প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ
এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
16 APR 2026 9:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।
আপোনজনক হেৰুওৱা লোকসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পি এম এন আৰ এফ)ৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ উপৰি আহতসকললৈ ৫০,০০০ টকাকৈ আৰ্থিক অনুদান ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
"অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰভাৱে মৰ্মাহত। আপোনজনক হেৰুওৱা সকলোকে সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।"
মৃতকৰ পৰিয়ালে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য লাভ কৰিব। তদুপৰি আহতসকলে ৫০,০০০ টকাকৈ লাভ কৰিব। PM@narendramodi"
***
MJPS/SS/ST/KD
(ৰিলিজ আই ডি : 2252567)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam