তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে জয়ছলমেৰৰ ৰামগড়ত ২০ কিলোৱাট ক্ষমতাসম্পন্ন আকাশবাণী এফএম ট্ৰান্সমিটাৰৰ শুভাৰম্ভ কৰে
প্ৰাসংগিক আৰু ফলপ্ৰসূ হৈ থাকিবলৈ ৰেডিঅ’ সম্প্ৰচাৰে “ডিজিটেল ফাৰ্ষ্ট” আৰু “অতি-স্থানীয়” দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব: শ্ৰী বৈষ্ণৱ
নতুন এফএম ট্ৰান্সমিটাৰে সীমান্তৱৰ্তী অঞ্চলত সম্প্ৰচাৰ আন্তঃগাঁথনি শক্তিশালী কৰি “কাশ্মীৰৰ পৰা কচ্ছলৈ” সংযোগৰ দৃষ্টিভংগীক আগুৱাই নিব
प्रविष्टि तिथि:
11 JUN 2026 3:57PM by PIB Guwahati
ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি জয়পুৰস্থিত আকাশবাণী কেন্দ্ৰৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে জয়ছলমেৰৰ ৰামগড়ত ২০ কিলোৱাট ক্ষমতাসম্পন্ন আকাশবাণী এফএম ট্ৰান্সমিটাৰৰ শুভাৰম্ভ কৰে।

এই নতুন সংযোজনৰ ফলত ৰাজস্থানত এফএম ট্ৰান্সমিটাৰৰ সংখ্যা ৩৯টালৈ বৃদ্ধি পালে। ৰামগড়ৰ এই ট্ৰান্সমিটাৰে সীমান্তৱৰ্তী অঞ্চলত ৮০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৰেডিঅ’ সম্প্ৰচাৰ সেৱা নিশ্চিত কৰিব। ইয়াৰ জৰিয়তে জয়ছলমেৰ জিলাৰ প্ৰায় ২০,০০০ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি ধৰি স্থানীয় জনসাধাৰণক বিভিন্ন তথ্যভিত্তিক, শিক্ষামূলক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ সুবিধা প্ৰদান কৰা হ’ব।

অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি শ্ৰী বৈষ্ণৱে প্ৰসাৰ ভাৰতীৰ কাৰ্যপদ্ধতি আৰু দৃষ্টিভংগীত ৰূপান্তৰৰ আহ্বান জনায়। তেওঁ কয় যে দ্ৰুত প্ৰযুক্তিগত অগ্ৰগতিৰে চিহ্নিত এই যুগত প্ৰাসংগিক আৰু ফলপ্ৰসূ হৈ থাকিবলৈ ৰেডিঅ’ সম্প্ৰচাৰে “ডিজিটেল ফাৰ্ষ্ট” আৰু “অতি-স্থানীয়” দৃষ্টিভংগী গ্ৰহণ কৰাটো অত্যাৱশ্যক। তেওঁ এই ৰূপান্তৰৰ বাবে এক সুস্পষ্ট ৰোডমেপ প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে আৰু সম্প্ৰচাৰ ব্যৱস্থাৰ সৈতে স্থানীয় শিল্পী আৰু কলা-কুশলীসকলক অধিক সক্ৰিয়ভাৱে সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে জয়পুৰত স্থাপিত হ’বলগীয়া কৃত্ৰিম বুদ্ধিমত্তা (এআই) ডাটা চেণ্টাৰৰ বিষয়েও উল্লেখ কৰি ইয়াক ভৱিষ্যতৰ এক শক্তিশালী ভেটি আৰু প্ৰযুক্তিগত অগ্ৰগতিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ শ্ৰী প্ৰসূন যোশীয়েও অনুষ্ঠানত ভাষণ দি আকাশবাণী আৰু দূৰদৰ্শনৰ দৰে প্ৰতিষ্ঠানসমূহৰ চিৰস্থায়ী গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এই প্ৰতিষ্ঠানসমূহ সমাজৰ শিপাৰ সৈতে গভীৰভাৱে সংযুক্ত আৰু তথ্য প্ৰচাৰ কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ বাস্তৱ পৰিস্থিতি বিস্তৃত জনসমাজৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

নতুন ট্ৰান্সমিটাৰটোৰ মূল লক্ষ্য হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহত আকাশবাণী আৰু দূৰদৰ্শনৰ সম্প্ৰচাৰ পৰিসৰ অধিক শক্তিশালী কৰা। ইয়াৰ দ্বাৰা কেৱল জয়ছলমেৰেই নহয়, ইয়াৰ কাষৰীয়া অঞ্চলসমূহেও উপকৃত হ’ব। সীমান্ত অঞ্চলত যোগাযোগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে বিবেচিত হৈছে। “কাশ্মীৰৰ পৰা কচ্ছলৈ” নিবেদিত সম্প্ৰচাৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপ সামঞ্জস্যপূৰ্ণ, যাৰ জৰিয়তে সমগ্ৰ সীমান্ত অঞ্চলজুৰি পৰিকল্পিতভাৱে সম্প্ৰচাৰ সেৱাৰ সম্প্ৰসাৰণ নিশ্চিত কৰা হ’ব।
অনুষ্ঠানৰ সময়ত শ্ৰী বৈষ্ণৱে প্ৰসাৰ ভাৰতীৰ যুৱ বিষয়াসকলৰ সৈতেও মতবিনিময় কৰে। জয়পুৰস্থিত আকাশবাণী কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজস্থানৰ শক্তি মন্ত্ৰী হীৰালাল নাগৰ, জয়পুৰৰ সাংসদ মঞ্জু শৰ্মা আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। জয়ছলমেৰৰ সাংসদ উমেদাৰাম বেনীৱালেও ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
*****
Mahesh Kumar/ Vivek Vishwash/ Neetu Saini/AA
(रिलीज़ आईडी: 2271705)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam