প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ভাৰত এআই ইম্পেক্ট এক্সপো ২০২৬ৰ উদ্বোধনৰ গুৰুত্বপূৰ্ণ দিশসমূহ শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
17 FEB 2026 10:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত এআই ইম্পেক্ট এক্সপো ২০২৬ক ধাৰণা, উদ্ভাৱন আৰু অভিপ্ৰায়ৰ এক শক্তিশালী সংমিশ্ৰণ হিচাপে প্ৰশংসা কৰে।
উদ্বোধনৰ গুৰুত্বপূৰ্ণ দিশবোৰ শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে কয় যে এই প্ৰদৰ্শনীয়ে বিশ্বৰ কল্যাণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যতক গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাৰ অসাধাৰণ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে।
ইয়াৰ উপৰি এই অনুষ্ঠানটোৱে মানৱ প্ৰগতিৰ বাবে দায়িত্বশীল আৰু অন্তৰ্ভুক্তিমূলকভাৱে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
‘ভাৰত এআই ইম্পেক্ট এক্সপো ২০২৬ ধাৰণা, উদ্ভাৱন আৰু অভিপ্ৰায়ৰ এক শক্তিশালী সংমিশ্ৰণ।
ই বিশ্বৰ কল্যাণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যতক গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাৰ অসাধাৰণ সম্ভাৱনা প্ৰদৰ্শন কৰে।
ইয়াৰ উপৰি ই মানৱ প্ৰগতিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাক দায়িত্বশীল আৰু সামগ্ৰিকভাৱে ব্যৱহাৰ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। ইয়াত গুৰুত্বপূৰ্ণ দিশবোৰ উল্লেখ কৰা হৈছে।’
***
MJPS/SR/MK
(ৰিলিজ আই ডি : 2229041)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam