প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ছাৰ্বিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

পোষ্ট কৰা হৈছে: 18 FEB 2026 7:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি. এআই ইমপেক্ট ছামিটৰ  সময়তে ছাৰ্বিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ বুচিচৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি বুচিচক ধন্যবাদ জনায়। তেওঁ ৰাষ্ট্ৰপতি বুচিচে ২০১৭ চনত ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটত অংশগ্ৰহণ কৰা আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হোৱা দ্বিতীয় ভইচ অৱ দ্য গ্ল’বেল চাউথ ছামিটত অংশগ্ৰহণ কৰাৰ  বিষয়েও  স্মৰণ কৰে।

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, এআই, ফিন-টেক, শিক্ষা, কৃষি আৰু জনসাধাৰণৰ বিনিময়ৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে  আলোচনা কৰে। পাৰস্পৰিক স্বাৰ্থ জড়িত  আঞ্চলিক আৰু বিশ্বজোৰা  বিষয়সমূহৰ বিষয়েও  তেওঁলোকে মতামত আলোচনা কৰে। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় মঞ্চত ইখন দেশে সিখন দেশক সহায় কৰাৰ বাবেও  শলাগ লয়।

 

****

MJPS/SR/DM


(ৰিলিজ আই ডি : 2230083) অতিথি কক্ষ : 4