প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক জয় কৰাৰ বাবে সৰ্বেশ কুশাৰেক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন
प्रविष्टि तिथि:
28 JUL 2026 2:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত পুৰুষৰ হাই জাম্প শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে সৰ্বেশ কুশাৰেক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে সৰ্বেশ কুশাৰেৰ সংকল্প আৰু স্থিৰতাক প্ৰশংসা কৰে আৰু এই সাফল্যক উৎকৃষ্ট বুলি অভিহিত কৰে।
শ্ৰী মোদীয়ে কয় যে সমগ্ৰ ভাৰতবৰ্ষ তেওঁক লৈ গৌৰৱান্বিত আৰু ভৱিষ্যতে তেওঁৰ আৰু অধিক সফলতা কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘#CWG2026 ত পুৰুষৰ হাই জাম্পত সৰ্বেশ কুশাৰেৰ এক দৰ্শনীয় ৰূপৰ পদক! তেওঁৰ সংকল্প আৰু ধাৰাবাহিকতা লক্ষণীয়। এই অসাধাৰণ সাফল্যৰ বাবে তেওঁক অভিনন্দন জনাইছো। ভাৰত তেওঁৰ বাবে গৌৰৱান্বিত। ভৱিষ্যতে তেওঁক আৰু অধিক সফলতা কামনা কৰিছো।’
***
MJPS/SS/ST/MK
(रिलीज़ आईडी: 2290438)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam