মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ত শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত "ভাৰতত এ আইৰ পৰিসৰ সম্প্ৰসাৰণ" বিষয়ক অধিৱেশন

ভাৰতৰ গোলকীয় জ্ঞান নেতৃত্বক সবল কৰিব এ আয়ে, যিটো বিকশিত ভাৰত ২০৪৭ৰ মূল চাবিকাঠি - শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

পোষ্ট কৰা হৈছে: 17 FEB 2026 2:34PM by PIB Guwahati

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ৰ অংশ হিচাপে "শিক্ষা মন্ত্ৰালয়- ভাৰতত এ আইৰ পৰিসৰ সম্প্ৰসাৰণ" শীৰ্ষক এক বিশেষ অধিৱেশনৰ আয়োজন কৰে।

 

এই অধিৱেশনত উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) শ্ৰী জয়ন্ত চৌধাৰীও তেওঁৰ উপস্থিতিৰে অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে।

 

বিদ্যালয় শিক্ষা আৰু সাক্ষৰতাৰ সচিব শ্ৰী সঞ্জয় কুমাৰকে ধৰি জ্যেষ্ঠ বিষয়াসকল; উচ্চ শিক্ষা বিভাগৰ সচিব ড০ বিনীত যোশী; আই আই টি মাদ্ৰাজৰ সচিব অধ্যাপক ভি কামাকোটিসহ বহু শিক্ষাবিদ, গৱেষক তথা শিক্ষাত এ আই ব্যৱহাৰ কৰা আগশাৰীৰ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকসকলে এই অধিবেশনত অংশগ্ৰহণ কৰে।

 

এই উপলক্ষে দিয়া ভাষণত শ্ৰী প্ৰধানে এই সন্মিলনক ভাৰতত কৃত্ৰিম বুদ্ধিমত্তা (এ আই) বিকাশৰ প্ৰদৰ্শন আৰু ইয়াক ত্বৰান্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা এক যুগান্তৰকাৰী পদক্ষেপ বুলি অভিহিত কৰে।

 

ভাৰতৰ দ্ৰুত প্ৰযুক্তিগত উন্নতিৰ ওপৰত আলোকপাত কৰি শ্ৰী প্ৰধানে কয় যে বিশ্বই ক্ৰমান্বয়ে কৃত্ৰিম বুদ্ধিমত্তা (এ আই) গ্ৰহণ কৰা ভাৰতৰ প্ৰতি লক্ষ্য ৰাখিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে এ আয়ে ভাৰতক গোলকীয় জ্ঞান মহাশক্তি হিচাপে গঢ়ি তোলাত মূল ভূমিকা পালন কৰিব আৰু এখন বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীত যথেষ্ট অৰিহণা যোগাব।

 

যুৱ উদ্ভাৱকৰ ভূমিকাক গুৰুত্ব আৰোপ কৰি শ্ৰী প্ৰধানে কয় যে আজিৰ ভাৰতীয় যুৱক-যুৱতীসকলৰ মানসিকতা পূৰ্বৰ প্ৰজন্মতকৈ বেলেগ। তেওঁ লগতে কয় যে "শিক্ষাত এ আই আৰু এ আইত শিক্ষা গভীৰভাৱে জড়িত হৈ আছে।" তেওঁ ছাত্ৰ-ছাত্ৰী আৰু যুৱ পেছাদাৰীসকলক শিক্ষিত, নিজৰ বুলি লোৱা, সবলীকৰণ আৰু যুগান্তৰকাৰী পদক্ষেপ সৃষ্টিৰ বাবে এ আই ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এনেধৰণৰ প্ৰচেষ্টাই ভাৰতক বিশ্বৰ এ আই লেণ্ডস্কেপত অগ্ৰণী শক্তি হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।

 

শ্ৰী জয়ন্ত চৌধুৰীয়ে #IndiaAIimpactSummit2026ত হোৱা আলোচনা অন্তৰ্দৃষ্টিসম্পন্ন বুলি উল্লেখ কৰে। তেওঁ ব্যাখ্যা কৰে যে শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত শৈক্ষিক আৰু উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলে কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ক শিক্ষাৰ বিভিন্ন দিশত পদ্ধতিগতভাৱে একত্ৰিত কৰাৰ বিষয়ে আলোচনা কৰিছে, য’ত মৌলিক শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু বিশ্ব নেতৃত্বকে ধৰি ২০৪৭ চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্যপূৰ্ণ।

 

তেওঁ লগতে কয় যে তেওঁ শিক্ষা আৰু দক্ষতা মন্ত্ৰালয়ৰ পেভিলিয়নসমূহো পৰিদৰ্শন কৰিছে, য’ত ব্যৱহাৰিক, প্ৰায়োগিক আৰু থলুৱাভাৱে প্ৰথম শ্ৰেণীৰ এ আই সমাধান প্ৰদৰ্শন কৰা হৈছে, যি নীতিগত পদ্ধতিসমূহক তৃণমূল পৰ্যায়ত প্ৰভাৱলৈ ৰূপান্তৰিত কৰে।

 

যোৱা দশকত শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ডিজিটেল মঞ্চ, নীতিৰ কাঠামো, প্ৰতিষ্ঠানিক সংস্কাৰ আৰু বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, দক্ষতা বিকাশ আৰু উন্নত গৱেষণা তথা উদ্ভাৱন পৰিৱেশতন্ত্ৰক সামৰি লোৱা বৃহৎ পৰিসৰৰ সামৰ্থ্য গঠনৰ পদক্ষেপৰ জৰিয়তে এ আই-সক্ষম শিক্ষাৰ ভেটি স্থাপন কৰিছে।

 

যোৱা বছৰৰ বাজেট ঘোষণাৰ পিছতে চৰকাৰে আই আই টি মাদ্ৰাজত শিক্ষাৰ বাবে এ আই চেণ্টাৰ অব্ এক্সিলেন্স স্থাপন কৰে। মন্ত্ৰালয়ে শিক্ষাত এ আইক একত্ৰিত কৰাৰ বাবে এক কাৰ্য্ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে শিক্ষাবিদ, উদ্যোগ, নাগৰিক সমাজ আৰু চৰকাৰী সংস্থাসমূহৰ সৈতেও ব্যাপক আলোচনা কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে শিক্ষা খণ্ডৰ এ আই ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে মত বিনিময় কৰিছিল আৰু দুদিনীয়া "ভাৰত বোধন এ আই কনক্লেভ ২০২৬"ৰ অধ্যক্ষতা কৰিছিল, যি দায়িত্বশীল এ আই-চালিত ৰূপান্তৰক আগুৱাই নিয়াৰ বাবে মূল অংশীদাৰসকলক একত্ৰিত কৰিছিল।

 

শীৰ্ষ সন্মিলন অধিবেশনত ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, উৎকৃষ্টতাৰ কেন্দ্ৰ, শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী, পাঠ্যক্ৰমৰ সংহতি আৰু উদ্যোগ তথা ষ্টাৰ্টআপৰ সৈতে নিৱিড় সহযোগিতাৰ সহায় লৈ নীতিগত দৃষ্টিভংগীৰ পৰা বৃহৎ পৰিসৰৰ ৰূপায়ণলৈকে ভাৰতৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰা হয়।

 

এই পেনেলত শৈক্ষিক, উদ্যোগ আৰু বিনিয়োগ পৰিৱেশতন্ত্ৰত অন্তৰ্ভুক্ত বিশিষ্ট নেতাসকল আছিল :

ড° শ্ৰীধৰ ভেম্বু, জোহো নিগমৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া

ড° বিভু মিট্টাল, প্ৰযুক্তিবিদ আৰু উদ্ভাৱন নেতা

শ্ৰী ৰাজন আনন্দন, পিক এক্স ভি পাৰ্টনাৰ্ছৰ পৰিচালন সঞ্চালক

অধ্যাপক মনিন্দ্ৰ আগৰৱালা, আই আই টি কানপুৰৰ সঞ্চালক

অধ্যাপক ভি কামাকোটি, আই আই টি মাদ্ৰাজৰ সঞ্চালক

অধ্যাপিকা সুনীতা সাৰৌগী, আই আই টি বোম্বে

 

এই অধিৱেশনৰ আঁত ধৰে আই আই টি জম্মুৰ সঞ্চালক অধ্যাপক মনোজ এছ গৌৰে। বৈঠকৰ কেন্দ্ৰবিন্দু আছিল শাসন কাঠামো, ৰাষ্ট্ৰীয় শিক্ষণ মঞ্চ, থলুৱা এ আই উদ্ভাৱন আৰু অত্যাধুনিক এ আই মডেলৰ দায়িত্বশীল ব্যৱহাৰে ভাৰতত শিক্ষাৰ ফলাফল পুনৰ গঢ় দিয়াত কেনেদৰে অৰিহণা যোগাইছে। এই অধিবেশনত বিচ্ছিন্ন প্ৰকল্পৰ পৰিৱৰ্তে পদ্ধতিগত কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, ইয়াত নীতি, প্ৰতিষ্ঠান আৰু প্ৰযুক্তিক কেনেকৈ স্থায়ী আৰু দেশজোৰা প্ৰভাৱৰ বাবে একত্ৰিত কৰা হৈছে সেয়া প্ৰদৰ্শন কৰা হয়।

 

এই অধিবেশনৰ উদ্দেশ্য আছিল শিক্ষাত এ আইৰ ব্যৱহাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনাৰ ওপৰত আলোচনা কৰা আৰু উদ্যোগ-শিক্ষা-চৰকাৰৰ সহযোগিতা অধিক শক্তিশালী কৰা।

*****

 

AK/KD


(ৰিলিজ আই ডি : 2233402) অতিথি কক্ষ : 23