পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিক লৈ আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল

বিমান সংস্থাসমূহক সহায় কৰিবলৈ এটিএফ মূল্য সুস্থিৰ পুঁজি গঠন কৰাৰ লগতে ই সমগ্ৰ দেশতে নিৰৱচ্ছিন্ন বিমান যোগাযোগ বৰ্তাই ৰখাত সহায় কৰিব

পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰ সৈতে সকলো শোধনাগাৰ উচ্চ ক্ষমতাৰে কাৰ্যক্ষম হৈ আছে আৰু সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে

যোৱা ৩ দিনত প্ৰায় ১.৫০ কোটি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৪৩ কোটি ঘৰুৱা এলপিজি চিলিণ্ডাৰ গ্ৰাহকসকলক যোগান ধৰা হৈছে

০৩.০৬.২০২৬ তাৰিখলৈকে ৮০,৪০০তকৈও অধিক পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগসমূহ সমৰ্পণ কৰিছে।

অঞ্চলটোত থকা সকলো ভাৰতীয় নাৱিক বৰ্তমান সুৰক্ষিত অৱস্থাত আছে আৰু যোৱা ২৪ ঘণ্টাত ভাৰতীয় বাণিজ্যিক জাহাজ বা বিদেশী বাণিজ্যিক জাহাজত কৰ্মৰত ভাৰতীয় নাৱিকৰ সৈতে জড়িত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা যোৱা নাই

কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু আন ১৩জন ভাৰতীয় নাগৰিক আহত হৈছে। ভাৰতীয় দূতাৱাসে আক্ৰান্তসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াইছে

प्रविष्टि तिथि: 04 JUN 2026 6:19PM by PIB Guwahati

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়া আপডেটৰ জৰিয়তে নাগৰিকসকলক অৱগত কৰি ৰাখিবলৈ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি নেচনেল মিডিয়া চেন্টাৰত এখন সংবাদ মেল অনুষ্ঠিত হয়, য’ত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্যকলাপ, অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলক সাহায্য প্ৰদান আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহত সুস্থিৰতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ আপডেট প্ৰদান কৰে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়েও এটিএফ মূল্য সুস্থিৰকৰণ পুঁজিৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।

এটিএফ মূল্য সুস্থিৰকৰণ ব্যৱস্থা

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জনোৱা মতে, কেন্দ্ৰীয় কেবিনেটে তালিকাভুক্ত ভাৰতীয় বিমান সংস্থাসমূহক এভিয়েশ্যন টাৰবাইন ফুৱেল (এটিএফ) বা বিমানৰ ইন্ধনৰ মূল্য সুস্থিৰকৰণৰ সাহায্য প্ৰদান কৰিবলৈ ১০,০০০ কোটি টকা পৰ্যন্ত এককালীন বাজেট সমৰ্থন ব্যৱস্থাত অনুমোদন জনাইছে। বিমান যোগাযোগ সুৰক্ষিত কৰিবলৈ, বিমান সেৱাত সুস্থিৰতা নিশ্চিত কৰিবলৈ আৰু চলিত পশ্চিম এছিয়াৰ সংকটৰ পৰা উদ্ভৱ হোৱা গোলকীয় ইন্ধনৰ মূল্যৰ অস্বাভাৱিক তাৰতম্যৰ প্ৰভাৱৰ পৰা যাত্ৰীসকলক সুৰক্ষিত কৰিবলৈ ব্যাপক জনস্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত জানিবলৈ দিয়া হয় যে:

  • অনুমোদিত এই ব্যৱস্থাটো এক অস্থায়ী আৰু স্ব-সংশোধনকাৰী ব্যৱস্থা হিচাপে প্ৰস্তুত কৰা হৈছে। এই আঁচনিৰ অধীনত চৰকাৰে তৈল বিপণন কোম্পানীসমূহক এক সূদবিহীন অগ্ৰিম ধন প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে অংশগ্ৰহণকাৰী ভাৰতীয় বিমান সংস্থাসমূহক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা কাৰ্যকলাপৰ বাবে পূৰ্বনিৰ্ধাৰিত আৰু সুস্থিৰ মূল্যত এটিএফ যোগান ধৰিব পাৰিব। যেতিয়াই আন্তঃৰাষ্ট্ৰীয় এটিএফৰ মূল্য নিৰ্ধাৰিত স্তৰতকৈ ওপৰলৈ যাব, তেতিয়াই এই পুঁজিয়ে তৈল বিপণন কোম্পানীসমূহক মূল্যৰ পাৰ্থক্যৰ ক্ষতিপূৰণ দিব।
  • আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, যেতিয়া ইন্ধনৰ মূল্য হ্ৰাস পাব, তেতিয়া পাৰ্থক্যৰ ধনখিনি এক স্বচ্ছ সমন্বয় ব্যৱস্থাৰ জৰিয়তে ওএমচিসমূহৰ পৰা উদ্ধাৰ কৰা হ’ব আৰু ভাৰতৰ একত্ৰিত পুঁজিলৈ  ঘূৰাই অনা হ’ব। গতিকে, এই ব্যৱস্থাটো ৰাজসাহায্য হিচাপে নহয়, বৰঞ্চ ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰভাৱক নিয়ন্ত্ৰণ কৰাৰ বাবে এক অস্থায়ী সুস্থিৰকৰণ ব্যৱস্থা হিচাপেহে কৰা হৈছে, য’ত সম্পূৰ্ণ জবাবদিহিতা, নিৰীক্ষণ আৰু পুঁজিৰ উদ্ধাৰ নিশ্চিত কৰা হ’ব।
  • এটিএফ হৈছে বিমান সংস্থাৰ পৰিচালনা ব্যয়ৰ এক প্ৰধান অংশ আৰু আন্তঃৰাষ্ট্ৰীয় ইন্ধনৰ মূল্যৰ তীব্ৰ বৃদ্ধিৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ৰুটত ভাৰতীয় বিমানসমূহৰ দীঘলীয়া উৰণ পথৰ বাবে বিমান পৰিচালনাত লক্ষণীয় চাপৰ সৃষ্টি হৈছে। অনুমোদিত এই ব্যৱস্থাই এটা নিৰ্দিষ্ট মূল্যৰ ব্যৱস্থাৰ জৰিয়তে ইন্ধনৰ খৰচৰ ক্ষেত্ৰত অধিক পূৰ্বানুমান যোগ্যতা প্ৰদান কৰিব, যাৰ ফলত বিমান সংস্থাসমূহে নিজৰ কাৰ্যকলাপ অধিক কাৰ্যক্ষমভাৱে পৰিকল্পনা কৰিব পাৰিব আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কত যাত্ৰীসকলক সেৱা আগবঢ়াই থাকিব পাৰিব।
  • যাত্ৰীসকলৰ বাবে এই সিদ্ধান্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো হ’ল যে ই বিমানৰ ভাড়াৰ হঠাত হোৱা অস্বাভাৱিক বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব, যি প্ৰায়ে ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে ঘটে। ইন্ধনৰ চৰম মূল্যৰ তাৰতম্যৰ পৰা বিমান সংস্থাসমূহক সুৰক্ষিত কৰি চৰকাৰে এনে খৰচৰ বোজা ভ্ৰমণকাৰীসকলৰ ওপৰত কম কৰা আৰু অধিক ভাড়াৰ স্থিৰতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ দ্বাৰা বিশেষভাৱে লাভৱান হ’ব পৰিয়াল, শিক্ষাৰ্থী, ব্যৱসায়িক ভ্ৰমণকাৰী, পৰ্যটক আৰু যাতায়ত তথা অৰ্থনৈতিক সুযোগৰ বাবে বিমান পৰিবহনৰ ওপৰত নিৰ্ভৰ কৰা নাগৰিকসকল।
  • এই পদক্ষেপে দুৰ্গম, আঞ্চলিক, টিয়েৰ-II আৰু টিয়েৰ-III চহৰসমূহৰ সেৱাকে ধৰি সমগ্ৰ দেশতে নিৰৱচ্ছিন্ন বিমান যোগাযোগ বৰ্তাই ৰখাত সহায় কৰিব। আঞ্চলিক উন্নয়ন, পৰ্যটন, বাণিজ্য, স্বাস্থ্যসেৱাৰ সুলভতা, শিক্ষা আৰু বিনিয়োগৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ অপৰিহাৰ্য। ই নিশ্চিত কৰিব যে দেশৰ সকলো প্ৰান্তৰ নাগৰিকে বিমান পৰিবহন সেৱাৰ নিৰ্ভৰযোগ্য সুবিধা লাভ কৰি থাকে আৰু ই চৰকাৰৰ অন্তৰ্ভুক্তিমূলক বিকাশ আৰু ভাৰসাম্যপূৰ্ণ আঞ্চলিক উন্নয়নৰ দৃষ্টিভংগীক সমৰ্থন কৰিব।
  • এই সিদ্ধান্তই বিমান সংস্থা, বিমানবন্দৰ, গ্ৰাউণ্ড হেণ্ডলিং সেৱা, মেৰামতি আৰু চোৱা-চিতা কৰা প্ৰতিষ্ঠান, পৰ্যটন, আতিথ্য আৰু লজিষ্টিক খণ্ডত কৰ্মসংস্থাপনক সমৰ্থন জনাই সামগ্ৰিক অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বৰণ আশা কৰা হৈছে। ই ভাৰতৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থা সুৰক্ষিত কৰাত, গোলকীয় বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাত আৰু উড়ান আঁচনিৰ অধীনত কাৰ্যক্ষম কৰা বিমানবন্দৰসমূহকে ধৰি সমগ্ৰ দেশতে বিকশিত বিমানবন্দৰৰ আন্তঃগাঁথনিৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰাত সহায় কৰিব।
  • চৰকাৰে এই গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ, সুলভ আৰু নিৰ্ভৰযোগ্য বিমান সেৱা বৰ্তাই ৰাখিবলৈ আৰু ভাৰতৰ অসামৰিক বিমান পৰিবহন খণ্ডৰ দীৰ্ঘকালীন বিকাশ আৰু সুস্থিৰতাক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগান পৰিস্থিতিৰ আপডেট প্ৰদান কৰি পশ্চিম এছিয়াৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰ’লিয়াম সামগ্ৰী আৰু এলপিজিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ ৰেখাপাত কৰে। ইয়াত উল্লেখ কৰা হৈছে যে:

ৰাজহুৱা পৰামৰ্শ আৰু নাগৰিক সজাগতা

  • পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। নাগৰিকসকলক পেট্ৰ’ল, ডিজেল আতংকিত হৈ ক্ৰয় কৰা আৰু এলপিজি বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
  • নাগৰিকসকলক পিএনজি, ইণ্ডাকচন/বৈদ্যুতিক কুকাৰ আদিৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
  • পাইকাৰী আৰু ঔদ্যোগিক গ্ৰাহকসকলক কৰ্তৃত্বপ্ৰাপ্ত ক্ৰয় চেনেলৰ পৰা ডিজেল সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
  • বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে তেওঁলোকৰ দৈনিক ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনাৰ পদক্ষেপ

  • চলিত ভূ-ৰাজনৈতিক পৰিস্থিতি স্বত্তেও চৰকাৰে নিশ্চিত কৰিছে যে ঘৰুৱা এলপিজি, ঘৰুৱা পিএনজি আৰু চিএনজি (পৰিবহন)-লৈ ১০০% যোগান ধৰা হৈছে।
  • বাণিজ্যিক এলপিজিৰ ক্ষেত্ৰত চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। ফাৰ্মা, তীখা, অটোম’বাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে। ২ আৰু ৩ মাৰ্চ ২০২৬ বৰ্ষৰ গড় দৈনিক যোগানৰ ওপৰত ভিত্তি কৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকললৈ ৫ কেজি এফটিএল চিলিণ্ডাৰৰ যোগানো দুগুণ কৰা হৈছে।
  • চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগত পদক্ষেপ ৰূপায়ন কৰিছে, যাৰ ভিতৰত আছে শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, বুকিঙৰ ব্যৱধান চহৰ অঞ্চলত ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বয় ৰক্ষা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা

  • অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এলপিজি নিয়ন্ত্ৰণ আদেশ, ২০০০-ৰ অধীনত ৰাজ্য চৰকাৰসমূহক যোগান নিৰীক্ষণ কৰিবলৈ আৰু ক’লা বজাৰ তথা মজুতকৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
  • পেট্ৰ’ল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহে মুখ্য ভূমিকা পালন কৰিব লাগিব। ভাৰত চৰকাৰে কেইবাখনো পত্ৰ আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এই কথা সোঁৱৰাই দিছে।
  • ভাৰত চৰকাৰে কেইবাখনো পত্ৰ আৰু ভিচিৰ জৰিয়তে পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত নাগৰিকসকলক আশ্বস্ত কৰিবলৈ সক্ৰিয় জনযোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
  • ভাৰত চৰকাৰে ২৬.০৫.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলক জিলা ভিত্তিত হাই স্পীড ডিজেল আৰু মটৰ স্পীৰিট ক্ৰয়ৰ ধৰণ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিবলৈ, স্পৰ্শকাতৰ অঞ্চল আৰু প্ৰধান পৰিবহন/ঔদ্যোগিক কৰিডৰসমূহত পৰিদৰ্শন আৰু বলবৎকৰণ কাৰ্যসূচী তীব্ৰতৰ কৰিবলৈ উপযুক্ত নিৰ্দেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছে, যাতে ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ দ্বাৰা ৰিটেইল আউটলেটৰ জৰিয়তে অবৈধভাৱে এইচএছডি সংগ্ৰহ কৰাটো ৰোধ কৰিব পৰা যায় আৰু উলংঘাকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক আইনী পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়।

বলবৎকৰণ আৰু নিৰীক্ষণ কাৰ্যসূচী

  • পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ মজুতকৰণ আৰু ক’লা বজাৰ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা বলবৎকৰণ কাৰ্যসূচী অব্যাহত আছে।
  • এলপিজি সম্পৰ্কীয় বলবৎকৰণ — এলপিজি চিলিণ্ডাৰৰ মজুতকৰণ আৰু ক’লা বজাৰ পৰীক্ষা কৰিবলৈ যোৱা ৩ দিনত ৪টা গোচৰ পঞ্জীয়ন কৰা হৈছে।
  • পেট্ৰ’ল আৰু ডিজেল সম্পৰ্কীয় বলবৎকৰণ — যোৱা ৩ দিনত ১,৮৮০তকৈও অধিক অভিযান চলোৱা হৈছে য’ত ২,৯०० লিটাৰতকৈ অধিক পেট্ৰ’ল আৰু ৬,৩৫০ লিটাৰ ডিজেল জব্দ কৰা হৈছে। তদুপৰি, সমগ্ৰ দেশতে ১৮টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
  • পিএছইউ অ’এমচি বিষয়াসকলৰ দ্বাৰা অপ্ৰত্যাশিত পৰিদৰ্শনো অব্যাহত আছে:
    • এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপ — যোৱা ৩ দিনত প্ৰায় ৬৮০ টা এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপত পৰিদৰ্শন কৰা হৈছে। ৬টা এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপৰ ওপৰত জৰিমনা বিহা হৈছে আৰু ২ টা এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপ নিলম্বন কৰা হৈছে।
    • খুচুৰা বিপনী (পেট্ৰ’ল পাম্প) — যোৱা ৩ দিনত প্ৰায় ২,৫০০টা খুচুৰা বিপনী পৰিদৰ্শন কৰা হৈছে। ১৯ টা ৰিটেইল আউটলেটৰ ওপৰত জৰিমনা বিহা হৈছে আৰু ৪৫৭ টা ৰিটেইল আউটলেট নিলম্বন কৰা হৈছে।

এলপিজি যোগান

ঘৰুৱা এলপিজি যোগানৰ স্থিতি:

  • বৰ্তমানৰ পৰিস্থিতিৰ বাবে এলপিজি যোগান প্ৰভাৱিত হৈ আছে।
  • ঘৰুৱা পৰিয়ালসমূহলৈ এলপিজি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
  • এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপসমূহত কোনো ধৰণৰ ইন্ধনৰ অভাৱ হোৱাৰ খবৰ পোৱা যোৱা নাই।
  • কালি উদ্যোগ ভিত্তিক অনলাইন এলপিজি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯% লৈ বৃদ্ধি পাইছে।
  • ডিষ্ট্ৰিবিউটৰ পৰ্যায়ত চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ ডেলিভাৰী অথেনটিকেচন ক’ড (ডিএচি) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৬% লৈ বৃদ্ধি কৰা হৈছে। ডিএচি গ্ৰাহকৰ পঞ্জীয়নভুক্ত ম’বাইল নম্বৰত প্ৰাপ্ত হয়।
  • যোৱা ৩ দিনত প্ৰায় ১.৫০ কোটি এলপিজি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৪৩ কোটি এলপিজি চিলিণ্ডাৰ যোগান ধৰা হৈছে।

বাণিজ্যিক এলপিজি যোগান আৰু আবণ্টন ব্যৱস্থা:

  • ভাৰত চৰকাৰে মুঠ বাণিজ্যিক আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% লৈ কৰাৰ সিদ্ধান্ত লৈছে, যাৰ ভিতৰত ১০% সংস্কাৰ ভিত্তিক অন্তৰ্ভুক্ত আছে।
  • যোৱা ৩ দিনত প্ৰায় ১.৫৭ লাখ — ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
  • যোৱা ৩ দিনত প্ৰায় ৫২০ টা শিবিৰৰ জৰিয়তে প্ৰায় ৯,২০০ — ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
  • যোৱা ৩ দিনত মুঠ ১৯,৩৭২ মেট্ৰিক টন বাণিজ্যিক এলপিজি বিক্ৰী হৈছে।
  • যোৱা ৩ দিনত পিএছইউ অ’এমচিসমূহৰ দ্বাৰা প্ৰায় ৬৪৯ মেট্ৰিক টন অটো এলপিজি বিক্ৰী কৰা হৈছে।

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণ উদ্যোগ

  • গ্ৰাহকসকলক অগ্ৰাধিকাৰ দি ঘৰুৱা পিএনজি আৰু চিএনজি-পৰিবহনলৈ ১০০% যোগান ধৰা হৈছে।
  • কাৰ্যক্ষম হৈ থকা ইউৰিয়া প্লাণ্টসমূহলৈ গেছ যোগান বৰ্তমান তেওঁলোকৰ পূৰ্বৱৰ্তী ছয় মাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৮% হৈ আছে।
  • চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগান ধৰা গেছকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডসমূহলৈ গেছ যোগান ৮০% লৈ বৃদ্ধি কৰা হৈছে।
  • বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সন্দৰ্ভত থকা চিন্তা দূৰ কৰিবলৈ চিজিডি প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ সকলো ভৌগোলিক এলেকাত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আবেদনসমূহৰ অনুমোদন ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ জনাইছে।
  • ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক অতিৰিক্ত ১০% বাণিজ্যিক এলপিজি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এলপিজিৰ পৰা পিএনজিলৈ দীৰ্ঘকালীন পৰিৱৰ্তনত সহায় কৰিব পাৰে। ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰি আছে।
  • ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট জাননীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫-ৰ অধীনত 'প্ৰাকৃতিক গেছ আৰু পেট্ৰ’লিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধা স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬' অধিসূচিত কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখল আৰু সময়াবদ্ধ গাঁথনি প্ৰদান কৰে, যাৰ ফলত অনুমোদন আৰু ভূমি লাভৰ ক্ষেত্ৰত হোৱা পলম দূৰ হ’ব আৰু আৱাসিক এলেকাকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত বিকাশ সম্ভৱ হ’ব। ই পিএনজি নেটৱৰ্কৰ বিকাশ ক্ষিপ্ৰ কৰিব, অন্তিম পৰ্যায়ৰ সংযোগ বৃদ্ধি কৰিব আৰু স্বচ্ছ ইন্ধনৰ দিশে পৰিৱৰ্তক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিক আগুৱাই লৈ যাব।
  • পিএনজিআৰবি-য়ে চিজিডি প্ৰতিষ্ঠানসমূহক ঘৰুৱা পিএনজি সংযোগ দ্ৰুত কৰিবলৈ নিৰ্দেশ দিছে। পিএনজি সম্প্ৰসাৰণৰ গতি অক্ষুণ্ণ ৰাখিবলৈ ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০ (০১.০১.২০২৬–৩১.০৩.২০২৬)-ৰ সময়সীমা এতিয়া ৩০.০৬.২০২৬-লৈ বৃদ্ধি কৰা হৈছে।
  • এক স্বচ্ছ, অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল শক্তিৰ ভৱিষ্যতক উদগনি যোগাবলৈ, ভাৰত চৰকাৰে এখন আৰ্হি খচৰা ৰাজ্যিক চিবিজি নীতি প্ৰস্তুত কৰিছে। এই নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহক চিবিজি বিকাশৰ বাবে নিজৰ বিনিয়োগকাৰী-অনুকূল আৰু ৰূপায়ন-মুখী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সক্ষম কৰিবলৈ এক ব্যাপক নমনীয় নিৰ্দেশনামূলক গাঁথনি হিচাপে সেৱা আগবঢ়োৱা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক বাণিজ্যিক এলপিজিৰ পৰৱৰ্তী পৰ্যায়ৰ অতিৰিক্ত আবণ্টনৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
  • মাৰ্চ ২০২৬-ৰ পৰা প্ৰায় ৮.৮২ লাখ পিএনজি সংযোগ গেছীকৃত কৰা হৈছে আৰু অতিৰিক্ত ২.৯৮ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগৰ সংখ্যা ১১.৮০ লাখ হৈছে। তদুপৰি, নতুন সংযোগৰ বাবে প্ৰায় ৮.৯৮ লাখ গ্ৰাহকে পঞ্জীয়ন কৰিছে।
  • ০৩.০6.২০২৬ তাৰিখলৈকে, ৮০,৪০০ তকৈও অধিক পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগসমূহ সমৰ্পণ কৰিছে।

খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰ কাৰ্যকলাপ

  • পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰ সৈতে সকলো শোধনাগাৰ উচ্চ ক্ষমতাৰে কাৰ্যক্ষম হৈ আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত ভাণ্ডাৰ বজাই ৰখা হৈছে।
  • ঘৰুৱা ব্যৱহাৰক সমৰ্থন কৰিবলৈ শোধনাগাৰসমূহৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।
  • ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগান নিশ্চিত কৰিবলৈ এটা আন্তঃমন্ত্ৰালয় যুটীয়া কৰ্মগোট গঠন কৰা হৈছে। ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে তৈল শোধনাগাৰ কোম্পানীসমূহক (পেট্ৰ’কেমিকেল কমপ্লেক্সসমূহকে ধৰি) চেন্টাৰ ফৰ হাই টেকন’লজিৰ দ্বাৰা নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বাবে নিৰ্দিষ্ট নূন্যতম পৰিমাণৰ C3 আৰু C4 সোঁত উপলব্ধ কৰাৰ অনুমতি দিছে।
  • ফাৰ্মা বিভাগ, ৰেডিঅ’কেমিকেল আৰু পেট্ৰ’কেমিকেল বিভাগ, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ পৰা প্ৰাপ্ত অনুৰোধৰ ভিত্তিত এলপিজি পুলৰ পৰা ফাৰ্মা, কেমিকেল আৰু পেইণ্ট খণ্ডৰ কোম্পানীসমূহৰ বাবে দিনে ১১২০ মেট্ৰিক টন C3-C4 অণুৰ ব্যৱস্থা কৰা হৈছে।
  • ০১ জুন ২০২৬-ৰ পৰা, মুম্বাই, কোচি, ভাইজাগ, চেন্নাই, মথুৰা আৰু গুজৰাট শোধনাগাৰৰ দ্বাৰা ৰাসায়নিক, ফাৰ্মা আৰু পেইণ্ট উদ্যোগলৈ প্ৰায় ১১২০ মেট্ৰিক টন C3-C4 অণু (প্ৰপিলিন আৰু বিউটাইলিন সম্বলিত) আৰু প্ৰায় ৩২০ মেট্ৰিক টন বিউটাইল এক্ৰিলেট বিক্ৰী কৰা হৈছে।

খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা

  • সমগ্ৰ দেশতে সকলো খুচুৰা বিপনী স্বাভাৱিকভাৱে চলি আছে।
  • মধ্য প্ৰাচ্যৰ সংকটে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে; যোৱা সত্ত্বেও গ্ৰাহকক সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে।
  • ভাৰত চৰকাৰে ৩১.০৫.২০২৬ তাৰিখৰ গেজেট জাননীৰ জৰিয়তে পেট্ৰলৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৩ টকাৰ পৰা ১.৫০ টকালৈ, ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ১৬.৫০ টকাৰ পৰা ১৩.৫০ টকালৈ আৰু এটিএফৰ ওপৰত প্ৰতি লিটাৰত ১৬ টকাৰ পৰা ৯.৫০ টকালৈ হ্ৰাস কৰিছে।
  • কিছুমান অঞ্চলৰ ৰিটেইল আউটলেটসমূহত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু প্ৰবল ভিৰ দেখা গৈছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ পৰিচালনা

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ আপডেট প্ৰদান কৰি অঞ্চলটোত ভাৰতীয় জাহাজ আৰু কৰ্মচাৰীসকলৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ দাঙি ধৰে। ইয়াত কোৱা হৈছে যে:

  • বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে নাৱিকসকলৰ কল্যাণ আৰু নিৰাৱচ্ছিন্ন সামুদ্ৰিক কাৰ্যকলাপ নিশ্চিত কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি আহিছে।
  • অঞ্চলটোত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত আছে আৰু যোৱা ৭২ ঘণ্টাত ভাৰতীয় পতাকাযুক্ত জাহাজ বা ভাৰতীয় নাৱিক থকা বিদেশী জাহাজ জড়িত থকা কোনো ঘটনাৰ খবৰ পোৱা যোৱা নাই।
  • ডি জি শ্বিপিং কন্ট্ৰ’ল ৰূম আপডেট: কন্ট্ৰ’ল ৰূমে সক্ৰিয় হোৱাৰ পৰা ১১,৬৩০ টা কল আৰু ২৫,৮৬৪ টাতকেইও অধিক ইমেইল চম্ভালিছে। যোৱা ৭২ ঘণ্টাত নাৱিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা মুঠ ৪৪৪টা কল আৰু ১,০৩৪টা ইমেইল লাভ কৰিছে।
  • প্ৰত্যাৱৰ্তনৰ আপডেট: মন্ত্ৰালয়ে ডাইৰেক্টৰেট জেনেৰেল অব্ শ্বিপিং (DG Shipping)-ৰ জৰিয়তে এতিয়ালৈকে ৩,৪৭৪ জনতকৈও অধিক ভাৰতীয় নাৱিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ সুবিধা কৰি দিছে, যাৰ মধ্যে যোৱা ৭২ ঘণ্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা ২৮ জন নাৱিক অন্তৰ্ভুক্ত আছে।
  • সমগ্ৰ ভাৰততে বন্দৰৰ কাৰ্যকলাপ স্বাভাৱিক হৈ আছে, কোনো ধৰণৰ ভিৰ বা যান-জঁটৰ খবৰ পোৱা যোৱা নাই।

অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে, য’ত অঞ্চলটোত থকা ভাৰতীয় সম্প্ৰদায়ৰ নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই সন্দৰ্ভত জনোৱা হৈছে যে:

  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তথ্য আদান-প্ৰদান আৰু প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছে।
  • সমগ্ৰ অঞ্চলটোত থকা ভাৰতীয় দূতাৱাস আৰু কনছুলেটসমূহ সতৰ্ক অৱস্থাত আছে আৰু ভাৰতীয় সম্প্ৰদায়ক সক্ৰিয়ভাৱে সহায় কৰিছে। তেওঁলোকে ভাৰতীয় নাগৰিকসকলক সময়মতে সাহায্য প্ৰদান কৰিবলৈ ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু স্থানীয় চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে।
  • স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ পৰিস্থিতি, কনছুলাৰ সেৱা আৰু সম্প্ৰদায়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ সৈতে জড়িত তথ্য সম্বলিত পৰামৰ্শৱলী জাৰী কৰা হৈছে।
  • ভাৰতীয় মিছনসমূহ স্থানীয়ভাৱে বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁলোকে তেওঁলোকৰ চিন্তা দূৰ কৰিবলৈ ভাৰতীয় সম্প্ৰদায়ৰ সংস্থা, সংগঠন, পেচাদাৰী গোট আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে নিয়মীয়াকৈ মতবিনিময় কৰি আছে।
  • অঞ্চলটোত থকা ভাৰতীয় নাৱিকসকলৰ কল্যাণক উচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। ভাৰতীয় মিছনসমূহে তেওঁলোকক স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা, কনছুলাৰ সাহায্য প্ৰদান কৰা আৰু ভাৰতলৈ ঘূৰি অহাৰ অনুৰোধত সহায় কৰাকে ধৰি সকলো ধৰণৰ সাহায্য আগবঢ়াইছে।

বিমানসমূহৰ স্থিতি

  • সামগ্ৰিক বিমান পৰিস্থিতিৰ উন্নতি ঘটিছে আৰু অঞ্চলটোৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ অতিৰিক্ত বিমান চলাচল কৰি আছে।
  • ইউএই : ইউএইৰ আকাশীমাৰ্গ খোলা আছে। ভাৰতীয় আৰু ইউএইৰ বিমান সংস্থাসমূহে ইউএইৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান চলাই আছে।
  • চৌদি আৰৱ আৰু ওমান: চৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান চলাচল কৰি আছে।
  • কাটাৰ: কাটাৰৰ আকাশীমাৰ্গ আংশিকভাৱে খোলা আছে। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগ’ আৰু কাটাৰ এয়াৰৱেজৰ বিমান কাটাৰৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ চলি আছে।
  • কুৱেইট: কুৱেইটৰ আকাশীমাৰ্গ খোলা আছে। কুৱেইট এয়াৰৱেজ আৰু জাজিৰা এয়াৰৱেজে কুৱেইটৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান চলাই আছে।
  • বাহৰাইন: বাহৰাইনৰ আকাশীমাৰ্গ খোলা আছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগ’ আৰু গাল্ফ এয়াৰে বাহৰাইনৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান চলাই আছে।
  • ইৰাক: ইৰাকৰ আকাশীমাৰ্গ খোলা আছে আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান চলাচল কৰিছে, যাৰ ব্যৱহাৰ ভাৰতলৈ পৰৱৰ্তী ভ্ৰমণৰ বাবে কৰিব পৰা যাব।
  • ইৰান: ইৰানৰ আকাশীমাৰ্গ আংশিকভাৱে খোলা আছে। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰান ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে আৰু ইতিমধ্যে তাত থকাসকলক দূতাৱাসৰ সহযোগত স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনাইছে। এতিয়ালৈকে, তেহৰাণত থকা ভাৰতীয় দূতাৱাসে স্থল সীমান্ত পথৰ জৰিয়তে ২,৫৫৭ জন ভাৰতীয় নাগৰিকক ইৰানৰ পৰা বাহিৰলৈ ওলাই যোৱাত সুবিধা কৰি দিছে।
  • ইজৰাইল: ইজৰাইলৰ আকাশীমাৰ্গ খোলা আছে আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান চলাচল পুনৰ আৰম্ভ হৈছে, যাৰ ব্যৱহাৰ ভাৰতলৈ পৰৱৰ্তী ভ্ৰমণৰ বাবে কৰিব পৰা যাব।

কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা আক্ৰমণৰ শেহতীয়া স্থিতি

  • কালি কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা আক্ৰমণত দুৰ্ভাগ্যবশতঃ এজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। চৰকাৰে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কুৱেইটত থকা ভাৰতীয় মিছন পৰিয়ালটোৰ সৈতে যোগাযোগত আছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰিছে। নশ্বৰদেহ কাইলৈ ভাৰতত উপস্থিত হোৱাৰ আশা কৰা হৈছে।
  • এই আক্ৰমণত ১৩ জন ভাৰতীয় নাগৰিক আহত হৈছে আৰু বৰ্তমান কুৱেইটৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভাৰতীয় মিছনে আহতসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াইছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে।

****

TM/DB


(रिलीज़ आईडी: 2269062) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , Marathi , हिन्दी , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam