তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতি ভৱনত পাঁচখন স্মাৰক গ্ৰন্থ উন্মোচনেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকালৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন

স্মাৰক গ্ৰন্থসমূহে সমাৱেশী গণতন্ত্ৰৰ প্ৰতি দেশৰ বিশ্বাসক প্ৰতিফলিত কৰাৰ লগতে নাগৰিকসকলক ভাৰতৰ ঐতিহ্যক লৈ গৌৰৱ কৰিবলৈ অনুপ্ৰাণিত কৰে: শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

प्रविष्टि तिथि: 28 JUL 2026 8:47PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি পদৰ চাৰি বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে পাঁচখন স্মাৰক গ্ৰন্থৰ প্ৰথম লানি উন্মোচন কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীক উপহাৰ স্বৰূপে প্ৰদান কৰে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি হিচাপে চাৰি বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত চাৰিখন গ্ৰন্থ— *'ৰাষ্ট্ৰপতি ভৱন: ৰাষ্ট্ৰ কা ভৱন'*, *'সেৱা ঔৰ সংৱেদনা'*, *'সমাৱেশী সহভাগিতা'* আৰু *'ভাৰতীয়তা কা উৎসৱ'* উন্মোচন কৰা হয়। এই গ্ৰন্থসমূহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰিছে। এই গ্ৰন্থসমূহৰ উপৰি ওড়িয়া ভাষাত *'আম ৰাষ্ট্ৰপতি আম গৌৰৱ'* নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয়। *'আম ৰাষ্ট্ৰপতি আম গৌৰৱ'* হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত লিখা বিভিন্ন প্ৰবন্ধৰ এক সংকলন।

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণ আৰু তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানৰ উপস্থিতিত এই গ্ৰন্থসমূহ উন্মোচন কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই গ্ৰন্থসমূহৰ শিৰোনামে সমাৱেশী গণতন্ত্ৰৰ প্ৰতি আমাৰ বিশ্বাসক প্ৰতিফলিত কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই চিত্ৰায়িত সংকলনসমূহে পাঠকসকলক ৰাষ্ট্ৰপতি ভৱনৰ পৰম্পৰা, কাৰ্যপ্ৰণালী আৰু বিভিন্ন দিশৰ সৈতে চিনাকি কৰাই দিব। তেওঁ কয় যে এই গ্ৰন্থসমূহৰ প্ৰকৃত গুৰুত্ব নিহিত হৈ আছে দেশৰ নাগৰিকসকলক নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ লগতে প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগোৱাৰ ক্ষমতাৰ মাজত।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০২২ চনৰ ২৫ জুলাইত যেতিয়া তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল, সেয়া তেওঁৰ বাবে এক সন্মানৰ উপৰিও এক দায়িত্বৰ বিষয় আছিল। তেওঁ কয় যে বিগত চাৰি বছৰত তেওঁ এই দায়বদ্ধতাৰ ভাৱেৰেই নিজৰ দায়িত্ব পালন কৰি আহিছে। তেওঁ কয় যে যেতিয়াই তেওঁ ৰাষ্ট্ৰপতি ভৱনত বা বিভিন্ন ৰাজ্য ভ্ৰমণৰ সময়ত মানুহক, বিশেষকৈ যুৱপ্ৰজন্মক লগ পায়, তেতিয়াই তেওঁলোকক নৈতিক মূল্যবোধৰ সৈতে জৰিত হৈ থাকিবৰ বাবে আৰু দেশ তথা সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে তেওঁ মহিলাসকলক স্বাৱলম্বী হ’বলৈ আৰু আত্মবিশ্বাসেৰে প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনায়। জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে ভাব-বিনিময় কৰোঁতে তেওঁলোকক সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাৰ লগতে উন্নয়নৰ মূলসুঁতিত যোগদান কৰিবলৈ অনুৰোধ জনায়। বিদেশ ভ্ৰমণৰ সময়ত তেওঁ সেইবোৰ দেশত থকা ভাৰতীয় সম্প্ৰদায়ক লগ পায় আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগাবলৈ উৎসাহিত কৰে।

 

সমবেত ৰাইজক উদ্দেশ্যি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই অনুষ্ঠানটো তেওঁৰ বাবে ব্যক্তিগতভাৱে বিশেষ গুৰুত্বপূৰ্ণ  আৰু তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালৰ কথা সোঁৱৰণ কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখন ভ্ৰমণৰ সময়ত সমাজৰ সকলো শ্ৰেণীৰ মানুহে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাজ্যপাল হিচাপে কাৰ্যকালৰ বিষয়ে অতি আগ্ৰহ আৰু প্ৰশংসাৰে কথা পাতিছিল। তেওঁ লক্ষ্য কৰে যে নাগৰিকসকলে তেওঁৰ সাংবিধানিক দায়িত্ব পালনৰ গৰিমা, ৰাইজৰ সৈতে তেওঁৰ গভীৰ ব্যক্তিগত সম্পৰ্ক, আৰু জনজাতীয় সম্প্ৰদায়, পিছপৰা শ্ৰেণী আৰু যুৱপ্ৰজন্মৰ প্ৰতি তেওঁৰ সমবেদনা তথা আন্তৰিক উদাৰতাক শ্ৰদ্ধাৰে মনত পেলায়।

"কেৱল পদবীক লৈ এনে সদ্বিচ্ছা অৰ্জন কৰিব নোৱাৰি, ই চৰিত্ৰ, সমবেদনা আৰু ৰাইজৰ প্ৰতি উচৰ্গিত প্ৰচেষ্টাৰ জৰিয়তেহে অৰ্জন কৰা হয়," – উপ-ৰাষ্ট্ৰপতি।

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালত গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক 'মোগল গাৰ্ডেন'ক 'অমৃত উদ্যান' হিচাপে নামকৰণ কৰা, দেৰাডুনৰ 'ৰাষ্ট্ৰপতি নিকেতন' আৰু 'ৰাষ্ট্ৰপতি তপোবন' সধাৰণ ৰাইজৰ বাবে মুকলি কৰা, ৰাষ্ট্ৰপতি ভৱনক অধিক দিব্যাংগ অনুকূল কৰি তোলাৰ প্ৰচেষ্টা আৰু ছাৰ এডউইন লুটিয়েন্সৰ প্ৰতিমূৰ্তিৰ স্থানত ভাৰতৰ অন্তিমগৰাকী গৱৰ্ণৰ জেনেৰেল ভাৰত ৰত্ন চক্ৰৱৰ্তী ৰাজগোপালাচাৰীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত কৰাৰ সচেতন প্ৰচেষ্টাক প্ৰতিফলিত কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ প্ৰতিষ্ঠানটোক ৰাইজৰ অধিক কাষলৈ লৈ আহিছে।

প্ৰকাশনসমূহৰ কথা উল্লেখ কৰি শ্ৰী ৰাধাকৃষ্ণণে কয় যে 'সেৱা ঔৰ সংৱেদনা'ই ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজহুৱা জীৱনক প্ৰতিফলিত কৰা সেৱা আৰু সমবেদনাৰ মূল্যবোধক দাঙি ধৰিছে, আনহাতে 'সমাৱেশী সহভাগিতা'ই ভাৰতৰ উন্নয়ন সমাৱেশী আৰু অংশগ্ৰহণমূলক হ’ব লাগে বুলি তেওঁৰ দৃঢ় বিশ্বাসক প্ৰকাশ কৰিছে। তেওঁ কয় যে 'ভাৰতীয়তা কা উৎসৱ'-এ ভাৰতীয় সভ্যতাৰ চিৰন্তন মূল্যবোধ আৰু ইয়াৰ উল্লেখনীয় সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন কৰে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতি মুৰ্মুৱে ধাৰাবাহিকভাৱে ভাৰতৰ সাংস্কৃতিক সমৃদ্ধি, থলুৱা পৰম্পৰা আৰু আধ্যাত্মিক ঐতিহ্যক তুলি ধৰিছে যিয়ে বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে দেশবাসীক ঐক্যবদ্ধ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে অল চিকি লিপিৰে সান্তালী ভাষাত ভাৰতৰ সংবিধান উন্মোচন কৰাৰ কথা সোঁৱৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াক এক ঐতিহাসিক মুহূৰ্ত বুলি বৰ্ণনা কৰে, যিয়ে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক গৌৰৱেৰে উপচাই পেলাইছিল আৰু ভাৰতৰ ভাষিক তথা সাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰতি দেশৰ দায়বদ্ধতাক পুনৰ প্ৰতিষ্ঠা কৰিছিল।

 

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই গ্ৰন্থসমূহ উন্মোচনৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল. মুৰুগান উপস্থিত থাকে। এই উপলক্ষে তেওঁ কয় যে এই গ্ৰন্থসমূহত দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য ফুটাই তোলা হৈছে। তেওঁ কয় যে এই গ্ৰন্থসমূহে ভৱিষ্যত প্ৰজন্মৰ বাবে আধাৰ পুথি হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে আজি উন্মোচন কৰা গ্ৰন্থসমূহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি যাত্ৰাৰ নথি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিলে।

****


Mahesh Kumar/ Vivek Vishwash/DB


(रिलीज़ आईडी: 2290902) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Gujarati , Tamil , Telugu , Kannada , Malayalam