কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
অৰুণাচল প্ৰদেশৰ কামলে, ক্ৰা দাদি আৰু কুৰুং কুমে জিলাত ১৭২০ মেগাৱাটৰ কমলা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ২৬,০৬.৫০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
08 APR 2026 4:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ কামলে, ক্ৰা দাদি আৰু কুৰুং কুমে জিলাত কমলা জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ২৬,০৬৯.৫০ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৯৬ মাহ।
১৭২০ মেগাৱাট (৮ x ২১০ মেগাৱাট আৰু ১ x ৪০ মেগাৱাট) স্থাপিত ক্ষমতাৰ এই প্ৰকল্পটোৱে ৬৮৭০ এমইউ শক্তি উৎপাদন কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ পৰা উৎপাদিত শক্তিয়ে অৰুণাচল প্ৰদেশত বিদ্যুৎ যোগানৰ স্থিতি শক্তিশালী কৰিব, সৰ্বাধিক চাহিদা ব্যৱস্থাপনাত সহায় কৰিব, ৰাষ্ট্ৰীয় গ্ৰীডৰ ভাৰসাম্য বজাই ৰখাত অৰিহণা যোগাব আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বান নিয়ন্ত্ৰণৰ সুবিধা প্ৰদান কৰিব। কমলা এইচ ই পি-ৰ উপৰি, অন্যান্য জলবিদ্যুৎ প্ৰকল্প- নামনি সোৱণশিৰি (২০০০ মেগাৱাট), দিবাং বহুমুখী (২৮৮০ মেগাৱাট) নিৰ্মাণৰ অধীনত খকাৰ উপৰি অৰুণাচল প্ৰদেশৰ এটালিন (৩০৯৭ মেগাৱাট)জলবিদ্যুৎ প্ৰকল্প- এন এইচ পি চি লিমিটেডৰ দ্বাৰা উন্নয়নৰ বাবে পৰিকল্পনা কৰা হৈছে।
এন এইচ পি চি লিমিটেড আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত এক যুটীয়া উদেযোগৰ জৰিয়তে কমলা এইচ ই পি ৰূপায়ণ কৰা হ’ব। ভাৰত চৰকাৰে বান নিয়ন্ত্ৰণ উপাদানৰ বাবে বাজেটৰ সহায়ক হিচাপে ৪৭৪৩.৯৮ কোটি টকা আৰু পথ, দলং তথা আনুষংগিক সঞ্চালন ব্যৱস্থাৰ নিৰ্মাণৰ বাবে বাজেটৰ সহায়ক হিচাপে ১৩৪০ কোটি টকাৰ লগতে ৰাজ্যখনৰ ইকুইটি অংশৰ বাবে ৭৫০ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্য আগবঢ়াব।
ৰাজ্যখনে ১২ শতাংশ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু স্থানীয় এলেকা উন্নয়ন পুঁজি (এল এ ডি এফ) ৰ বাবে অতিৰিক্ত ১ শতাংশ আৱণ্টন কৰাৰ লগতে অঞ্চলটো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন তথা আৰ্থ-সামাজিক উন্নয়নৰ জৰিয়তে লাভান্বিত হ’ব ।
প্ৰকল্পটোৰ বাবে প্ৰায় ১৯৬ কিলোমিটাৰ পথ আৰু দলংৰ উন্নয়নকে ধৰি অৰুণাচল প্ৰদেশৰ কামলে, ক্ৰা দাদি আৰু কুৰুং কুমে জিলাত আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰা হ'ব, যি বেছিভাগ স্থানীয় ব্যৱহাৰৰ বাবে উপলভ্য হ'ব। ৮ কোটি টকাৰ সমৰ্পিত প্ৰকল্প পুঁজিৰ পৰা বিত্তীয় সাহায্য প্ৰদান কৰা চিকিৎসালয়, বিদ্যালয়, বজাৰ আদিৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি নিৰ্মাণৰ পৰাও জিলাখনে লাভৱান হ'ব। স্থানীয় জনসাধাৰণো ক্ষতিপূৰণ, নিযুক্তি আৰু চিএছআৰ কাৰ্যকলাপৰ পৰা উপকৃত হ'ব।
কমলা এইচ ই পি-ৰ উপৰি, তিনিটা প্ৰধান জলবিদ্যুৎ প্ৰকল্প- নামনি সোৱণশিৰি (২০০০ মেগাৱাট), দিবাং বহুমুখী (২৮৮০ মেগাৱাট), আৰু এটালিন (৩০৯৭ মেগাৱাট)-অৰুণাচল প্ৰদেশ আৰু অসমত এন এইচ পি চি লিমিটেডে বিকশিত কৰি আছে। নামনি সোৱণশিৰি এইচইপি (২০০০ মেগাৱাট) ইতিমধ্যে ৭৫০ মেগাৱাটৰ সৈতে এক উন্নত পৰ্যায়ত আছে আৰু বাকী ক্ষমতা ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত আৰম্ভ হ'ব বুলি আশা কৰা হৈছে, আনহাতে সকলো প্ৰকল্পই আয়োজক ৰাজ্যসমূহক ১২ শতাংশ বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব আৰু আঞ্চলিক উন্নয়ন পুঁজিৰ জৰিয়তে স্থানীয় উন্নয়নত সহায় কৰিব।
***
MJPS/MK
(ৰিলিজ আই ডি : 2250157)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Telugu
,
Kannada