তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচন চলচ্চিত্ৰৰ উৎকৃষ্টতা উদযাপনৰ সৈতে ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (এম আই এফ এফ২০২৬) সামৰণি
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ বঁটাৰ বাবে গ'ল্ডেন কঞ্চ পোলেণ্ডৰ তথ্যচিত্ৰ চিলভাৰলৈ
‘আণ্ডাৰ দ্য স্ন’(চুটি কল্পকাহিনী)আৰু ‘মায়াছ ছঙ’ (এনিমেচন)ক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক চলচ্চিত্ৰৰ বাবে চিলভাৰ কঞ্চ প্ৰদান
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে চিলভাৰ কঞ্চ লাভ কৰিছে 'আৰ্মষ্ট্ৰং ফ্ৰম অংগালামমান টেম্পল ষ্ট্ৰীট' (এনিমেচন), ‘স্মল ক্লাউড্স' (চুটি কল্পকাহিনী) আৰু 'ৱাই' (তথ্যচিত্ৰ)-এ
এম আই এফ এফ সৃষ্টিশীল উৎকৃষ্টতা উদযাপন কৰা এক বিশ্ব আন্দোলনলৈ বিকশিত হৈছে, ‘ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক’ ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক চালিত কৰকঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা
মহাৰাষ্ট্ৰৰ ৰাজ্যপালে এম আই এফ এফ-ৰ সামৰণি অনুষ্ঠানত এআই-ৰ দায়িত্বশীল ব্যৱহাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ বাবে আহ্বান জনায়
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (এম আই এফ এফ২০২৬) ১৯ সংখ্যক সংস্কৰণ আজি চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ উৎসাহী, উদ্যোগৰ পেছাদাৰী আৰু যুৱ সৃষ্টিশীল মনৰ এক উৎসাহী সমাৱেশৰ মাজত সমাপ্ত হযয়। ইয়াত সকলোৱে চলচ্চিত্ৰ, কাহিনী কোৱা, শৈল্পিক অনুসৰণ আৰু সৃষ্টিশীলতাৰ প্ৰতি থকা আগ্ৰহৰ দ্বাৰা একত্ৰিত হয়।
সামৰণি অনুষ্ঠানত তথ্যচিত্ৰ, এনিমেচন আৰু চুটি কল্পকাহিনী চলচ্চিত্ৰ নিৰ্মাণৰ উৎকৃষ্টতাক স্বীকৃতি জনাই মুঠ ১৭টা বঁটা প্ৰদান কৰা হয়।
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ বঁটাৰ বাবে গোল্ডেন কঞ্চ বঁটা আৰু ১০লাখ টকাৰ নগদ পুৰস্কাৰ (ছবিখনৰ পৰিচালক আৰু প্ৰযোজকৰ মাজত সমানভাৱে ভাগ কৰা হ'ব) পোলেণ্ডৰ তথ্যচিত্ৰ ছবি চিলভাৰলৈ যায়। মন্ত্ৰীৰ প্ৰতিনিধি আৰু প'লিছ ইনষ্টিটিউটৰ সঞ্চালক শ্ৰীমতী মালগোৰজাটা ৱেজিছ-গোলেবিয়াকে শ্ৰীমতী নাতালিয়া কোনিয়াৰ্জ আৰু চলচ্চিত্ৰখনৰ প্ৰযোজক মেচিজ কুবিকিৰ হৈ বঁটা গ্ৰহণ কৰে।

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চুটি কল্পকাহিনী চলচ্চিত্ৰৰ বাবে চিলভাৰ কঞ্চ বঁটা আৰু ৫ লাখ টকাৰ নগদ পুৰস্কাৰ ইৰাণৰ চলচ্চিত্ৰ আণ্ডাৰ দ্য স্ন’লৈ যায়। চলচ্চিত্ৰখনৰ এগৰাকী প্ৰযোজক শ্ৰী দীপাংকৰ প্ৰকাশে চলচ্চিত্ৰখনৰ পৰিচালক শ্ৰীমতী নাফিছেহ জাৰে আৰু আন এগৰাকী প্ৰযোজক শ্ৰীমতী কোট্টুকাথিৰা প্ৰকাশৰ হৈ এই বঁটা গ্ৰহণ কৰে।
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় এনিমেচন চলচ্চিত্ৰৰ বাবে চিলভাৰ কঞ্চ বঁটা আৰু ৫ লাখ টকাৰ নগদ পুৰস্কাৰ (ছবিখনৰ পৰিচালক আৰু প্ৰযোজকৰ দ্বাৰা সমানভাৱে ভাগ কৰা হ'ব) জাৰ্মান এনিমেচন চলচ্চিত্ৰ মায়াছ ছঙলৈ যায় । চলচ্চিত্ৰখনৰ পৰিচালক আৰু প্ৰযোজক শ্ৰীমতী ফ্ৰান্জিস্কা স্কোনেনবাৰ্গাৰ আৰু শ্ৰী জয়কৃষ্ণন সুব্ৰমনিয়ামৰ হৈ লিড এনিমেটাৰ আৰু ষ্টুডিঅ’ৰ প্ৰতিনিধি শ্ৰীমতী চানিকা কুলকাৰ্ণীয়ে এই বঁটা গ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধীনত শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰৰ বাবে চিলভাৰ কঞ্চ বঁটা আৰু ৩ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে অংগলাম্মান টেম্পল ষ্ট্ৰীটৰ তামিল ভাষাৰ এনিমেচন আৰ্মষ্ট্ৰঙে। পৰিচালক তথা প্ৰযোজক শ্ৰী ভুৱনেশ্ব এম কুমাৰে ৰূপালী কঞ্চ বঁটা আৰু নগদ ধন লাভ কৰে।
শ্ৰেষ্ঠ ভাৰতীয় চুটি কল্পকাহিনী চলচ্চিত্ৰ বঁটাৰ বাবে চিলভাৰ কঞ্চ আৰু ৩ লাখ টকাৰ নগদ পুৰস্কাৰ স্মল ক্লাউডে লাভ কৰে। এফ টি আই আই-ৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ বাবে এফ টি আই আই-ৰ উপাচাৰ্য শ্ৰী ধীৰাজ সিং আৰু পৰিচালক শ্ৰী শুভম সুমিতে এই বঁটা গ্ৰহণ কৰে।
শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্ৰ বঁটাৰ বাবে চিলভাৰ কঞ্চ আৰু ৫ লাখ টকাৰ নগদ পুৰস্কাৰ (ছবিখনৰ পৰিচালক আৰু প্ৰযোজকৰ মাজত সমানভাৱে ভাগ কৰা হ’ব) তথ্যচিত্ৰ ৱাইলৈ যায়। প্ৰযোজক শ্ৰী ভাৰতবালা গণপতিৰ হৈ পৰিচালক শ্ৰী ছাইনাথ এছ উস্কাইকাৰ আৰু শ্ৰী জৱাহৰ শৰ্মাই এই বঁটা গ্ৰহণ কৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰৰ বঁটা ভাৰতীয় তথ্যচিত্ৰ টাৰ্টল ৱাকাৰৰ বাবে শ্ৰী কৃশ মাখিজাক দিয়া হয়।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধীনত শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা ৰাছিয়াৰ চুটি ছবি ‘এবাউট দা কাও’ চলচ্চিত্ৰখনৰ বাবে ইভজেনি স্মিৰনভ আৰু মেক্সিম স্মিৰনভলৈ যায়। সম্পাদক-যুটিৰ হৈ পৰিচালক শ্ৰী এন্টন চিমুখিনে এই বঁটা গ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধীনত শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰৰ বঁটা লাভ কৰে ‘দেৱ আজ পান ভায়’ ছবিখনৰ বাবে অভয় ৰুমদে (পাৰ্পল হেজ ষ্টুডিঅ )-এ।
শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ বঁটা "বিকশিত ভাৰত/১৫০ বছৰৰ বন্দেমাতৰম/Bharat@2026" ৰ ওপৰত লাভ কৰে দ্য লাষ্ট চেল্টাৰে। শ্ৰী ভাৰত আৰোৰা আৰু শ্ৰী ৰাজেশ ভাটিয়াই এই বঁটা লাভ কৰে।
আটাইতকৈ উদ্ভাৱনীমূলক/পৰীক্ষামূলক চলচ্চিত্ৰৰ বাবে প্ৰমোদ পতি বিশেষ জুৰী বঁটা টাইৱানী চলচ্চিত্ৰ দ্য হোৰ্ডাৰছলৈ যায় আৰু পৰিচালক চুৱান-য়িং লিয়াওৱে এই বঁটা গ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ ছাউণ্ড ডিজাইন বঁটা লাভ কৰে কোভাৰ্টি চলচ্চিত্ৰৰ বাবে শ্ৰী বিগাইনা দহালে।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰে মে দে এই ছবিখনৰ বাবে শ্ৰী অখিল কৃষ্ণনে। সম্পাদক শ্ৰী অখিল কৃষ্ণনৰ হৈ পৰিচালক শ্ৰী সৰথ আম্বাটে এই বঁটা গ্ৰহণ কৰে।
স্মল ক্লাউডছ ছবিখনৰ বাবে শ্ৰী ৰাণাধিৰ বিশ্বাসে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধীনত শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰৰ বঁটা লাভ কৰে।
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এফ আই পি আৰ ই এছ চি আই আন্তঃৰাষ্ট্ৰীয় সমালোচক বঁটা (এফ আই পি আৰ ই এছ চি আই বঁটা) প্ৰদীপ কেনচানুৰুক তেওঁৰ ছবি ‘দ্য হাগ অৱ এম্পটিনেছৰ’ বাবে প্ৰদান কৰা হয়।
শ্ৰেষ্ঠ ছাত্ৰ চলচ্চিত্ৰৰ বাবে আই ডি পি এ বঁটা মিলন কুমাৰক দ্য অ'ল্ড বুল ন'জ অৰ ৱাঞ্চ নিউ ছবিখনৰ বাবে দিয়া হয়।
শ্ৰেষ্ঠ আত্মপ্ৰকাশ পৰিচালকৰ বাবে দাদাচাহেব ফালকে চিত্ৰনগৰী বঁটা শ্ৰীমতী পূজা তোলানীয়ে তেওঁৰ ছবি 'ৰাজা’ৰ বাবে লাভ কৰে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মা ১৯ সংখ্যক এম আই এফ এফ-ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল প্ৰেছ ইনফৰমেচন ব্যুৰোৰ মুখ্য সঞ্চালক প্ৰধান শ্ৰী ধীৰেন্দ্ৰ ওঝা; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত; বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী আশুতোষ গোৱাড়িকাৰ; এনএফডিচিৰ উৎসৱ সঞ্চালক আৰু পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাগদুম; মহাৰাষ্ট্ৰ চৰকাৰৰ মাৰাঠী ভাষা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ সচিব শ্ৰী কিৰণ কুলকাৰ্ণী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ যুটীয়া সচিব শ্ৰী এছ ৰামমূৰ্তি।
এম আই এফ এফ ২০২৬-ৰ সামৰণি অনুষ্ঠানত সম্বোধন কৰি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচন চলচ্চিত্ৰৰ বাবে উৎসর্গীকৃত বিশ্বৰ অন্যতম সন্মানীয় মঞ্চ হিচাপে উৎসৱৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে তিনি দশকৰো অধিক সময় ধৰি এম আই এফ এফ-এ সৃষ্টিশীল মন, কাহিনীকাৰ আৰু দূৰদৰ্শীসকলৰ বাবে এক জীৱন্ত মঞ্চ হিচাপে কাম কৰি আহিছে, এক ৰাষ্ট্ৰীয় অনুষ্ঠানৰ পৰা শৈল্পিক উৎকৃষ্টতা, সাংস্কৃতিক বৈচিত্ৰ্য আৰু অৰ্থপূৰ্ণ কাহিনী বৰ্ণনা উদযাপন কৰা এক বিশ্বব্যাপী আন্দোলনলৈ বিকশিত হৈছে। তেওঁ কয় যে যোৱা পাঁচটা সংস্কৰণত দেখা পোৱা উল্লেখযোগ্য বিকাশে এম আই এফ এফ-ৰ বৰ্ধিত প্ৰাসংগিকতা আৰু আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদা প্ৰতিফলিত কৰে।
ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত ১ মে’ ২০২৫ ত আৰম্ভ কৰা উদ্বোধনী বিশ্ব অডিঅ "ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ৰ কথাও উল্লেখ কৰে। সংবাদ মাধ্যম, মনোৰঞ্জন, এনিমেচন, গেমিং, ডিজিটেল সমল আৰু উদীয়মান প্ৰযুক্তিৰ বাবে এক গোলকীয় মঞ্চ হিচাপে ধাৰণা কৰা এই সন্মিলনত ৯০ খনৰো অধিক দেশৰ সৃষ্টিকৰ্তা, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতাসকলক "সৃষ্টিকৰ্তাসকলক সংযোগ কৰা, দেশসমূহক সংযোগ কৰা" বিষয়বস্তুৰ অধীনত একত্ৰিত কৰা হয়। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৱেভছে "ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক" ৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ সৃষ্টিশীল অৰ্থনীতি আৰু ডিজিটেল কাহিনী বৰ্ণনাৰ বাবে এক গেলকীয় কেন্দ্ৰ হ'বলৈ ভাৰতৰ উচ্চাকাংক্ষাক শক্তিশালী কৰে।
সৃষ্টিশীল বা ‘অ’ৰেঞ্জ ইকন’মী’ ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী জিষ্ণু দেৱ বাৰ্মাই চলচ্চিত্ৰ উদ্যোগক ইয়াৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে বৰ্ণনা কৰে। কৰ্মসংস্থাপন সৃষ্টি আৰু উদ্ভাৱনক চালনা কৰাৰ বাহিৰেও, চলচ্চিত্ৰসমূহে ছফ্ট পাৱাৰৰ শক্তিশালী সঁজুলি হিচাপে কাম কৰে, যিয়ে ৰাষ্ট্ৰসমূহক তেওঁলোকৰ মূল্যবোধ, পৰম্পৰা আৰু আকাংক্ষাসমূহ বিশ্বৰ দৰ্শকৰ সৈতে যোগাযোগ কৰাত সক্ষম কৰে। বাস্তৱক বন্দী কৰা, ইতিহাস সংৰক্ষণ কৰা, অনুমানসমূহক প্ৰত্যাহ্বান জনোৱা আৰু সামাজিক পৰিৱৰ্তনক অনুপ্ৰাণিত কৰাৰ সামৰ্থ্যৰ বাবে তেওঁ বিশেষভাৱে তথ্যচিত্ৰসমূহৰ প্ৰশংসা কৰে।
মহাৰাষ্ট্ৰৰ ৰাজ্যপালে চুটি চলচ্চিত্ৰ আৰু এনিমেচনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। চুটি চলচ্চিত্ৰসমূহে পৰীক্ষা-নিৰীক্ষা আৰু উদীয়মান প্ৰতিভাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ বিপৰীতে এনিমেশ্যন শিক্ষা, যোগাযোগ, সাংস্কৃতিক সংৰক্ষণ আৰু সৃষ্টিশীল অভিব্যক্তিৰ বাবে এক শক্তিশালী মাধ্যম হিচাপে বিকশিত হৈছে। প্ৰযুক্তি আৰু কল্পনাৰ জৰিয়তে এনিমেচনে জটিল ধাৰণাবোৰ আকৰ্ষণীয় আৰু সাৰ্বজনীনভাৱে সুগম উপায়েৰে প্ৰকাশ কৰাত সহায় কৰে।
মুম্বাইয়ে এই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন অব্যাহত ৰখাৰ বাবে গৌৰৱ প্ৰকাশ কৰি তেওঁ চলচ্চিত্ৰ, কলা আৰু সৃষ্টিশীলতাৰ এক আগশাৰীৰ কেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰৰ স্থিতি পুনৰ নিশ্চিত কৰে। তেওঁ বিশেষকৈ গ্ৰাম্য আৰু জনজাতীয় সম্প্ৰদায়ৰ যুৱক-যুৱতী আৰু মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ অনন্য কাহিনী শ্বেয়াৰ কৰি অধিক উৎসাহিত কৰিবলৈ আহ্বান জনায়। প্ৰযুক্তিক এক গুৰুত্বপূৰ্ণ সহায়ক হিচাপে স্বীকাৰ কৰি তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰৰ আহ্বান জনায় আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বৌদ্ধিক সম্পত্তি সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সকলো বঁটা বিজয়ী আৰু অংশগ্ৰহণকাৰীক অভিনন্দন জনাই তেওঁ গুৰুত্ব আৰোপ কৰে যে অৰ্থপূৰ্ণ কাহিনী বৰ্ণনা আলোচনা, সহানুভূতি আৰু ইতিবাচক সামাজিক পৰিৱৰ্তনৰ বাবে এক বৃহৎ শক্তি হৈ আছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাতে তেওঁৰ আদৰণী ভাষণত কয় যে এই সপ্তাহত বিভিন্ন স্থানত দৰ্শকৰ সঁহাৰিয়ে তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচনকে ধৰি অ-কাহিনীমূলক চিনেমাৰ স্থায়ী প্ৰাসংগিকতাক পুনৰ নিশ্চিত কৰিছে আৰু ই হৈছে চলচ্চিত্ৰ মহোৎসৱৰ সফলতাৰ এক প্ৰকৃত মাপকাঠি।
এম আই এফ এফ ৰ প্ৰতিবেদনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এন এফ ডি চি) পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাগদুমে আনুষ্ঠানিকভাৱে মুকলি কৰে। শ্ৰী মাগডামে তেওঁৰ বক্তৃতাত কয়, আটাইতকৈ শক্তিশালী সত্যবোৰ আটাইতকৈ ডাঙৰ পৰ্দাত কোৱা নহয়, বৰঞ্চ আটাইতকৈ সৰু ফ্ৰেমত কোৱা হয়। তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচন হৈছে এনে ৰূপ যিবোৰে পৃথিৱীৰ বাস্তৱিকতাৰ পৰা আঁতৰি নাযায়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে দৰ্শকৰ ওচৰত প্ৰভাৱটো প্ৰতিফলিত কৰে। তেওঁ অৱগত কৰে যে এম আই এফ এফ ২০২৬-এ সমগ্ৰ বিশ্বৰ পৰা ১,৪৫৯ খন চলচ্চিত্ৰ প্ৰৱেশৰ সৈতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। প্ৰতিযোগিতা শাখাত ১৩ খন দেশৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক প্ৰতিনিধিত্ব কৰা ৫২ খন আন্তঃৰাষ্ট্ৰীয় আৰু ৯২ খন ৰাষ্ট্ৰীয় প্ৰৱেশকে ধৰি ১৪৪ খন চলচ্চিত্ৰ অন্তৰ্ভুক্ত আছিল। অ-প্ৰতিযোগিতামূলক শাখাত মুঠ ২০২ খন চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছিল, যাৰ ভিতৰত ৪৬ খন অংশগ্ৰহণকাৰী দেশৰ ১০৬ খন আন্তঃৰাষ্ট্ৰীয় শীৰ্ষক আৰু ৯৬ খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আছিল, যিয়ে সামূহিকভাৱে ৮৩ ঘণ্টাতকৈও অধিক প্ৰদৰ্শন কৰিছিল।
মোজাইক, বেষ্ট অৱ ফেষ্ট, বুছান নেক্সট ৱেভ, অস্কাৰ ৱিনাৰ্ছ, ৰাইমণ্ড ক্ৰুমে ৰিট্ৰস্পেক্টিভ, এন এফ ডি চি শ্ব"কেছ, ইকোজ ফৰ নৰ্থ ইষ্ট, আৰু মাৰাঠী ফিল্মছ, আই এফ এফ আই চি এম অ" টি আদি ২৪ টা কিউৰেট ছেগমেণ্টত এই খণ্ডসমূহৰ আয়োজন কৰা হৈছিল, যাৰ জৰিয়তে প্ৰশংসিত কাম, উদীয়মান কণ্ঠস্বৰ আৰু আঞ্চলিকভাৱে প্ৰভাৱিত কাহিনীবোৰ একেখন মঞ্চতে একত্ৰিত কৰা হৈছিল। মাষ্টাৰ চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ এটেনবৰোক 'চেণ্টেনৰী ট্ৰিবিউট’ৰ অধীনত তেওঁৰ দুখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰি সন্মানিত কৰা হয়। এন এফ ডি চি-ৰ এম ডি-য়ে কয় যে এটা 'হোমেজ" শাখাত প্ৰধান শিল্পী শ্যাম বেনেগাল, ফটোগ্ৰাফাৰ ৰঘু ৰায় আৰু তথ্যচিত্ৰ মাষ্টাৰ ফ্ৰেড্ৰিক ৱাইজমেনৰ চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হয়, যাৰ কৰ্মই দৰ্শকসকলক অ-কাহিনীমূলক চিনেমা কিয় স্থায়ী হয় সেই বিষয়ে মনত পেলাই দিছিল। এম আই এফ এফ-ৰ এই সংস্কৰণে অঞ্চলটোৰ সাতখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা 'ইকোজ ফ্ৰম নৰ্থ ইষ্ট' আৰু ফিল্ম চিটি মহাৰাষ্ট্ৰৰ সহযোগিতাত ১৯ খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা 'মাৰাঠী ফিল্মছ' নামৰ দুটা নতুন কিউৰেটেড শাখাও প্ৰৱৰ্তন কৰে-যি ভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত বিভিন্ন আঞ্চলিক কণ্ঠৰ উদযাপনৰ বাবে এম আই এফ এফ-ৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰে।
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ১৯ সংখ্যক সংস্কৰণৰ সমাপ্তিৰ লগে লগে কাহিনী কোৱা, সৃষ্টিশীলতা আৰু চিনেমাৰ উৎকৃষ্টতাৰ মনোভাৱে চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকসকলক একেধৰণে অনুপ্ৰাণিত কৰি আহিছে। যদি চলচ্চিত্ৰবোৰ আত্মাৰ খাদ্য হয়, তেন্তে এম আই এফ এফ-এ আকৌ এবাৰ শক্তিশালী আখ্যান, বৈচিত্ৰপূৰ্ণ দৃষ্টিভংগী আৰু পৰিৱৰ্তনশীল ধাৰণাৰে মনবোৰক পুষ্ট কৰিছে। এই অধ্যায়টো সমাপ্ত হোৱাৰ লগে লগে অৰ্থপূৰ্ণ চিনেমা উদযাপনৰ যাত্ৰা অব্যাহত থাকিব। চলচ্চিত্ৰপ্ৰেমীসকলে এতিয়া ভাৰতৰ ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) আৰু ২০২৮ চনত এম আই এফ এফ-ৰ পৰৱৰ্তী সংস্কৰণৰ বাবে অপেক্ষা কৰিব, যেতিয়া সমগ্ৰ বিশ্বৰ কাহিনীকাৰীসকলক আদৰণি জনাবলৈ আৰু চলচ্চিত্ৰসমূহৰ সংযোগ, অনুপ্ৰেৰণা তথা স্থায়ী প্ৰভাৱ সৃষ্টি কৰাৰ শক্তিক নিশ্চিত কৰিবলৈ পুনৰ এবাৰ পৰ্দা ওপৰলৈ উঠিব।
* * *
PIB Team MIFF | Mahesh Kumar/Sriyanka Chatterjee/Darshana Rane/MK
रिलीज़ आईडी:
2278077
| Visitor Counter:
28
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Tamil
,
English
,
Urdu
,
Marathi
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Telugu
,
Malayalam