ভাৰতীয় নিৰ্বাচন আয়োগ
সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬: আপোনাৰ প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা তথা অপৰাধমূলক কাৰ্যৰ বিৱৰণ জানিব পাৰিব ইচিনেট(ECINET) প্লেটফৰ্ম ব্যৱহাৰ কৰি
পোষ্ট কৰা হৈছে:
04 APR 2026 1:53PM by PIB Guwahati
১) ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৬ চনৰ ১৫ মাৰ্চত অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু গোৱা, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৮ (আঠ) টা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।
২) ২০২৬ চনৰ ৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া অসম আৰু কেৰালা ৰাজ্য আৰু পুডুচেৰীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নিৰ্বাচন আৰু ৪ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ১৯৫৫ জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে।
৩) পশ্চিমবংগ (প্ৰথম আৰু দ্বিতীয় পৰ্যায়) আৰু তামিলনাডুৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল আৰম্ভ হৈছে ।প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ তামিলনাডু আৰু পশ্চিম বংগৰ (প্ৰথম পৰ্যায়)ৰ বাবে ৯ এপ্ৰিল , পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৩ এপ্ৰিল ধাৰ্য কৰা হৈছে।
৪) নাগৰিকসকলে প্ৰাৰ্থীৰ অপৰাধমূলক গোচৰ, সম্পত্তি আৰু দায়বদ্ধতা, শৈক্ষিক অৰ্হতা তথা প্ৰামাণিক ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিষয়ে তথ্য লাভ কৰিবলৈ ইচিনেট(ECINET)ৰ “আপোনাৰ প্ৰাৰ্থীক জানক (কেৱাইচি)” মডিউল ব্যৱহাৰ কৰিব পাৰে।
৫) ব্যৱহাৰকাৰীয়ে ইয়াৰ বাবে ইচিনেটৰ “নিৰ্বাচন পৰিচালনা” টেবত থকা কেৱাইচি মডিউলত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ উপৰি ইচিনেট ব্যৱহাৰ কৰি প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামা (ফৰ্ম ২৬) ডাউনলোড কৰিব পাৰিব।
৬) ভাৰতৰ নিৰ্বাচন আয়োগৰ ৪০+ এপ আৰু পৰ্টেল একত্ৰিত কৰি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ সকলো নিৰ্বাচন সম্পৰ্কীয় সেৱাক একত্ৰিত কৰি প্ৰস্তুত কৰা ইচিনেট হৈছে বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী সেৱাৰ মঞ্চ।
৭) ইচিনেটে ভোটাৰসকলক নানান সেৱা প্ৰদান কৰে, যেনে ভোটাৰ পঞ্জীয়ন, নিৰ্বাচনী তালিকাৰ বিষয়ে অনুসন্ধান, আপোনাৰ আবেদন অনুসৰণ কৰা, নিৰ্বাচনী বিষয়াৰ সৈতে সংযোগ স্থাপন, বিএলঅ’ৰ সংযোগ স্থাপন , ই-ইপিআইচি ডাউনলোড, ভোটদানৰ ধাৰা আৰু অভিযোগৰ সমাধান কৰা আদি ।
৮) ইয়াৰ উপৰি ই বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰাৰ লগতে অভিযোগ নিষ্পত্তিৰ বাবে একক উইণ্ড’ প্লেটফৰ্ম আগবঢ়ায়। য’ত বিধি উলংঘাৰ প্ৰতিবেদনৰ বাবে চিভিজিল( cVIGIL) আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সহজ নিৰ্বাচনী সেৱা নিশ্চিত কৰিবলৈ সক্ষম(Saksham)ৰ দৰে ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
*****
PK/GDH/RP/DM
(ৰিলিজ আই ডি : 2249008)
অতিথি কক্ষ : 29
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
Malayalam
,
Bengali
,
Bengali-TR
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Gujarati
,
Tamil
,
Telugu