গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত আয়োজিত দিল্লী আৰক্ষীৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে
দিল্লী আৰক্ষীয়ে ড্ৰাগছ ছিণ্ডিকেটেই হওক, নকল মুদ্ৰাৰ ৰেকেটেই হওক, জটিল চাইবাৰ অপৰাধেই হওক বা সংগঠিত অপৰাধেই হওক, শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ প্ৰতিটো ক্ষেত্ৰতে সফলতাৰে কাম কৰিছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪-ৰ পৰা ২০২৬-লৈ অৰ্থাৎ ১২ টা বছৰ দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ ইতিহাসত এটি সোণালী যুগ হিচাপে লিপিবদ্ধ হৈ ৰ’ব
তিনি নতুন ন্যায় সংহিতা সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হোৱাৰ পিছত সমগ্ৰ দেশতে দোষী সাব্যস্ত হোৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাব
দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা নক্সালবাদ নিৰ্মূলৰ পথত, ৩১ মাৰ্চৰ পূৰ্বে ৰাষ্ট্ৰখন নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব
আমাৰ সংকল্প হৈছে এজনো অনুপ্ৰৱেশকাৰীয়ে সীমান্ত পাৰ হ’ব নোৱাৰা শক্তিশালী নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা
৩৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দিল্লী আৰক্ষীৰ বিশেষ কোষৰ সংহত মুখ্য কাৰ্য্যালয় সন্ত্ৰাসবাদ আৰু অপৰাধৰ সৈতে মোকাবিলা কৰাৰ এক ফলপ্ৰসূ উপায় হৈ পৰিব
৮৫৭ কোটি টকা ব্যয় সাপেক্ষে আধুনিক ইন্টিগ্ৰেটেড কমাণ্ড, কন্ট্ৰল, কমিউনিকেচন আৰু কম্পিউটাৰ চেন্টাৰ (C4I) স্থাপনৰ লগে-লগে দিল্লী আৰক্ষী অধিক আধুনিক আৰু শক্তিশালী হৈ উঠিব
পোষ্ট কৰা হৈছে:
16 FEB 2026 3:31PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত আয়োজিত দিল্লী আৰক্ষীৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত দিল্লীৰ আৰক্ষী আয়ুক্ত শ্ৰী সতীশ গোলছাকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিষ্ঠাৰে পৰা আজিলৈকে দিল্লী আৰক্ষীয়ে শান্তি, সেৱা আৰু ন্যায়ৰ প্ৰতি থকা দায়বদ্ধতা পৰিপূৰণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই। তেওঁ উল্লেখ কৰে যে দিল্লী দেশৰ ৰাজধানী হোৱাৰ উপৰিও ৰাষ্ট্ৰখনৰ গণতন্ত্ৰ আৰু পৰিচয়ৰ হৃদস্পন্দন আৰু কেন্দ্ৰ। ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে দিল্লীৰ নিৰাপত্তাই বিশ্বৰ সৰ্বোচ্চ মানদণ্ড পূৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। শ্ৰী অমিত শ্বাহে কয় যে দিল্লীত স্থাপিত একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় আৰু বাসগৃহৰ বাবে দিল্লী আৰক্ষীৰ দায়িত্ব যথেষ্ট বৃদ্ধি পাই আহিছে। তেওঁ লগতে কয় যে দিল্লী আৰক্ষীয়ে সদায় আগস্থানত থাকি উৎকৃষ্টতা আৰু সফলতাৰে দায়িত্ব পালন কৰি আছে।

শ্ৰী অমিত শ্বাহে কয় যে দিল্লী আৰক্ষীক অধিক শক্তিশালী কৰিবলৈ আজি ইয়াৰ বিশেষ কোষৰ সংহত মুখ্য কাৰ্য্যালয়ৰ ই-আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰায় ৩৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশেষ কোষৰ সংহত মুখ্য কাৰ্য্যালয়টো হ’ব নিচাযুক্ত দ্ৰব্য আৰু সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ আধুনিক কেন্দ্ৰ। তেওঁ কয় যে এই মুখ্য কাৰ্য্যালয়ত অত্যাধুনিক ইনড’ৰ ফায়াৰিং ৰেঞ্জ, ৱাৰ ৰুম, চাইবাৰ লেব, ট্ৰেইনিং হল আৰু ভিন্ন আধুনিক সুবিধাৰ ব্যৱস্থা কৰা হ’ব। একেদৰে সমগ্ৰ দেশৰ আৰক্ষী বাহিনীৰ বাবে আদৰ্শ বিশেষ কোষৰ মুখ্য কাৰ্য্যালয় হিচাপে পৰিণত হ’ব। শ্ৰী শ্বাহে লগতে কয় যে দিল্লী আৰক্ষীৰ বিশেষ কোষে কেৱল দিল্লীতে মাদক দ্ৰব্যৰ ছিণ্ডিকেট, ভুৱা ভাৰতীয় মুদ্ৰা, জটিল চাইবাৰ অপৰাধ, সংগঠিত অপৰাধৰে মোকাবিলাই নহয়, বৰঞ্চ সমগ্ৰ দেশতে কেইবাটাও বৃহৎ সন্ত্ৰাসবাদী কাণ্ডৰ তদন্তত সফল আৰু উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি দিল্লী আৰক্ষীৰ ১০ টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু প্ৰায় ৮৫৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিৰাপদ চহৰ প্ৰকল্পৰ প্ৰথম পৰ্য্যায়ৰ প্ৰকল্পটোও উদ্বোধন কৰা হৈছে। ইয়াৰ অধীনত দিল্লীৰ জনসাধাৰণৰ বাবে আধুনিক ইন্টিগ্ৰেটেড কমাণ্ড, কন্ট্ৰল, কমিউনিকেচন আৰু কম্পিউটাৰ চেন্টাৰ (C4I) উৎসৰ্গা কৰা হৈছে। তেওঁ আৰু কয় যে দিল্লীক ১০ হাজাৰ কেমেৰাৰ সৈতে সংযোগ কৰাৰ প্ৰথম পৰ্য্যায়ৰ কাৰ্য্যসূচীৰ অধীনত ইতিমধ্যে ২,১০০ কেমেৰা লাইভ হৈছে আৰু এই ব্যৱস্থাৰ সৈতে বৰ্তমানৰ ১৫ হাজাৰৰো অধিক কেমেৰাক একত্ৰিত কৰাৰ কাম সম্পূৰ্ণ হৈছে। শ্ৰী শ্বাহে লগতে কয় যে নিৰাপদ চহৰ প্ৰকল্পই অনাগত দিনত দিল্লীৰ নিৰাপত্তাৰ যথেষ্ট বৰ্ধন ঘটাব।

শ্ৰী অমিত শ্বাহে কয় যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে কেইবাটাও উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে দেশত ন্যায়ৰ বিষয়ে আলোচনা কৰা মাত্ৰেকে তিনি নতুন ন্যায় সংহিতাৰ কথা নিশ্চয়কৈ উল্লেখ কৰা হ’ব। তেওঁ কয় যে ১৫০ বছৰ পূৰ্বে ব্ৰিটিছে প্ৰণয়ন কৰা আইনসমূহ এতিয়া বাতিল কৰি ন্যায়-কেন্দ্ৰিক আইনী ব্যৱস্থা স্থাপন কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা দুবছৰৰ ভিতৰত এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হোৱাৰ পিছত দেশৰ যিকোনো ঠাইত দাখিল কৰা যিকোনো এফআইআৰ-ৰ ক্ষেত্ৰত তিনি বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয় পৰ্য্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নতুন ন্যায় সংহিতাত শিশু আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত এটা সুকীয়া অধ্যায়ৰ সংযোজন কৰা হৈছে আৰু ই-এফআইআৰ তথা জিৰ’ এফআইআৰ-লৈ আইনী সমৰ্থন আগবঢ়োৱা হৈছে। আইচিজেএছ-ৰ (ইন্টিগ্ৰেটেড ক্রিমিনেল জাষ্টিচ চিষ্টেম) অধীনত আৰক্ষী, ন্যায়পালিকা, ফৰেনছিক বিজ্ঞান, বিচাৰ আৰু কাৰাগাৰসমূহক একত্ৰিত কৰা হৈছে। এই সেৱাসমূহ অনলাইন মাধ্যমেৰে আগবঢ়োৱা হৈছে। তেওঁ কয় যে পোন-প্ৰথমবাৰৰ বাবে সৰু-সৰু অপৰাধৰ শাস্তি হিচাপে সামূহিক সেৱাক আইনগতভাৱে প্ৰৱৰ্তন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ৭ বছৰতকৈ অধিক শাস্তিৰ বিধান থকা অপৰাধৰ ক্ষেত্ৰত ফৰেনছিক ভিজিটক বাধ্যতামূলক কৰা হৈছে। দেশৰ আইনত পোন-প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদক সংজ্ঞায়িত কৰা হৈছে আৰু দেশৰ পৰা পলায়ন কৰা পলাতকসকলৰ বাবে অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে ভাৰতৰ বাহিৰত থকা ঘোষিত অপৰাধীৰ সম্পত্তিক সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নতুন আইনসমূহত বিচাৰ সঞ্চালকক অধিক গুৰুত্ব প্ৰদান হৈছে। ইলেক্ট্ৰনিক আৰু ডিজিটেল ৰেকৰ্ডক আইনী স্বীকৃতি প্ৰদান কৰিবলৈ নথি-পত্ৰৰ সংজ্ঞাক সম্প্ৰসাৰিত কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে নতুন ন্যায় সংহিতাৰ সম্পূৰ্ণ ৰূপায়ণৰ পিছত আমাৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হৈ পৰিব। তেওঁ কয় যে নতুন আইনসমূহে ন্যায় ব্যৱস্থাৰ পলম হ্ৰাস কৰাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধিতো সহায় কৰিব। শ্ৰী অমিত শ্বাহে কয় যে অসম, হাৰিয়ানা আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহত দোষী সাব্যস্ত হোৱাৰ হাৰ অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪-ৰ পৰা ২০২৬-লৈ অৰ্থাৎ ১২ টা বছৰ দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ ইতিহাসত এটি সোণালী যুগ হিচাপে লিপিবদ্ধ হৈ ৰ’ব। তেওঁ কয় যে ২০১৪-ৰ পূৰ্বলৈকে আমাৰ দেশ তিনিটা সমস্যাৰ সন্মুখীন হৈছিল— জম্মু-কাশ্মীৰ, বাওঁপন্থী উগ্ৰবাদ আৰু উত্তৰ-পূব— যিয়ে দশক-দশক ধৰি আমাৰ অভ্যন্তৰীণ নিৰাপত্তাক প্ৰত্যাহ্বান জনাইছিল।
শ্ৰী অমিত শ্বাহে কয় যে ১১ খন ৰাজ্যত বিয়পি পৰা নক্সালবাদ সদায় দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত অগ্ৰসৰ হৈছো আৰু ২০২৬-ৰ ৩১ মাৰ্চৰ ভিতৰত সমগ্ৰ দেশক নক্সাল হিংসাৰ পৰা মুক্ত কৰাত আমি নিশ্চিতভাৱে সফল হ’ম। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলতো ১০ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিত যোগদান কৰিছে আৰু ১২ ৰো অধিক শান্তি চুক্তিৰ জৰিয়তে আমি উত্তৰ-পূবত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অতি উল্লেখযোগ্য কাম কৰিছো।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে আগন্তুক সময়তো গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) সমগ্ৰ দেশতে চিচিটিভি কেমেৰাৰ নেটৱৰ্কৰ সম্প্ৰসাৰণেৰে এটি নতুন নিৰাপত্তা ব্যৱস্থা স্থাপন কৰিব। তেওঁ কয় যে দেশৰ প্ৰতিটো স্থল সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ আধুনিকীকৰণ, ৰাষ্ট্ৰখনক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰা আৰু তিনি নতুন ন্যায় সংহিতাৰ সম্পূৰ্ণ ৰূপায়ণৰ অৰ্থে মন্ত্ৰালয়ে সকলো প্ৰচেষ্টা গ্ৰহণ কৰি যাব।
*****
RK/PR/PS/SB
(ৰিলিজ আই ডি : 2228775)
অতিথি কক্ষ : 6