প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এ এন আইৰ সাক্ষাৎকাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত বিশ্ব কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱত ভাৰতৰ ভূমিকাৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 FEB 2026 9:51AM by PIB Guwahati
ভাৰতে দিল্লীত গৌৰৱময় কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন আয়োজন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিবৰ্তনশীল সম্ভাৱনা আৰু বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱ গঢ়ি তোলাত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে।
এ এন আইৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তা যুগত উদ্ভাৱন, প্ৰতিভা আৰু নৈতিক নেতৃত্বৰ কেন্দ্ৰ হিচাপে ভাৰতৰ অনন্য স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ
‘ভাৰতে দিল্লীত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন আয়োজন কৰাৰ সময়ত এ এন আইৰ সৈতে হোৱা সাক্ষাৎকাৰত মই কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিবৰ্তনশীল সম্ভাৱনা তথা কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱত ভাৰতে ৰূপায়ণ কৰিব পৰা ভূমিকাকে ধৰি এই সম্পৰ্কীয় মোৰ চিন্তাধাৰা প্ৰকাশ কৰিছো।’
***
MJPS/SR/DD
(ৰিলিজ আই ডি : 2229464)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada