ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ছিকিম আৰক্ষীক প্ৰেছিডেণ্টছ কালাৰ্ছ সন্মান প্ৰদান ৰাষ্ট্ৰপতিৰ

আৰক্ষী নাগৰিকৰ সহযোগী আৰু পথপ্ৰদৰ্শক হোৱা উচিতঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 28 MAY 2026 12:25PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৮ মে’, ২০২৬) গেংটকত ছিকিম আৰক্ষীক ‘প্ৰেছিডেণ্ট কালাৰ্ছ’ সন্মান প্ৰদান কৰে।

এই উপলক্ষ্যে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিম আৰক্ষীৰ অতীত আৰু বৰ্তমানৰ সকলো বিষয়া তথা আৰক্ষী কৰ্মীক এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা এই আৰক্ষী বাহিনীয়ে ছিকিমত শান্তি, নিৰাপত্তা আৰু ন্যায় সুনিশ্চিত কৰিবলৈ কাম কৰি আহিছে বুলি জানিবলৈ পাই তেওঁ সন্তোষ প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ আৰক্ষী ব্যৱস্থাত দীৰ্ঘদিনীয়া ঔপনিৱেশিক শাসনৰ প্ৰভাৱ আছিল। ঔপনিবেশিক শাসনৰ সময়ত আৰক্ষীৰ মূল উদ্দেশ্য জনসাধাৰণৰ সেৱা কৰা নাছিল, বৰঞ্চ তেওঁলোকক নিয়ন্ত্ৰণ কৰা আৰু শাসনৰ আদেশ কঠোৰভাৱে বলবৎ কৰা হে আছিল। সেইবাবেই আৰক্ষী ব্যৱস্থাত দাসত্বৰ মানসিকতা গঢ়ি উঠিছিল। এই মানসিকতা অনুসৰি আৰক্ষীৰ মাজত জনসাধাৰণক সহযোগিতা কৰাৰ চিন্তাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত শাসন কৰাৰ চিন্তাহে আছিল। এতিয়া এই চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটিছে। দেশবাসীক সবলীকৰণ কৰিবলৈ দাসত্বৰ এই চিন্তাধাৰাৰ পৰা সম্পূৰ্ণ মুক্তি অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ জোৰ দিয়ে। তেতিয়াহে দেশবাসীয়ে উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত অগ্ৰণী অৱদান আগবঢ়াব পাৰিব।

আৰক্ষী ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা অত্যন্ত প্ৰয়োজনীয় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আৰক্ষী ব্যৱস্থাক অধিক নাগৰিক-অনুকূল কৰি তুলিব লাগে যাতে সাধাৰণ জনতাই নিৰ্ভয়ে নিজৰ সমস্যাসমূহ জনাব পাৰে। মহিলা, শিশু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ প্ৰতি সংবেদনশীল আচৰণকো অগ্ৰাধিকাৰ দিব লাগে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আৰক্ষী নাগৰিকৰ সহযোগী আৰু পথপ্ৰদৰ্শক হ’ব লাগিব। সহযোগীৰ ভূমিকা গ্ৰহণ কৰিলে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত বিশ্বাস বৃদ্ধি পাব। যেতিয়া আৰক্ষীয়ে মানুহৰ সমস্যাসমূহ বুজি পাই তেওঁলোকক সহায় কৰিব, তেতিয়া সমাজত নিৰাপত্তা আৰু আইনৰ প্ৰতি শ্ৰদ্ধাও বৃদ্ধি পাব। তেওঁ দৃঢ়তাৰে কয় যে আৰক্ষী ব্যৱস্থাৰ উদ্দেশ্য কেৱল অপৰাধীক কৰায়ত্ব কৰাই নহয়, বৰঞ্চ এখন সুৰক্ষিত আৰু সচেতন সমাজ গঢ়ি তোলাটো হ’ব লাগে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিমত শান্তি আৰু ভাতৃত্ববোধ বজাই ৰখাত ছিকিম আৰক্ষীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বুলি জানিব পাৰি সন্তোষ প্ৰকাশ কৰে। ছিকিম আৰক্ষীয়ে নাগৰিকৰ প্ৰতি তেওঁলোকৰ পেচাদাৰী আৰু বন্ধুত্বপূৰ্ণ আচৰণৰ বলত ছিকিমৰ জনসাধাৰণৰ মৰম আৰু সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Please click here to see the President's speech-

 

***

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2266415) অতিথি কক্ষ : 9