গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত চৰকাৰে গঠন কৰিলে ‘জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটী’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৫ আগষ্টত ঘোষণা কৰিছিল ‘উচ্চ শক্তিসম্পন্ন জনগাঁথনি অভিযান’

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অনুপ্ৰৱেশ আৰু অন্যান্য কাৰণত অস্বাভাৱিকভাবে জনগাঁথনিৰ পৰিৱৰ্তন হোৱাটো যিকোনো দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এক অতি ডাঙৰ প্ৰত্যাহ্বান

ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাভলেকাৰ (অৱসৰপ্ৰাপ্ত)ৰ অধ্যক্ষতাত গঠন কৰা এই সমিতিৰ সদস্য হিচাপে থাকিব লোকপিয়ল আয়ুক্তৰ লগতে শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ (অৱসৰপ্ৰাপ্ত আই এ এছ), শ্ৰী বালাজী শ্ৰীবাস্তৱ (অৱসৰপ্ৰাপ্ত আই পি এছ) আৰু ড° শমিকা ৰবি

জনগাঁথনিগত পৰিৱৰ্তন কেৱল আমাৰ সাৰ্বভৌমত্বৰ সৈতেই নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তা, আইন-শৃংখলা, সামাজিক গাঁথনিৰ বৃহৎ পৰিৱৰ্তন, জনজাতীয় সমাজৰ সুৰক্ষাৰ সৈতেও জড়িত এক গুৰুতৰ সমস্যা

এই কমিটীয়ে অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণত সমগ্ৰ ভাৰতবৰ্ষত ঘটি থকা জনগাঁথনিগত পৰিৱৰ্তনৰ বিস্তৃত মূল্যায়ন কৰিব

কমিটীখনে ধৰ্মীয় আৰু সামাজিক সম্প্ৰদায়ৰ পৰ্যায়ত জনসংখ্যাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ আৰ্হি বিশ্লেষণ কৰিব তথা সমস্যাটোৰ সমাধানৰ বাবে সুপৰিকল্পিত আৰু সময়সীমাবদ্ধ সমাধান দাঙি ধৰিব

কমিটীয়ে এবছৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব, প্ৰয়োজন হ’লে সমিতিৰ কাৰ্যকাল ছমাহলৈকে বৃদ্ধি কৰিব পৰা যাব

পোষ্ট কৰা হৈছে: 26 MAY 2026 5:30PM by PIB Guwahati

ভাৰত চৰকাৰে অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণত উদ্ভৱ হোৱা জনগাঁথনিগত পৰিৱৰ্তনসমূহ অধ্যয়ন কৰিবলৈ আৰু এই জনগাঁথনিগত পৰিৱৰ্তনসমূহৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থাৰ বিষয়ে  পৰামৰ্শ দিবলৈ এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৫ আগষ্টত “উচ্চ শক্তিসম্পন্ন জনগাঁথনি অভিযান” ঘোষণা কৰিছিল।২০২৫ চনৰ ১১ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱত অনুমোদন জনাইছিল।

ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাভলেকাৰ (অৱসৰপ্ৰাপ্ত) কমিটীৰ অধ্যক্ষ হ’ব। লোকপিয়ল আয়ুক্তৰ উপৰি  তিনিগৰাকী  বিশিষ্ট বিশেষজ্ঞ — শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ (অৱসৰপ্ৰাপ্ত আই এ এছ), শ্ৰী বালাজী শ্ৰীবাস্তৱ (অৱসৰপ্ৰাপ্ত আই পি এছ)  আৰু ড০ শমিকা ৰবি — কমিটীৰ সদস্য হ’ব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (বিদেশী-১) কমিটীৰ  সদস্য সচিব হ’ব। এই কমিটীয়ে এবছৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। প্ৰয়োজন হ’লে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কমিটীৰ কাৰ্যকাল ছমাহ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে এক্স প্লেটফৰ্মত দিয়া এটা পোষ্টত কয়- ‘অনুপ্ৰৱেশ আৰু অন্যান্য কাৰণত অস্বাভাৱিক জনগাঁথনি পৰিৱৰ্তন হোৱাটো যিকোনো দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এক অতি ডাঙৰ প্ৰত্যাহ্বান।এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৫ আগষ্টত ‘জনগাঁথনি পৰিৱৰ্তনৰ বিষয়ত উচ্চস্তৰীয় কমিটী ’ গঠনৰ কথা ঘোষণা কৰিছিল।চৰকাৰে এই কমিটীখন গঠন কৰা বুলি জনাবলৈ পাই আনন্দিত হৈছোঁ। ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাভলেকাৰ (অৱসৰপ্ৰাপ্ত)ৰ অধ্যক্ষতাত গঠিত এই কমিটীৰ সদস্য হিচাপে থাকিব লোকপিয়ল আয়ুক্তৰ লগতে শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ (অৱসৰপ্ৰাপ্ত আই এ এছ), শ্ৰী বালাজী শ্ৰীবাস্তৱ (অৱসৰপ্ৰাপ্ত আই পি এছ), আৰু ড° শমিকা ৰবি। এই কমিটীৰ সদস্য সচিব হ’ব গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (বিদেশী-১)। জনগাঁথনিগত পৰিৱৰ্তন কেৱল আমাৰ সাৰ্বভৌমত্বৰ সৈতেই নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তা, আইন-শৃংখলা, সামাজিক গাঁথনিৰ বৃহৎ পৰিৱৰ্তন, জনজাতীয় সমাজৰ সুৰক্ষাৰ সৈতেও জড়িত এক গুৰুতৰ সমস্যা। এই কমিটীয়ে  অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণত সমগ্ৰ ভাৰতবৰ্ষত ঘটি থকা জনগাঁথনিগত পৰিৱৰ্তনৰ বিস্তৃত মূল্যায়ন কৰিব। ইয়াত ধৰ্মীয় আৰু সামাজিক সম্প্ৰদায়ৰ পৰ্যায়ত জনসংখ্যাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ আৰ্হি বিশ্লেষণ কৰা হ’ব আৰু সমস্যাটোৰ সমাধানৰ বাবে এক সুপৰিকল্পিত আৰু সময়সীমাবদ্ধ সমাধান উপস্থাপন কৰা হ’ব।”

এই উচ্চস্তৰীয়  কমিটীখনে   অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণত দেশৰ বিভিন্ন প্ৰান্তত ঘটি থকা জনগাঁথনিগত পৰিৱৰ্তনসমূহৰ বৈজ্ঞানিক মূল্যায়ন কৰিব, ইয়াৰ কাৰণসমূহ বিশ্লেষণ কৰিব আৰু উপযুক্ত নীতি, আইনগত তথা  প্ৰশাসনিক ব্যৱস্থাৰ পৰামৰ্শ দিব। কমিটীৰ প্ৰস্তাৱিত গাঁথনি আৰু কাৰ্য্য তলত দিয়া ধৰণৰ:

i. অবৈধ অনুপ্ৰৱেশকে ধৰি জনগাঁথনিগত পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ত  ব্যাপকভাৱে বিবেচনা কৰা।

ii. এনে জনগাঁথনিগত পৰিৱৰ্তনৰ সম্ভাৱ্য কাৰণসমূহ, যেনে সীমান্ত  অতিক্ৰম কৰি হোৱা কাৰ্য্যকলাপ (অনুপ্ৰৱেশকে ধৰি), অৰ্থনৈতিক সুযোগ আৰু অন্যান্য আৰ্থ-পৰিৱেশগত কাৰকসমূহ অধ্যয়ন কৰা।

iii. এই পৰিৱৰ্তনসমূহৰ আঁৰৰ অন্তৰ্নিহিত কাৰকসমূহ চিনাক্ত কৰা, যিবোৰৰ ভিতৰত  অনুপ্ৰৱেশ, অস্বাভাৱিক বসতিৰ ধৰণ আৰু প্ৰব্ৰজন আদি অন্তৰ্ভুক্ত

iv. ধৰ্মীয় বা সামাজিক সম্প্ৰদায়ৰ স্তৰত গাঁথনিগত জনসংখ্যাৰ পৰিৱৰ্তন বিশ্লেষণ কৰা, বিশেষকৈ য’ত ই  প্ৰচলিত ধাৰাৰ পৰা বিচ্যুত হয়।

v. দেশত ইতিমধ্যে বাস কৰা  অনুপ্ৰৱেশকাৰীসকলক আইনীভাবে ন্যায্য তথা সময়সীমাবদ্ধ চিনাক্তকৰণ, আটক তথা  বিতাড়নৰ বাবে এক সুশৃংখলিত আৰু স্থায়ী কাৰ্য্যকৰী ব্যৱস্থাৰ পৰামৰ্শ দিয়া।

vi. এনে ধাৰাসমূহৰ নিৰন্তৰ নিৰীক্ষণৰ বাবে সীমান্ত ব্যৱস্থাপনা, জনসংখ্যাৰ স্থিতিশীলতা  আৰু চিনাক্তকৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে উপযুক্ত প্ৰতিষ্ঠানিক ব্যৱস্থাৰ পৰামৰ্শ দিয়া।

vii.  অনুপ্ৰৱেশ আৰু তাৰ ফলত  সৃষ্টি হোৱা জনগাঁথনিগত ভাৰসাম্যহীনতাৰ সৈতে জড়িত বিষয়সমূহৰ সমাধানৰ বাবে  কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে এক বিস্তৃত নীতিগত কাঠামোৰ প্ৰস্তাৱ দিয়া।

viii.  অনুপ্ৰৱেশকে ধৰি জনগাঁথনিগত পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ কমিটীয়ে উপযুক্ত বুলি ভবা আন যিকোনো ব্যৱস্থাৰ পৰামৰ্শ দিব পাৰে।

********

RK/PR/PS/DM


(ৰিলিজ আই ডি : 2265706) অতিথি কক্ষ : 9