পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ মূল খণ্ডসমূহৰ তথ্য প্ৰকাশ

ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী বুকিঙৰ তুলনাত স্বাভাৱিক হৈয়েই আছে; কালি ৫৩.৫ মিলিয়নতকৈ অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়

৩৯ হাজাৰৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি ডট ইনৰ জৰিয়তে নিজৰ এলপিজি সংযোগ প্ৰত্যাহাৰ কৰিছে

পিএছইউ অ’এমচিসমূহৰ গড় অটো এলপিজি বিক্ৰী ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিদিনে গড় ১৭৭ মেট্ৰিক টনৰ তুলনাত ২০২৬ চনৰ এপ্ৰিল মাহত (১৭ এপ্ৰিল, ২০২৬ তাৰিখলৈকে) প্ৰতিদিনে ৩০৫ মেট্ৰিক টনত উপনীত হয়

ভাৰতৰ পতাকা সংলগ্ন খাৰুৱা তেলৰ টেংকাৰ ‘দেশ গৰিমা’ জাহাজখনে ৩১ জন ভাৰতীয় নাৱিকক লৈ কালি নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে; জাহাজখন ২০২৬ চনৰ ২২ এপ্ৰিলত মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে

ইৰাণৰ ৰাষ্ট্ৰদূতলৈ আহ্বান জনোৱা হৈছে; হৰমুজ প্ৰণালীত ভাৰতৰ পতাকা সংলগ্ন জাহাজৰ সৈতে জড়িত গুলীচালনাৰ ঘটনাত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ

যিবোৰ দেশৰ আকাশমাৰ্গ মুকলি, সেইবোৰ দেশৰ পৰা বিমান সেৱা অব্যাহত আছে; ২৮ ফেব্ৰুৱাৰীৰ পৰা এনেবোৰ অঞ্চলৰ পৰা প্ৰায় ১০.৯৭ লাখ যাত্ৰীয়ে ভাৰতলৈ যাত্ৰা কৰিছে

পোষ্ট কৰা হৈছে: 19 APR 2026 5:35PM by PIB Guwahati

পশ্চিম এছিয়াৰ শেহতীয়া ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে সমন্বিত ব্যৱস্থাৰ জৰিয়তে মূল খণ্ডসমূহৰ মাজত প্ৰস্তুতি তথা ধাৰাবাহিকতা নিশ্চিত কৰাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তলৰ তথ্যবোৰে শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায় সম্পৰ্কে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ৰূপৰেখা দাঙি ধৰিছে :

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

হৰমুজ প্ৰণালীৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পেট্ৰলিয়ামজাত সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ মতে:

পৰামৰ্শ আৰু নাগৰিক সজাগতা

  • নাগৰিকসকলক পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ আতংকিত ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো চৰকাৰে পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।
  • উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
  • এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
  • নাগৰিকসকলক পিএনজি আৰু বিকল্প ইন্ধন, যেনে- বিদ্যুৎ বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  • সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সঞ্চয়ৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা

  • বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি, আৰু চি এন জি (পৰিবহণ) ১০০% যোগান নিশ্চিত কৰিছে।
  • বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ফাৰ্মা, ষ্টীল, অট’ম’বাইল, বীজ, কৃষি আদি খণ্ডকো অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি প্ৰব্ৰজিত শ্ৰমিকসকলক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ যোগান দুগুণ কৰা হৈছে; এই বৃদ্ধি ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চৰ গড় দৈনিক যোগানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।
  • চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিবাদী ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ ভিতৰত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত ২১ দিন আৰু গ্ৰাম্যাঞ্চলত ৪৫ দিনলৈ বুকিং ব্যৱধান বৃদ্ধি কৰা, যোগানৰ বাবে বিভিন্ন খণ্ডক অগ্ৰাধিকাৰ দিয়া আদি অন্যতম।
  • এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
  • কয়লা মন্ত্ৰালয়ে কোল ইণ্ডিয়া আৰু চিংগাৰেনী কোলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা আবণ্টন দিবলৈ নিৰ্দেশ দিছে।
  • ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ উপলব্ধতা সহজ কৰি তুলিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা

  • ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু মজুত তথা ক’লা ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে।
  • পেট্ৰ’ল, ডিজেল, আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো পত্ৰ আৰু ভিডিঅ’ কনফাৰেন্স (ভিচি)ৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কথাৰ পুনৰাবৃত্তি কৰি আছে।
  • ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ বিষয়ে আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। এই প্ৰেক্ষাপটত ০২.০৪.২০২৬ (এমঅ’পিএনজিৰ সচিবৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (এমঅ’পিএনজিৰ সচিবৰ অধ্যক্ষতাত, তথ্য আৰু সম্প্ৰচাৰ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবসকলৰ সৈতে) বৈঠক অনুষ্ঠিত হয়, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় :
    • দৈনিক সংবাদ মেল আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
    • সামাজিক মাধ্যমত প্ৰচাৰিত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু খণ্ডন কৰা।
    • জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু তেল বিপণন কোম্পানী (অ’এমচি)ৰ সৈতে সমন্বয়ৰে এই অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা।
    • তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰা।
    • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ আবণ্টিত অতিৰিক্ত এছকেঅ (কেৰাচিন)ৰ বাবে এছকেঅ’ আবণ্টন নিৰ্দেশ জাৰি কৰা।
    • পিএনজি আৰু বিকল্প ইন্ধন ব্যৱহাৰক প্ৰসাৰ কৰা।
    • বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিৰতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰিত বিতৰণ ব্যৱস্থা গ্ৰহণ কৰা।
  • সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে মজুত আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
  • কেইবাখনো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদ বিজ্ঞপ্তি জাৰি কৰি আছে।

বলৱৎকৰণ আৰু নিৰীক্ষণ ব্যৱস্থা

  • এল পি জিৰ মজুত আৰু ক’লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে অভিযান বলৱৎকৰণ ব্যৱস্থা অব্যাহত আছে। ১৮.০৪.২০২৬ তাৰিখলৈকে সমগ্ৰ দেশত ২৪০০ৰো অধিক অভিযান চলোৱা হৈছিল।
  • পি এছ ইউৰ তেল বিপণন কোম্পানীসমূহে আকস্মিক পৰিদৰ্শন অধিক শক্তিশালী কৰিছে আৰু কালিলৈ ২৬৪টা এল পি জি বিতৰকক জৰিমনা বিহা হৈছে আৰু ৬৭টা এল পি জি বিতৰকক নিলম্বন কৰা হৈছে।

এল পি জি যোগান

ঘৰুৱা এল পি জি যোগানৰ অৱস্থা :

  • বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এল পি জি যোগানত প্ৰভাৱ পেলাইছে।
  • ঘৰুৱা পৰিয়ালক এল পি জি যোগান ধৰাত অগ্ৰাধিকাৰ দিয়া হৈছে।
  • এল পি জি বিতৰকৰ ওচৰত নাটনি হোৱাৰ কোনো খবৰ পোৱা নাই।
  • সমগ্ৰ উদ্যোগটোত অনলাইন এল পি জি বুকিং কালিলৈ প্ৰায় ৯৮%লৈ বৃদ্ধি পাইছে।
  • অপব্যৱহাৰ ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডিএচি)ৰ ওপৰত ভিত্তি কৰি সুষম ডেলিভাৰী ৯৩তকৈ অধিক শতাংশলৈ বৃদ্ধি পাইছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডিএচি লাভ কৰে।
  • বুকিঙৰ তুলনাত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈয়ে আছে।
  • ১৮.০৪.২৬ তাৰিখে ৫৩.৫ লাখৰো অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছিল।

বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টন ব্যৱস্থা :

  • মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ পৰা প্ৰায় ৭০%লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰভিত্তিক আবণ্টনো অন্তৰ্ভুক্ত।
  • ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে অৱগত কৰিছে যে প্ৰতিখন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক বিতৰণৰ বাবে উপলব্ধ ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ দৈনিক পৰিমাণ দুগুণ কৰা হৈছে। এই বৃদ্ধি ২১.০৩.২০২৬ তাৰিখৰ পত্ৰত উল্লেখ কৰা ২০% সীমাৰ বাহিৰত, আৰু ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক দিয়া গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি তেল বিপণন কোম্পানীসমূহ (অ’এমচি)ৰ সহায়ত এয়া কৰা হৈছে।
  • ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কেজি এফটিএল চিলিণ্ডাৰৰ বাবে ৬৭০০ৰো অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ৯৬,০০০ৰো অধিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। কালি ২৩০ টাতকৈও অধিক শিবিৰৰ জৰিয়তে ৫২৩৩টা ৫ কেজি ওজনৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।
  • শেহতীয়াকৈ ২০২৬ চনৰ ১৮ এপ্ৰিলত বিপিচিএলে এমআইডিচি, ৰাবালে (থানে)ত আয়োজন কৰা ৫ কেজি এফটিএল সজাগতা শিবিৰৰ ভিতৰত এটাত অতি অধিক সঁহাৰি পোৱা গৈছে আৰু শিবিৰটোত ৩০০ৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
  • ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা ১৮.৩৩ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
  • আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰে গঠিত তিনিজনীয়া কমিটীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
  • ১৮.০৪.২০২৬ তাৰিখলৈকে ৯১৯২ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৪.৮৩ লাখতকৈ অধিক ১৯ কেজি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছে।
  • ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা মুঠ ১,৬৭,৭৭৫ ​​মেট্ৰিক টন (৮৮.৩ লাখতকৈ অধিক ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।ইয়াৰ ভিতৰত ৯৬০০ মেট্ৰিক টনতকৈ অধিক অটো এল পি জি অন্তৰ্ভুক্ত।
  • এপ্ৰিল, ২৬লৈ (১৭.০৪.২৬) পিএছইউ অ’এমচিসমূহে অটো এলপিজিৰ গড় বিক্ৰী প্ৰতিদিনে প্ৰায় ৩০৫ মেট্ৰিক টন আছিল, যিটো ফেব্ৰুৱাৰী, ২৬ত প্ৰতিদিনে ১৭৭ মেট্ৰিক টন আছিল।
  • লক্ষ্য কৰা হৈছে যে অটো এল পি জিৰ বিক্ৰী ব্যক্তিগত কোম্পানীৰ পৰা পি এছ ইউ অ’ এম চিলৈ স্থানান্তৰিত হৈছে। ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে পিএছইউ অ’এমচিৰ দ্বাৰা অটো এলপিজি বিক্ৰী ৭২% বৃদ্ধি পাইছে। এই বৃদ্ধি মূলতঃ কৰ্ণাটক, তামিলনাডু, তেলেংগানা, ৰাজস্থান, পশ্চিমবংগ আদি ৰাজ্যত দেখা গৈছে।

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ

গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে, ডি-পিএনজি আৰু চিএনজি পৰিবহণৰ ১০০% যোগান নিশ্চিত কৰা হৈছে। সাৰ উদ্যোগলৈ মুঠ গেছৰ আবণ্টন ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৫% লৈ বৃদ্ধি কৰা হৈছে।

  • তদুপৰি চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছৰ যোগান ৮০% লৈ বৃদ্ধি কৰা হৈছে।
  • চিজিডি সত্তাসমূহক বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিবলৈ তেওঁলোকৰ সকলো ভৌগোলিক অঞ্চল (জিএ)ত হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহলৈ পিএনজি সংযোগ প্ৰদান কৰাত অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • আইজিএল, এমজিএল, গেইল গেছ, আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে উদগনি আগবঢ়াইছে।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।
  • ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনক সমৰ্থন কৰে বাণিজ্যিক এল পি জিৰ ১০% অতিৰিক্ত আবণ্টনৰ প্ৰস্তাৱ দিছে।
  • ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
  • পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰখনৰ ভিত্তিত চিজিডি আন্তঃগাঁথনিৰ বাবে ‘দ্ৰুত আবণ্টন কাঠামো’ গ্ৰহণ কৰিছে, য’ত সময়সীমা হ্ৰাস কৰা হৈছে। এইটো এটা বিশেষ ব্যৱস্থা, ই ৩ মাহৰ বাবে কাৰ্যকৰী, যাতে চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰা হয়।
  • ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট চাই অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত ‘প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামজাত সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬’ অধিসূচনা জাৰি কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময় নিৰ্ধাৰিত কাঠামো প্ৰদান কৰে। ইয়াৰ ফলত অনুমোদন লাভ আৰু মাটিৰ সুবিধা লাভ কৰাত পলম হোৱা নাই, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সম্ভৱপৰ হৈছে। ই পিএনজি নেটৱৰ্ক বিকাশ ত্বৰান্বিত কৰিব, শেষ মাইলৰ সংযোগ উন্নত কৰিব আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে। এইদৰে শক্তি সুৰক্ষা শক্তিশালী কৰাৰ লগতে ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই নিব।
  • পিএনজিআৰবিয়ে চিজিডি সংস্থাসমূহক ডি-পিএনজি সংযোগ প্ৰদানৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি অভিযান ২.০’ ৩০.০৬.২০২৬লৈ বৃদ্ধি কৰা হৈছে।
  • স্বচ্ছ, অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল শক্তিৰ ভৱিষ্যতৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে ‘মডেল ষ্টেট চিবিজি পলিচী’ৰ খচৰা প্ৰস্তুত কৰিছে। এই আৰ্হি নীতিৰ লক্ষ্য হৈছে ৰাজ্যসমূহক চিবিজি উন্নয়নৰ বাবে নিজা, বিনিয়োগকাৰী-অনুকূল আৰু ৰূপায়ণমুখী পৰিৱেশতন্ত্ৰ সৃষ্টিত সক্ষম কৰিবলৈ এক বিস্তৃত আৰু নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী খণ্ডত অগ্ৰাধিকাৰ দিয়া হ’ব।
  • ০৭.০৪.২০২৬ তাৰিখৰ এক আদেশৰ জৰিয়তে এমঅ’ইএফচিচিয়ে চিপিচিবিক ১৫ দিনৰ ভিতৰত চিজিডি নেটৱৰ্ক/আন্তঃগাঁথনিৰ বাবে ‘স্থাপন’ বা ‘পৰিচালনা’ সন্মতি দিবলৈ এছপিচিবি/পিচিচিসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিছে।
  • চিপিচিবিৰ নিৰ্দেশনা অনুসৰি তেল আৰু গেছ পৰিবহণৰ সৈতে জড়িত কিছুমান পাইপলাইনক "সেউজীয়া" শ্ৰেণীৰ অন্তৰ্ভুত কৰা হৈছে।
  • এমঅ’ইএফচিচিয়ে ইতিমধ্যে "অটোমোবাইল চাৰ্ভিচিং, মেৰামতি আৰু পেইন্টিং নকৰা ইন্ধন বিতৰণ গোট"ক "শ্বেত" শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত কৰিছে, আৰু সংশ্লিষ্ট আইনসমূহৰ অধীনত তেওঁলোকক 'প্ৰতিষ্ঠা' বা 'কাৰ্য্যকৰী কৰিবলৈ' সন্মতিৰ পৰা ৰেহাই দিয়া হৈছে।
  • ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা আজিলৈকে ৪.৮৫ লাখতকৈ অধিক পিএনজি  গেছৰ সৈতে সংযোগ কৰা হৈছে। ইয়াৰ উপৰি ৫.৪৩ লাখতকৈ অধিক গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
  • ১৮.০৪.২০২৬ তাৰিখলৈকে ৩৯,০০০ৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি ডট ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ প্ৰত্যাহাৰ কৰিছে।

 

খাৰুৱা তেলৰ পৰ্যাপ্ততা আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ

  • সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতেৰে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুতো আছে।
  • ঘৰুৱা ব্যৱহাৰ পূৰণ কৰিবলৈ শোধনাগাৰত ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
  • ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগান নিশ্চিত কৰাৰ বাবে আন্তঃমন্ত্ৰালয়ৰ যুটীয়া কাৰিকৰী গোট (জেডব্লিউজি) গঠন কৰা হৈছে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে তেল শোধনাগাৰসমূহক (পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি) চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি) দ্বাৰা চিনাক্ত কৰা জটিল খণ্ডসমূহলৈ নিৰ্দিষ্ট নূন্যতম পৰিমাণৰ চি-৩ আৰু চি-৪ ষ্ট্ৰিম প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
  • ঔষধ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ (ডিচিপিচি) আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত এলপিজিৰ মজুতস্থলীৰ পৰা ঔষধ আৰু ৰাসায়নিক খণ্ডৰ কোম্পানীসমূহক প্ৰতিদিনে ১০০০ মেট্ৰিক টন (এমটি) যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
  • ২০২৬ চনৰ ৯ এপ্ৰিলৰ পৰা প্ৰায় ৩৭০০ মেট্ৰিক টন প্ৰপাইলিন বিক্ৰী হৈছে।

 

খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণ ব্যৱস্থা

  • সমগ্ৰ দেশতে খুচুৰা বিপণীসমূহ স্বাভাৱিকভাৱে চলি আছে।
  • মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সকাহ দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
  • ভাৰত চৰকাৰে ১১.০৪.২০২৬ তাৰিখৰ ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে ডিজেলৰ ওপৰত ৰপ্তানি কৰ প্ৰতি লিটাৰত ৫৫.৫০ টকা আৰু প্ৰতি লিটাৰ এ টি এফত ৪২ টকালৈ বৃদ্ধি কৰিছে, যাতে ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিব পাৰি।
  • নিয়মীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে আৰু পিএছইউ অ’এমচিৰ খুচুৰা বিপণীত মূল্য বৃদ্ধি হোৱা নাই।

কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণ ব্যৱস্থা

  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিয়মীয়া কোটাৰ উপৰি ৪৮,০০০ কিলোলিটাৰ কেৰাচিনৰ অতিৰিক্ত কোটা আবণ্টন দিয়া হৈছে।
  • ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে ইয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় অভিযান আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে অহৰহ সমন্বয় সাধন কৰি নাৱিকসকলৰ কল্যাণ আৰু সামুদ্ৰিক কাৰ্য্যকলাপৰ মসৃণ পৰিচালনা নিশ্চিত কৰি আছে। মন্ত্ৰালয়ে উল্লেখ কৰিছে যে :

  • ভাৰতৰ পতাকা সংলগ্ন খাৰুৱা তেল টেংকাৰ ‘দেশ গৰিমা’ নামৰ জাহাজখনে ২০২৬ চনৰ ১৮ এপ্ৰিলত হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদে পাৰ হৈছে। ৩১ জন ভাৰতীয় নাৱিকক লৈ যোৱা জাহাজখনে ২০২৬ চনৰ ২২ এপ্ৰিলত মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
  • বিগত ২৪ ঘণ্টাত ভাৰতীয় দুখন জাহাজ— ভিএলচিচি ‘চামনাৰ হেৰাড’ আৰু বাল্ক কেৰিয়াৰ ‘জগ অৰ্ণৱ’— হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ সময়ত গুলীচালনাৰ ঘটনাৰ খবৰ দিছিল, তাৰ পিছত পাৰস্য উপসাগৰলৈ উভতি আহিছিল। এই ঘটনাত কোনো ক্ৰু মেম্বাৰ আহত হোৱাৰ খবৰ পোৱা নাই।
  • কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নতুন দিল্লীত থকা ইছলামিক ৰিপাব্লিক অব ইৰাণৰ ৰাষ্ট্ৰদূতক বৈদেশিক সচিবৰ সৈতে বৈঠকৰ বাবে মাতি আনে। বৈঠকত বৈদেশিক সচিবগৰাকীয়ে কালি হৰমুজ প্ৰণালীত ভাৰতৰ পতাকা থকা দুখন জাহাজৰ সৈতে সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ বাণিজ্যিক জাহাজ আৰু নাৱিকৰ সুৰক্ষাৰ প্ৰতি ভাৰতে যি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • বাণিজ্যিক জাহাজত গুলীচালনাৰ এই গুৰুতৰ কাণ্ডক লৈ নিজৰ উদ্বেগ পুনৰবাৰ উল্লেখ কৰি বৈদেশিক সচিবগৰাকীয়ে ৰাষ্ট্ৰদূতগৰাকীক ভাৰতৰ মতামত ইৰাণী কৰ্তৃপক্ষৰ আগত প্ৰকাশ কৰাৰ লগতে হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰত অভিমুখী জাহাজসমূহৰ চলাচলত সুবিধা প্ৰদানৰ প্ৰক্ৰিয়াটো অতি সোনকালে সহজ কৰি তুলিবলৈ আহ্বান জনায়।
  • সকলো ভাৰতীয় নাৱিক সুৰক্ষিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সংশ্লিষ্ট অংশীদাৰসকলৰ সমন্বয়ত পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।
  • ডিজি শ্বিপিং কণ্ট্ৰল ৰুমৰ শেহতীয়া তথ্য : আৰম্ভণিৰ পৰাই নিয়ন্ত্ৰণ কক্ষই ৬,৮৯৩টা কল আৰু ১৪,৪৭০টাতকৈও অধিক ইমেইল চম্ভালিছে। যোৱা ২৪ ঘন্টাত ৬৬টা ফোন আৰু ২০৪টা ইমেইল আহিছিল।
  • মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শ্বিপিং)ৰ জৰিয়তে এতিয়ালৈকে ২,৫৩৮ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনাত সহায় কৰিছে; ইয়াৰে ৫১ জন নাৱিক বিগত ২৪ ঘন্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা উভতি আহিছে।
  • সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈয়ে আছে, আৰু ক’তো অঘটন ঘটাৰ খবৰ পোৱা নাই।

অঞ্চলটোত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ শেহতীয়া পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে, আৰু অঞ্চলটোত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। জনোৱা হৈছিল যে :

  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি তথ্য বিনিময় আৰু প্ৰচেষ্টাসমূহৰ উন্নত সমন্বয় সাধন অব্যাহত ৰাখিছে।
  • ভাৰতীয় অভিযান আৰু পোষ্টসমূহে ২৪ ঘণ্টীয়া হেল্পলাইন চলাই আছে আৰু ভাৰতীয় নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে। স্থানীয় চৰকাৰৰ সৈতেও তেওঁলোক অহৰহ সংস্পৰ্শত আছে।
  • শেহতীয়াকৈ পৰামৰ্শ জাৰি কৰা হৈছে, য’ত স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান সেৱা আৰু ভ্ৰমণৰ অৱস্থা, কনছুলাৰ সেৱা তথা আমাৰ সম্প্ৰদায়ক সহায় কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ সম্পৰ্কীয় তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।
  • ভাৰতীয় অভিযানসমূহে অঞ্চলটোৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে, লগতে বিভিন্ন সংঘ, সংস্থা, পেছাদাৰী গোট, ভাৰতীয় কোম্পানী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে।
  • আমাৰ অভিযানসমূহে অঞ্চলটোত জাহাজত নিয়োজিত ভাৰতীয় ক্ৰু-মেম্বাৰসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে; ইয়াৰ ভিতৰত স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰা, কনছুলাৰ সহায় লাভ আৰু ভাৰতলৈ ঘূৰাই অনাৰ অনুৰোধৰ প্ৰতি সমৰ্থন আদি অন্তৰ্ভুক্ত।
  • যিবোৰ দেশৰ আকাশমাৰ্গ মুকলি, সেইবোৰ দেশৰ পৰা বিমান সেৱা অব্যাহত আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এনেবোৰ অঞ্চলৰ পৰা প্ৰায় ১,০৯৭,০০০ যাত্ৰী ভাৰতলৈ আনিছে।
  • সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) বিমান সংস্থাসমূহে কাৰ্য্যকৰী আৰু নিৰাপত্তাৰ কথা মনত ৰাখি ইউ এ ই আৰু ভাৰতৰ মাজত সীমিত সংখ্যক অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান সেৱা অব্যাহত আছে; আজি ইউ এ ই আৰু ভাৰতৰ মাজত প্ৰায় ১১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
  • চৌদি আৰব আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
  • যিহেতু কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি, গতিকে কাটাৰ এয়াৰৱেজে আজি ভাৰতলৈ প্ৰায় ১০ৰ পৰা ১১খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
  • কুৱেইটৰ আকাশমাৰ্গ বন্ধ হৈ আছে। কুৱেইটৰ জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে ছৌদি আৰবৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে।
  • বাহৰেইনৰ আকাশমাৰ্গ মুকলি হৈ আছে। বাহৰেইনৰ গাল্ফ এয়াৰে বাহৰেইনৰ পৰা ভাৰতলৈ সীমিত বিমান চলাচল কৰাৰ পৰিকল্পনা কৰিছে আৰু বৰ্তমান ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অনিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে।
  • ইৰাকৰ আকাশমাৰ্গ মুকলি আৰু অঞ্চলটোৰ গন্তব্যস্থানলৈ সীমিত বিমান সেৱা অব্যাহত আছে, যিবোৰ ভাৰতলৈ অহাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
  • ইৰাণৰ আকাশমাৰ্গ মালবাহী আৰু চাৰ্টাৰ্ড বিমানৰ বাবে আংশিকভাৱে মুকলি। তেহৰাণত থকা ভাৰতীয় দূতাবাসে এতিয়ালৈকে ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজান হৈ ভাৰতলৈ ২,৩৭৮ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই অনাৰ সুবিধা প্ৰদান কৰিছে; ইয়াৰ ভিতৰত আছে ১০৪৬জন ভাৰতীয় ছাত্ৰ আৰু ৬৫৭ জন ভাৰতীয় মাছমৰীয়া।
  • ইজৰাইলৰ আকাশমাৰ্গ মুকলি আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ হৈছে, যিবোৰ ভাৰতলৈ অহাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ভাৰতীয় নাগৰিকসকলক জৰ্ডান আৰু ইজিপ্তৰ মাজেৰে ভাৰত ভ্ৰমণৰ বাবে অহৰহ সুবিধা প্ৰদান কৰা হৈছে।

 

 

TM/KD


(ৰিলিজ আই ডি : 2253603) অতিথি কক্ষ : 7