প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত সংঘটিত শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
13 APR 2026 11:32AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত সংঘটিত দুৰ্ভাগ্যজনক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এই শোকাৱহ ঘটনাত নিজৰ নিকটাত্মীয় আৰু প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ আহত সকলো লোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
"গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত দুখজনক। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো "
***
MJPS/PRK/HS
(ৰিলিজ আই ডি : 2251447)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam