প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
प्रविष्टि तिथि:
11 JUL 2026 7:59AM by PIB Guwahati
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গভৰ্ণমেণ্ট হাউচত আনুষ্ঠানিকভাৱে জনোৱা আদৰণি গ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী লাক্সনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে নিউজিলেণ্ডৰ ব্যৱসায়িক নেতা আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সম্বোধন কৰে আৰু নিউজিলেণ্ডৰ ক্ৰীড়াৰ উদ্ভাৱনীমূলক প্ৰদৰ্শনৰ সাক্ষী হয়। প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৫ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী লাক্সনৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত ভাৰত আৰু নিউজিলেণ্ডে মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা আৰম্ভ হৈছিল তথা প্ৰতিৰক্ষা, শিক্ষা, শুল্ক, উদ্যান শস্য, বন, আৰু ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত চুক্তি ( memorandums )ত স্বাক্ষৰ কৰিছিল।ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব, গণতান্ত্ৰিক মূল্যবোধৰ ভাগ- বাটোৱাৰা কৰা পৰম্পৰা , জনসাধাৰণৰ মাজত গভীৰ সংযোগ, ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাগ-বাটোৱাৰা কৰা স্বাৰ্থৰ কথা স্বীকাৰ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁলোকে ‘ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব: ২০৩০ চনৰ ৰোডমেপ’ক অহা চাৰি বছৰত যৌথ পদক্ষেপৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ কাঠামো হিচাপে অভিহিত কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে কৌশলগত অংশীদাৰিত্বৰ বাবে এক অভিলাষী দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বিষয়ত সন্মতি প্ৰকাশ কৰে, যাৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কক নতুন পৰ্যায়লৈ লৈ যোৱা, বৰ্তমানৰ সহযোগিতা অধিক শক্তিশালী কৰা আৰু দ্বিপাক্ষিক তথা বহুপাক্ষিক উভয় দিশতে সহযোগিতা গভীৰ কৰিব পৰা নতুন পথৰ অন্বেষণ কৰা।
ৰাজনৈতিক আৰু কূটনৈতিক সংযোগ
প্ৰধানমন্ত্ৰীদ্বয়ে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক সংযোগৰ ক্ৰমবৰ্ধমান গতিক আদৰণি জনায় আৰু আঞ্চলিক তথা বহুপাক্ষিক অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ মাজত নিয়মীয়াকৈ পাৰস্পৰিক ভ্ৰমণ তথা বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মত হয়। ২০৩০ চনৰ ৰোডমেপৰ অধীনত কৌশলগত নিৰ্দেশনা প্ৰদান আৰু অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীদ্বয়ে বৈদেশিক মন্ত্ৰীসকলৰ নিয়মীয়া আলোচনা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় তথা নিউজিলেণ্ডৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰালয়ৰ মাজত বাৰ্ষিক উচ্চপদস্থ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মত হয়।
প্ৰধানমন্ত্ৰীদ্বয়ে পাৰস্পৰিক বুজাবুজি গভীৰ কৰিবলৈ আৰু ভাৰত-নিউজিলেণ্ড সম্পৰ্কৰ গণতান্ত্ৰিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত সংসদীয় আদান-প্ৰদানৰ গুৰুত্বৰ কথাও স্বীকাৰ কৰে। তেওঁলোকে ভাৰতীয় সংসদত নিউজিলেণ্ডৰ বাবে শেহতীয়াকৈ গঠন কৰা সংসদীয় বন্ধুত্ব গোটৰ জৰিয়তেও দুয়োখন দেশৰ সংসদৰ মাজত নিয়মীয়াকৈ যোগাযোগ স্থাপন তথা সংসদৰ সদস্যসকলৰ ভ্ৰমণক উৎসাহিত কৰে।
প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা
প্ৰধানমন্ত্ৰীদ্বয়ে প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ত ২০২৫ চনৰ ভাৰত-নিউজিলেণ্ড বুজাবুজিৰ চুক্তি ৰূপায়ণকে ধৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ অগ্ৰগতিক আদৰণি জনায়। প্ৰধানমন্ত্ৰীদ্বয়ে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেৱা পৰ্যায়ত নিয়মীয়াকৈ গাঁথনিগত সংযোগ বজাই ৰাখিবলৈ সন্মত হয়। তেওঁলোকে ২০২৫ চনত কম্বাইণ্ড টাস্ক ফ’ৰ্চ ১৫০ (চিটিএফ-১৫০)ৰ অধীনত সহযোগিতাৰ বিষয়ত আলোকপাত কৰে। নিউজিলেণ্ডৰ কমাণ্ড আৰু ভাৰতক ডেপুটি কমাণ্ডাৰ হিচাপে লৈ মধ্যপ্ৰাচ্য আৰু পশ্চিম ভাৰত মহাসাগৰত নিচাযুক্ত দ্ৰব্যৰ চোৰাংচোৱাগিৰি, সন্ত্ৰাসবাদ আৰু অবৈধ সামুদ্ৰিক কাৰ্যকলাপ ৰোধ কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰা হয়। প্ৰধানমন্ত্ৰীদ্বয়ে উল্লেখ কৰে যে ভাৰত আৰু নিউজিলেণ্ডৰ সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে মুক্ত, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় দেশৰ প্ৰতি আগ্ৰহী। সেই অনুসৰি তেওঁলোকে শেহতীয়াকৈ সমাপ্ত হোৱা সামুদ্ৰিক সহযোগিতা ব্যৱস্থা (এমচিএ), হাইড্ৰ’গ্ৰাফী আৰু নটিকেল কাৰ্ট’গ্ৰাফীৰ বিষয়ত সহযোগিতাৰ বিষয়ত কাৰ্যকৰী ব্যৱস্থা আৰু সামুদ্ৰিক ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা মিউচুৱেল লজিষ্টিক সহায়ক ব্যৱস্থাকে ধৰি আন সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়। এমচিএৰ অংশ হিচাপে নৌসেনাৰ দ্বিপাক্ষিক অনুশীলনকো তেওঁলোকে আদৰণি জনায়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ অধীনত নিউজিলেণ্ড সামুদ্ৰিক নিৰাপত্তাৰ অগ্ৰাধিকাৰ স্তম্ভ হিচাপে মনোনীত হোৱাৰ বিষয়টোক ভাৰতে আদৰণি জনায় আৰু এই স্তম্ভৰ অধীনত নিৰ্দিষ্ট সহযোগিতা বজাই ৰাখিবলৈ দুয়োপক্ষই সন্মত হয়। সহযোগিতা, সমন্বয় আৰু তথ্য বিনিময় শক্তিশালী কৰাৰ বাবে বাৰ্ষিক সামুদ্ৰিক সুৰক্ষা আলোচনা অনুষ্ঠিত কৰাৰ বাবেও তেওঁলোকে সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপ, চাইবাৰ সুৰক্ষা আৰু আনুষংগিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু স্থিতিস্থাপকতাক সমৰ্থন কৰাৰ লক্ষ্যৰে প্ৰাসংগিক আঞ্চলিক আৰু বহুপক্ষীয় পৰিৱেশত আলোচনা তথা সহযোগিতাৰ ক্ষেত্ৰত সুযোগসমূহ অন্বেষণ কৰিবলৈ তেওঁলোক সন্মত হয়। প্ৰধানমন্ত্ৰীদ্বয়ে অবৈধ ড্ৰাগছ সৰবৰাহ, বিত্তীয় অপৰাধ, চাইবাৰ সক্ষম অপৰাধ, সন্ত্ৰাসবাদ সম্পৰ্কীয় অপৰাধ, মানৱ সৰবৰাহকে ধৰি আন্তঃৰাষ্ট্ৰীয় তথা সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজি দিবলৈ ব্যৱহাৰিক আইন প্ৰয়োগকাৰী সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ সংশ্লিষ্ট সংস্থাসমূহৰ মাজত মাদক দ্ৰব্য বিৰোধী সহযোগিতা আৰু আইন প্ৰয়োগকাৰী সহযোগিতাৰ ব্যৱস্থাসমূহ আনুষ্ঠানিকৰণৰ দিশত কাম কৰিবলৈ সন্মত হয়।
বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা
প্ৰধানমন্ত্ৰীদ্বয়ে বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ গতিক আদৰণি জনোৱাৰ লগতে দুয়োখন দেশৰ বাবে বিকাশৰ বাবে উল্লেখযোগ্য সুযোগ আছে বুলি স্বীকাৰ কৰে। তেওঁলোকে ২০৩০ চনৰ ভিতৰত সামগ্ৰী আৰু সেৱাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ৭ বিলিয়ন নিউজলেণ্ড ডলাৰ বা প্ৰায় ৩৫,০০০ কোটি টকালৈ বৃদ্ধি কৰাৰ আকাংক্ষিত লক্ষ্যৰ দিশত কাম কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰীদ্বয়ে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ দৰে সুষম, সৰ্বাংগীন আৰু পাৰস্পৰিকভাৱে লাভজনক চুক্তি সম্পাদন আৰু স্বাক্ষৰ কৰাৰ কথাক আদৰণি জনায়। ইয়াৰ শীঘ্ৰে ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে তেওঁলোকে একেলগে কাম কৰিবলৈ সন্মত হয়।
বাণিজ্যৰ বাধাসমূহ আঁতৰোৱা, সহযোগিতা বৃদ্ধি আৰু ভাৰতত নিউজিলেণ্ডৰ বিনিয়োগক প্ৰসাৰিত কৰাকে ধৰি দ্বিপাক্ষিক অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত এফটিএৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰধানমন্ত্ৰীদ্বয়ে স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে উল্লেখ কৰে যে নিউজিলেণ্ডে বাণিজ্য, কৃষি, দক্ষতা, উদ্ভাৱন, স্বচ্ছ শক্তি, ক্ৰীড়া, আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বিকশিত ভাৰতৰ লক্ষ্যক সমৰ্থন কৰে।
অৰ্থনৈতিক বৃদ্ধি আৰু সাংস্কৃতিক বুজাবুজি সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটনৰ ভূমিকাৰ কথা স্বীকাৰ কৰি তেওঁলোকে পৰ্যটন সম্পৰ্কীয় চুক্তিত স্বাক্ষৰ কৰাৰ কথাটোক আদৰণি জনায়। তেওঁলোকে বিমান সংস্থাসমূহক পুনৰ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰত্যক্ষ অবিৰত বিমান সেৱা আৰম্ভ কৰিবলৈ উৎসাহিত কৰে।
উদ্যান শস্য, বন, পশুপালন আৰু দুগ্ধ উৎপাদনকে ধৰি প্ৰাথমিক উদ্যোগসমূহত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰমবৰ্ধমান অংশীদাৰিত্বক প্ৰধানমন্ত্ৰীদ্বয়ে আদৰণি জনায়। তেওঁলোকে উল্লেখ কৰে যে এই সহযোগিতাই নিউজিলেণ্ডৰ উৎপাদনশীলতা, খাদ্য সুৰক্ষা, বহনক্ষমতা, শস্য চপোৱাৰ পিছৰ ব্যৱস্থা আৰু মূল্য শৃংখল উন্নত কৰিব। নিউজিলেণ্ডে কৃষিৰ বহনক্ষম বৃদ্ধিৰ বাবে ভাৰতৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে মুক্ত বাণিজ্য চুক্তিৰ অধীনত কৃষি উৎপাদনশীলতা অংশীদাৰিত্বক ব্যৱহাৰিক সহযোগিতাৰ এক মূল মঞ্চ হিচাপে আদৰণি জনায়, য’ত কিৱি, আপেল আৰু মৌৰ উৎপাদনশীলতা বৃদ্ধিত সহায়ক হোৱাকৈ কৰ্ম পৰিকল্পনাৰ ক্ষেত্ৰত নিউজিলেণ্ডে ভাৰতৰ সৈতে কাম কৰিছে। তেওঁলোকে ভাৰতত কিৱিৰ ক্ষেত্ৰত উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে নিউজিলেণ্ডৰ সমৰ্থনৰ কথা উল্লেখ কৰে আৰু কৃষি উদ্ভাৱন, দক্ষতা বিকাশ আৰু উদ্যোগৰ শক্তিশালী সংযোগক সমৰ্থন কৰিব পৰা শিক্ষা আৰু প্ৰতিষ্ঠানিক সহযোগিতাক আদৰণি জনায়। প্ৰধানমন্ত্ৰীদ্বয়ে পশুপালন আৰু দুগ্ধ উৎপাদন সম্পৰ্কীয় সহযোগিতা চুক্তিকো আদৰণি জনায়।
ভাৰতৰ জাহাজ পৰিবহণ সঞ্চালকালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু সামুদ্ৰিক নিউজিলেণ্ডৰ মাজত নাৱিকৰ দক্ষতা প্ৰমাণপত্ৰৰ স্বীকৃতি শক্তিশালী কৰাৰ সুযোগ সন্দৰ্ভত অব্যাহত থকা আলোচনাক প্ৰধানমন্ত্ৰীসকলে আদৰণি জনায়। তেওঁলোকে উল্লেখ কৰে যে নাৱিকৰ দক্ষতা প্ৰমাণপত্ৰৰ স্বীকৃতি বৃদ্ধিয়ে নাৱিকৰ গতিশীলতাক সমৰ্থন কৰিব, সামুদ্ৰিক কৰ্তৃপক্ষৰ মাজত সহযোগিতা শক্তিশালী কৰিব, আৰু দুয়োখন দেশৰ সামুদ্ৰিক উদ্যোগৰ স্থিতিস্থাপকতা আৰু সামৰ্থ্যত অৰিহণা যোগাব।
মানুহ, সংস্কৃতি আৰু ক্ৰীড়া
প্ৰধানমন্ত্ৰীদ্বয়ে ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজত শক্তিশালী সংযোগক প্ৰশংসা কৰে। তেওঁলোকে স্বীকাৰ কৰিছিল যে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়টো নিউজিলেণ্ডৰ বৈচিত্ৰ্যময় সমাজৰ এক অবিচ্ছেদ্য তথা মূল্যৱান অংশ, লগতে তেওঁলোক হৈছে দুয়োখন দেশৰ মাজত এক সেতু। তেওঁলোকে নিউজিলেণ্ডৰ অৰ্থনীতি, সমাজ, সংস্কৃতি, জনসাধাৰণ আৰু ক্ৰীড়া জীৱনলৈ সম্প্ৰদায়টোৰ উল্লেখযোগ্য অৱদানৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৬ চনত ক্ৰীড়াৰ জৰিয়তে ঐক্যৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনক আদৰণি জনায়।তেওঁলোকে ভাৰত-নিউজিলেণ্ড যৌথ ক্ৰীড়া পৰিকল্পনাক আদৰণি জনায়, যিয়ে উচ্চ প্ৰদৰ্শন ক্ৰীড়া, প্ৰশিক্ষক, ক্ৰীড়া বিজ্ঞান, অংশগ্ৰহণ, ক্ৰীড়া ব্যৱসায়, আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাসমূহৰ মাজত আদান-প্ৰদানকে ধৰি দ্বিপাক্ষিক ক্ৰীড়া সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক ব্যৱহাৰিক কাঠামো প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰীদ্বয়ে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সাংস্কৃতিক সহযোগিতা অব্যাহত ৰখাৰ বিষয়টোক আদৰণি জনায়, য’ত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বিষয়ত নিয়োজিত হোৱাৰ জৰিয়তে, সাংস্কৃতিক সহযোগিতাৰ ব্যৱস্থা আৰম্ভ কৰাৰ দিহা কৰা হৈছে। তেওঁলোকে ভাৰতৰ লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স আৰু নিউজিলেণ্ডৰ সামুদ্ৰিক সংগ্ৰহালয়ৰ মাজত হোৱা চুক্তিকো আদৰণি জনায়। তেওঁলোকে উল্লেখ কৰে যে এই পদক্ষেপসমূহে মানুহৰ মাজত সংযোগ শক্তিশালী কৰিব , পাৰস্পৰিক বুজাবুজিৰ প্ৰসাৰ ঘটাব আৰু দুয়োখন দেশৰ মাজত চহকী সাংস্কৃতিক ঐতিহ্য, সমসাময়িক সৃষ্টিশীলতা তথা দীৰ্ঘদিনীয়া সামুদ্ৰিক সংযোগক উদযাপন কৰাৰ মূল্যৱান সুযোগ প্ৰদান কৰিব।
শিক্ষা, গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনা
প্ৰধানমন্ত্ৰীদ্বয়ে স্বীকাৰ কৰে যে শিক্ষা, গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, আৰু উদ্ভাৱন দ্বিপাক্ষিক সম্পৰ্কৰ এক মূল বিষয়। তেওঁলোকে চৰকাৰী বিষয়া, প্ৰতিষ্ঠান আৰু উদ্যোগক কৃষি, জলবায়ু, ডিজিটেল পৰিৱৰ্তন, বিজ্ঞান, উদ্ভাৱন আৰু নতুন তথা উদীয়মান প্ৰযুক্তিৰ পৰিসৰ বৃদ্ধিৰ লগতে এই বিষয়ত অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীদ্বয়ে শিক্ষাক সম্পৰ্কৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে স্বীকৃতি দিয়ে, যিয়ে মানুহৰ মাজত সংযোগ, দক্ষতা বিকাশ, গৱেষণা সহযোগিতা আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিব পাৰে। তেওঁলোকে দুয়োখন দেশৰ শিক্ষানুষ্ঠানসমূহৰ মাজত ক্ৰমবৰ্ধমান সংযোগক আদৰণি জনাই ছাত্ৰ-ছাত্ৰীৰ গতিশীলতা, প্ৰতিষ্ঠানিক অংশীদাৰিত্ব, উদ্ভাৱন আৰু পাৰস্পৰিক বুজাবুজিক সমৰ্থনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়। তেওঁলোকে ২০২৫ চনৰ শিক্ষা সহযোগিতা ব্যৱস্থা ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে চিন্তা-চৰ্চা কৰে আৰু চুক্তি স্বাক্ষৰ কৰাৰ পিছত বৃদ্ধি পোৱা অংশগ্ৰহণ তথা নতুন প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ কথা স্বীকাৰ কৰে।
প্ৰধানমন্ত্ৰীদ্বয়ে জলবায়ু পৰিৱৰ্তনৰ ভাগ-বাটোৱাৰা কৰা প্ৰত্যাহ্বান সমূহৰ বিষয়ে আলোচনা কৰে আৰু কম নিৰ্গমন আৰু জলবায়ু স্থিতিস্থাপক অৰ্থনীতিৰ বিষয়টোক স্বীকাৰ কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ জৰিয়তে সহযোগিতা গভীৰ কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে নিউজিলেণ্ডে গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সত যোগদান কৰাৰ কথাক আদৰণি জনায়।
প্ৰধানমন্ত্ৰীদ্বয়ে ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ মাজত সহযোগিতা চুক্তি স্বাক্ষৰ কৰাৰ বিষয়টোক আদৰণি জনায়। তেওঁলোকে দুয়োখন দেশৰ সম্প্ৰদায়, আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানৰ স্থিতিস্থাপকতা বৃদ্ধিৰ লক্ষ্যৰে দুৰ্যোগৰ আশংকা হ্ৰাস, প্ৰস্তুতি, সঁহাৰি, পুনৰুদ্ধাৰ, আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বৰ কথা পুনৰ দৃঢ় কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে অধিক বহনক্ষম, উৎপাদনশীল আৰু জলবায়ু স্থিতিস্থাপক কৃষি তথা খাদ্য ব্যৱস্থাক সমৰ্থন কৰিবলৈ গৱেষণা, উদ্ভাৱন আৰু ব্যৱহাৰিক সমাধানৰ উন্নতিৰ বাবে আগ্ৰহী প্ৰকাশ কৰে।
আঞ্চলিক আৰু বহুপক্ষীয় সহযোগিতা
প্ৰধানমন্ত্ৰীদ্বয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি নিজ নিজ দৃষ্টিভংগীৰ বিষয়ত মত বিনিময় কৰি মুক্ত,শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰে। য’ত সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰা হয় আৰু নিয়মভিত্তিক আন্তৰ্জাতিক ব্যৱস্থা বৰ্তাই ৰখাৰ বিষয়ত জোৰ দিয়া হয়।
তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ ১৯৮২ চনৰ ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সন্ধি অনুসৰি নাৱিক আৰু অভাৰফ্লাইটৰ স্বাধীনতা, আৰু সাগৰৰ অন্যান্য বৈধ ব্যৱহাৰ পুনৰ দৃঢ় কৰে। দুয়োপক্ষই আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ ইউএনচিএলঅ’এছ অনুসৰি বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দৃঢ় কৰে। তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা তথা সমৃদ্ধিৰ দিশত একেলগে কাম কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
নেতাদ্বয়ে আছিয়ান নেতৃত্বাধীন আৰু ইষ্ট এছিয়া শীৰ্ষ সন্মিলন, আছিয়ান আঞ্চলিক মঞ্চ আৰু আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠককে ধৰি অন্যান্য আঞ্চলিক মঞ্চত সহযোগিতাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁলোকে আছিয়ানৰ গুৰুত্ব আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় সন্দৰ্ভত আছিয়ানৰ দৃষ্টিভংগীৰ কথা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে ৰাষ্ট্ৰসংঘক কেন্দ্ৰ কৰি এক ফলপ্ৰসূ বহুপক্ষীয় ব্যৱস্থাৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ ফলপ্ৰসূ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাক ভালদৰে প্ৰতিফলিত কৰিবলৈ স্থায়ী তথা অস্থায়ী দুয়োটা শ্ৰেণীতে নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে তেওঁলোকৰ সমৰ্থনৰ কথা দৃঢ় কৰে। এই সন্দৰ্ভত নিউজিলেণ্ডে সংস্কাৰ সাধন কৰা আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰতি সমৰ্থনৰ কথা পুনৰ প্ৰকাশ কৰে।
বিশ্ব শান্তি আৰু নিৰাপত্তা, সাৰ্বজনীন তথা বৈষম্যহীন আৰু পৰীক্ষাযোগ্য পাৰমাণৱিক নিৰস্ত্ৰকৰণৰ নীতি বজাই ৰখাৰ প্ৰতি দুয়োপক্ষই নিজৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে ভাৰতৰ স্বচ্ছ শক্তিৰ লক্ষ্য আৰু ইয়াৰ ভৱিষ্যদ্বাণীযোগ্যতাৰ বিষয়ত আলোচনা কৰে আৰু ভাৰতে পাৰমাণৱিক যোগানকাৰী গোটত যোগদানৰ গুৰুত্বৰ কথা পুনৰ স্বীকাৰ কৰে।মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীদ্বয়ে উদ্বেগ প্ৰকাশ কৰে আৰু সকলো পক্ষকে সংযম, উত্তেজনা প্ৰশমন , সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁলোকে জাহাজ চলোৱাৰ ক্ষেত্ৰত যিকোনো বাধাৰ বিৰোধিতা কৰাৰ সমান্তৰালভাৱে জাহাজ চলোৱাৰ স্বাধীনতা তথা হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যৰ বিশ্বজোৰা প্ৰবাহ অব্যাহত ৰখাৰ আহ্বান জনায়। তেওঁলোকে সংঘাতৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধানৰ বাবে আলোচনা তথা কূটনীতিৰ গুৰুত্ব আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি আনুগত্যশীল হোৱাৰ কথা পুনৰবাৰ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীদ্বয়ে সুস্থিৰ, স্বচ্ছ আৰু স্থিতিস্থাপক যোগান শৃংখলৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় শক্তি যোগান শৃংখলত আৰু সমগ্ৰ বিশ্বৰ শক্তি নেটৱৰ্কত স্থিতিস্থাপকতা শক্তিশালী কৰাত ভাৰতে যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সেই ভূমিকাক স্বীকাৰ কৰে। তেওঁলোকে সমগ্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত হোৱা ব্যাঘাতৰ প্ৰভাৱকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিশ্বৰ যোগান পথৰ স্থিতিশীলতা এই অঞ্চলৰ বাবে অপৰিহাৰ্য। তেওঁলোকে উল্লেখ কৰে যে তেলৰ মূল্য বৃদ্ধিয়ে বিদ্যুৎ উৎপাদন, জাহাজ পৰিবহণ, পৰিবহণ, কৃষি, আৰু মীনপালনৰ খৰচ বৃদ্ধি কৰি সামাজিক মংগল আৰু বিত্তীয় বহনক্ষমতাৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে। ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত নেতাদ্বয়ে উদ্বেগ প্ৰকাশ কৰে, যি যুদ্ধই অপৰিসীমভাবে মানুহৰ দুখ বৃদ্ধি কৰিছে আৰু বিশ্বজোৰা প্ৰভাৱ পেলাইছে। ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ ওপৰত ভিত্তি কৰি আলোচনা তথা কূটনীতিৰ জৰিয়তে এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তি লাভৰ দিশত প্ৰচেষ্টা চলাবলৈ তেওঁলোকে আহ্বান জনায়। এনে পদক্ষেপক তেওঁলোকে সমৰ্থন কৰি যাব বুলিও কয়।
দুয়োগৰাকী নেতাই সীমান্ত অতিক্ৰম কৰি হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়াৰ কথা পুনৰবাৰ প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ২০২৫ চনৰ ২২ এপ্ৰিলত ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০২৫ চনৰ ১০ নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত সন্ত্ৰাসবাদী কূটাঘাতক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে আক্ৰমণৰ বাবে জগৰীয়া সকলক জবাবদিহি কৰা উচিত বুলি কয়।
তেওঁলোকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা আৰু এইক্ষেত্ৰত সামঞ্জস্যপূৰ্ণ দৃষ্টিভংগীৰ আহ্বান জনায় তথা সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক আৰু নিৰাপদ আশ্ৰয়স্থলসমূহ ধ্বংস কৰা, অনলাইনকে ধৰি সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ভাঙি পেলোৱা , সন্ত্ৰাসবাদৰ সৈতে জড়িত অপৰাধীসকলক ক্ষিপ্ৰতাৰে ন্যায় ব্যৱস্থাৰ সন্মুখলৈ অনাৰ আহ্বান জনায়। সন্ত্ৰাসবাদ আৰু হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। তথ্য আৰু জ্ঞান বিনিময়ৰ বাবে এক কাঠামো প্ৰদান কৰিব পৰা সন্ত্ৰাসবাদ বিৰোধী যুটীয়া কাৰ্য্যগোষ্ঠী (জে ডব্লিউ জি) গঠনৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ বিষয়টোকে নেতাদ্বয়ে আদৰণি জনায়।
দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘ আৰু বিত্তীয় কাৰ্য্য টাস্ক ফ’ৰ্চ (এফ এ টি এফ)কে ধৰি বহুপক্ষীয় মঞ্চসমূহত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰা সন্ত্ৰাসবাদী সংগঠন আৰু ব্যক্তি তথা তেওঁলোকৰ সৈতে সংযুক্ত সংস্থা, প্ৰক্সি, পৃষ্ঠপোষক, বিত্তীয় সমৰ্থককে ধৰি ৰাষ্ট্ৰসংঘৰ নিষিদ্ধ সংগঠন তথা ব্যক্তিৰ বিৰুদ্ধে সকলো দেশেই তাৎক্ষণিক, স্থায়ী, সংহত আৰু সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁলোকে গুৰুত্ব আৰোপ কৰে।
উপসংহাৰ
প্ৰধানমন্ত্ৰীদ্বয়ে মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলক ঘনিষ্ঠ সংযোগ বজাই ৰাখিবলৈ আৰু ২০৩০ চনৰ ৰোডমেপত উল্লেখ কৰা পদক্ষেপসমূহ সময়মতে ৰূপায়ণ কৰাটো সুনিশ্চিত কৰিবলৈ কয়।প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লাক্সন আৰু নিউজিলেণ্ডৰ চৰকাৰ তথা জনসাধাৰণক তেওঁ আৰু তেওঁৰ প্ৰতিনিধি দলটোক আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ প্ৰক্ৰিয়া বজাই ৰখাৰ লগতে ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।
***
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2283608)
आगंतुक पटल : 5