প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হাংগেৰীৰ নিৰ্বাচনত জয়লাভ কৰা পিটাৰ মেগয়াৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
13 APR 2026 11:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পিটাৰ মেগয়াৰ আৰু টিছা পাৰ্টীক তেওঁলোকৰ নিৰ্বাচনী বিজয়ৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ভাৰত আৰু হাংগেৰী গভীৰ বন্ধুত্ব, অংশীদাৰী মূল্যবোধ আৰু দীৰ্ঘকালীন পাৰস্পৰিক সন্মানৰ দ্বাৰা আবদ্ধ। শ্ৰী মোদীয়ে কয় যে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰিবলৈ আৰু দুয়োটা অঞ্চলৰ জনসাধাৰণৰ অংশীদাৰী সমৃদ্ধি আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে মেগয়াৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
" নিৰ্বাচনত বিপুল বিজয়ৰ বাবে পিটাৰ মেগয়াৰ আৰু টিছা পাৰ্টীক আন্তৰিক অভিনন্দন জনাইছো। ভাৰত আৰু হাংগেৰী গভীৰ বন্ধুত্ব, অংশীদাৰী মূল্যবোধ আৰু স্থায়ী পাৰস্পৰিক সন্মানৰ দ্বাৰা আবদ্ধ। আমাৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰিবলৈ আৰু আমাৰ জনসাধাৰণৰ অংশীদাৰী সমৃদ্ধি আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে মই আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।
@magyarpeterMP "
***
MJPS/PRK/HS
(ৰিলিজ আই ডি : 2251452)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam