ভাৰতীয় নিৰ্বাচন আয়োগ
সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬ : জব্দকৃত সামগ্ৰীৰ মূল্য ৬৫০ কোটি টকাৰো অধিক
পোষ্ট কৰা হৈছে:
05 APR 2026 2:53PM by PIB Guwahati
১. ভাৰতৰ নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু ৬খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ সময়সূচী ১৫ মাৰ্চ, ২০২৬ তাৰিখে ঘোষণা কৰিছে। আয়োগে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক আদৰ্শ আচৰণবিধি (এমচিচি) কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।
২. স্মৰণীয় যে আয়োগে বলৱৎকাৰী সংস্থাৰ মুৰব্বীসকলৰ লগতে ৫খন নিৰ্বাচন অনুষ্ঠিতব্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ ১২খন সীমান্তৱৰ্তী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব, মুখ্য কাৰ্যবাহী বিষয়া, ডিজিপি আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে একাধিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি হিংসামুক্ত, ভয়-ভাবুকিমুক্ত আৰু প্ৰৰোচনামুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।
৩. ইয়াক নিশ্চিত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৫,১৭৩টাতকৈ অধিক ফ্লায়িং স্কোৱাড নিয়োগ কৰা হৈছে, যাতে অভিযোগসমূহ ১০০ মিনিটৰ ভিতৰত সমাধান হয়। ইয়াৰ উপৰি বিভিন্ন স্থানত আকস্মিক তালাচী চলাবলৈ ৫,২০০ৰো অধিক ষ্টেটিক চাৰ্ভিলেন্স টিম (এছ এছ টি) নিয়োগ কৰা হৈছে।
৪. ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ইলেক্ট্ৰনিক চিজাৰ মেনেজমেণ্ট ছিষ্টেম (ই এছ এম এছ) সক্ৰিয় হোৱাৰ পিছৰে পৰা ২০২৬ চনৰ ৫ এপ্ৰিললৈকে জব্দ কৰা সামগ্ৰীৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হল-
|
ক্ৰমিক
নম্বৰ
|
ৰাজ্য
|
নগদ
ধন (কোটিত)
|
সুৰাৰ
পৰিমাণ (লিটাৰত)
|
সুৰাৰ মূল্য (কোটিত)
|
ড্ৰাগছৰ মূল্য
(কোটিত)
|
মূল্যৱান ধাতুৰ মূল্য (কোটিত)
|
ফ্ৰেবিজ/অন্যান্য সামগ্ৰীৰ মূল্য (কোটিত)
|
মুঠ (কোটিত)
|
|
১.
|
পশ্চিম বংগ
|
১১
|
২১,২৯,১০৩
|
৫৫
|
৬৫
|
৩৯
|
১৫০
|
৩১৯
|
|
২.
|
তামিলনাডু
|
৩০
|
৭৪,০২৯
|
২
|
৬৭
|
৮
|
৬৩
|
১৭০
|
|
৩.
|
অসম
|
৪
|
৬,৮৪,৬২৭
|
২০
|
৫৬
|
৪
|
১৩
|
৯৭
|
|
৪.
|
কেৰালা
|
৮
|
৬৪,৮৬২
|
২
|
৪১
|
১
|
৫
|
৫৮
|
|
৫.
|
পুডুচেৰী
|
০.২
|
১১,০৬৮
|
০.৩
|
০
|
৬
|
০.০১
|
7
|
|
|
মুঠ
|
৫৩.২
|
২৯,৬৩,৬৮৯
|
৭৯.৩
|
২৩০
|
৫৮
|
২৩১.০১
|
৬৫১.৫১
|
৫. এই নিৰ্দেশনাসমূহ বলৱৎ কৰিবলৈ কৰা পৰীক্ষা আৰু পৰিদৰ্শনৰ সময়ত বলৱৎকাৰী কৰ্তৃপক্ষই যাতে নাগৰিকসকলক অসুবিধা বা হাৰাশাস্তি নকৰে, তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত যিকোনো অভিযোগৰ সমাধানৰ বাবে জিলা অভিযোগ সমিতি গঠন কৰা হৈছে।
৬. নাগৰিক/ৰাজনৈতিক দলসমূহে চি-ভিজিল মডিউল ব্যৱহাৰ কৰি এমচিচি উলংঘনৰ প্ৰতিবেদন দাখিল কৰিব পাৰিব।
ECINET.
****
PK/GDH/RP/KD
(ৰিলিজ আই ডি : 2249200)
অতিথি কক্ষ : 9