গৃহ মন্ত্ৰালয়
মোদী চৰকাৰে বন্ধক-মুক্ত ঋণ প্ৰদানৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ী তথা ষ্টাৰ্ট-আপসমূহক শক্তিশালী কৰি আত্ম-নিযুক্তি আৰু ক্ষুদ্ৰ উদ্যোগসমূহক এক নতুন উৎসাহ প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ মন্তব্য
যোৱা ১১ বছৰত এই কল্যাণমূলক আঁচনিৰ অধীনত ৪০ লাখ কোটিৰো অধিক টকাৰ ৫৮ কোটি ঋণ বিতৰণ কৰা হৈছে
প্ৰায় ১২ কোটি যুৱক-যুৱতীয় উপকৃত হৈছে আৰু এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ যাত্ৰাক নতুন গতি প্ৰদান কৰিছে
ইয়াৰ ভিতৰত, প্ৰতি ৩টা মুদ্ৰা ঋণৰ ২টা মহিলাসকলক দিয়াটো হৈছে মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক ঐতিহাসিক সাফল্য
পোষ্ট কৰা হৈছে:
08 APR 2026 2:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে বন্ধক-মুক্ত ঋণ প্ৰদান কৰি ক্ষুদ্ৰ ব্যৱসায়ী আৰু ষ্টাৰ্ট-আপসমূহক শক্তিশালী কৰিছে, যাৰ ফলত আত্ম-নিযুক্তি আৰু ক্ষুদ্ৰ উদ্যোগসমূহে এক নতুন উৎসাহ লাভ কৰিছে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘মুদ্ৰা যোজনাৰ ১১বছৰত, শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে বন্ধক-মুক্ত ঋণ প্ৰদান কৰি ক্ষুদ্ৰ ব্যৱসায়ী আৰু ষ্টাৰ্টআপসমূহক শক্তিশালী কৰিছে, যাৰ ফলত আত্ম-নিযুক্তি তথা ক্ষুদ্ৰ উদ্যোগসমূহে নতুন শক্তি লাভ কৰিছে। যোৱা ১১ বছৰত এই কল্যাণমূলক আঁচনিৰ অধীনত ৪০ লাখ কোটিকৈও অধিক টকাৰ ৫৮ কোটি ঋণ বিতৰণ কৰা হৈছে, যাৰ ফলত ১২ কোটি যুৱক-যুৱতী উপকৃত হৈছে আৰু ই এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ যাত্ৰাক নতুন গতি প্ৰদান কৰিছে। প্ৰতি ৩টা মুদ্ৰা ঋণৰ ভিতৰত ২টা মহিলাসকলক দিয়া হৈছে। ই মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক ঐতিহাসিক সাফল্য।’
***
RK/RR/PS/SK/MK
(ৰিলিজ আই ডি : 2250044)
অতিথি কক্ষ : 14