প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা: কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

পোষ্ট কৰা হৈছে: 20 APR 2026 3:57PM by PIB Guwahati

ফলাফল:

১/ ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে যুটীয়া কৌশলগত দৃষ্টিভংগী গ্ৰহণ

২) জাহাজ নিৰ্মাণ, জাহাজ আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ  বিস্তৃত  সিদ্ধান্ত গ্ৰহণ

৩/ বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত  ভাৰত-কোৰিয়া গণৰাজ্যৰ যুটীয়া বিবৃতি

৪) শক্তি সম্পদ সুৰক্ষাৰ বিষয়ত  ভাৰত-কোৰিয়া গণৰাজ্যৰ যুটীয়া বিবৃতি

 বুজাবুজি চুক্তি/ কাঠামো

১/ বন্দৰৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

২) ঔদ্যোগিক সহযোগিতা সমিতি গঠনৰ বিষয়ত  বুজাবুজি চুক্তি

৩/ তীখা যোগান শৃংখলৰ বাবে প্ৰযুক্তি তথা বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

৪/ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

৫) সামুদ্ৰিক ঐতিহ্যৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

৬) ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি উন্নীতকৰণৰ বাবে আলোচনা পুনৰ আৰম্ভ কৰাৰ যৌথ ঘোষণা

৭) পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্কত আইএফএছচিএ আৰু এফএছএছ/এফএছচিৰ মাজত বুজাবুজি চুক্তি

৮) এন পি চি আই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড আৰু কোৰিয়ান ফাইনেন্সিয়েল টেলিকমিউনিকেচন এণ্ড ক্লিয়াৰিং ইনষ্টিটিউটৰ মাজত বুজাবুজিৰ চুক্তি

৯/ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

১০) ভাৰত-কোৰিয়া ডিজিটেল সাকো গঢ়ি তোলাৰ কাঠামো গ্ৰহণৰ সিদ্ধান্ত

১১) জলবায়ু আৰু পৰিৱেশৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত বুজাবুজি চুক্তি

১২) পেৰিছ চুক্তিৰ ৬.২ অনুচ্ছেদৰ অধীনত সমবায় পদ্ধতিৰ বিষয়ত  বুজাবুজি চুক্তি

১৩) ২০২৬-২০৩০ বৰ্ষৰ বাবে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী

১৪) সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগত সহযোগিতাৰ বুজাবুজি চুক্তি

১৫) ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

ঘোষণা

১/ অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় আলোচনা আৰম্ভ কৰাৰ পোষকতা

২) ডিষ্টিনগুইছ ভিজিটৰছ প্ৰগ্ৰেম (ডিভিপি) গ্ৰহণ

৩) জলবায়ু পৰিৱৰ্তন, মেৰু আৰু সামুদ্ৰিক সহযোগিতাকে ধৰি বিশ্বজোৰা  বিষয়বস্তু সন্দৰ্ভত  দুয়োখ দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মাজত আলোচনা আৰম্ভ কৰাৰ পোষকতা।

৪/ কোৰিয়া গণৰাজ্যই ইণ্ডো পেচিফিক অ’চেনছ ইনিচিয়েটিভত যোগদান কৰিব।

৫) আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাত যোগদান কোৰিয়া গণৰাজ্যৰ আৰু গ্ল’বেল গ্ৰীণ গ্ৰ’থ ইনষ্টিটিউট (জি জি জি আই)ত যোগদান ভাৰতৰ

৬) ২০২৮-২৯ বৰ্ষক ভাৰত-কোৰিয়া গণৰাজ্যৰ বন্ধুত্বৰ বছৰ হিচাপে পালন কৰাৰ সিদ্ধান্ত ।

************

MJPS/ST/DM


(ৰিলিজ আই ডি : 2253831) অতিথি কক্ষ : 8