গৃহ মন্ত্ৰালয়
অপাৰেচন ৰেজপিল: এনচিবিয়ে ধ্বংস কৰিলে বৃহৎ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক; প্ৰথমবাৰৰ বাবে ভাৰতত জব্দ কৰে মধ্যপ্ৰাচ্য অঞ্চলত ব্যৱহৃত চাইকোট্ৰপিক পদাৰ্থ কেপ্টাগন
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে এনচিবিৰ সাহসী আৰু সজাগ যোদ্ধাসকলক ‘অপাৰেচন ৰেজপিল’( RAGEPILL) সফলতাৰে সম্পন্ন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
‘অপাৰেচন ৰেজপিল’ৰ জৰিয়তে আমাৰ সংস্থাসমূহে কেপ্টাগন নামৰ “জিহাদী ড্ৰাগছ” প্ৰথমবাৰৰ বাবে জব্দ কৰিবলৈ সক্ষম হৈছে।
মধ্যপ্ৰাচ্যলৈ নিৰ্ধাৰিত ড্ৰাগছৰ সৰবৰাহ ধৰা পেলা পৰাটো মোদী চৰকাৰৰ ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে
আমি আমাৰ ভূখণ্ডক সৰবৰাহৰ পথ হিচাপে ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশ কৰা বা দেশৰ পৰা উলিয়াই নিব বিচৰা প্ৰতি গ্ৰাম ড্ৰাগছ ধৰা পেলাম
এনচিবিয়ে ক্ৰয়ৰ উৎস, হাৱালা সম্পৰ্ক , লজিষ্টিক চেইন, আন্তঃৰাষ্ট্ৰীয় গ্ৰহণ কৰোতা আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে
১৮২ কোটি টকাৰ ২২৭.৭ কিলোগ্ৰাম কেপ্টাগন টেবলেট/পাউদাৰ জব্দ কৰা হৈছে, এই চক্ৰৰ সৈতে জড়িত ছিৰিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে
পোষ্ট কৰা হৈছে:
16 MAY 2026 2:06PM by PIB Guwahati
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰা এক বৃহৎ অগ্ৰগতি হিচাপে অপাৰেচন ৰেজেপিলৰ অধীনত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে (এনচিবি) কেপ্টাগনৰ সৰবৰাহৰ সৈতে জড়িত এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰক সফলতাৰে উৎখাত কৰিবলৈ সক্ষম হৈছে। লগতে প্ৰায় ২২৭.৭ কিলোগ্ৰাম কেপ্টাগন টেবলেট/পাউদাৰ জব্দ কৰাৰ উপৰি ভাৰতত নিৰ্ধাৰিত সময়তকৈ অতিৰিক্ত সময় থকা এই চক্ৰৰে জৰিত এজন ছিৰিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে । কেপ্টাগনত মূলতঃ ফেনেটিলাইন আৰু এম্ফেটামাইন থাকে, যিবোৰ এনডিপিএছ আইনৰ অধীনত চাইকোট্ৰপিক পদাৰ্থ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে এনচিবিৰ সাহসী আৰু সজাগ যোদ্ধাসকলক ‘অপাৰেচন ৰেজপিল’ সফলতাৰে সম্পন্ন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে ‘অপাৰেচন ৰেজপিল’ৰ জৰিয়তে আমাৰ সংস্থাসমূহে প্ৰথমবাৰৰ বাবে তথাকথিত “জিহাদী ড্ৰাগছ” কেপ্টাগন জব্দ কৰিবলৈ সক্ষম হৈছে।
শ্ৰী অমিত শ্বাহে এক্সত দিয়া পোষ্ট কয় , “মোদী চৰকাৰে ‘ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ৰ বাবে সংকল্পবদ্ধ। এই কথা অৱগত কৰি আনন্দিত যে ‘অপাৰেচন ৰেজিপিল’ৰ জৰিয়তে আমাৰ এজেন্সীসমূহে প্ৰথমবাৰৰ বাবে ১৮২ কোটি টকাৰ তথাকথিত “জিহাদী ড্ৰাগছ” কেপ্টাগন , জব্দ কৰিবলৈ সক্ষম হৈছে। মধ্যপ্ৰাচ্যৰ বাবে নিৰ্ধাৰিত ড্ৰাগছ খিনি জব্দ কৰাৰ লগতে বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। এয়া ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে ।মই পুনৰ কওঁ যে আমি আমাৰ ভূখণ্ডক সৰহৰাহৰ পথ হিচাপে ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশ কৰা বা দেশৰ পৰা উলিয়াই নিব বিচৰা প্ৰতি গ্ৰাম ড্ৰাগছ জব্দ কৰিম। । এন চি বিৰ সাহসী আৰু সজাগ যোদ্ধাসকললৈ অভিনন্দন।
এটা বিদেশী ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থাৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতক কেপ্টাগনৰ সৰবৰাহৰ বাবে সৰবৰহাৰ পথ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়। উক্ত তথ্যৰ ভিত্তিতে নতুন দিল্লীৰ নেব চৰাইত এটা ঘৰ চিনাক্ত কৰা হয় আৰু ২০২৬ চনৰ ১১ মে’ত ঘৰটোত চলোৱা তালাচীৰ সময়ত প্ৰায় ৩১.৫ কিলোগ্ৰাম কেপ্টাগন টেবলেট উদ্ধাৰ কৰ হয়। যিবোৰ এটা মেচিনত সযতনে লুকুৱাই ৰখা হৈছিল। প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে সেয়া জেদ্দা, চৌদি আৰবলৈ ৰপ্তানিৰ বাবে ৰখা হৈছিল । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ছিৰিয়াৰ নাগৰিকজনে ১৫.১১.২০২৪ তাৰিখে পৰ্যটন ভিছাৰে ভাৰতত প্ৰৱেশ কৰিছিল । যদিও ১২.০১.২০২৫ তাৰিখে তেওঁৰ ভিছাৰ ম্যাদ উকলি গৈছিল তথাপি তেওঁ অবৈধভাৱে ভাৰতত অতিৰিক্ত সময় আছিল আৰু নেব চৰাইৰ উক্ত ঘৰটো ভাড়াত লৈছিল।
অভিযুক্তক আৰু অধিক সোছা-পোছা কৰাৰ অন্তত ১৪ মে', ২০২৬ত গুজৰাটৰ মুণ্ড্ৰাত থকা কণ্টেইনাৰ ফেচিলিটেশ্যন ষ্টেচন (চিএফএছ)ত থকা এটা কণ্টেইনাৰৰ পৰা প্ৰায় ১৯৬.২ কিলোগ্ৰাম কেপ্টাগন পাউদাৰ জব্দ কৰা হয় । পাত্ৰটোৰ পুংখানুপুংখ অনুসন্ধানত ১৯৬.২ কিলোগ্ৰাম কেপ্টাগন পাউদাৰ থকা ৩টা বেগ উদ্ধাৰ কৰা হয়। । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে জব্দ কৰা ড্ৰাগছ খিনি উপসাগৰীয় অঞ্চল, বিশেষকৈ চৌদি আৰব আৰু চুবুৰীয়া মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ সৰবৰাহৰ উদ্দেশ্যে ৰখা হৈছিল, য’ত কেপ্টাগনৰ অপব্যৱহাৰে আইন প্ৰয়োগকাৰী সংস্থা আৰু জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ চিন্তাৰ বিষয় হিচাবে পৰিগণিত হৈছে।
অপাৰেচন ৰেজেপিলৰ সময়ত জব্দ হোৱা মুঠ ড্ৰাগছৰ পৰিমাণ প্ৰায় ২২৭.৭ কিলোগ্ৰাম। এনে কেপ্টাগন টেবলেট/পাউদাৰ সমগ্ৰ উপসাগৰীয় আৰু মধ্যপ্ৰাচ্যৰ অবৈধ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য আনুমানিক প্ৰায় ১৮২ কোটি টকা হ'ব। এই অভিযানে ভাৰতত প্ৰথমবাৰৰ বাবে কেপ্টাগন জব্দ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। লগতে অভিযানটোৱে আন্তঃৰাষ্ট্ৰীয় চক্ৰসমূহে ভাৰতক ড্ৰাগছ সৰবৰাহৰ পথ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাৰ কথাও পোহৰলৈ আনিছে। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱাৰ ভাগ-বাটোৱাৰা কৰা তথ্য আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সহযোগিতাই একাধিক ন্যায়িক অধিকাৰক্ষেত্ৰত চলি থকা আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সৰবৰাহৰ নেটৱৰ্ক চিনাক্ত কৰা, বাধা দিয়া আৰু ভাঙি পেলোৱাত কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই কথাও প্ৰমাণ কৰিছে। সমগ্ৰ বিশ্বৰ ড্ৰাগছৰ বিৰুদ্ধে বলৱৎকাৰী সংস্থাসমূহে কেনেকৈ একত্ৰিত হৈ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰসমূহ ভাঙি পেলাব পাৰে সেই কথাও এই অভিযানে প্ৰমাণ কৰিছে।
ইকুৱেডৰৰ পৰা এটা কণ্টেইনাৰত লুকুৱাই ৰখা ৩৪৯ কিলোগ্ৰাম কোকেইন শেহতীয়াকৈ মুম্বাইত এনচিবিৰ আন এক বৃহৎ অভিযানত ধৰা পৰাৰ কথাই অঞ্চলসমূহৰ মাজত নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বাবে কণ্টেইনাৰ, বাণিজ্যিক পথৰ অপব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰসমূহে ক্ৰমাৎ বৃদ্ধি কৰা সক্ৰিয়তাৰ কথাও প্ৰমাণ কৰিছে।
এনচিবিয়ে ক্ৰয়ৰ উৎস, বিত্তীয় আৰু হাৱালা সংযোগ, লজিষ্টিক সুবিধা প্ৰদানকাৰী, আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক তথা ছিণ্ডিকেটৰ সৈতে জড়িত বিশাল আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক চিনাক্তকৰণৰ বাবে এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে। ভাৰত ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছৰ অপব্যৱহাৰৰ দৰে বিশ্বজোৰা সমস্যাৰ প্ৰতি সামূহিক সঁহাৰি নিশ্চিত কৰিবলৈ চোৰাংচোৱাৰ তথ্য ভাগ-বাটোৱাৰা কৰা, ড্ৰাগছৰ মূল হোতাক প্ৰত্যাৰ্পণ কৰা আৰু মাদক-সন্ত্ৰাসবাদ তথা ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এন চি বিয়ে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ নীতিৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাৰ কথা পুনৰবাৰ দৃঢ় কৰা হৈছে। সীমান্তৰ সিপাৰে চলি থকা আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য ছিণ্ডিকেটসমূহ ভাঙি পেলোৱাৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি কাম অব্যাহত ৰখা হৈছে। এনচিবিয়ে নাগৰিকসকলক মানস ( MANAS) হেল্পলাইন (টোল-ফ্ৰী: ১৯৩৩)ৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈও আহ্বান জনাইছে। এইক্ষেত্ৰত তথ্যদাতাৰ পৰিচয় কঠোৰভাৱে গোপনীয় ৰখা হ'ব।
*****
RK/PR/PS/DM
(ৰিলিজ আই ডি : 2261760)
অতিথি কক্ষ : 12