পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰীৰ অধ্যক্ষতাত নতুন দিল্লীত পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক

মানৱ-বন্যপ্ৰাণী সংঘাত হ্ৰাসৰ বাবে প্ৰযুক্তি, সামূহিক অংশগ্ৰহণ আৰু সমন্বিত ৰাষ্ট্ৰীয় পদক্ষেপ সন্দৰ্ভত সমিতিৰ আলোচনা

प्रविष्टि तिथि: 05 AUG 2026 12:27PM by PIB Guwahati

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ উদ্দেশ্য আছিল মানৱ-বন্যপ্ৰাণী সংঘাত (এইচ ডব্লিউ চি)ৰ বিষয়ে আলোচনা তথা সংঘাত প্ৰতিৰোধ, প্ৰশমন আৰু মানুহ আৰু বনৰীয়া জীৱ-জন্তুৰ দীৰ্ঘকালীন সহাৱস্থান শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ সম্পৰ্কত আলোচনা কৰা। উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (ই এফ চি চি) শ্ৰী কীৰ্তি বৰ্ধন সিঙৰ লগতে সমিতিৰ অন্তৰ্ভুক্ত সংসদৰ সদস্যসকলৰ লগতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, পি চি চি এফসকল আৰু অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকসকল।

১৮.১২.২০২৫ত অনুষ্ঠিত ইয়াৰ পূৰ্বৰ বৈঠকত জাৰি কৰা নিৰ্দেশনা অনুসৰি গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সমিতিখনক অৱগত কৰোৱা হয়। ইয়াৰ ভিতৰত আছিল সংঘাত-প্ৰভাৱিত অঞ্চলৰ সাংসদসকলৰ সৈতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আলোচনা। বৈঠকত মন্ত্ৰালয়ে আলোকপাত কৰে যে কেইবাখনো ৰাজ্যত মানুহ-হাতীৰ সংঘাত গুৰুতৰ হোৱাৰ লগতে বিভিন্ন প্ৰাকৃতিক পৰিস্থিতিত সংঘাতৰ ধৰণ ভিন্ন হয়। আনহাতে বাঘ, নাহৰফুটুকী, ভালুক, গঁড়, বনৰীয়া গাহৰি, মেথোন, বান্দৰ আৰু অন্যান্য প্ৰজাতিৰ সৈতে জড়িত সংঘাতৰ বাবে স্থান-নিৰ্দিষ্ট ব্যৱস্থাপনা পদ্ধতিৰ প্ৰয়োজন হয়।

সপ্তম ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বৈঠকত কইম্বাটোৰৰ ডব্লিউ আই আই দক্ষিণ কেন্দ্ৰৰ ছেকন (এছএচিঅ’এন)ত মানৱ-বন্যপ্ৰাণী সংঘাতৰ উৎকৃষ্টতা কেন্দ্ৰ (চিঅ’ই-এইচডব্লিউচি) স্থাপনৰ বিষয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ বিষয়ে সমিতিখনক অৱগত কৰা হয়। বৈজ্ঞানিক গৱেষণা, প্ৰযুক্তিগত উদ্ভাৱন, নীতি সমৰ্থন, সামৰ্থ্য নিৰ্মাণ আৰু সম্প্ৰদায়কেন্দ্ৰিক দৃষ্টিভংগীৰে মানৱ-বন্যপ্ৰাণী সংঘাতৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে এক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান হিচাপে কেন্দ্ৰটো স্থাপন কৰা হৈছে। সংঘাতৰ ঘটনা নথিভুক্ত কৰা, তথ্য ব্যৱস্থাপনা, জ্ঞানৰ আদান-প্ৰদান আৰু সিদ্ধান্ত সমৰ্থনৰ বাবে এক একত্ৰিত ডিজিটেল প্লেটফৰ্ম হিচাপে ১০.০৭.২০২৬ত ৰাষ্ট্ৰীয় মানৱ-বন্যপ্ৰাণী সংঘাত পৰ্টেল মুকলি কৰাৰ কথাও সমিতিয়ে উল্লেখ কৰে। তদুপৰি দক্ষিণ ভাৰতৰ বাবে হস্তী সংৰক্ষণৰ ওপৰত আঞ্চলিক কাৰ্য পৰিকল্পনা (আৰএপি)ত অনুমোদন জনোৱাৰ বিষয়েও অৱগত কৰা হয়।

অসম, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ- এই ৰাজ্যসমূহে তেওঁলোকৰ সংঘাতৰ পৰিস্থিতি, প্রশমন ব্যৱস্থা, সামূহিক অংশগ্ৰহণৰ পদক্ষেপ, প্ৰযুক্তিৰ ব্যৱহাৰ, প্ৰাতিষ্ঠানিক ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় প্ৰচেষ্টা শক্তিশালীকৰণৰ বাবে পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰি উপস্থাপন কৰে। উপস্থাপন কৰাৰ অভিজ্ঞতাই দৃশ্যপটভিত্তিক পৰিকল্পনা, দ্ৰুত সঁহাৰি প্ৰণালী, বাসস্থানৰ উন্নতি, বন্যপ্ৰাণীৰ আহ-যাহৰ পথ সুৰক্ষা, বিজ্ঞানভিত্তিক নিৰীক্ষণ, আগতীয়া সতৰ্কবাণী প্ৰণালী, সামূহিক অংশগ্ৰহণ আৰু আন্তঃৰাজ্যিক সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আলোচনাবোৰত গুৰুত্ব আৰোপ কৰা হয় যে মানৱ-বন্যপ্ৰাণী সংঘাতৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে মানৱ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ সৈতে পৰিবেশ সংৰক্ষণক একত্ৰিত কৰা এক সংহত দৃষ্টিভংগীৰ প্ৰয়োজন। সদস্যসকলে জিআইএছ, কৃত্ৰিম বুদ্ধিমত্তা, ড্ৰোন, ৰেডিঅ’ টেলিমেট্ৰি আৰু ভৱিষ্যদ্বাণীমূলক বিশ্লেষণকে ধৰি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত আলোচনা কৰাৰ লগতে ফ্ৰণ্টলাইন ক্ষমতা শক্তিশালীকৰণ, ক্ষতিপূৰণ প্ৰদান উন্নীতকৰণ, জনসাধাৰণৰ সজাগতা বৃদ্ধি আৰু সংৰক্ষণত সামূহিক অংশগ্ৰহণ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ছখন ৰাজ্যই আগবঢ়োৱা উপস্থাপনৰ গুৰুত্বপূৰ্ণ দিশসমূহ তলত উল্লেখ কৰা ধৰণৰঃ

১. অসমঃ অসম চৰকাৰে হাতী, বাঘ, নাহৰফুটুকী, গঁড়, বনৰীয়া ম’হ আৰু বনৰীয়া গাহৰিৰ সৈতে জড়িত মানৱ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ বাবে ইয়াৰ দৃশ্যপটভিত্তিক কৌশল উপস্থাপন কৰিছে। ৰাজ্যখনে বাসস্থান পুনৰুদ্ধাৰ, আহ-যাহৰ পথ সুৰক্ষা, আগতীয়া সতৰ্কবাণী প্ৰণালী, দ্ৰুত সঁহাৰি, সামূহিক অংশগ্ৰহণ আৰু জীৱিকাৰ বৈচিত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চল-নিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে আঞ্চলিক মানৱ-বন্যপ্ৰাণী সংঘাত বিপদাশংকা হ্ৰাস সমিতিৰ গঠনৰ ওপৰত আলোকপাত কৰে। সমিতিখনে আঞ্চলিক পৰিকল্পনাৰ দৃষ্টিভংগীক প্ৰশংসা কৰে আৰু অন্যান্য সংঘাত-প্রৱণ স্থানত ইয়াৰ ফলাফলসমূহ ৰূপায়ণত গুৰুত্ব আৰোপ কৰে।

২. কৰ্ণাটকঃ অভিযান্ত্ৰিক হস্তক্ষেপ, কৃত্ৰিম বুদ্ধিমত্তা-সক্ষম নিৰীক্ষণ, কমাণ্ড চেণ্টাৰ, দ্ৰুত সঁহাৰি দল, সামূহিক স্বেচ্ছাসেৱক নেটৱৰ্ক আৰু ই-পৰিহাৰ ডিজিটেল ক্ষতিপূৰণ প্ৰণালীৰ ওপৰত ভিত্তি কৰি কৰ্ণাটকে ভৱিষ্যদ্বাণীমূলক মানৱ-বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনাৰ বাবে ইয়াৰ সংহত ছটা স্তম্ভৰ আৰ্হি প্ৰদৰ্শন কৰে। ৰাজ্যখনে সীমান্তৱৰ্তী এলেকাত হাতীৰ সংখ্যা পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় মানৱ-বন্যপ্ৰাণী সংঘাত অভিযান, আদৰ্শ কাৰ্যপ্ৰণালী, আহ-যাহৰ পথ পুনৰুদ্ধাৰ আৰু শক্তিশালী আন্তঃৰাজ্যিক সমন্বয়ৰ পৰামৰ্শ আগবঢ়ায়। সমিতিখনে কৰ্ণাটকৰ প্ৰযুক্তি-চালিত দৃষ্টিভংগীক প্ৰশংসা কৰে আৰু ৰাজ্যসমূহৰ মাজত সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ ব্যাপক প্ৰচাৰৰ পৰামৰ্শ দিয়ে।

৩. কেৰালাঃ ৰাজ্যখনে ইয়াৰ সংহত প্ৰাতিষ্ঠানিক পৰিকাঠামোৰ ওপৰত আলোকপাত কৰিছে, যাৰ ভিতৰত আছে মানৱ-বন্যপ্ৰাণী সংঘাতক ৰাজ্যিকভিত্তিক দুৰ্যোগ হিচাপে ঘোষণা কৰা, দ্ৰুত সঁহাৰি দল আৰু প্ৰাথমিক সঁহাৰি দল মোতায়েন কৰা, সংঘাত-প্ৰভাৱিত ২৭৩ খন পঞ্চায়ত চিনাক্তকৰণ আৰু জন জাগৰথ সমিতি আৰু এছ এ আৰ পি এ স্বেচ্ছাসেৱী কাৰ্যসূচীৰ দৰে সামূহিকভিত্তিক পদক্ষেপৰ ৰূপায়ণ। ৰাজ্যখনে বন্যপ্ৰাণীৰ আহ-যাহৰ পথ পুনৰুদ্ধাৰ, বাসস্থান ব্যৱস্থাপনা, দায়িত্বশীল পৰ্যটন আৰু প্ৰযুক্তি-সক্ষম নিৰীক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সমিতিখনে কেৰালাৰ শক্তিশালী প্ৰাতিষ্ঠানিক আৰু সামূহিক দৃষ্টিভংগীৰ কথা উল্লেখ কৰে আৰু আন ৰাজ্যসমূহৰ সৈতে সফল পদক্ষেপসমূহৰ আদান-প্ৰদান অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।

৪. মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশে মানৱ-বন্যপ্ৰাণী সংঘাত প্রশমনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-সক্ষম নিৰীক্ষণ, জিপিএছ ট্ৰেকিং, ড্ৰোন, গজৰক্ষক, দ্ৰুত সঁহাৰি দল, প্ৰজাতি-নিৰ্দিষ্ট আদৰ্শ কাৰ্যপ্ৰণালী, সময়সীমাভিত্তিক ক্ষতিপূৰণ আৰু বাঘ মিত্ৰ, হাথী মিত্ৰ আৰু পৰিৱেশ-উন্নয়ন সমিতিৰ জৰিয়তে ব্যাপক সামূহিক অংশগ্ৰহণক একত্ৰিত কৰি ইয়াৰ ‘প্ৰতিৰোধ প্ৰথম’ আৰ্হি উপস্থাপন কৰে। ৰাজ্যখনে বাসস্থান ব্যৱস্থাপনা, বন্যপ্ৰাণী স্বাস্থ্য সমৰ্থন আৰু সংঘাতপূৰ্ণ জীৱ-জন্তুৰ স্থানান্তৰণকে ধৰি বিজ্ঞানভিত্তিক প্ৰজাতি ব্যৱস্থাপনাৰ ওপৰতো আলোকপাত কৰে। সমিতিখনে প্ৰযুক্তিৰ একত্ৰীকৰণ, সামূহিক অংশগ্ৰহণ আৰু সময়োপযোগী সাহায্য ব্যৱস্থাক প্ৰশংসা কৰে আৰু ভৱিষ্যদ্বাণীমূলক সংঘাত ব্যৱস্থাপনা অধিক শক্তিশালী কৰিবলৈ উৎসাহিত কৰে।

৫. উত্তৰাখণ্ডঃ ৰাজ্যখনে এক সংহত আদেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ ২৪×৭ হেল্পলাইন (১৯২৬), ই-নিৰীক্ষণ, জিপিএছ ট্ৰেকিং, বাসস্থান পুনৰুদ্ধাৰ, জৈৱ-বেৰ, সময়মতে ক্ষতিপূৰণ আৰু গাওঁভিত্তিক স্বেচ্ছাসেৱক নেটৱৰ্কৰ জৰিয়তে অগ্ৰাধিকাৰমূলক স্থানত সংঘাত হ্ৰাসৰ বাবে ইয়াৰ কৌশলগত ৰূপৰেখা উপস্থাপন কৰে। ৰাজ্যখনে বন্যপ্ৰাণী-সংবেদনশীল ভূ-দৃশ্য পৰিকল্পনা, জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি আৰু ‘চিতাবাঘ/বাঘৰ সৈতে বাস কৰা’ পদক্ষেপৰ অধীনত সহাৱ্স্থানৰ ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ দীৰ্ঘম্যাদী ৰণনীতিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। সমিতিখনে উত্তৰাখণ্ডৰ সংহত দৃষ্টিভংগীক প্ৰশংসা কৰে আৰু প্ৰযুক্তি-সক্ষম আগতীয়া সতৰ্কবাণী প্ৰণালী আৰু সামূহিক প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

৬. উত্তৰ প্ৰদেশঃ উত্তৰ প্ৰদেশে উল্লেখ কৰে যে ৰাজ্যখনত মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ বেছিভাগ ঘটনাই হৈছে চিতা বাঘজনিত, য’ত টেৰাই আৰ্ক লেণ্ডস্কেপ হৈছে প্ৰধান ঠাই। ৰাজ্যখনে দ্ৰুত সঁহাৰি দল, উদ্ধাৰ কেন্দ্ৰ (চাৰিটা গঠন), সৌৰ বেৰ, আগতীয়া সতৰ্কবাণী প্ৰণালী, সামূহিক স্বেচ্ছাসেৱক কাৰ্যসূচী, বৈজ্ঞানিক নিৰীক্ষণ আৰু সুৰক্ষিত অঞ্চলৰ বাহিৰত সংৰক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত ভিত্তি কৰি ইয়াৰ কৌশল উপস্থাপন কৰে। সমিতিখনে বৈজ্ঞানিক ব্যৱস্থাপনাৰ ওপৰত ৰাজ্যখনৰ গুৰুত্বক প্ৰশংসা কৰে আৰু অধিক সংঘাতপূৰ্ণ পৰিস্থিতিত সম্প্ৰদায়ভিত্তিক প্রশমন আৰু নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰি ৰখাৰ পৰামৰ্শ আগবঢ়ায়।

কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী শ্ৰী যাদৱে ৰাজ্যসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰশংসা কৰে আৰু উল্লেখ কৰে যে মানৱ-বন্যপ্ৰাণী সংঘাতৰ প্ৰত্যাহ্বানৰ মোকাবিলা এক সন্তুলিত দৃষ্টিভংগীৰ জৰিয়তে কৰিব লাগিব, যিয়ে বৈজ্ঞানিক ব্যৱস্থাপনা, প্ৰাতিষ্ঠানিক সমন্বয়, প্ৰযুক্তি-সক্ষম নিৰীক্ষণ আৰু স্থানীয় সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণক একত্ৰিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ৰাষ্ট্ৰীয় মানৱ-বন্যপ্ৰাণী সংঘাত পৰ্টেল আৰু উৎকৃষ্টতা কেন্দ্ৰই তথ্যচালিত কৌশল বিকশিত কৰা, জ্ঞানৰ আদান-প্ৰদান সূচল কৰি তোলা আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন গ্ৰহণত ৰাজ্যসমূহক সহযোগ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰাতিষ্ঠানিক পৰিকাঠামো প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বৈঠকত সম্বোধন কৰি ৰাজ্যিক মন্ত্ৰী (ইএফচিচি) শ্ৰী সিঙে পৰামৰ্শ দিয়ে যে ইয়াৰ সামৰ্থ্যৰ ওপৰত বাসস্থানভিত্তিক বৈজ্ঞানিক অধ্যয়ন কৰাৰ প্ৰয়োজন আছে আৰু বন্যপ্ৰাণীৰ সংখ্যা বৰ্তাই ৰাখিবলৈ পৰিবেশতন্ত্ৰৰ পৰ্যাপ্ত সম্পদ আছে নে নাই সেয়া নিৰ্ধাৰণ কৰিব লাগিব। ই সম্পদ বৃদ্ধি আৰু মানৱ-বন্যপ্ৰাণী সংঘাত পৰিচালনাৰ বাবে কৌশলৰ উন্নত পৰিকল্পনাত সহায় কৰিব।

ভাৰতৰ সমৃদ্ধ বন্যপ্ৰাণী ঐতিহ্যৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰাৰ লগতে মানৱ-বন্যপ্ৰাণী সংঘাত হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ সন্দৰ্ভত সাংসদসকলৰ মাজত বিশদ আলোচনাৰে বৈঠকখনৰ সামৰণি পৰে।

 

*****

VM/HS


(रिलीज़ आईडी: 2295001) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Bengali-TR , Gujarati , Tamil , Telugu , Kannada , Malayalam