গ্ৰামোন্নয়ণ মন্ত্ৰালয়
শ্ৰমিকসকলৰ জীৱনত এক নতুন সূৰ্য্যৰ উদয়-শ্ৰী শিৱৰাজ সিং চৌহান
নতুন গ্ৰাম্য নিযুক্তি আইনে শ্ৰমিক, কৃষক আৰু গাওঁ তিনিটাকে শক্তিশালী কৰিব-শ্ৰী শিৱৰাজ সিং চৌহান
উন্নত ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ ভিবি- জি ৰাম জি আইনৰ বাবে জাননী জাৰি কৰা হৈছে-কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পহিলা জুলাইৰ পৰা গ্ৰাম্য ভাৰতত নিযুক্তিৰ এক নতুন যুগ আৰম্ভ হৈছে আৰম্ভ হৈছে ; এতিয়া কেৱল ১০০ দিন নহয়, ১২৫ দিনৰ নিশ্চয়তা-শ্ৰী শিৱৰাজ সিং চৌহান
গাঁওসমূহৰ ৰূপ পৰিৱৰ্তনৰ বাবে ১.৫ লাখ কোটি টকাঃ নিযুক্তিৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি পৰ্যন্ত সকলোতে বিস্তৃত এক বৃহৎ অভিযান-শ্ৰী শিৱৰাজ সিং চৌহান
সময়মতে মজুৰি পৰিশোধ, বিলম্বৰ বাবে ক্ষতিপূৰণ আৰু কাম প্ৰদান নকৰিলে নিবনুৱা ভাট্টা-কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান
পোষ্ট কৰা হৈছে:
11 MAY 2026 3:00PM by PIB Guwahati
ভাৰতৰ গ্ৰাম্য উন্নয়নৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি কেন্দ্ৰীয় চৰকাৰে আজি-১১ মে ২০২৬ ত,-‘বিকশিত ভাৰত-নিযুক্তি আৰু জীৱিকাৰ বাবে নিশ্চয়তা অভিযান (গ্ৰাম্য)’ ৰ ৰূপায়ণৰ বাবে এক জাননী জাৰি কৰিছে, যাক ভিবি-জি ৰাম জি আইন বুলিও জনা যায়। এই আইনখন ২০২৬ বৰ্ষৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে বলৱৎ হ’ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই আইনখনে গ্ৰাম্য দৰিদ্ৰ, শ্ৰমিক পৰিয়াল, মহিলা, আত্মসহায়ক গোট আৰু কৃষকসকলৰ বাবে গাঁওসমূহত নতুন আশা, আয় সুৰক্ষা বৃদ্ধি আৰু বৃহৎ পৰিমাণৰ বহনক্ষম উন্নয়নমূলক পদক্ষেপৰ পথ প্ৰশস্ত কৰিব।
আজি ভূপালত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰে যে ‘বিকশিত ভাৰত জি-ৰাম জি আইন’ ৰ বাবে জাননী জাৰি কৰা হৈছে। তেওঁ লগতে অৱগত কৰে যে, ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ নিযুক্তি বিচৰা গ্ৰাম্য অঞ্চলৰ শ্ৰমিকসকলক-পূৰ্ব ১০০ দিনৰ ব্যৱস্থাৰ পৰা বৃদ্ধি কৰি এতিয়া প্ৰতি বছৰে ১২৫ দিনৰ কাম প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে এই অন্তৱৰ্তীকালীন সময়ছোৱাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আইন (এম জি এন আৰ ই জি এ)ৰ সকলো ব্যৱস্থা বলবৎ থাকিব আৰু এম জি এন আৰ ই জি এ পৰিকাঠামোৰ অধীনত বাকী থকা যিকোনো কাম ১ জুলাইৰ আগতে সম্পূৰ্ণ কৰা হ’ব। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যসমূহৰ সৈতে ব্যাপক আলোচনাৰ পাছত নতুন আইনখনৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে। অৱশ্যে, চৰকাৰে এই পৰিৱৰ্তনৰ পৰ্যায়ত যাতে কোনো শ্ৰমিক নিযুক্তিৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ইয়াৰ নিশ্চয়তাৰ বাবে ইতিমধ্যে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
শ্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে যে ‘বিকশিত ভাৰত জি-ৰাম জি’ উদ্যোগৰ অধীনত বেছিভাগ ৰাজ্যতে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সৰ্বাধিক ছমাহৰ সময় থাকিব। তেওঁ স্পষ্ট কৰি দিয়ে যে যদি কোনো ৰাজ্যই পহিলা জুলাইৰ ভিতৰত প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাত ব্যৰ্থ হয় তেন্তে পহিলা জুলাইৰ ৰ পাছত হাতত লোৱা কামৰ বাবে পুঁজিৰ ধৰণ ‘বিকশিত ভাৰত জি-ৰাম জি’ আঁচনিৰ দ্বাৰা পৰিচালিত হ’ব।
শ্ৰী শিৱৰাজ সিঙে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে এই আঁচনিৰ জৰিয়তে নিযুক্তি সৃষ্টিৰ বাবে বাজেটত ৯৫,০০০ কোটি টকাৰো অধিক আৱণ্টন কৰিছে। তেওঁ লগতে কয় যে ৰাজ্যসমূহে ইয়াৰ ৰূপায়ণৰ বাবে নিজ নিজ বাজেটত ব্যৱস্থাও কৰিছে আৰু কেন্দ্ৰ আৰু ৰাজ্য দুয়োৰে পৰা সংযুক্ত আবণ্টন ১,৫১,০০০ কোটি টকা অতিক্ৰম কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে কয় যে শ্ৰমিকসকলক প্ৰত্যক্ষ লাভ হস্তান্তৰৰ (ডিবিটি) জৰিয়তে তেওঁলোকৰ বেংক বা ডাকঘৰৰ একাউণ্টত ধন পৰিশোধ কৰা হ’ব। যদিও লক্ষ্য হ’ব তিনি দিনৰ ভিতৰত পৰিশোধ প্ৰক্ৰিয়া সম্পন্ন কৰা, উদ্দেশ্য হ’ল সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰা আৰু ধন সৰ্বাধিক ১৫ দিনৰ ভিতৰত তেওঁলোকৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰা। তেওঁ লগতে কয় যে যদি ১৫ দিনৰ ভিতৰত পুঁজি লাভ কৰা নহয়, শ্ৰমিকসকলে বিলম্বিত পৰিশোধ ক্ষতিপূৰণৰ অধিকাৰী হ'ব আৰু বিলম্বিত বিতৰণৰ ক্ষেত্ৰত অতিৰিক্ত পৰিমাণ পৰিশোধ কৰিব লাগিব।
শ্ৰী শিৱৰাজ সিঙে কয় যে যদি অনুৰোধ অনুসৰি নিযুক্তি প্ৰদান কৰা নহয়, তেন্তে নিবনুৱা ভট্টাও দিব লাগিব। ইয়াক শ্ৰমিকসকলৰ কল্যাণৰ বাবে প্ৰস্তুত কৰা এক ব্যাপক আঁচনি বুলি বৰ্ণনা কৰি তেওঁ উল্লেখ কৰে যে গাঁওসমূহত আন্তঃগাঁথনি উন্নয়নৰ কামসমূহ বৃহৎ পৰিসৰত হাতত লোৱা হ'ব, যাৰ সমৰ্থনত বাৰ্ষিক আবণ্টন ১,৫১,০০০ কোটি টকাতকৈ অধিক হ'ব।
তেওঁ লগতে কয় যে এই উদ্যোগটোৱে পানী সংৰক্ষণ, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন, পথ, দলং, কালভাৰ্ট, বিদ্যালয় আৰু অঙ্গনৱাড়ী ভৱনৰ দৰে অত্যাৱশ্যকীয় কামবোৰ সহজ কৰি তুলিব। জীৱিকা সৃষ্টি কৰা কাৰ্যকলাপৰ পৰিসৰৰ অধীনত, আন্তঃগাঁথনিৰ সুবিধা-যেনে আত্মসহায়ক গোট (এছ এইচ জি) আৰু কৃষক উৎপাদক সংগঠন (এফ পি অ’) ৰ মহিলা সদস্যসকলৰ বাবে ৱৰ্কিং শ্বেড-ও নিৰ্মাণ কৰিব পাৰি। তদুপৰি, প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ, এই আঁচনিৰ অংশ হিচাপে নদীৰ পাৰত থকা গাঁও বা জলমগ্ন অঞ্চলত ৰক্ষণাবেক্ষণ দেৱাল নিৰ্মাণৰ দৰে কামো হাতত ল’ব পাৰি। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত নিয়োজিত শ্ৰমিকসকলক পৰ্যাপ্ত আৰু সময়োপযোগী মজুৰি পৰিশোধ নিশ্চিত কৰিবলৈ প্ৰশাসনিক ব্যয়ৰ আৱণ্টন ৬ শতাংশৰ পৰা ৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে আস্থা প্ৰকাশ কৰে যে শ্ৰমিকসকলৰ জীৱনত এক নতুন যুগৰ সূচনা কৰি ‘উন্নত ভাৰত’ৰ ভেটি হিচাপে ‘উন্নত গাঁও’ গঢ়ি তোলাৰ সংকল্প পূৰণ কৰাৰ ক্ষেত্ৰত এই আঁচনিখন এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

***
RC/PU/SKJ/MK
(ৰিলিজ আই ডি : 2260652)
অতিথি কক্ষ : 7