তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতীয় সাংস্কৃতিক বিষয়বস্তুৰ বিশ্বজোৰা প্ৰসাৰ সম্ভৱ কৰাৰ বাবে আইচিচিআৰ-ৰ সৈতে দূৰদৰ্শন (প্ৰসৰ ভাৰতী)ৰ বুজাবুজি চুক্তি স্বাক্ষৰ
বহু-মঞ্চত সাংস্কৃতিক বিষয়বস্তুৰ প্ৰচাৰ সম্ভৱ কৰিবলৈকে অংশীদাৰিত্ব; বিশ্বজোৰা প্ৰসাৰ আৰু ডিজিটেল সম্প্ৰসাৰণত গুৰুত্ব
পোষ্ট কৰা হৈছে:
09 APR 2026 6:51PM by PIB Guwahati
ভাৰতৰ সাংস্কৃতিক কূটনীতি আৰু বিশ্বজোৰা প্ৰসাৰণ প্ৰয়াসক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দূৰদৰ্শন (প্ৰসৰ ভাৰতী)য়ে ‘ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ’ (আই চি চি আৰ)ৰ সৈতে ৭ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ ‘দূৰদৰ্শন ভৱন’ত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
দুয়োটা সংগঠনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত, আৰু দূৰদৰ্শন (প্ৰসাৰ ভাৰতী) আৰু আইচিচিআৰ-ৰ বিষয়াসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে দূৰদৰ্শনৰ সঞ্চালক প্ৰধান শ্ৰী কে সতীশ নম্বুদিৰিপদ আৰু আইচিচিআৰ-ৰ সঞ্চালক প্ৰধান শ্ৰীমতী কে. নন্দিনী সিংলাই।

এই অংশীদাৰিত্বই দূৰদৰ্শন (প্ৰসৰ ভাৰতী)ৰ বিস্তৃত টেলিভিছন, ৰেডিঅ’, আৰু ডিজিটেল পৰিতন্ত্ৰৰ সহায় লৈ আইচিচিআৰ-য়ে প্ৰদান কৰা সাংস্কৃতিক বিষয়বস্তুৰ প্ৰসাৰতা বৃদ্ধি কৰিব বিচাৰিছে। ইয়াৰ ভিতৰত বিদেশত থকা ভাৰতীয় মিছনসমূহে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান, যেনে দূতাবাস, কনছুলেট, আৰু ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ লগতে সমগ্ৰ ভাৰতত আইচিচিআৰ-ৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ মাণ্ডলিক আৰু আঞ্চলিক কাৰ্যালয়সমূহে পৰিচালনা কৰা কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত হ’ব।
বুজাবুজি চুক্তিখনৰ অধীনত আইচিচিআৰ-য়ে সাংস্কৃতিক বিষয়বস্তু আৰু পৰিবেশন প্ৰদান কৰিব, আনহাতে দূৰদৰ্শনে (প্ৰসৰ ভাৰতী) টেলিভিছন চেনেল, ৰেডিঅ’ নেটৱৰ্ক, অ’টিটি প্লেটফৰ্ম, আৰু ছ’চিয়েল মিডিয়াকে ধৰি একাধিক প্লেটফৰ্মত ইয়াৰ কভাৰেজ আৰু প্ৰচাৰৰ কাম হাতত ল’ব। এই ব্যৱস্থাই বহিঃদেশত থকা ভাৰতীয় মিছনসমূহৰ পৰা লাভ কৰা ৰেকৰ্ডিং কৰা সাংস্কৃতিক বিষয়বস্তু সম্প্ৰচাৰৰ সুবিধাও প্ৰদান কৰিব, যাৰ ফলত পৃথিৱীৰ ভিন্ন প্ৰান্তত ভাৰতৰ সাংস্কৃতিক প্ৰকাশভংগীৰ বিস্তৃত প্ৰৱেশ নিশ্চিত হ’ব।
চুক্তিখনৰ এটা মূল বৈশিষ্ট্য হৈছে ডিজিটেল অধিকাৰকে ধৰি বিষয়বস্তুৰ অধিকাৰৰ চিৰদিনীয়া যৌথ মালিকীস্বত্বৰ ব্যৱস্থা, যাৰ ফলত দুয়োটা সংস্থাই দীৰ্ঘম্যাদী ব্যৱহাৰৰ বাবে বিষয়বস্তুৰ সংৰক্ষণ আৰু প্ৰচাৰ কৰিব পাৰিব। দূৰদৰ্শন (প্ৰসাৰ ভাৰতীয়ে)য়ে দৰ্শকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে সম্ভৱপৰ ‘প্ৰি-ইভেণ্ট প্ৰচাৰ আৰু ক্ৰছ-প্লেটফৰ্ম প্ৰচাৰ’ৰো পদক্ষেপ গ্ৰহণ কৰিব।

বুজাবুজি চুক্তিখনে দূৰদৰ্শন (প্ৰসাৰ ভাৰতী)ক এই সহযোগিতাৰ অধীনত নিৰ্মিত বিষয়বস্তুৰ পৰা উদ্ভৱ হোৱা মুদ্ৰাকৰণৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ আৰু অধিক সক্ষম কৰিব, যিয়ে সাংস্কৃতিক সম্প্ৰচাৰৰ পদক্ষেপসমূহৰ বহনক্ষমতাত অৰিহণা যোগাব।
চুক্তিখন তিনি বছৰৰ বাবে বলবৎ থাকিব, য’ত পাৰস্পৰিক সন্মতিৰ জৰিয়তে সম্প্ৰসাৰণৰ ব্যৱস্থা আছে। এই সহযোগিতাই ভাৰতৰ চহকী আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্যৰ দৃশ্যমানতা আৰু সুলভতা যথেষ্ট বৃদ্ধি কৰিব, একে সময়তে সাংস্কৃতিক প্ৰচাৰৰ প্ৰচেষ্টাক সমসাময়িক সংবাদ মাধ্যমৰ মঞ্চ আৰু বিশ্ব দৰ্শকৰ সৈতে সংগতিপূৰ্ণ কৰিব বুলি আশা কৰা হৈছে।
****
Mahesh Kumar/ Vivek Vishwash/KB
(ৰিলিজ আই ডি : 2250628)
অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Telugu
,
Kannada
,
Malayalam