডব্লিউচি)’ আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ সামৰ্থ্য বিকাশৰ বাবে যেনে চাইবাৰ ফৰেনছিক-সম-প্ৰশিক্ষণ পৰীক্ষাগাৰ স্থাপন, কনিষ্ঠ চাইবাৰ পৰামৰ্শদাতা নিযুক্তি আৰু এলইএৰ কৰ্মী, ৰাজহুৱা অভিযুক্ত আৰু ন্যায়িক বিষয়াক প্ৰশিক্ষণ দিয়াৰ বাবে ১৩২.৯৩ কোটি টকা আগবঢ়াইছে। ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক-তথা-প্ৰশিক্ষণ পৰীক্ষাগাৰ আৰম্ভ কৰা হৈছে আৰু ২৪,৬০০ৰো অধিক এল ই এ-ৰ কৰ্মী, ন্যায়িক বিষয়া আৰু অভিযুক্তক চাইবাৰ অপৰাধ সজাগতা, তদন্ত, ফৰেনছিক আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই ৪ চি), গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সমগ্ৰ দেশৰ ২ লাখতকৈয়ো অধিক এন চি চি, এন এছ এছ আৰু এন ৱাই কে এছ ছাত্ৰ-ছাত্ৰীক চাইবাৰ হাইজিন-ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

ছাইবাৰ অপৰাধ প্ৰতিৰোধৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দিয়াৰ লক্ষ্যৰে আই ৪ চি-য়ে ‘হেণ্ডবুক ফৰ এড’লেচেণ্টছ/ষ্টুডেণ্টছ’ আৰু মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ‘মহিলা সুৰক্ষাৰ বাবে চাইবাৰ ছিকিউৰিটি হেণ্ডবুক’ প্ৰকাশ কৰিছে।

তথ্য সুৰক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ সৃষ্টি আৰু জনসাধাৰণৰ মাজত চাইবাৰ হাইজিন আৰু চাইবাৰ সুৰক্ষাৰ বিভিন্ন দিশত সাধাৰণ সজাগতা সৃষ্টিৰ বাবে চৰকাৰে ‘তথ্য সুৰক্ষা শিক্ষা আৰু সজাগতা (আই এছ ই এ)’ সন্দৰ্ভত এক প্ৰকল্প ৰূপায়ণ কৰিছে।

আজি লোকসভাত শ্ৰী প্ৰভাকৰ ৰেড্ডী ভেমিৰেড্ডীয়ে সোধা এক প্ৰশ্নৰ লিখিত উত্তৰত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগনে এই তথ্য প্ৰদান কৰে।

****

Mahesh Kumar/ Vivek Vishwash/KB


(रिलीज़ आईडी: 2295283) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Telugu , Kannada , Malayalam