ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ হস্ততাঁত খণ্ডত উল্লেখনীয় সাফল্যক স্বীকৃতি জনাই ৰাষ্ট্ৰপতিয়ে ৭ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত, হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰিব

प्रविष्टि तिथि: 04 AUG 2026 6:53PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০২৬ চনৰ ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ সময়ত সন্মানীয় হস্ততাঁত বঁটা প্ৰদান কৰিব।

এই অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, হস্ততাঁত উদ্যোগৰ প্ৰতিনিধি, দক্ষ তাঁতী, ডিজাইনাৰ, ৰপ্তানিকাৰী, শিল্পী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

ভাৰতৰ সমৃদ্ধ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণ, প্ৰচাৰ আৰু অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যতিক্ৰমী অৱদানৰ বাবে ৩ গৰাকী সন্ত কবীৰ হস্ততাঁত বঁটা বিজয়ী আৰু ১৯ গৰাকী ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা বিজয়ীক লৈ মুঠ ২২ গৰাকী বঁটা বিজয়ীক সন্মানিত কৰা হ'ব। (সন্ত কবীৰ আৰু ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা বিজয়ীসকলৰ তালিকা)

হস্ততাঁতৰ উকৃষ্টতা উদযাপ

বস্ত্ৰ মন্ত্ৰালয়ে বয়ন, উদ্ভাৱন, ডিজাইন বিকাশ, বিপণন উদ্যোগ, ষ্টাৰ্ট-আপ উদ্যোগ আৰু হস্ততাঁত খণ্ডৰ সৈতে জড়িত উৎপাদক কোম্পানীসমূহৰ ক্ষেত্ৰত অসামান্য উৎকৃষ্টতাক স্বীকৃতি জনাই সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰাপকৰ নাম ঘোষণা কৰে।

এই বঁটা ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী (এন এইচ ডি পি) ৰ হস্ততাঁত বিপণন সহায় (এইচ এম এ) উপাদানৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে আৰু হস্ততাঁত পৰিৱেশতন্ত্ৰত উৎকৃষ্টতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰতিনিধিত্ব কৰে।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ সময়ত ভাৰতৰ হস্ততাঁত ঐতিহ্য যথেষ্ট শক্তিশালী কৰা আৰু ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ প্ৰতিযোগিতা বৃদ্ধি কৰা ব্যক্তি আৰু সংস্থাসমূহক সন্মান জনোৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।

এই অনুষ্ঠানত সংসদ সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া, উদ্যোগ বিশেষজ্ঞ, শৈক্ষিক প্ৰতিষ্ঠান, ৰপ্তানিকাৰী, ডিজাইনৰ আৰু সমগ্ৰ দেশৰ হস্ততাঁত তাঁতীসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

হস্ততাঁত বঁটা

হস্ততাঁত খণ্ডত উৎকৃষ্টতা, উদ্ভাৱন আৰু ধাৰাবাহিক দায়বদ্ধতাক উৎসাহিত কৰাৰ উদ্দেশ্যে হস্ততাঁত বঁটা প্ৰদান কৰা হয়। তেওঁলোকে উৎকৃষ্ট কাৰুশিল্প, পৰম্পৰাগত দক্ষতা সংৰক্ষণৰ সময়ত আধুনিক কৌশল গ্ৰহণ, সামগ্ৰীৰ বৈচিত্ৰ্য, ডিজাইন উদ্ভাৱন আৰু বয়ন সম্প্ৰদায়ৰ আৰ্থ-সামাজিক বিকাশৰ দিশত আগবঢ়োৱা অৱদানক স্বীকৃতি দিয়ে।

সন্ত কবীৰ হস্ততাঁত বঁটা

এই বঁটা হৈছে ভাৰতৰ বয়ন পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সমৰ্পণ প্ৰদৰ্শন কৰা হস্ততাঁত তাঁতীসকলৰ বাবে দেশৰ সৰ্বোচ্চ স্বীকৃতি।

ব্যতিক্ৰমী কাৰিকৰী দক্ষতা, উদ্ভাৱন, খণ্ডটোত ধাৰাবাহিক অৱদান, পৰম্পৰাগত বয়ন পদ্ধতিৰ প্ৰচাৰ, শিল্পীসকলৰ পৰামৰ্শ আৰু সামূহিক বিকাশৰ প্ৰচেষ্টাৰ ওপৰত ভিত্তি কৰি এই বঁটাৰ বাবে বাছনি কৰা হয়।

এই বঁটাৰ ভিতৰত আছেঃ-

  • সোণৰ মুদ্ৰা (মউন্টেড)
  • তাম্ৰপত্ৰ
  • আলোৱান
  • প্ৰমাণপত্ৰ
  •  
  • ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা

ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাই  তাঁতী আৰু অন্যান্য অংশীদাৰসকলক সন্মানিত কৰে যিসকলে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা, মান, উদ্ভাৱন আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে।

এই বঁটাই ভাৰতৰ বিবিধ হস্ততাঁত পৰম্পৰা সংৰক্ষণ কৰি শিল্পকলা, সামগ্ৰীৰ বিকাশ আৰু বজাৰ প্ৰসাৰৰ ক্ষেত্ৰত নিৰন্তৰ মান বৃদ্ধি কৰিবলৈ শিল্পী আৰু প্ৰতিষ্ঠানসমূহক অনুপ্ৰাণিত কৰে।

এই বঁটাৰ ভিতৰত আছেঃ-

  • তাম্ৰপত্ৰ
  • আলোৱান
  • প্ৰমাণপত্ৰ

বাছনি প্ৰক্ৰিয়া

বয়ন শ্ৰেণীত বঁটা বিজয়ীসকলক আঞ্চলিক, মুখ্য কাৰ্যালয় আৰু কেন্দ্ৰীয় পৰ্যায়ৰ বাছনি সমিতিসমূহক জড়িত কৰি এক কঠোৰ বহু-পৰ্যায়ৰ মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে বাছনি কৰা হয়। এই সমিতিসমূহ অভিজ্ঞ পেছাদাৰী, কাৰিকৰী বিশেষজ্ঞ আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলক লৈ গঠিত যিয়ে নিৰ্ধাৰিত যোগ্যতাৰ মাপকাঠি আৰু মূল্যায়নৰ মাপকাঠিৰ বিপৰীতে মনোনয়নৰ মূল্যায়ন কৰে।

ডিজাইন বিকাশ, বিপণন, ষ্টাৰ্ট-আপ উদ্যোগ আৰু উৎপাদক কোম্পানীসমূহৰ সৈতে সম্পৰ্কিত শ্ৰেণীসমূহৰ বাবে মনোনয়নসমূহৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে মুখ্য কাৰ্যালয় সমিতি আৰু কেন্দ্ৰীয় পৰ্যায়ৰ সমিতিৰ দ্বাৰা এক গঠনমূলক মূল্যায়ন কৰা হয়। নিৰ্বাচন প্ৰণালীয়ে হস্ততাঁত খণ্ডৰ সকলো খণ্ডত স্বচ্ছতা, বস্তুনিষ্ঠতা আৰু প্ৰকৃত উৎকৃষ্টতাৰ স্বীকৃতি নিশ্চিত কৰে।

(২০২৫ বৰ্ষৰ সন্ত কবীৰ আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা বিজয়ীসকলৰ তালিকা)

******

MAM/VN/MK


(रिलीज़ आईडी: 2294655) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati , Telugu , Kannada , Malayalam