কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

পৃথিৱী মাতৃক সুৰক্ষা প্ৰদানৰ ৰাষ্ট্ৰীয় সংকল্প: ১ জুনত ৰাইচেনৰ পৰা আৰম্ভ হ’ব ‘খেত বচাও অভিযান’

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে দেশৰ সমগ্ৰ কৃষি সমাজক আহ্বান জনাই কয় , “ইয়াক কেৱল এক অনুষ্ঠান হিচাপে গণ্য নকৰিব — সম্পূৰ্ণ দায়বদ্ধতা আৰু দৃঢ়তাৰে পথাৰত প্ৰৱেশ কৰক”

শ্ৰী শিৱৰাজ সিং চৌহানৰ উদ্যোগত সমগ্ৰ দেশৰ কেভিকে, আইচিআৰ প্ৰতিষ্ঠান, কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যিক কৃষি প্ৰণালী একেখন মঞ্চত একত্ৰিত হৈছে

এই অভিযান কৃষক আৰু কৃষিভূমিৰ কল্যাণৰ স্বাৰ্থত দেশজোৰা জন আন্দোলনলৈ পৰিণত হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান

সাৰৰ সুষম ব্যৱহাৰ, প্ৰাকৃতিক কৃষি আৰু ভেজাল সাৰ তথা বীজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ হিচাবে ‘খেত বচাও অভিযান’ৰ অধীনত প্ৰস্তুত কৰা হৈছে এক বিস্তৃতকাৰ্যপৰিকল্পনা

১ জুনত ৰাষ্ট্ৰীয়ভাবে উন্মোচন কৰাৰ পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে দৃঢ়তাৰে কয়, “পৃথিৱী মাতৃৰ মৰ্যাদা ৰক্ষা কৰাটো আমাৰ সামূহিক দায়িত্ব”।

শ্ৰী শিৱৰাজ সিং চৌহানে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ফোনযোগে কথা পাতি এই অভিযানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকলক এই পদক্ষেপত যোগদান কৰিবলৈ আহ্বান জনায়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই অভিযানৰ সময়ত ব্যক্তিগতভাৱে বিভিন্ন ৰাজ্যৰ গাঁও ভ্ৰমণ কৰি কৃষকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব

পোষ্ট কৰা হৈছে: 31 MAY 2026 4:12PM by PIB Guwahati

মধ্যপ্ৰদেশৰ ৰাইচেন জিলাৰ ৰামছিয়া গাঁৱৰ পৰা ১ জুনত আৰম্ভ  হোৱা ‘খেত বচাও অভিযান’ৰ ৰাষ্ট্ৰীয় উন্মোচনৰ পূৰ্বে কেন্দ্ৰীয় কৃষি তথা  কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইচিএআৰ) প্ৰতিষ্ঠানসমূহ,  কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে), কৃষি বিশ্ববিদ্যালয়, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কৃষি বিষয়া, সমগ্ৰ দেশৰ কৃষকৰ কল্যাণৰ বাবে কাম কৰা আন বহুতৰে সৈতে ভাৰ্চুৱেল মাধ্যমত  মত বিনিময় কৰে। । এই  মত-বিনিময়ৰ সময়ত তেওঁ জনসাধাৰণৰ অংশগ্ৰহণ, বৈজ্ঞানিক দৃষ্টিভংগী আৰু জাতীয় দায়িত্ববোধৰ সৈতে অভিযানটোক আগুৱাই নিয়াৰ আহ্বান জনায়।

শ্ৰী চৌহানে কয় যে এই গুৰুত্বপূৰ্ণ পদক্ষেপত  অংশগ্ৰহণ কৰিবলৈ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে তেওঁ ফোনযোগে কথা পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধিসকলকো এই অভিযানৰ সৈতে সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান তেওঁ  জনায়।এই উপলক্ষ্যে  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আগবঢ়োৱা  ভাষণত কয় যে এয়া কেৱল চৰকাৰী কাৰ্যসূচী নহয়,  বৰঞ্চ পৃথিৱী মাতৃক সুৰক্ষা প্ৰদান, কৃষিৰ ভৱিষ্যত সুৰক্ষিত কৰা, ভৱিষ্যত প্ৰজন্মৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে  গ্ৰহণ কৰা এক ৰাষ্ট্ৰীয় অভিযান। তেওঁ কয় যে বৰ্ধিত উষ্ণতা, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ নিৰ্বিচাৰ তথা  ভাৰসাম্যহীন ব্যৱহাৰ, মাটিৰ স্বাস্থ্যৰ অৱনতি  তথা  ক্ৰমবৰ্ধমান জলবায়ুৰ সংকটে কৃষিৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে। সেয়েহে এইক্ষেত্ৰত  সময়মতে সজাগতা সৃষ্টি তথা  ব্যৱহাৰিক হস্তক্ষেপ অতি প্ৰয়োজনীয় হৈ পৰিছে।শ্ৰী চৌহানে  কয় যে ১ জুনৰ পৰা ৰাইচেন জিলাৰ ৰামছিয়া গাঁৱৰ পৰা আৰম্ভ হ’বলগীয়া দেশজোৰা ‘খেত বচাও অভিযান’-এ  কৃষকৰ মাজত  সাৰৰ সুষম ব্যৱহাৰ, মাটিৰ স্বাস্থ্য কাৰ্ড, প্ৰাকৃতিক কৃষি, শস্য বাছনি, পানী সংৰক্ষণ, সেউজ সাৰ, ভেজাল সাৰ, বীজ আৰু কীটনাশক, কম বৰষুণৰ পৰিবেশত বিকল্প কৃষি পদ্ধতি আদি বিষয় সন্দৰ্ভত কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিব । তেওঁ  কয় যে কেৱল পৰামৰ্শ প্ৰদান কৰিলেই যথেষ্ট নহয়,  ক্ষেত্ৰ পৰ্যায়ৰ প্ৰদৰ্শন, বৈজ্ঞানিক প্ৰমাণ আৰু ব্যৱহাৰিক উদাহৰণৰ জৰিয়তে কৃষকৰ আত্মবিশ্বাস শক্তিশালী কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে লগতে কয় যে সমগ্ৰ দেশতে ৩০ জুনলৈকে বিস্তৃত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। কোনজন বিষয়া, বিজ্ঞানী, প্ৰতিষ্ঠান বা দলে কোনখন গাঁও কোন তাৰিখে ভ্ৰমণ কৰিব সেয়া স্পষ্টকৈ নিৰ্ধাৰণ কৰিব লাগে। তেওঁ নিৰ্দেশ দিয়ে যে জিলা পৰ্যায়ৰ কাৰ্যসূচীসমূহৰ বিষয়ে  আগতীয়াকৈ পৰিকল্পনা কৰিব লাগে, নিৰীক্ষণ ব্যৱস্থা  ডেচব’ৰ্ড ভিত্তিক হ’ব লাগে, স্থানীয় পৰ্যায়ত পৰ্যাপ্ত ব্যৱস্থা নিশ্চিত কৰিব লাগে আৰু অভিযানৰ প্ৰতিটো পৰ্যায়তে ফলপ্ৰসূ সমন্বয় ৰক্ষা কৰিব লাগে।

ৰাজ্যিক কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰি শ্ৰী চৌহানে কয় যে কেন্দ্ৰ, ৰাজ্য চৰকাৰ, আই চি এ আৰ, কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ, জনপ্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী আৰু কৃষক-সহায়ক সংস্থাসমূহে সমন্বিতভাৱে কাম কৰিলেহে এই অভিযান সফল হ’ব । তেওঁ লগতে  সংসদৰ সদস্য, বিধায়ক আৰু অন্যান্য নিৰ্বাচিত প্ৰতিনিধিসকলকো এই অভিযানত জড়িত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰাকৃতিক কৃষি আৰু বহনক্ষম কৃষি পদ্ধতিৰ ব্যৱহাৰিক উদাহৰণ দাঙি ধৰিবলৈ উৎসাহিত কৰে।

শ্ৰী শিৱৰাজ সিং চৌহানে লগতে  কয় যে কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, শস্য বীমা আঁচনি, মাটিৰ স্বাস্থ্য কাৰ্ড, মিনি বীজ কিট, দাইল আৰু তৈলবীজ অভিযান,কৃষি যান্ত্ৰিকীকৰণ কাৰ্যসূচী আদি আঁচনিৰ সুবিধা যাতে কৃষকৰ ওচৰলৈ যায় তাৰ বাবে এই অভিযানক বহুমাত্ৰিক চৰিত্ৰ প্ৰদান কৰিব লাগে। ইয়াৰ দ্বাৰা কৃষিভূমি সুৰক্ষিত কৰাই নহয়, কৃষকৰ আয়, সজাগতাৰ স্তৰ আৰু কৃষি ব্যৱস্থাপনা ক্ষমতাও শক্তিশালী হ’ব বুলি তেওঁ কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অভিযানৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ বিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে এয়া  এক  ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত  কাৰ্যসূচী আৰু ইয়াৰ বিষয়ে যিমানেই দ্ৰুতগতিত সমগ্ৰ দেশৰ গাঁওসমূহত প্ৰচাৰ হ'ব  এই অভিযান সিমানেই ফলপ্ৰসূ হ’ব।

তেওঁ এই অভিযানক ভূমি, কৃষি আৰু দেশৰ খাদ্য প্ৰদানকাৰীৰ ভৱিষ্যতক লৈ জড়িত বুলি উল্লেখ কৰি  বিষয়া আৰু বিজ্ঞানীসকলক সংবাদ মাধ্যমৰ সৈতে মুক্তভাৱে মত বিনিময় কৰিবলৈ আহ্বান জনায়।

শ্ৰী শিৱৰাজ সিং চৌহানে আত্মবিশ্বাস প্ৰকাশ কৰে যে পূৰ্বৰ কৃষি প্ৰসাৰণৰ পদক্ষেপে যিদৰে উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল, ঠিক তেনেদৰে ‘খেত বচাও অভিযানে’ও দেশজোৰা কৃষি সংস্কাৰ তথা জনসচেতনতাৰ এক সফল অধ্যায় হিচাপে আত্মপ্ৰকাশ কৰিব। তেওঁ সকলো অংশীদাৰক সম্পূৰ্ণ নিষ্ঠা, প্ৰস্তুতি আৰু সংবেদনশীলতাৰে গাঁও ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কৃষকসকলক সঠিক তথ্য প্ৰদান কৰিবলৈ, পৃথিৱী মাতৃক সুৰক্ষা দিয়াৰ সংকল্পক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। শ্ৰী চৌহানে এই অভিযানৰ সময়ত নিজে বিভিন্ন ৰাজ্যৰ গাঁও ভ্ৰমণ কৰি কৃষকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব বুলিও ঘোষণা কৰে।ভাৰ্চুৱেল মাধ্যমেৰে মত-বিনিময়ৰ  সময়ত কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ সচিব  আতিশ চন্দ্ৰ আৰু আইচিএআৰৰ সঞ্চালক প্ৰধান ড০ এম এল জাটেও  মতামত ব্যক্ত কৰে। কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিজ্ঞানী, আইচিআৰ প্ৰতিষ্ঠানৰ সঞ্চালক, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, ৰাজ্যিক কৃষি বিভাগৰ বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও এই কাৰ্যসূচীত  অংশগ্ৰহণ কৰে।

 

*****

RC/MS/MK/DM


(ৰিলিজ আই ডি : 2267521) অতিথি কক্ষ : 11