ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

তৃণমূল পৰ্যায়ৰ উদ্ভাৱকৰ এটা গোটৰ সৈতে মত-বিনিময় কৰিলে ৰাষ্ট্ৰপতিয়ে

তৃণমূল পৰ্যায়ৰ উদ্ভাৱনসমূহ সমাজৰ প্ৰয়োজনৰ বাবে অত্যন্ত উপযোগী, কাৰণ সেইবোৰে স্থানীয় অভিজ্ঞতা, বৈজ্ঞানিক চিন্তাধাৰা আৰু ব্যক্তিগত সৃষ্টিশীলতাক সামাজিক দায়বদ্ধতাৰ অনুভূতিক সম্পৃক্ত কৰে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 31 JUL 2026 3:32PM by PIB Guwahati

আজি (৩১ জুলাই, ২০২৬) ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অটল ইনোভেচন মিছনৰ তৃণমূল পৰ্যায়ৰ উদ্ভাৱকৰ এটা দলে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী  দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিয়ে উদ্ভাৱকসকলে আয়োজন কৰা প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰি তেওঁলোকৰ উদ্ভাৱনসমূহৰ সাক্ষী হয়  আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

এই উপলক্ষ্যে  ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ বিশাল পৰিসৰ আৰু উদ্ভাৱনৰ মনোভাৱক লাভাৱান্বিত কৰি তৃণমূল পৰ্যায়ৰ উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বৰ শক্তিশালী স্থান হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে।  তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ উদ্ভাৱনসমূহ সমাজৰ প্ৰয়োজনীয়তাৰ লগত খাপ খাই পৰে, কিয়নো ইয়াত স্থানীয় অভিজ্ঞতা, বৈজ্ঞানিক চিন্তাধাৰা, আৰু ব্যক্তিগত সৃষ্টিশীলতাক সামাজিক দায়বদ্ধতাৰ অনুভূতিৰ সংমিশ্ৰণ ঘটে। দেশজুৰি উদ্ভাৱকসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত তাৎপৰ্য্যপূৰ্ণ স্থানীয় সমস্যাসমূহৰ সমাধান বিকশিত কৰি থকাৰ কথাটো  লক্ষ্য কৰি তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ প্ৰদৰ্শনীখনে  আৱৰ্জনাক সম্পদলৈ কিদৰে  ৰূপান্তৰিত কৰিব পাৰি , শক্তি সংৰক্ষণ, মহিলা আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সুবিধা বৃদ্ধি কৰিব পাৰি, পৰিৱেশ সুৰক্ষা, কৃষি তথা শিল্পৰ সংৰক্ষণ আদি ক্ষেত্ৰত কেনেদৰে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলে অৰিহণা যোগাইছে আদি কথাবোৰ প্ৰতিফলিত কৰিছে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমাজৰ পৰিৱৰ্তন কেৱল ধাৰণাৰে নহয়। এই ধাৰণাসমূহক আগুৱাই নিবলৈ এনে পৰিৱেশৰ প্ৰয়োজন যিয়ে প্ৰতিভাক পথ প্ৰদৰ্শন কৰে আৰু উপযুক্ত মঞ্চ তথা  সম্পদ প্ৰদান কৰে। অটল কমিউনিটি ইনোভেচন চেণ্টাৰসমূহে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলক পথ প্ৰদৰ্শন আৰু কাৰিকৰী সহায় আগবঢ়োৱাৰ লগতে উদ্ভাৱনী ধাৰণাসমূহক বহনক্ষম উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ সুযোগ প্ৰদান কৰা বুলিও তেওঁ কয় আৰু এই বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে  তেতিয়াহে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব যেতিয়া প্ৰতিজন নাগৰিকে উদ্ভাৱনী মানসিকতাৰে কাম কৰি সমস্যাৰ সমাধান বিচাৰিব। বিভিন্ন প্ৰতিষ্ঠান আৰু নাগৰিকে একেলগে কাম কৰি থকাৰ কথাটো  লক্ষ্য কৰি  তেওঁ আনন্দ প্ৰকাশ কৰে আৰু উদ্ভাৱনৰ সংস্কৃতিয়ে শক্তি লাভ কৰিছে বুলি কয়। এনে প্ৰচেষ্টাৰ সুফল সমাজৰ এক সকলো স্তৰত উপনীত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে বহু উদ্ভাৱকে সীমিত সম্পদ, অনিশ্চয়তা আৰু পুনৰাবৃত্তিমূলক প্ৰত্যাহ্বানৰ মাজতো নিজৰ প্ৰচেষ্টাত অটল  হৈ আছে।  ব্যক্তি, পৰিয়াল বা সমাজৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ উদ্ভাৱনৰ প্ৰতি তেওঁলোকৰ দৃঢ় বিশ্বাসৰ বাবে  তেওঁ তেওঁলোকৰ শলাগ লয়। তেওঁ তেওঁলোকক তেওঁলোকৰ উদ্ভাৱনসমূহ অহৰহ পৰিশোধন কৰিবলৈ, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ তথা অন্যান্য উদ্ভাৱকৰ সৈতে সহযোগিতা গঢ়ি তুলিবলৈ আৰু তেওঁলোকৰ উদ্ভাৱনসমূহক বহল পৰ্যায়লৈ সম্প্ৰসাৰিত  কৰাৰ চেষ্টা কৰিবলৈ পৰামৰ্শ দিয়ে।

Please click here to see the President's Speech-

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2294233) অতিথি কক্ষ : 24