পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল

সাৰৰ পৰ্যাপ্ত মজুত উপলব্ধ; কৃষকক আগৰ দৰে একে দামত যোগান ধৰা হৈছে

ইউৰিয়া ইউনিটলৈ গেছ যোগানৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা
একাধিক দেশত সাৰৰ উৎসৰ বৈচিত্ৰ্যতাৰ সন্ধান কৰা হৈছে

সাৰ ডাইভাৰচন, ব্লেক-মাৰ্কেটিং আৰু অবৈধ মজুতকৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

চিজিডি কোম্পানীক ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ প্ৰসাৰৰ বাবে উদগনি প্ৰদান কৰা হৈছে

উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি বুকিং প্ৰায় ৯৫% লৈ বৃদ্ধি পাইছে

যোৱা সপ্তাহত ২.৬ লাখতকৈ অধিক ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে যোৱা ২ দিনত ৮৮ হাজাৰৰো অধিক চিলিণ্ডাৰ বিক্ৰী হৈছে

নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰিছে ১৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে; বাকী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো তেনে কৰিবলৈ আহ্বান জনোৱা হৈছে

বিগত ২৪ ঘণ্টাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২৫০০ৰো অধিক অভিযান চলাই ২০০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে

সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই

ছৌদি ক্ৰাউন প্ৰিন্সৰ সৈতে কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে ; ভাৰতীয় লোকৰ কল্যাণৰ বাবে অবিৰত সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰশংসা প্ৰকাশ কৰে

দুয়োগৰাকী নেতাই যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰাৰ লগতে জাহাজ পৰিবহণৰ পথ মুকলি তথা সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত সহমত প্ৰকাশ কৰে

সামগ্ৰিকভাৱে বিমান সেৱাৰ পৰিস্থিতিৰ উন্নতি অব্যাহত আছে- ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৫,৫০,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে

পোষ্ট কৰা হৈছে: 30 MAR 2026 5:27PM by PIB Guwahati

পশ্চিম এছিয়াৰ সংকটপূৰ্ণ পৰিস্থিতিৰ বিষয়ে নাগৰিকসকলক অৱগত কৰি ৰখাৰ বাবে ভাৰত চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ অংশ হিচাপে আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল  অনুষ্ঠিত কৰে।  সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা সহায়, আৰু এই খণ্ডসমূহৰ মাজত স্থিতিশীলতা বজাই ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য সমূহ  ভাগ-বাটোৱাৰা কৰা হয়। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগৰ প্ৰতিনিধিয়ে  সংবাদমেলত অংশগ্রহণ কৰি দেশত সাৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে।

সাৰ উপলব্ধতা আৰু যোগানৰ ব্যৱস্থা

দেশৰ সাৰৰ পৰিস্থিতিৰ তথ্য প্ৰদান কৰা হয়, য’ত চৰকাৰে উপলব্ধতা আৰু মসৃণ বিতৰণ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰা হয়। ইয়াত এনেবোৰ তথ্য উল্লেখ কৰা  হয় :

প্ৰচলিত পৰিস্থিতি

• উপসাগৰীয় অঞ্চলটো সাৰ আমদানিৰ এক মূল উৎস হৈয়েই আছে, ইউৰিয়া আমদানিৰ ২০–৩০% আৰু ডি এ পি আমদানিৰ ৩০%, আৰু লগতে ভাৰতৰ এল এন জি আমদানিৰ প্ৰায় ৫০% যোগান ধৰে, যিটো ইউৰিয়া উৎপাদনৰ বাবে এক মূল কাৰক । শেহতীয়া পৰিস্থিতিৰ ফলত সাৰৰ ঘৰুৱা উৎপাদনত ব্যৱহৃত মূল কেঁচামাল আৰু মধ্যৱৰ্তী পদাৰ্থ যেনে এমোনিয়া, চালফাৰ আৰু চালফিউৰিক এচিডৰ ওপৰতো প্ৰভাৱ পৰিছে ।

• বিশ্ব সাৰৰ বজাৰত এল এন জি, এমোনিয়া আৰু চালফাৰকে ধৰি সামগ্ৰীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ লগতে সামগ্ৰী পৰিবহন  আৰু লজিষ্টিক খৰচো বৃদ্ধি পাইছে।

• শেহতীয়া  পৰিস্থিতিৰ বাবে ইউৰিয়াৰ ঘৰুৱা উৎপাদনত প্ৰভাৱ পৰিছে। সাৰ বিভাগে ইয়াৰ প্ৰভাৱ কম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

উপলব্ধতা

• আগন্তুক খাৰিফ ২০২৬ ঋতুৰ বাবে সাৰৰ  মুঠ প্ৰয়োজনীয়তা প্ৰায় ৩৯০ লাখ টন বুলি অনুমান কৰা হৈছে। ২০২৫ চনৰ খাৰিফ বতৰত ৩৬১ লাখ টন বিক্ৰী হৈছিল।

• যোৱা বছৰৰ একে সময়ৰ তুলনাত বৰ্তমান পৰ্যাপ্ত মজুত  উপলব্ধ।

• মুঠ মজুত  প্ৰায় ১৮০ লাখ টন, যিটো যোৱা বছৰ ১৪৭ লাখ টন ।

• এপ্ৰিল আৰু মে’ মাহৰ কৃষিকাল আৰু খাৰিফ বতৰৰ আগতে এনে মজুত  ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ঘৰুৱা উৎপাদন

• প্ৰথম অৱস্থাত প্ৰায় ৬০% লৈ হ্ৰাস পোৱা ইউৰিয়া উদ্যোগলৈ গেছৰ যোগান ক্ৰমান্বয়ে ৬৫% লৈ বৃদ্ধি কৰা হৈছে আৰু বিকল্প ব্যৱস্থাৰ জৰিয়তে ৭৫–৮০% ৰো অধিক বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত ইউৰিয়াৰ উৎপাদন প্ৰতিদিনে ১২,০০০–১৫,০০০ টন বৃদ্ধি পাইছে, যাৰ ফলত মাহিলী উৎপাদনৰ ক্ষতি ৯–১০ এল এম টিৰ পৰা প্ৰায় ৬–৭ এল এম টিলৈ হ্ৰাস পাইছে।

• এই ব্যৱস্থাসমূহে ইউৰিয়া গোটসমূহলৈ গেছ যোগানৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ লগতে উপযুক্ত কৌশল গ্ৰহণ কৰিবলৈ সময় প্ৰদান কৰিছে।

• মাৰ্চ মাহত ঘৰুৱা উৎপাদন ইউৰিয়াৰ বাবে প্ৰায় ১৮ লাখ টন আৰু  সাৰৰ ক্ষেত্ৰত  ৯–১০ লাখ টন আছিল, ২০২৫ চনৰ মাৰ্চ মাহত ক্ৰমে ২৪.৭৮ এল এম টি আৰু ১১.৯০ এল এম টি আছিল।

• ঘৰুৱা উৎপাদনৰ বাবে সাৰ কোম্পানীসমূহক পৰ্যাপ্ত পৰিমাণৰ চালফাৰ যোগান ধৰিবলৈ ভাৰতীয় তেল শোধনাগাৰক চৰকাৰে  নিৰ্দেশ দিছে।

সাৰ আমদানি আৰু বৈচিত্ৰ্যপূৰ্ণ উৎস

• বিশ্বব্যাপী উপলব্ধতা মূল্যায়ন, যোগানৰ উৎস চিনাক্ত আৰু ইউৰিয়াৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ আমদানিৰ পৰিকল্পনা কৰিবলৈ এটা নিবেদিত টাস্ক গ্ৰুপ গঠন কৰা হৈছে।

• ইতিমধ্যে ফেব্ৰুৱাৰী মাহৰ মাজভাগত ১৩.০৭ লাখ টন ইউৰিয়া আমদানিৰ বাবে বিশ্বব্যাপী নিবিদা আহ্বান কৰা হৈছে।

• যোগানৰ ব্যৱস্থাৰ ভিতৰত আছে ৰাছিয়াৰ পৰা কেপ অৱ গুড হোপ পথৰ মাজেৰে অহা  প্ৰায় ২৮ লাখ টন।

• ছৌদি আৰৱৰ পৰা ডি এ পি যোগানৰ দীৰ্ঘম্যাদী ব্যৱস্থা কৰা হৈছে (পাঁচ বছৰৰ বাবে বছৰি ৩১.১০ লাখ টন)।

• অতিৰিক্ত যোগানৰ ভিতৰত আছে ২০২৬ চনৰ অক্টোবৰ মাহলৈকে অমিফকো (ওমান)ৰ পৰা বছৰি ১০ লাখ টন ইউৰিয়া আৰু ছাবিক (চৌদি আৰব)ৰ পৰা ৭ লাখ টন ইউৰিয়া।

• চালফাৰ আৰু এল এন জিৰ দৰে মূল কেঁচামালৰ যোগান সুস্থিৰ কৰাৰ প্ৰচেষ্টা চলি আছে।

• ৰাছিয়া, মৰক্কো, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া, জৰ্ডান, কানাডা, আলজেৰিয়া, ইজিপ্ত, ফিনলেণ্ড আৰু ট’গোকে ধৰি একাধিক দেশত উৎস  বৃদ্ধি কৰা হৈছে।

• বিদেশত থকা ১৬টা ভাৰতীয় মিছনে বিকল্প যোগানৰ উৎস চিনাক্তকৰণৰ বাবে সমন্বয় সাধন কৰি আছে।

ৰাজ্যসমূহৰ সৈতে সমন্বয়

• সাৰৰ উপলব্ধতাৰ সন্দৰ্ভত সৃষ্টি হোৱা সকলো  ধৰণৰ আতংক ৰোধ কৰিবলৈ ৰাজ্যসমূহক সচেষ্ট  কৰা হৈছে। মাননীয় ৰাসায়নিক আৰু সাৰ দপ্তৰৰ মন্ত্ৰী মহোদয়ে ইতিমধ্যে ২৬ মাৰ্চ, ২০২৬ তাৰিখে এই  সন্দৰ্ভত ১০ গৰাকী মুখ্যমন্ত্ৰী আৰু ১২ গৰাকী ৰাজ্যিক কৃষি মন্ত্ৰীৰ সৈতে কথা পাতিছে।

• ডি এ এণ্ড এফ ডব্লিউ আৰু ডি অ’ এফৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে মুখ্য সচিব আৰু কৃষি সচিবসকলকো সতৰ্ক  কৰা হৈছে।

• ডি এ এণ্ড এফ ডব্লিউ চৰকাৰ আৰু ৰাজ্যৰ কৃষি বিভাগৰ সমন্বয়ত অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ৰ অধীনত সাৰ ডাইভাৰচন, ক’লা বজাৰ, অবৈধ মজুত আদিৰ বিষয়ত  কঠোৰ  নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

• বিতৰণৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে উদ্ভাৱনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে।

• এমোনিয়াম ছালফেট (এ এছ), টি এছ পি, এছ এছ পি, এফ অ’ এম/এল এফ অ’ এম আৰু নেনোৰ দৰে বিকল্প সাৰৰ কথা  কোৱা হৈছে।

সামগ্ৰিক প্ৰচেষ্টা

• সাৰ বিভাগে বিশ্বৰ মূল্যৰ ধাৰা নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু আগন্তুক খাৰিফ বতৰৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্যৰ হাৰৰ বিষয়ত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

• আজিৰ দিনত দেশত সকলো ধৰণৰ সাৰৰ পৰ্যাপ্ত মজুত উপলব্ধ। আগন্তুক ২.৫ মাহত  কোনো  সাৰৰ কোনো বিশেষ  প্ৰয়োজনীয়তা নাই।

• শেহতীয়া পৰিস্থিতি উদ্ধবৱ হোৱাৰ  আগৰ দৰেই মূল্যত কৃষকসকলক সাৰ উপলব্ধ কৰা হৈছে। ডি এ এণ্ড এফ ডব্লিউৱে উত্থাপন কৰা চাহিদা অনুসৰি পৰ্যাপ্ত পৰিমাণৰ সাৰ যোগান ধৰিবলৈ চৰকাৰ  প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰে  সকলো অংশীদাৰ অৰ্থাৎ ভাৰতীয় সাৰ উৎপাদক, ভাৰতীয় সাৰ আমদানিকাৰক, বন্দৰ কৰ্তৃপক্ষ, ভাৰতীয় ৰে’ল আৰু ৰাজ্য চৰকাৰ আদিৰ মাজত সমন্বয়ৰ স্থাপন কৰি  ২৪x৭ কাম কৰি আছে,  যাতে পথাৰত সাৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিব পৰা যায়। এইক্ষেত্ৰত কোনো আতংকিত হোৱাৰ  প্ৰয়োজন নাই।

• সাৰ উপলব্ধতা, উৎপাদন, আমদানি আৰু সৰবৰাহৰ বিষয়ত নিৰন্তৰ নিৰীক্ষণৰ বাবে এটা কক্ষ স্থাপন কৰা হৈছে। চৰকাৰে আশ্বাস দিছে যে পৰ্যাপ্ত যোগান বজাই ৰখা হ’ব আৰু কৃষকসকল  আতংকিত হোৱাৰ  কোনো প্ৰয়োজন নাই।

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ত  তথ্য প্ৰকাশ কৰে, য’ত হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হয় । মন দিশসমূহ হৈছে :

খাৰুৱা তেল আৰু শোধনাগাৰ

• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আৰু পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।

• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।

খুচুৰা বিপণী

• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।

• ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।

• চৰকাৰে ৰপ্তানি শুল্ক  ডিজেলত প্ৰতি লিটাৰত ২১.৫ আৰুঘৰুৱা বজাৰত উপলব্ধতা নিশ্চিত কৰিবলৈ বিমান টাৰ্বাইন ইন্ধন (এ টি এফ)ত প্ৰতি লিটাৰত ২৯.৫ টকা আৰোপ কৰিছে।

• কিছুমান বিশেষ অঞ্চলত উৰাবাতৰিৰ বাবে আতংকিত ক্ৰয়ৰ ঘটনা লক্ষ্য কৰা হৈছে, যাৰ ফলত অস্বাভাৱিকভাৱে অধিক বিক্ৰী হৈছে আৰু খুচুৰা বিপণীত ভিৰ হৈছে। অৱশ্যে সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ।

• চৰকাৰে জনসাধাৰণক উৰাবাতৰি বিশ্বাস নকৰিবলৈ দিয়া পৰামৰ্শ দি ৰাজ্য চৰকাৰসমূহক সংমবাদমেলৰ জৰিয়তে শুদ্ধ তথ্য প্রচাৰ কৰিবলৈ অনুৰোধ জনাইছে৷

প্ৰাকৃতিক গেছ

• ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহণৰ ১০০% যোগান ধৰা গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।

• গ্ৰীডৰ সৈতে সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক তেওঁলোকৰ গড় ব্যৱহাৰৰ প্ৰায় ৮০% যোগান ধৰি থকা হৈছে।

• বাণিজ্যিক এল পি জি উপলব্ধতাৰ সন্দৰ্ভত উদ্বেগ দূৰ কৰিবলৈ চিজিডি সত্তাসমূহক ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।

• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগক প্ৰসাৰিত কৰাৰ বাবে উদগনি আগবঢ়াইছে।

• ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনাইছে।

• এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তন সমৰ্থন কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে, ৰাজ্যসমূহে গ্ৰহণ কৰা সংস্কাৰ ব্যৱস্থাৰ ভিত্তিত আবণ্টনৰ পৰামৰ্শ দিয়া হৈছে।

• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক নিৰ্দেশ দিছে যে পাইপলাইন উপলব্ধ হোৱা ৫ দিনৰ ভিতৰত আৱাসিক বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল, কমিউনিটি পাকঘৰ আৰু অংগনবাড়ী পাকঘৰৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিব লাগে।

• পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৩ মাহৰ বাবে চিজিডি আন্তঃগাঁথনিৰ বাবে সময়সীমা হ্ৰাস কৰি দ্ৰুত অনুমোদনৰ কাঠামো গ্ৰহণ কৰিছে।

• পাইপলাইন সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰিবলৈ, প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত বৃদ্ধিৰ সুবিধা আৰু শক্তি সুৰক্ষা শক্তিশালী কৰাৰ বাবে চৰকাৰে প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ আদেশ, ২০২৬ অধিসূচনা জাৰি কৰিছে।

• প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৬ চনৰ জুন মাহলৈকে প্ৰতিৰক্ষা আৱাসিক অঞ্চলত পিএনজি আন্তঃগাঁথনি স্থাপন ক্ষিপ্ৰ কৰাৰ বাবে হ্ৰস্বম্যাদী পৰিৱৰ্তন নীতি  জাৰি কৰিছে।

• মাৰ্চ মাহৰ ভিতৰত ঘৰুৱা আৰু বাণিজ্যিক শিতানত ৩ লাখতকৈ অধিক পিএনজি সংযোগ  কৰা হৈছে।

এল পি জি

• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জি যোগানত প্ৰভাৱ অব্যাহত আছে।

• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা হোৱা নাই।

• উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি বুকিং প্ৰায় ৯৫% লৈ বৃদ্ধি পাইছে।

• ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ৫৩%ৰ পৰা ৮২%লৈ বৃদ্ধি পাইছে, যিয়ে ডাইভাৰচন প্ৰতিৰোধ কৰাত সহায় কৰিছে।

• পৰিয়াললৈ নিৰৱচ্ছিন্নভাৱে ডেলিভাৰী নিশ্চিত কৰিবলৈ দেওবাৰে বেছিভাগ এলপিজি বিতৰক বিভাগে কাম কৰিছিল।

• ইতিমধ্যে আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) ইতিমধ্যে পুনৰুদ্ধাৰ কৰা হৈছিল। অতিৰিক্ত আবণ্টন কৰা হৈছে, যাৰ ফলত সংস্কাৰ ভিত্তিক আবণ্টনকে ধৰি মুঠ বাণিজ্যিক এল পি জি আবণ্টন ৫০ শতাংশ আৰু তাৰ পিছত সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% লৈ বৃদ্ধি পাইছে।

• শেহতীয়া অতিৰিক্ত আবণ্টনে তীখা, অটোমোবাইল, বস্ত্ৰশিল্প, ৰাসায়নিক আৰু প্লাষ্টিক আদি উদ্যোগসমূহক অগ্ৰাধিকাৰ দিছে।

• যোৱা সপ্তাহত ২.৬ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে, য’ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে যোৱা ২ দিনত ৮৮ হাজাৰৰো অধিক চিলিণ্ডাৰ বিক্ৰী হৈছে।

• বেছিভাগ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অঘৰুৱা এল পি জি আবণ্টনৰ বাবে আদেশ জাৰি কৰিছে, ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা প্ৰায় ৪১,৫০৩ মেট্ৰিক টন উৎপাদন বৃদ্ধি পাইছে।

কেৰাচিন

• নিয়মীয়া আবণ্টনৰ  ভিত্তিত  সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে।

• চৰকাৰে সংৰক্ষণ সীমা থকা নিৰ্দিষ্ট পিএছইউ অ’এমচি চাৰ্ভিচ ষ্টেচনৰ জৰিয়তে এছকেঅ’মুক্ত ৰাজ্য/কেন্দ্ৰীয়শাসিতসমূহত পিডিএছ এছকেঅ’ বিতৰণৰ সুবিধাৰ বাবে ব্যৱস্থাসমূহ অধিসূচনা জাৰি কৰিছে।

• ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিতদিয়া নাই।

ৰাজ্য চৰকাৰ / কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা

• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰসমূহক জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে আৰু তেওঁলোক   পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ যোগান নিৰীক্ষণৰ বাবে দায়বদ্ধ।

• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্য সচিব, এচিএছ/প্ৰধান সচিব/সচিব খাদ্য আৰু অসামৰিক  যোগান বিভাগৰ বি।য়াক  এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ  বাবে এনেধৰণৰ অনুৰোধ জনোৱা হৈছে -

Ø ৰাজ্য/জিলা পৰ্যায়ত দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।

Ø নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা

Ø ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ কৰা আৰু  সেয়া প্ৰতিহত কৰা।

Ø জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা

Øতেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা

Ø ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।

Ø দ্ৰুত ট্ৰেকচিজিডি সম্প্ৰসাৰণআৰঅ ডব্লিউ/ আৰঅইউ অনুমতি, ২৪x৭ ঘণ্টাই  কামৰ অনুমতি প্ৰদান আদি ক্ষিপ্ৰ কৰা।

Ø পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰিত কৰা।

Ø মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষাৰ  বাবে জ্যেষ্ঠ ন’ডেল বিষয়াক মনোনীত কৰা

• ২৭-৩-২০২৬ৰ চৰকাৰী পত্ৰ মৰ্মে পুনৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক শুদ্ধ তথ্য প্ৰচাৰ আৰু উৰাবাতৰিৰ ৰোধ  কৰিবলৈ দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু  ছ’চিয়েল মিডিয়া/ইলেক্ট্ৰনিকছ মিডিয়াত তথ্য  দিবলৈ  অনুৰোধ জনাইছে।

• বৰ্তমান ১৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে অন্ধ্ৰ প্ৰদেশ, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড, ওড়িশা, ৰাজস্থান, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, তামিলনাডু আৰু অৰুণাচল প্ৰদেশে  সংবাদমেল অনুষ্ঠিত কৰি আছে।

বলৱৎকাৰী ব্যৱস্থা

• বিগত ২৪ ঘণ্টাত সমগ্ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২৫০০ৰো অধিক অভিযান চলাই ২০০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে।

• বিহাৰ, ঝাৰখণ্ড, কেৰালাম আৰু কিছু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকে ধৰি কিছুমান ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বলৱৎকৰণৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ প্ৰয়োজন আছে।

• পিএছইউৰ অ’এমচিৰ বিষয়াসকলেও সমগ্ৰ দেশৰ আৰঅ’ আৰু এলপিজি বিতৰক প্ৰতিষ্ঠানসমূহত দৈনিক আকস্মিক পৰিদৰ্শন কৰি আছে যাতে যোগান মসৃণ হোৱাটো নিশ্চিত হয় আৰু যিকোনো অবৈধ মজুত /ক'লা ব্যৱসায়ৰ  ঘটনা পৰীক্ষা কৰিব পৰা যায়।

• পিএছইউ অ’এমচিয়ে আজিলৈকে এলপিজি বিতৰকলৈ ৫০০ৰো অধিক কাৰণ দৰ্শোৱাৰ  জাননী জাৰি কৰিছে।

• দিল্লীৰ বাহিৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত কণ্ট্ৰল ৰুম আছে।

চৰকাৰী অন্যান্য ব্যৱস্থা

• চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জি যোগানক অগ্ৰাধিকাৰ দি আহিছে, চলি থকা সংকটৰ সময়তো পৰিয়াল, চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।

• যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰা হৈছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি, চহৰ অঞ্চলত এল পি জি বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি, আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।

• এল পি জিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে।

• কয়লা মন্ত্ৰালয়ে কল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক বিতৰণৰ বাবে অধিক পৰিমাণৰ কয়লা ৰাজ্যলৈ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ৰাজহুৱা পৰামৰ্শ

• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে, আৰু নাগৰিকসকলক আতংকিত হৈ  ক্ৰয় কৰা  আৰু অপ্ৰয়োজনীয় এল পি জি বুকিঙৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

• নাগৰিকসকলক উৰাবাতৰিৰ পৰা সাৱধান হৈ থাকি  সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

• গ্ৰাহকসকলক এল পি জি বুকিঙৰ বাবে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে  আৰু এল পি জি বিতৰকসকলৰ ওচৰলৈ যোৱা এৰাই চলিব লাগে বুলি কোৱা হৈছে।

• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা  হৈছে।

• সকলো নাগৰিককে সাম্প্ৰতিক পৰিস্থিতিত দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য উপসাগৰৰ সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে তথ্য অৱগত কৰাৰ লগতে ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও তথ্য প্ৰকাশ কৰে । ইয়াত কোৱা হৈছে  যে:

•  ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা, জাহাজৰ চলাচল আৰু বন্দৰ পৰিচালনাৰ ক্ষেত্ৰত পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ বিষয়ত মন্ত্ৰালয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদে আছে  আৰু বিগত ২৪ ঘন্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো  কূটাঘাতৰ ঘটনা সংঘটিত হোৱা নাই। যোৱা ৭২ ঘণ্টাতো পৰিস্থিতি সুস্থিৰ হৈ আছে।

• পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত প্ৰায় ৪৮৫ জন ভাৰতীয় নাৱিকৰ সৈতে ১৮খন ভাৰতীয় পতাকা থকা জাহাজ বাকী আছে, যিয়ে যোৱা ৭২ ঘণ্টাত ৫৪০ জন নাৱিক থকা ২০খন জাহাজৰ পৰা হ্ৰাস পোৱাৰ প্ৰতিফলন ঘটায়। জাহাজ সঞ্চালকালয়ে (ডি জি শিপিং) জাহাজৰ মালিক, আৰ পি এছ এল এজেন্সী আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয়ৰে তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰাখিছে।

• ডিজি শ্বিপিং কণ্ট্ৰল ৰুম ২৪×৭ কাৰ্যক্ষম হৈ আছে আৰু সক্ৰিয় হোৱাৰ পিছত ৪,৫৫৫টা কল আৰু ৯,০৭৪টা ইমেইল চম্ভালিছে, য’ত যোৱা ২৪ ঘণ্টাত ৩২টা কল আৰু ৮৯টা ইমেইল, আৰু যোৱা ৭২ ঘণ্টাত ১২৪টা কল আৰু ২০৯টা ইমেইল।

• ডি জি শ্বিপিঙে এতিয়ালৈকে ৯৫০ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত বিগত ২৪ ঘণ্টাত ৮ জন আৰু যোৱা ৭২ ঘণ্টাত ১২ জন।

· প্ৰায় ৯৪১১৪ মেট্ৰিক টন এলপিজি কাৰ্গো কঢ়িয়াই অনা দুখন জাহাজ বি ডব্লিউ টি ৱাই আৰ আৰু বি ডব্লিউ ই এল এমে ২০২৬ চনৰ ২৮ মাৰ্চত নিৰাপদে হৰমুজেৰে ৪৬৯৯৯ মেট্ৰিক টন  সামগ্ৰী পৰিবহন কৰে আৰু সেয়া  ১ এপ্ৰিলত মাংগালুৰুত  উপস্থিত হোৱাৰ  সম্ভাৱনা আছে।

· সমগ্ৰ ভাৰতত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈয়েই আছে আৰু যোৱা ২৪ ঘণ্টাত কোনো ধৰণৰঅসুবিধাৰ খবৰ পোৱা  হোৱা নাই। যোৱা ৭২ ঘণ্টাত সকলো সুস্থিৰ হৈ আছে, যি কথা  গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালাম, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীকে ধৰি ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে নিশ্চিত কৰিছে।

· ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰাৰ বাবে মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

ভাৰতীয় মিছনৰ  জৰিয়তে চলি থকা সাহায্যকে ধৰি অঞ্চলটোৰ শেহতীয়া পৰিঘটনাৰ তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ  কৰে। ইয়াত জনোৱা হৈছে  যে:

· প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মাৰ্চত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানৰ সৈতে কথা পাতি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আলোচনা কৰে।

· প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক  ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে।

· দুয়োগৰাকী  নেতাই যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰাৰ লগতে জাহাজ পৰিবহণৰ পথ   মুকলি কৰি ৰখা  আৰু সুৰক্ষিত ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  একমত প্ৰকাশ কৰে।

· ভাৰতীয় লোকৰ কল্যাণৰ বাবে চৌদি আৰবে অবিৰতভাৱে আগবঢ়োৱা সমৰ্থনৰ  প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।

লগতে জনোৱা হৈছে  যে:

· বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণ অব্যাহত ৰাখিছে, ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়  হৈয়েই আছে।

· ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰখা হৈছে।

· সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪×৭ হেল্পলাইনৰ সৈতে কাম কৰি আছে, নিয়মীয়া পৰামৰ্শ জাৰি কৰি ভাৰতীয় লোকৰ  সংগঠন, সংঘ আৰু কোম্পানীসমূহৰ সৈতে সক্ৰিয় সংযোগ বজাই ৰাখিছে, একে সময়তে স্থানীয় চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে।

· আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি ভিছা, কনছুলাৰ সেৱা, চুবুৰীয়া দেশৰ মাজেৰে ট্ৰেনজিটৰ সুবিধা প্ৰদান কৰি দিছে আৰু য’তেই প্ৰয়োজন হয় তাতেই লজিষ্টিক সহায় আগবঢ়াই ভাৰতীয় নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে।

· উপসাগৰীয় দেশসমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কল্যাণক অগ্ৰাধিকাৰ দিয়া হৈছে, তেওঁলোকৰ শিক্ষাবৰ্ষত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।

· শৈক্ষিক উদ্বেগসমূহৰ সমাধানৰ বাবে মিছনসমূহে স্থানীয় কৰ্তৃপক্ষ, ভাৰতীয় বিদ্যালয়, সংশ্লিষ্ট শিক্ষা ব’ৰ্ড আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে।

চিবিএছইয়ে অঞ্চলটোত দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ বাবে মূল্যায়ন আঁচনিৰ বিষয়ে  অৱগত কৰিছে, আনহাতে আইচিএছই, কেৰালা ব’ৰ্ড, আৰু জেইই আৰু এনইইটৰ দৰে পৰীক্ষাৰ সৈতে জড়িত উদ্বেগসমূহ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে নিয়মীয়া  যোগাযোগৰ জৰিয়তে সমাধান কৰা হৈছে।

· ভাৰতীয় নাৱিকসকলক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে, মিছনসমূহে কনছুলাৰ সহায় আগবঢ়াবলৈ, পৰিয়ালৰ সৈতে যোগাযোগৰ সুবিধা প্ৰদান কৰিবলৈ আৰু প্ৰত্যাৱৰ্তনৰ অনুৰোধত সহায় কৰিবলৈ ক্ৰু সদস্যসকলৰ সৈতে নিৰন্তৰ যোগাযোগ বজাই ৰাখিছে।

· সামগ্ৰিকভাৱে বিমানৰ পৰিস্থিতিৰ উন্নতি সাধন  অব্যাহত আছে, ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৫,৫০,০০০ গৰাকী  যাত্ৰী ভাৰতলৈ উভতি আহিছে।

· ইউ এ ইত বিমান সংস্থাসমূহে পৰিচালনা আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত সীমিত অ-নিৰ্ধাৰিত বিমান সেৱা অব্যাহত ৰাখিছে, আজি ভাৰতলৈ প্ৰায় ৮৫খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।

· চৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।

· কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে আজি কাটাৰ এয়াৰৱেজে ভাৰতলৈ প্ৰায় ১০খন বিমান চলাচল কৰোৱাৰ  সম্ভাৱনা আছে।

· কুৱেইট আৰু বাহৰেইনৰ আকাশমাৰ্গ বন্ধ হৈ আছে। জাজিৰা এয়াৰৱেজ আৰু গালফ এয়াৰে ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে।

আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে ভাৰতীয় নাগৰিকসকলক ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজান, ইজৰাইলৰ পৰা ইজিপ্ত আৰু জৰ্ডান, ইৰাকৰ পৰা জৰ্ডান আৰু চৌদি আৰব, আৰু কুৱেইট আৰু বাহৰেইনৰ পৰা চৌদি আৰব হৈ বিকল্প পথেৰে যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে।

· কুৱেইটত সংঘটিত আক্ৰমণত এজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱালেইছে। চৰকাৰে পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে আৰু ভাৰতীয় মিছনে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰি মৃতদেহৰ  দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে।

বিভিন্ন ঘটনাত মুঠ ৮ জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু ১ জন নিৰুদ্দেশ হৈ আছে, মিছনসমূহে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদান কৰা কাৰ্য অব্যাহত ৰাখিছে।

 

******

MN/DM


(ৰিলিজ আই ডি : 2247153) অতিথি কক্ষ : 5