পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়নৰ বিষয়ে আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
কেন্দ্ৰই পিএনজিৰ দিশত পৰিৱৰ্তনক সমৰ্থন কৰা সংস্কাৰৰ সৈতে জড়িত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অতিৰিক্ত ১০% বাণিজ্যিক এলপিজি আবণ্টন দিছে
চিজিডি সত্তাসমূহে ঘৰুৱা গেছ সংযোগ ক্ষিপ্ৰ কৰিবলৈ আৰু সেয়া গ্ৰহণক উৎসাহিত কৰিবলৈ গ্ৰাহকসকলক সময়সীমা স্পষ্টভাৱে জনাবলৈ নিৰ্দেশ দিয়ে
ঘৰুৱা এল পি জি উৎপাদন ৪০ শতাংশ বৃদ্ধি পাইছে
অগ্ৰাধিকাৰ খণ্ডসমূহে সুৰক্ষিত গেছ যোগান লাভ কৰিয়েই আছে
ভাৰতৰ সামুদ্ৰিক খণ্ডই মসৃণভাৱে কাম কৰি আছে আৰু বন্দৰসমূহত কোনো ধৰণৰ অসুবিধাৰ বাতৰি পোৱা হোৱা নাই
উপসাগৰীয় এলেকা আৰু ইৰাণত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ইণ্ডিয়ান মিছনে সমৰ্থন বৃদ্ধি কৰিছে; দূতাবাসৰ দ্বাৰা তেোঁলোকক সহায় আগবঢ়োৱা হৈছে
অতিৰিক্ত বিমান চলাচলৰ লগে লগে বিমানৰ পৰিস্থিতিৰ উন্নতি সাধন হৈছে
পোষ্ট কৰা হৈছে:
18 MAR 2026 5:37PM by PIB Guwahati
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনাসমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। বিকশিত পৰিস্থিতিৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে নাগৰিকসকলক অৱগত কৰি ৰাখিবলৈ এনে আদান-প্ৰদান নিয়মীয়াকৈ অনুষ্ঠিত কৰা হৈছে। আজিৰ সংবাদমেলৰ সময়ত ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক দিয়া সাহায্যৰ বিষয়ে তথ্যসমূহ অৱগত কৰা হয়৷
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ইন্ধন যোগানৰ পৰিস্থিতি আৰু পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ অবিৰত উপলব্ধতা বজাই ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ মাজতে তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে এনেবোৰ বিষয় উল্লেখ কৰে
খাৰুৱা তেল আৰু শোধনাগাৰ
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ সৈতে উচ্চ ক্ষমতাৰে কাম কৰি আছে। ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত উৎপাদন আছে আৰু ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ কোনো ধৰণৰ আমদানিৰ প্ৰয়োজন নাই।
• শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন প্ৰায় ৪০ শতাংশ বৃদ্ধি কৰা হৈছে।
খুচুৰা বিপণী
• তেল বিপণন কোম্পানীসমূহে খুচুৰা বিপণীসমূহত ইন্ধন শুকান হোৱাৰ কোনো গোচৰ পোৱা নাই, আৰু পেট্ৰ’ল আৰু ডিজেলৰ যোগান নিয়মিতভাৱে ৰখা হৈছে।
• পৰ্যাপ্ত মজুত উপলব্ধ হোৱাৰ বাবে নাগৰিকক আতংকিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰাকৃতিক গেছ
• অগ্ৰাধিকাৰ খণ্ডসমূহে ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহণলৈ ১০০ শতাংশ যোগানকে ধৰি সুৰক্ষিত গেছ যোগান লাভ কৰি আহিছে, আনহাতে ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক যোগান প্ৰায় ৮০ শতাংশ নিয়ন্ত্ৰিত কৰা হৈছে।
• বাণিজ্যিক এলপিজি গ্ৰাহকসকলক পিএনজিলৈ সলনি হ’বলৈ উৎসাহিত কৰা হয় আৰু হোটেল, ৰেষ্টুৰেণ্ট, চিকিৎসালয় আৰু হোষ্টেলৰ দৰে প্ৰতিষ্ঠানসমূহে অনুমোদিত চিটি গেছ বিতৰণ (চিজিডি) সত্তাৰ পৰা পিএনজি সংযোগ লাভ কৰিব পাৰে।
• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগক প্ৰসাৰিত কৰাৰ বাবে উদগনি আগবঢ়াইছে।
• চৰকাৰে নিকা আৰু দক্ষ পিএনজি ব্যৱহাৰক প্ৰসাৰিত কৰিবলৈ চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে, আৰু ব্যৱসায়ীসকলক সংযোগৰ বাবে অনুমোদিত চিজিডি সত্তাৰ কাষ চাপিবলৈ উৎসাহিত কৰা হৈছে।
• চিজিডি সত্তাসমূহক বীজ শুকুৱা গোট আৰু শীতল ভৱনৰ সংৰক্ষণৰ দৰে জটিল খণ্ডসমূহলৈ সৰ্বাধিক গেছৰ যোগান নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ ব’ৰ্ডে (পিএনজিআৰবি) চিজিডি সত্তাসমূহক গেছ যোগান প্ৰয়োগ আৰু আৰম্ভ কৰাৰ মাজৰ সময়সীমা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে, একে সময়তে গ্ৰহণক উৎসাহিত কৰিবলৈ গ্ৰাহকসকলক সময়সীমা স্পষ্টভাৱে জনাইছে।
• চিজিডি সত্তাসমূহক পিএনজি অভিযানৰ অধীনত গণ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে, য’ত ছপা, ৰেডিঅ’, ছ’চিয়েল মিডিয়া আৰু অংশীদাৰ আৰু প্ৰভাৱশালীসকলৰ সৈতে জড়িত ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে অভিযান অন্তৰ্ভুক্ত কৰা হৈছে।
• ভাৰত চৰকাৰে ১৬ মাৰ্চ ২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাকী থকা আবেদনৰ বাবে ডিমড অনুমতি প্ৰদান কৰি, ২৪ ঘণ্টাৰ ভিতৰত নতুন অনুমতি অনুমোদন কৰি, পথ পুনৰুদ্ধাৰ আৰু অনুমতিৰ চাৰ্জ ৰেহাই, কৰ্মৰ সময় আৰু ঋতু শিথিল কৰি, সমন্বয় আৰু দ্ৰুত ৰূপায়ণৰ বাবে ৰাজ্যিক নডেল বিষয়া নিযুক্তি দি চিজিডি সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।
• ভাৰত চৰকাৰে ২০২৬ চনৰ ১৮ মাৰ্চ তাৰিখৰ পত্ৰৰ ভিত্তিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এল পি জিৰ পৰা পি এন জিলৈ পৰিৱৰ্তনক সমৰ্থন কৰা সংস্কাৰৰ সৈতে জড়িত বাণিজ্যিক এল পি জিৰ অতিৰিক্ত ১০ শতাংশ আবণ্টনৰ প্ৰস্তাৱ দিছে, য’ত আছে
o চিজিডিৰ আবেদন অনুমোদন আৰু অভিযোগ নিষ্পত্তিৰ বাবে ৰাজ্য আৰু জিলা সমিতি গঠনৰ বাবে ১% অতিৰিক্ত আবণ্টন,
o ডিমড চিজিডি অনুমতি প্ৰদানৰ বাবে অৰ্ডাৰ জাৰি কৰাৰ বাবে ২% অতিৰিক্ত আবণ্টন,
o চিজিডি সত্তাসমূহৰ বাবে “ডিগ এণ্ড ৰিষ্ট’ৰ আঁচনি” প্ৰৱৰ্তনৰ বাবে ৩% অতিৰিক্ত আবণ্টন
o বাৰ্ষিক ভাড়া/পট্টা চাৰ্জ হ্ৰাস কৰাৰ বাবে ৪% অতিৰিক্ত আবণ্টন।
• ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণ ত্বৰান্বিত কৰাৰ বাবে আৰু ঘৰুৱা, বাণিজ্যিক আৰু উদ্যোগিক গ্ৰাহকৰ বাবে পিএনজি সংযোগ ক্ষিপ্ৰ কৰাৰ বাবে এই সংস্কাৰসমূহ আগবঢ়াই নিবলৈ উৎসাহিত কৰা হৈছে।
• এই ব্যৱস্থাসমূহে এল পি জিৰ চাহিদাৰ ওপৰত চাপ হ্ৰাস কৰাৰ লগতে বাণিজ্যিক গ্ৰাহকসকলক পি এন জিলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
এল পি জি
• সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এল পি জি যোগানৰ ওপৰত নিৰীক্ষণ অব্যাহত আছে।
• বিতৰক স্থানত কোনো ধৰণৰ ড্ৰাই-আউটৰ খবৰ পোৱা নাই।
• অনলাইন এল পি জি বুকিং ৮৩%ৰ পৰা ৯৩%লৈ বৃদ্ধি পাইছে।
• ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ডৰ কভাৰেজ ৫৩% (ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা প্ৰায় ৮১%লৈ সম্প্ৰসাৰিত হৈছে।
• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিকভাৱে অব্যাহত আছে।
• বিহাৰ, ছত্তীশগড় দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মণিপুৰ, ৰাজস্থান, উত্তৰাখণ্ড আদিৰ দৰে প্ৰায় ১৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অঘৰুৱা এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে, আৰু সমগ্ৰ দেশতে বাণিজ্যিক এল পি জি যোগান উপলব্ধ কৰা হৈছে।
কেৰাচিন
• ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪৮,০০০ কেলিটাৰ কেৰাচিনৰ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হৈছে, যিবোৰক বিতৰণ বিন্দু চিনাক্ত কৰিবলৈ অনুৰোধ কৰা হৈছে।
• বিহাৰ, ছত্তীশগড়, গুজৰাট, কৰ্ণাটক, কেৰালাম, মণিপুৰ, তামিলনাডু, উত্তৰ প্ৰদেশ আদিৰ দৰে প্ৰায় ১২খন ৰাজ্যই এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে কিছুমান ৰাজ্যই কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিছে।
ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বৈঠক
• ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে যিকোনো জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আইন আৰু এল পি জি নিয়ন্ত্ৰণ আদেশৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিৰীক্ষণ কৰি আছে।
• ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সমন্বিত পৰিদৰ্শন আৰু আকস্মিক পৰীক্ষণ কৰি অনিয়ম ৰোধ কৰিবলৈ পৰামৰ্শ দিছে।
• ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু ২২খনে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰিছে, আন কিছুমানক অগ্ৰাধিকাৰ ভিত্তিত তেনে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• ৰাজস্থান, তেলেংগানা, গোৱা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু আদিৰ দৰে ২২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰা হৈছে।
যিবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি স্থাপন কৰা নাই, সেইবোৰ সকলোকে জৰুৰী ভিত্তিত তেনে কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
বলৱৎকাৰী ব্যৱস্থা
• এল পি জিৰ জমা আৰু ক’লা বিপণন ৰোধৰ বাবে ৰাজ্যজুৰি বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে।
• শেহতীয়া গোচৰসমূহৰ ভিতৰত ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশত এল পি জি চিলিণ্ডাৰ জব্দ কৰা, বলৱৎকাৰী সংস্থাসমূহে যৌথ অভিযান চলোৱা।
• পি এছ ইউ তেল বিপণন কোম্পানীসমূহে খুচুৰা বিপণী আৰু এল পি জি বিতৰকত ২,৩০০ৰো অধিক আচৰিত পৰিদৰ্শন চলাইছিল যাতে যোগান মসৃণ হয় আৰু অনিয়ম ৰোধ কৰিব পৰা যায়।
চৰকাৰে গ্ৰহণ কৰা অন্যান্য ব্যৱস্থা
• চৰকাৰে বিশেষকৈ পৰিয়াল আৰু চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ দৰে অগ্ৰাধিকাৰ খণ্ডৰ বাবে নিৰৱচ্ছিন্ন এলপিজি যোগান আৰু পিএনজি সম্প্ৰসাৰণক অগ্ৰাধিকাৰ দি আহিছে।
• যোগান আৰু চাহিদাৰ ফালৰ ব্যৱস্থাসমূহৰ ভিতৰত আছে শোধনাগাৰৰ উৎপাদন বৃদ্ধি, চহৰ অঞ্চলত ২৫ দিন আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈকে সংশোধিত বুকিং ব্যৱধান, আৰু অগ্ৰাধিকাৰ ভিত্তিক আবণ্টন।
• এল পি জিৰ চাহিদাৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
• পিএছইউ অইল কোম্পানীসমূহে ডিজিটেল বুকিঙৰ বিষয়ে প্ৰচাৰ কৰিছে আৰু আতংকিত হৈ বুকিং কৰা কাৰ্যক নিৰুৎসাহিত কৰিছে, অনলাইন বুকিং ব্যৱস্থাৰ উন্নত ব্যৱহাৰৰ সৈতে সেয়া কৰা হৈছে ।
• ৰাজ্য চৰকাৰৰ সহযোগত কেইবাখনো ৰাজ্যত বাণিজ্যিক এল পি জি যোগান আৰম্ভ কৰা হৈছে।
ৰাজহুৱা পৰামৰ্শদাতা
• নাগৰিকসকলক চৰকাৰী সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
• গ্ৰাহকসকলক আতংকিত হৈ বুকিং কৰা এৰাই চলিবলৈ, ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু এলপিজি বিতৰকসকলৰ ওচৰলৈ অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে।
• নাগৰিকসকলক পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ আৰু শক্তি সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা হয়।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ
এই ব্রিফিঙৰ সময়ত পাৰস্য উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতি আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য ভাগ-বাটোৱাৰা কৰে। মন্ত্ৰালয়ে লক্ষ্য কৰিছে যে:
• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ হৈ আছে আৰু বিগত ২৪ ঘন্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো ঘটনা সংঘটিত হোৱা নাই।
• বৰ্তমান পশ্চিম পাৰ্চী উপসাগৰীয় অঞ্চলত ৬১১ জন ভাৰতীয় নাৱিকৰ সৈতে ২২ খন ভাৰতীয় পতাকাযুক্ত জাহাজ আছে, জাহাজ সঞ্চালকালয়ে জাহাজৰ মালিক, আৰ পি এছ এল সংস্থা আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয়ত তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰাখিছে।
• এল পি জি বাহক জাহাজ শিৱালিক আৰু নন্দা দেৱীয়ে বৰ্তমান তেল পৰিচালনা কোম্পানীসমূহৰ সময়সূচী অনুসৰি সামগ্ৰী পৰিবহন কৰি আছে।
• ডিজি শ্বিপিং কণ্ট্ৰল ৰুমে ২৪×৭ কাম কৰি আছে আৰু সক্ৰিয় হোৱাৰ পিছত ৩,৩০৫টা কল আৰু ৬,৩২৪টা ইমেইল চম্ভালিছে, য’ত বিগত ২৪ ঘণ্টাত ১২৫টা কল আৰু ৪৪৯টা ইমেইল পোৱা আছে।
• ডি জি শ্বিপিঙে বিমানবন্দৰ আৰু আঞ্চলিক স্থানৰ পৰা বিগত ২৪ ঘণ্টাত ২৫ জনকে ধৰি এতিয়ালৈকে ৪৭২ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।
• গুজৰাট আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডৰ পৰা নিশ্চিতকৰণকে ধৰি বন্দৰসমূহত কোনো ধৰণৰ যানজঁটৰ ৰিপ’ৰ্ট নোহোৱাকৈ ভাৰতৰ সামুদ্ৰিক খণ্ডই সুচাৰুৰূপে কাম কৰি আছে।
• বন্দৰসমূহে জাহাজৰ গতিবিধি আৰু মালবাহী পৰিচালনাৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু পৰ্যাপ্ত অতিৰিক্ত ক্ষমতা আছে, বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষত প্ৰায় ২,২৬০ বৰ্গমিটাৰকে ধৰি অতিৰিক্ত সংৰক্ষণ স্থান সৃষ্টি কৰা হৈছে।
• জেএনপিএত পৰিস্থিতি স্বাভাৱিক হৈয়েই আছে আৰু আৱদ্ধ হৈ থকা পাত্ৰৰ সংখ্যা প্ৰায় ১০০০ৰ পৰা প্ৰায় ৭৭০লৈ আৰু হ্ৰাস পাইছে।
• পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজৰ গতিবিধি, বন্দৰৰ কাৰ্য্যকলাপ, নাৱিকৰ সুৰক্ষা আৰু সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা নিৰীক্ষণ অব্যাহত ৰাখিছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় মিছনৰ জৰিয়তে চলি থকা সাহায্য আৰু প্ৰচাৰকে ধৰি অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ তথ্য সমূহ অৱগত কৰে। মন্ত্ৰালয়ে জনায় যে:
• বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে, ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈয়েই আছে।
• প্ৰধানমন্ত্ৰীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে কথা পাতি আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনায়।
• দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ইউ এ ইৰ ওপৰত সংঘটিত আক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা আৰু অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি হোৱাক ভাৰতে তীব্ৰ গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে।
• দুয়োগৰাকী নেতাই হৰমুজ জলদ্বীপৰ মাজেৰে নিৰাপদ আৰু মুক্ত পৰিবহণ নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ দিশত কাম কৰি যাবলৈ সন্মত হয়।
• তেহৰাণত থকা ভাৰতৰ দূতাবাসে ইৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সহায় অব্যাহত ৰাখিছে, য’ত স্থল সীমা অতিক্ৰম কৰি আজাৰবাইজানত প্ৰৱেশ কৰিব বিচৰাসকলো আছে।
• ভাৰতীয় নাগৰিকসকলক আৰ্মেনিয়া আৰু আজাৰবাইজানলৈ সুকলমে স্থল-সীমা পাৰ হোৱাৰ সুবিধাৰ বাবে দূতাবাসৰ পৰামৰ্শসমূহ মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।
• ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ এটা নিৰ্দিষ্ট এম ই এ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে, আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সমন্বয় অব্যাহত আছে।
• সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই কাম কৰি আছে, সম্প্ৰদায়ৰ সংঘ আৰু সংস্থাসমূহৰ সৈতে যোগাযোগ বজাই ৰাখিছে আৰু নবীকৃত পৰামৰ্শ জাৰি কৰিছে। হেল্পলাইনৰ প্ৰশ্ন হ্ৰাস পোৱাটোৱে ইংগিত দিয়ে যে আৱদ্ধ নাগৰিকৰ বহু জৰুৰী সমস্যাৰ সমাধান কৰা হৈছে।
• মিছনসমূহে স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত থাকে আৰু নাৱিক, আৱদ্ধ ভাৰতীয় আৰু হ্ৰস্বম্যাদী দৰ্শনাৰ্থীসকলক ভিছা, কনছুলাৰ সেৱা আৰু লজিষ্টিক সহায়ৰ দ্বাৰা সহায় কৰি আহিছে।
• অঞ্চলটোত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হৈছে, মিছনসমূহে বিদ্যালয় আৰু শিক্ষা ব’ৰ্ডৰ সৈতে সমন্বয় সাধন কৰিছে।
• চিবিএছই এক্স ষ্টেণ্ডাৰ্ডৰ পৰীক্ষা বাতিল কৰা হ’ল আৰু, এতিয়া দ্বাদশ ষ্টেণ্ডাৰ্ডৰ ব’ৰ্ডবোৰো বাতিল হৈ আছে। আইচিএছই আৰু কেৰালা ব’ৰ্ডৰ পৰীক্ষাও বাতিল কৰা হৈছে।
• এই ক্ষেত্ৰত নম্বৰ নিৰ্ধাৰণৰ বাবে নিজ নিজ ব’ৰ্ডে যথা সময়ত এটা প্ৰণয়ন ঘোষণা কৰিব।
• ইৰাণত তেহৰাণ, ইছফাহান আৰু শ্বিৰাজৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে, য’ত দূতাবাসে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে।
• ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ২,৬০,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে।
• সমগ্ৰ অঞ্চলটোত অতিৰিক্ত সেৱা প্ৰৱৰ্তনৰ লগে লগে বিমানৰ পৰিচালনা ক্ৰমান্বয়ে উন্নত হৈছে।
• ইউ এ ইত ২০২৬ চনৰ ১৭ মাৰ্চত প্ৰায় ৭০খন বিমান চলাচল কৰা হৈছে আৰু আজি ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ প্ৰায় ৭৫খন বিমান যাত্ৰাৰ সম্ভাৱনা আছে। ২০২৬ চনৰ ৫ মাৰ্চৰ পৰা দৈনিক ৫০খনতকৈও অধিক বিমান সেৱা চলি আছে, যিয়ে সংযোগ উন্নত হোৱাৰ ইংগিত দিয়ে।
• চৌদি আৰব আৰু ওমানৰ পৰা ভাৰতলৈ বিমান সেৱা অব্যাহত আছে।
• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হৈ আছে, কালি ৫খন বিমান চলাচল আৰু আজিৰ পৰা ভাৰতৰ ৯খন গন্তব্যস্থানলৈ সেৱা ঘোষণা কৰা হৈছে।
• ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা কুৱেইটৰ আকাশমাৰ্গ বন্ধ হৈ আছে।
***
DM
(ৰিলিজ আই ডি : 2242235)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam