পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

তেলৰ আমদানি হ্ৰাস কৰাৰ পৰা খেতিয়কৰ সমৃদ্ধিলৈ: শ্ৰী হৰদীপ সিং পুৰীয়ে মুকলি কৰিলে প্ৰথমখন ফ্লেক্স-ফুৱেল যাত্ৰীবাহী বাহন

গোলকীয় সংকটৰ পাছতো ইন্ধনৰ মূল্য আটাইতকৈ কম বৃদ্ধি পোৱা দেশসমূহৰ ভিতৰত অন্যতম ভাৰতঃ শ্ৰী হৰদীপ সিং পুৰী

যদি ভাৰতত বিক্ৰী হোৱা সকলো নতুন দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ৫০% ফ্লেক্স-ফুৱেলত চলে, তেন্তে ১২,৪০৩ কোটি টকাৰ অতিৰিক্ত উপাৰ্জন কৰিবলৈ সক্ষম হ’ব ই খেতিয়কসকলঃ শ্ৰী হৰদীপ সিং পুৰী

प्रविष्टि तिथि: 04 JUN 2026 4:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ সপোনক সাকাৰ কৰি আজি নতুন দিল্লীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে মাৰুতি ছুজুকিৰ ভাৰতৰ প্ৰথমখন ফ্লেক্স-ফুৱেল যাত্ৰীবাহী বাহন মুকলি কৰে। অনুষ্ঠানত কেন্দ্ৰীয় পথ, পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীও উপস্থিত থাকে। ফ্লেক্স-ফুৱেল বাহনসমূহ ই-২০ৰ পৰা ই-১০০লৈকে বিভিন্ন মাত্ৰাৰ ইথানল-পেট্ৰ’লৰ মিশ্ৰণত চলিব পাৰে।

উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰখনত ফ্লেক্স-ফুৱেল প্ৰযুক্তিৰ প্ৰৱেশ কেৱল এটা সামগ্ৰীৰ মুকলিয়েই নহয়, বৰঞ্চ এয়া ভাৰতৰ শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। শ্ৰী পুৰীয়ে উল্লেখ কৰে যে ভাৰতত প্ৰায় ৩৭ লাখ যাত্ৰীবাহী বাহন আছে, যিয়ে মধ্যবিত্ত ভাৰতৰ আশা-আকাংক্ষা আৰু ব্যক্তিগত গতিশীলতাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে। এই ক্ষেত্ৰত ফ্লেক্স-ফুৱেল প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰে ইথানলভিত্তিক গতিশীলতাৰ প্ৰভাৱক বহু গুণ বৃদ্ধি কৰিব পাৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ২৮ ফেব্ৰুৱাৰীত সামৰিক সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতৰ এলপিজি  আমদানিৰ প্ৰায় ৬০% হৰমুজ প্ৰণালীৰ মাজেৰে আহিছিল। ১৪০ কোটি জনসংখ্যাৰ আৰু বৈশ্বিক গড়তকৈ তিনিগুণ বেছি শক্তিৰ চাহিদা বৃদ্ধি পোৱা দেশ হিচাপে ভাৰতে সমগ্ৰ দেশতে পেট্ৰ’লিয়াম সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিছে। "দেশৰ কোনো এটা অঞ্চলত ইন্ধনৰ অভাৱ হোৱা নাই। মানুহে পথ আৰু আকাশীপথেৰে স্বাভাৱিকভাৱে যাত্ৰা অব্যাহত ৰাখিছে। গোলকীয় প্ৰত্যাহ্বানৰ মাজতো ভাৰতে প্ৰায় স্বাভাৱিক অৱস্থা বৰ্তাই ৰাখিছিল," মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয় যে একাংশই ভুল তথ্য প্ৰচাৰ কৰি আৰু কৃত্ৰিম নাটনি সৃষ্টি কৰাৰ চেষ্টা চলাইছিল যদিও সময়োপযোগী নীতিগত পদক্ষেপ আৰু কাৰ্যকৰী ব্যৱস্থাপনাৰ বাবে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছিল।

শ্ৰী পুৰীয়ে ভাৰতৰ শক্তি ৰণনীতিৰ তিনিটা মূল স্তম্ভ — উপলব্ধতা, সুলভতা আৰু বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা কৰে। উপলব্ধতাৰ সন্দৰ্ভত শ্ৰী পুৰীয়ে গুৰুত্ব আৰোপ কৰে যে গোলকীয় তাৰতম্যৰ মাজতো ভাৰতে খাৰুৱা তেল, এলপিজি আৰু প্ৰাকৃতিক গেছৰ নিৰৱচ্ছিন্ন যোগান বৰ্তাই ৰাখিছে। ভাৰতে ঘৰুৱা এলপিজি উৎপাদন সংকটৰ পূৰ্বৰ দৈনিক ৩২ টিএমটিৰ পৰা বৃদ্ধি কৰি দৈনিক প্ৰায় ৫২ টিএমটি কৰিছে। ইয়াৰ লগতে পাইপলাইনৰ জৰিয়তে যোগান ধৰা প্ৰাকৃতিক গেছ (পিএনজি) আৰু চিএনজিৰ ব্যৱহাৰো বৃদ্ধি কৰিছে।

সুলভতাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত ইন্ধনৰ মূল্য আটাইতকৈ কম বৃদ্ধি পাইছে। গ্ৰাহকক সকাহ দিবলৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰাৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তৰ কথা তেওঁ দোঁহাৰে।

বহনক্ষমতাৰ বিষয়ে ক’বলৈ গৈ শ্ৰী পুৰীয়ে ব্ৰাজিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে, য’ত চেনি আৰু মাকৈৰ আধাৰত কৰা ইথানল মিশ্ৰণে ইতিমধ্যে সফলতা প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে ভাৰতৰ ইথানল মিশ্ৰণ কাৰ্যসূচী আটাইতকৈ সফল শক্তি পৰিৱৰ্তন পদক্ষেপসমূহৰ অন্যতম হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ সামগ্ৰিক প্ৰচেষ্টা আৰু কৃষক, ইথানল উৎপাদক, তৈল বিপণন কোম্পানী, বাহন নিৰ্মাতা, বিজ্ঞানী আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক সামৰি এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবেই ভাৰতৰ ইথানল খণ্ডত এই সফলতা সম্ভৱ হৈছে।

বৰ্তমান ভাৰতৰ হাতত ভঙা ধান, কৃষি বৰ্জিত সামগ্ৰী, বাঁহ আৰু সাগৰীয় ঘাঁহ আদি একাধিক উৎসৰ পৰা ইথানল উৎপাদন কৰাৰ ক্ষমতা আছে।

২০১৩-১৪ বৰ্ষত ইথানল মিশ্ৰণৰ মাত্ৰা ১.৫%-তকৈও কম আছিল, যি ২০২৫-২৬ বৰ্ষত বৃদ্ধি পাই ২০% হৈছে আৰু নিৰ্ধাৰিত সময়সূচীতকৈ ৫ বছৰ পূৰ্বেই এই লক্ষ্যত উপনীত হ’ব পৰা গৈছে। ইথানল ক্ৰয় ২০১৩-১৪ বৰ্ষৰ প্ৰায় ৩৮ কোটি লিটাৰৰ পৰা বৃদ্ধি পাই বৰ্তমান ১,০৪০ কোটি লিটাৰতকৈও অধিক হৈছে। আনহাতে ইথানল উৎপাদন ক্ষমতা ২০১৪ চনৰ ৪২১ কোটি লিটাৰৰ পৰা প্ৰায় পাঁচ গুণ বৃদ্ধি পাই ২০৬ চনত প্ৰায় ২০০০ কোটি লিটাৰ হৈছে। এই পৰিৱৰ্তনে খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিছে, বৈদেশিক মুদ্ৰা ৰাহি, কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লগতে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিছে।

শ্ৰী পুৰীয়ে উল্লেখ কৰে যে যদি নতুন দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ বিক্ৰীৰ ৫০% ফ্লেক্স-ফুৱেলযুক্ত বাহনলৈ ৰূপান্তৰিত হয়, তেন্তে ই ৩১১.৮ কোটি লিটাৰ ইথানলৰ অতিৰিক্ত চাহিদা সৃষ্টি কৰিব আৰু কৃষকসকলক ১২,৪০৩ কোটি টকাৰ অতিৰিক্ত উপাৰ্জন প্ৰদান কৰিব। ইয়াৰ ফলত ৬৬.৪ লাখ মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড নিৰ্গমনো হ্ৰাস পাব।

নীতি আয়োগে আধিকাৰিকভাৱে ইথানলভিত্তিক ফ্লেক্স-ফুৱেল বাহন, যিবোৰ ই-৮৫ৰ দৰে উচ্চ ইথানল মিশ্ৰণত চলে, সেইবোৰক 'শূন্য কাৰ্বন নিৰ্গমন বাহন' হিচাপে শ্ৰেণীভুক্ত কৰিছে। ই-৮৫ ইন্ধনে অতি সূক্ষ্ম কণা  নিৰ্গমন প্ৰায় শূন্য কৰি তোলে, যাৰ ফলত দেশৰ বৰ্ধিত বায়ু প্ৰদূষণৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে ফ্লেক্স-ফুৱেল বাহন এক আশাৰ বতৰা হৈ পৰিছে।

মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশে এক ফ্লেক্স-ফুৱেল পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবে চৰকাৰৰ কৰ্মপৰিকল্পনাৰো আভাস দিয়ে। প্ৰস্তাৱিত আঁচনিৰ অধীনত, বিআইএছ নিৰ্দিষ্টতা অনুসৰি ফ্লেক্স-ফুৱেল বাহনৰ বাবে ই-৮৫ক একক-ইন্ধন মানদণ্ড হিচাপে চিহ্নিত কৰা হৈছে। এই পৰিকল্পনাত প্ৰাৰম্ভিক পৰ্যায়ত দিল্লী-এনচিআৰ আৰু মুম্বাই-পুনে-নাগপুৰ কৰিডৰত ৫০-১০০টা ফ্লেক্স-ফুৱেল ইন্ধন বিপণন কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ কৰা হৈছে। ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ সংখ্যা প্ৰায় ৫০০ টালৈ আৰু ২০২৭ চনৰ শেষৰ ফালে ডাঙৰ চহৰসমূহত প্ৰায় ৫,০০০ টালৈ সম্প্ৰসাৰিত কৰা হ’ব।

বাহনসমূহৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে চৰকাৰে মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সাহায্য, পথ কৰ ৰেহাই, ই-৮৫ পৰীক্ষামূলক ইন্ধনৰ উপলব্ধতা, ফ্লেক্স-ফুৱেল বাহন আৰু খুচুৰা বিপণন কেন্দ্ৰসমূহৰ বাবে বিশেষ চিনাক্তকৰণ ব্যৱস্থা, গ্ৰাহক সজাগতা কাৰ্যসূচী আৰু সংৰক্ষণ তথা ইন্ধন যোগানৰ আন্তঃগাঁথনি আদি সহায়ক পদক্ষেপৰ ওপৰত কাম কৰি আছে। শ্ৰী পুৰীয়ে কয় যে এয়া কেৱল ইন্ধনৰ পৰিৱৰ্তন নহয়, বৰঞ্চ এয়া স্বচ্ছ গতিশীলতা, শক্তিশালী শক্তি সুৰক্ষা আৰু অধিক আত্মনিৰ্ভৰশীলতাৰ বাবে এক সম্পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি।

শেহতীয়াকৈ হিৰো মটোকৰ্পৰ দ্বাৰা ফ্লেক্স-ফুৱেল মটৰচাইকেল মুকলি কৰা আৰু আজি মাৰুতি ছুজুকিৰ দ্বাৰা ফ্লেক্স-ফুৱেল যাত্ৰীবাহী বাহন মুকলি কৰাৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে স্বচ্ছ গতিশীলতাৰ এক নতুন যুগত প্ৰৱেশ কৰিছে।

ভাৰতৰ স্বচ্ছ গতিশীলতাৰ পৰিৱৰ্তনলৈ আগবঢ়োৱা অৱদানৰ বাবে মাৰুতি ছুজুকিক অভিনন্দন জনাই শ্ৰী পুৰীয়ে কয় যে ভাৰতৰ শক্তি পৰিৱৰ্তন ভাৰততে গঢ়ি উঠিব, যি ভাৰতীয় উদ্ভাৱনৰ দ্বাৰা পৰিচালিত হ’ব, ভাৰতীয় কৃষকৰ দ্বাৰা সমৰ্থিত হ’ব আৰু ভাৰতীয় গ্ৰাহকৰ দ্বাৰা আগবাঢ়ি যাব। তেওঁ অটোম’বাইল নিৰ্মাতাসকলক বিভিন্ন বাহনৰ শ্ৰেণীত ফ্লেক্স-ফুৱেল মডেলসমূহৰ প্ৰৱেশ ক্ষিপ্ৰ কৰিবলৈ আৰু তেল বিপণন কোম্পানীসমূহক সমগ্ৰ দেশতে ই-৮৫ৰ উপলব্ধতা খৰতকীয়াভাৱে সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায়।

 

****

Tejaswi/DB


(रिलीज़ आईडी: 2269060) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali-TR , Bengali , Gujarati , Tamil , Kannada , Malayalam