পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
অবৈধ মজুত আৰু ক’লা বজাৰ ৰুধিবলৈ ১২,০০০ৰো অধিক অভিযান চলোৱাৰ লগতে ১৫,০০০ৰো অধিক এলপিজি চিলিণ্ডাৰ জব্দ কৰা হৈছে
নগৰীয়া অঞ্চলৰ বাণিজ্যিক এলপিজি উপভোক্তাসকলক পিএনজিলৈ সলনি কৰিবলৈ উৎসাহ প্ৰদান
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিজিডি পাইপলাইন স্থাপনৰ অনুমোদন ত্বৰান্বিত কৰিবলৈ আহ্বান
অনলাইন এলপিজি বুকিং প্ৰায় ৯৪%লৈ বৃদ্ধি
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ক'লা বজাৰ আৰু অবৈধ মজুৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান
ৰাজ্য চৰকাৰৰ সহযোগত কেইবাখনো ৰাজ্যত বাণিজ্যিক এলপিজি যোগান আৰম্ভ
নাগৰিকসকলক এলপিজি চিলিণ্ডাৰ বুকিং কৰাৰ বাবে ডিজিটেল পদ্ধতি ব্যৱহাৰ কৰিবলৈ আহ্বান
কালি ভাৰত আহি পালে এলপিজি কেৰিয়াৰ শিৱালিক; আজি উপস্থিত হৈছে নন্দা দেৱী, অব্যাহত সামগ্ৰীৰ আনলোডিং
আৰ্মেনিয়া পাৰ হৈ অহা প্ৰায় ১৩০গৰাকী ভাৰতীয় তীৰ্থযাত্ৰী আজি স্বদেশত আহি পোৱাৰ আশা
ভাৰতীয় মিছনসমূহে ২৪ ঘণ্টাই কাম কৰি সমগ্ৰ অঞ্চলটোত থকা ভাৰতীয় নাগৰিকক সহায়-সহযোগিতা আগবঢ়াইছে
পোষ্ট কৰা হৈছে:
17 MAR 2026 5:31PM by PIB Guwahati
পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আজি নেচনেল মিডিয়া চেণ্টাৰত এখন আন্তঃমন্ত্ৰালয় সংবাদমেল অনুষ্ঠিত হয়। পৰিৱৰ্তিত পৰিস্থিতিৰ সন্দৰ্ভত শেহতীয়া তথ্য প্ৰদানৰ বাবে এনেধৰণৰ সংবাদমেল নিয়মীয়াকৈ অনুষ্ঠিত কৰা হৈছে। আজিৰ বৈঠকত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইন্ধন যোগান, সামুদ্ৰিক কাৰ্যকলাপ, অঞ্চলটোত ভাৰতীয় নাগৰিকৰ স্থিতি আৰু জনসাধাৰণক তথ্য প্ৰদানৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে।
ইন্ধনৰ যোগান আৰু উপলব্ধতা
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে হৰমুজ প্ৰণালীৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ ইন্ধন যোগানৰ স্থিতি আৰু পেট্ৰ'লিয়াম সামগ্ৰী আৰু এলপিজিৰ নিৰৱচ্ছিন্ন যোগান সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে। মন্ত্ৰালয়ে এইদৰে কয়ঃ
খাৰুৱা তেল আৰু শোধনাগাৰসমূহ
- দেশৰ সকলো শোধনাগাৰ সম্পূৰ্ণ ক্ষমতাৰে চলি আছে আৰু যথেষ্ট পৰিমাণৰ খাৰুৱা তেল মজুত আছে। পেট্ৰ'ল আৰু ডিজেলৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত সম্পূৰ্ণৰূপে স্বনিৰ্ভৰশীল, যাৰ ফলত দেশীয় চাহিদা পূৰণৰ বাবে ইন্ধন আমদানিৰ প্ৰয়োজন নাই।
খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ
- তেল বিপণন কোম্পানীসমূহে কোনো খুচুৰা বিক্ৰী কেন্দ্ৰৰ পৰা ইন্ধন নাটনি হোৱাৰ বাতৰি পোৱা নাই। পেট্ৰ'ল আৰু ডিজেলৰ যোগান নিয়মীয়াকৈ অব্যাহত আছে।
- পেট্ৰ'ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে, জনসাধাৰণক আতংকিত নহ'বলৈ বা আতংকিত হৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰাকৃতিক গেছ
- পিএনজি আৰু চিএনজি খণ্ডৰ বাবে ১০০ শতাংশ গেছ যোগান ধৰি অগ্ৰাধিকাৰ ক্ষেত্ৰত গেছ যোগান অব্যাহত ৰখা হৈছে। ইফালে, উদ্যোগ আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে গেছ যোগান বৰ্তমান প্ৰায় ৮০ শতাংশ সীমিত বা নিয়ন্ত্ৰিত অৱস্থাত আছে।
- প্ৰধান চহৰ আৰু নগৰীয়া এলেকাত থকা বাণিজ্যিক এলপিজি গ্ৰাহকসকলক পিএনজি সংযোগ গ্ৰহণৰ বাবে উৎসাহিত কৰা হৈছে। হোটেল, ৰেষ্টুৰেণ্ট, হাস্পতাল আৰু হোষ্টেলৰ দৰে প্ৰতিষ্ঠানসমূহে অনুমোদিত চিটি গেছ ডিষ্ট্ৰিবিউচন (চিজিডি) এজেন্সিৰ জৰিয়তে পিএনজি সংযোগ লাভ কৰিব পাৰে।
- আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডিৰ কোম্পানীসমূহে পিএনজিৰ ঘৰুৱা আৰু বাণিজ্যিক সংযোগৰ বাবে উৎসাহিত কৰিছে।
- চৰকাৰে চিজিডি নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিজিডি পাইপলাইন স্থাপনৰ বাবে বিচৰা আবেদনসমূহৰ অনুমোদনৰ কাম ত্বৰান্বিত কৰিবলৈ, অনুমতিৰ মাচুল ৰেহাই দিবলৈ, কামৰ চৰ্তসমূহ শিথিল কৰিবলৈ আৰু দ্ৰুত ৰূপায়ণৰ বাবে সমন্বয়ৰক্ষী বিষয়া নিযুক্তি দিবলৈ অনুৰোধ কৰিছে।
এলপিজি
- সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এলপিজি যোগান নিয়ন্ত্ৰণ কৰা হৈছে।
- এলপিজি বিতৰণ কেন্দ্ৰসমূহত নাটনিৰ কোনো বাতৰি পোৱা নাই।
- শোধনাগাৰসমূহত ঘৰুৱা এলপিজিৰ উৎপাদন প্ৰায় ৩৮% বৃদ্ধি পাইছে।
- অনলাইনত এলপিজি চিলিণ্ডাৰ বুকিঙৰ হাৰ ৮৪% ৰ পৰা ৯০%লৈ বৃদ্ধি পাইছে। অনিয়ম ৰোধ কৰাৰ বাবে ডেলিভাৰী অথেণ্টিকেশ্যন কোড (ডিএচি)ৰ ব্যৱহাৰ সংকট পূৰ্বৰ ৫৩%ৰ পৰা প্ৰায় ৭২% লৈ বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈ আছে।
- বিহাৰ, দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মনিপুৰ, ৰাজস্থান আৰু উত্তৰাখণ্ডকে ধৰি কেবাখনো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি নন-ডমষ্টিক এলপিজি আৱণ্টনৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।
কেৰাচিন
- ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪৮,০০০ কিলোলিটাৰ কেৰাচিনৰ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হৈছে, যিসমূহ বিতৰণ কেন্দ্ৰ চিনাক্ত কৰিবলৈ অনুৰোধ কৰা হৈছে।
- বিহাৰ, ছত্তীশগড়, মণিপুৰ, কেৰালা, তামিলনাডু, উত্তৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটককে ধৰি কেইবাখনো ৰাজ্যই এছকেঅ' আৱণ্টনৰ নিৰ্দেশ জাৰি কৰিছে।
ৰাজ্য চৰকাৰসমূহৰ বৈঠকসমূহ
- অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এলপিজি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অবৈধভাৱে জমা ৰখা আৰু ক'লা বজাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে।
- পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ যোগানৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ মুলতঃ দায়বদ্ধ।
- ভাৰত চৰকাৰে ১৩.০৩.২০২৬ তাৰিখৰ এখন পত্ৰযোগে মুখ্য সচিবসকলক জিলা দণ্ডাধীশ/উপায়ুক্ত আৰু এনফ'ৰ্চমেণ্ট এজেন্সীসমূহক আকস্মিক পৰিদৰ্শন আৰু তালাচী চলাবলৈ নিৰ্দেশ দিবলৈ কোৱা হৈছে।
- ২৭খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে সংবাদমেলো আয়োজন কৰিছে।
- ৰাজস্থান, তেলেংগানা, গোৱা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটী গঠন কৰিছে; অন্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তাৎক্ষণিকভাৱে এই কাম কৰিবলৈ আহ্বান জনোৱা হৈছে।
আইন বলৱৎকাৰী পদক্ষেপ
- পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ মজুতকাৰী আৰু ক'লা বজাৰ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
- দিল্লী, গোৱা, উত্তৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, কেৰালা আৰু মধ্য প্ৰদেশত বৃহৎ অভিযান চলাই ১২,০০০ৰো অধিক অভিযান চলোৱা হৈছে আৰু ১৫,০০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে।
- পিএছইউ অইল মাৰ্কেটিং কোম্পানীসমূহে সুচল যোগান সুনিশ্চিত কৰিবলৈ আৰু অনিয়ম ৰোধ কৰিবলৈ খুচুৰা বিক্ৰেতাৰ আৰু এলপিজি বিতৰণকাৰী প্ৰতিষ্ঠানসমূহত ২৫০০তকৈও অধিক আকস্মিক পৰিদৰ্শন কৰিছে।
অন্যান্য চৰকাৰী পদক্ষেপ
- বিশেষকৈ ঘৰুৱা খণ্ড আৰু চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ দৰে অগ্ৰাধিকাৰমূলক খণ্ডসমূহৰ বাবে এলপিজিৰ অবিৰত যোগান সুনিশ্চিত কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে বিবেচিত হৈছে।
- এলপিজি যোগানৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ পিএনজি গ্ৰাহকসকলক এলপিজি নিয়ন্ত্ৰণ আদেশ সংশোধনৰ অধীনত এলপিজি সংযোগ এৰি দিবলৈ পৰামৰ্শ দিয়া হৈছে।
- নগৰাঞ্চলত বুকিঙৰ ব্যৱধান ২৫ দিন আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা হৈছে।
- এলপিজিৰ চাহিদাৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
- পিএছইউ তেল কোম্পানীসমূহে অনলাইন বুকিং ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তে ডিজিটেল বুকিঙক উৎসাহিত কৰিছে আৰু আতংকিত হৈ কৰা বুকিঙক নিৰুৎসাহিত কৰিছে।
- ৰাজ্য চৰকাৰৰ সহযোগত কেইবাখনো ৰাজ্যত বাণিজ্যিক এলপিজি যোগান আৰম্ভ কৰা হৈছে।
জনসাধাৰণৰ বাবে পৰামৰ্শ
- জনসাধাৰণক আতংকিত নহ'বলৈ আহ্বান জনোৱা হৈছে, কিয়নো চৰকাৰ পৰিয়াল আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত এলপিজি যোগান ধৰাৰ প্ৰতি সংকল্পবদ্ধ।
- বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ বিক্ৰী আংশিকভাৱে পুনৰ আৰম্ভ কৰা হৈছে আৰু অগ্ৰাধিকাৰ ভিত্তিত বিতৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহলৈ উপলব্ধ কৰা হৈছে।
- এলপিজি চিলিণ্ডাৰ বুকিঙৰ বাবে আইভিআৰএছএছএমএছ হোৱাটছএপ, তেল বিপণন কোম্পানীৰ ম'বাইল এপ আৰু জনপ্ৰিয় ই-কমাৰ্চ প্লেটফৰ্মৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিব পাৰিব।
- জনসাধাৰণক অতিৰিক্ত বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ, ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু এলপিজি সৰবৰাহকাৰীৰ কাৰ্যালয়লৈ অনাৱশ্যকীয় ভ্ৰমণ এৰাই চলিবলৈ অনুৰোধ জনোৱা হৈছে।
- যিমান পাৰি, পিএনজি আৰু বিকল্প ইন্ধন যেনে ইণ্ডাকশ্যন বা ইলেকট্ৰিক কুকটপ ব্যৱহাৰ কৰি শক্তি সঞ্চয় কৰিবলৈ গ্ৰাহকসকলক উৎসাহিত কৰা হৈছে।
- চৰকাৰ আৰু চৰকাৰী তেল বিপণন কোম্পানীয়ে এলপিজিৰ অবিৰত যোগানৰ বিষয়ে সজাগতা সৃষ্টি কৰি আছে; সংবাদ মাধ্যমক মিছা তথ্য আৰু অপ্ৰয়োজনীয় আতংক ৰোধ কৰিবলৈ চৰকাৰী সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অনুৰোধ জনাইছে।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচল কাৰ্যসূচী
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে উপসাগৰীয় অঞ্চলত সামুদ্ৰিক পৰিস্থিতি আৰু ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰিঃ
- উপসাগৰীয় অঞ্চলত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত আৰু যোৱা ২৪ ঘণ্টাত ভাৰতীয় নাৱিকৰে জড়িত কোনো জাহাজ দুৰ্ঘটনাৰ খবৰ পোৱা হোৱা নাই।
- বৰ্তমানে ভাৰতৰ ২২খন জাহাজ পাৰস্য উপসাগৰৰ পশ্চিম প্ৰান্তত ৬১১জন নাৱিকৰ সৈতে আছে। ভাৰতীয় জাহাজ পৰিবহণ সঞ্চালকালয় (ডিজিএছএছ)য়ে জাহাজৰ মালিক, আৰপিএছএল আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ সৈতে সমন্বয় ৰক্ষা কৰি পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে।
- জাহাজ নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ পিছত জাহাজা সঞ্চায়লকালয়ৰ নিয়ন্ত্ৰণ কক্ষলৈ মুঠ ৩,১৮০টা ফোন কল আৰু প্ৰায় ৫,৮৭৫টা ই-মেইল প্ৰেৰণ কৰা হৈছে, য'ত নাৱিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক ক্ষেত্ৰৰ অংশীদাৰসকলৰ পৰা সহায় বিচৰা হৈছে। বিগত ২৪ ঘন্টাত ১৫০টাতকৈও অধিক কল আৰু ৩৭৮টা ই-মেইল প্ৰেৰণ কৰা হৈছে।
- জাহাজ সঞ্চালকালয়ে এতিয়ালৈকে উপসাগৰীয় অঞ্চলৰ পৰা ৪৪৭গৰাকী ভাৰতীয় নাৱিকক উদ্ধাৰ কৰিছে। ইয়াৰে ১৬১জনক যোৱা ২৪ ঘণ্টাত উদ্ধাৰ কৰা হৈছে।
- এলপিজি কেৰিয়াৰ জাহাজ শিৱালিক মুন্দ্ৰা বন্দৰত উপস্থিত হয় আৰু সামগ্ৰী নমোৱাৰ কাম চলি আছে, আনহাতে জাহাজ নন্দা দেৱী আজি পুৱা কান্দলাত উপস্থিত হয় আৰু এন্নোৰ আৰু হালদিয়াকে ধৰি পূব উপকূললৈ স্থানান্তৰ কৰাৰ বাবে সামগ্ৰী নমোৱাৰ কাম আৰম্ভ কৰিছে।
- সকলো নথিপত্ৰ আৰু আগমনৰ পূৰ্বৰ আনুষ্ঠানিকতা আগতীয়াকৈ সম্পূৰ্ণ কৰা হয যাতে অগ্ৰাধিকাৰযুক্ত বৰ্ডিং আৰু দ্ৰুত প্ৰস্থান নিশ্চিত কৰিব পৰা যায়।
- প্ৰধান বন্দৰসমূহে জাহাজৰ চলাচল আৰু কাৰ্গো অপাৰেশ্যনসমূহ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু ভিঅ' চিদাম্বৰামৰ বন্দৰ প্ৰাধিকৰণে (VOCPA) যোগান ধৰা প্ৰায় ৯০,০০০ বৰ্গমিটাৰৰ অতিৰিক্ত মজুত স্থানকে ধৰি প্ৰয়োজনীয় সমৰ্থন আগবঢ়াইছে।
- জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ বাহিৰৰ পথত থকা কণ্টেইনাৰ সম্পৰ্কে প্ৰকাশিত বাতৰি ভুল। বৰ্তমান কণ্টেইনাৰসমূহ কণ্টেইনাৰ ফ্ৰেইট ষ্টেচন, গুদাম বা কাৰখানাৰ চৌহদত স্বাভাৱিক লজিষ্টিক অপাৰেচনৰ অংশ হিচাপে স্থাপন কৰা হয়।
- জেএনপিএত যান-জঁটৰ সমস্যা হ্ৰাস পাইছে, কিয়নো ক্ষয়িষ্ণু কণ্টেইনাৰ প্ৰায় ২,০০০ৰ পৰা প্ৰায় ১,০০০লৈ হ্ৰাস পাইছে।
- জাহাজসমূহে ছালালা আৰু খোৰ ফাক্কানৰ দৰে বন্দৰসমূহলৈ যাত্ৰা কৰিছে আৰু আন এখন জাহাজে প্ৰায় ২০০টা কণ্টেইনাৰ লৈ আজি যাত্ৰা কৰাৰ কথা। আগন্তুক ২৪-৪৮ ঘণ্টাৰ ভিতৰত অৱহেলিত কণ্টেইনাৰৰ সংখ্যা প্ৰায় ৬০০ লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
- পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে জাহাজ পৰিবহণৰ গতিবিধি, বন্দৰৰ কাৰ্যকলাপ, ভাৰতীয় নাৱিকৰ সুৰক্ষা আৰু সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা নিৰীক্ষণ কৰি আছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলৰ সম্পৰ্কে এক তথ্য দাঙি ধৰি কয় যে ভাৰতীয় মিছনসমূহে স্থানীয় ভাৰতীয় সমুদায়ৰ সৈতে নিবিড়ভাৱে যোগাযোগ অব্যাহত ৰাখিছে:
· পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিৰন্তৰ দৃষ্টি ৰাখিছে। ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, কল্যাণ আৰু নিৰাপত্তাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। বিদেশ মন্ত্ৰালয়ৰ এক বিশেষ নিয়ন্ত্ৰণ কক্ষ এতিয়াও কাৰ্যক্ষম হৈ আছে আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বয় অব্যাহত আছে।
· ইউৰোপীয় ইউনিয়নৰ উচ্চ প্ৰতিনিধি তথা উপাধ্যক্ষ শ্ৰীমতী কাজা কালাছৰ আমন্ত্ৰণক্ৰমে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ইইউৰ বৈদেশিক পৰিক্ৰমা পৰিষদৰ বৈঠকত অংশ লোৱাৰ বাবে বেলজিয়াম ভ্ৰমণ কৰে।
· বৈঠকত ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্ক আৰু জৰুৰী বৈশ্বিক প্ৰত্যাহ্বান, বিশেষকৈ পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হয়।
· পৰিষদৰ বৈঠকৰ সমান্তৰালভাৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় ইউনিয়নৰ উচ্চ প্ৰতিনিধি আৰু উপাধ্যক্ষাৰ লগতে বেলজিয়াম, চাইপ্ৰাছ, জাৰ্মানী, নেদাৰলেণ্ডছ আৰু শ্লোভাকিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকত শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলী সন্দৰ্ভত মত বিনিময় হয়।
· ৭০০তকৈও অধিক ভাৰতীয় নাগৰিক ইৰানৰ পৰা আৰ্মেনিয়া (প্ৰায় ৬০০) আৰু আজাৰবাইজানলৈ পাৰ হৈ গৈছে, য'ত কালি আৰ্মেনিয়ালৈ প্ৰায় ৫০জন অতিৰিক্ত প্ৰৱেশ হৈছে।
· আৰ্মেনিয়াত প্ৰৱেশ কৰা ২৮৪গৰাকী ভাৰতীয় পৰ্যটকৰ ভিতৰত প্ৰায় ১৩০গৰাকী আজি দিল্লীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে।
· বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষটো ভাৰতীয় নাগৰিকসকলক সহায় কৰিবলৈ কাৰ্যক্ষম হৈ থাকিব। অৱশ্যে, নিয়ন্ত্ৰণ কক্ষলৈ অহা ফোন অথবা ই-মেইলৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। কালি, ২২টা ফোনকল আৰু ৬টা ই-মেইল লাভ কৰা হৈছিল আৰু সেইবোৰত গুৰুত্ব দিয়া হৈছে।
· সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টে ২৪ ঘণ্টাই কাম কৰি হেল্পলাইনেৰে সেৱা আগবঢ়োৱাৰ লগতে প্ৰবাসী ভাৰতীয় সংস্থাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু নিয়মীয়াকৈ সতৰ্কবাণী জাৰি কৰি আছে। মিছনসমূহ স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি থকাৰ লগতে ভিছা, লজিষ্টিক সাহায্য আৰু পৰিবহণৰ সুবিধাসহ আৱদ্ধ হৈ থকা ভাৰতীয়, ছাত্ৰ-ছাত্ৰী, নাৱিক আৰু স্বল্পকালীন দৰ্শনাৰ্থীসকলক সহায় আগবঢ়াই আছে।
· ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ২,৪৪,০০০যাত্ৰী অঞ্চলটোৰ পৰা ভাৰতলৈ উভতি আহিছে।
· ইউএইত আজি পুৱা সাময়িকভাৱে আকাশমাৰ্গ বন্ধ কৰি দিয়া হয় আৰু পিছত পুনৰ মুকলি কৰা হয়। ২০২৬ চনৰ ১৬ মাৰ্চত প্ৰায় ৫৫খন আৰু আজি ইউএইৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতলৈ প্ৰায় ৭০খন বিমানৰ চলাচল অব্যাহত আছে। যাত্ৰীসকলক বিমান সংস্থাৰ সৈতে আপডেট কৰা সময়সূচী পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু সহায়ৰ বাবে ভাৰতীয় মিছনৰ সৈতে যোগাযোগ কৰিব পাৰে।
· ছৌদি আৰৱ আৰু ওমানৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান সেৱা অব্যাহত আছে।
· কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হৈ আছে, য'ত ১৬ মাৰ্চ, ২০২৬ত তিনিখন বিমানেৰে ভাৰতলৈ যাত্ৰা আৰম্ভ হ'ব আৰু আজি তিনিখন বিমান চলাৰ সম্ভাৱনা আছে।
· কুৱেইটৰ আকাশমাৰ্গ ২৮ ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা বন্ধ হৈ আছে। ছৌদি আৰৱৰ আল কাইছুমাহ বিমানবন্দৰৰ পৰা জাজীৰা এয়াৰৱেজৰ বিশেষ অসূচীভূক্ত বিমান ভাৰতলৈ চলিব বুলি আশা কৰা হৈছে।
· আকাশমাৰ্গ বন্ধ হৈ থকা বাহৰেইন আৰু ইৰাকত থকা ভাৰতীয় নাগৰিকৰ বাবে ছৌদি আৰৱৰ মাজেৰে যাতায়াতৰ সুবিধা অব্যাহত ৰখা হৈছে।
· ২০২৬ চনৰ ১৩ মাৰ্চত সোহাৰত সংঘটিত ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিক দুগৰাকীৰ নশ্বৰ দেহ জয়পুৰত পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে। ভাৰত চৰকাৰে তেওঁলোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
· ভাৰতীয় দূতাবাসে চিকিৎসালয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট কোম্পানীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যাতে আহত ভাৰতীয় নাগৰিকসকলৰ অৱস্থা বুজ ল’ব পৰা যায়।
· বেছৰাত মিছনৰ দলটোৱে ১৫জন ভাৰতীয় কৰ্মচাৰীক সহায় কৰিছে, যিসকলক সুৰক্ষিতভাৱে স্থানান্তৰিত কৰা হৈছে আৰু বৰ্তমান তেওঁলোক এখন হোটেলত আছে। তেওঁলোকক শীঘ্ৰে ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।
· এই মিছনে ইৰাকৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি প্ৰয়াত ভাৰতীয় নাগৰিকজনৰ মৃতদেহ শীঘ্ৰে ঘূৰাই অনাৰ বাবেও সমন্বয় ৰক্ষা কৰিছে।
- শেহতীয়া ঘটনাত পাঁচজন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে আৰু এজন সন্ধানহীন হৈ আছে। ওমানৰ পৰা দুজন ভাৰতীয় নাগৰিকৰ নশ্বৰ দেহ আজি ভাৰতলৈ ঘূৰাই অনা হৈছে।
- ওমান, ইৰাক আৰু ইউএইত থকা ভাৰতীয় মিছনসমূহে নিৰুদ্দেশ হোৱা লোকজনৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত বাকী থকা মৃতদেহসমূহ শীঘ্ৰে স্বদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে কাম কৰি আছে।
পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত গভীৰ দৃষ্টি ৰাখি সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাৰ মাজত প্ৰয়োজনীয় সমন্বয় সাধন কৰি থকা হৈছে বুলি চৰকাৰে দোঁহাৰে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।.
***
MN/DB
(ৰিলিজ আই ডি : 2241520)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam