কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰত মুঠ ৩,৩২০.৩৮ কোটি টকা ব্যয়েৰে ১৫৪.৬৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৬০এ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোটি-ত্ৰিম্বক (মোখাড়া)-জৱাহৰ-মনোৰ-পালঘৰ অংশৰ পুনৰ সংস্থাপন আৰু উন্নীতকৰণত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 14 FEB 2026 1:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে মহাৰাষ্ট্ৰৰ ১৬০এ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোটি-ত্ৰিম্বক (মোখাড়া)-জৱাহৰ-মনৰ-পালঘৰ অংশৰ অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ (ইপিচি) মোডত পুনৰ সংস্থাপন আৰু উন্নীতকৰণত অনুমোদন জনায়। ইয়াৰ মুঠ দৈৰ্ঘ্য হ’ব ১৫৪.৬৩৫ কিলোমিটাৰ আৰু মুঠ খৰচ হ’ব ৩,৩২০.৩৮ কোটি টকা।

বিশেষকৈ অম্বৰ আৰু সাতপুৰৰ আশে-পাশে নাছিকৰ পশ্চিম অংশত মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে স্থাপন কৰা ঔদ্যোগিক ইউনিটৰ এক ঘন থুপ আছে। ইয়াৰ ফলত মালবাহী যাতায়তৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। বৰ্তমান এই বাহনসমূহে ৮৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাছিক চহৰৰ মাজেৰে যাত্ৰা কৰে। ইয়াৰ ফলত চহৰ অঞ্চলৰ পথসমূহৰ ওপৰত চাপ বৃদ্ধি পায়। বৰ্তমানৰ প্ৰধান পথসমূহ ইতিমধ্যে সেৱাৰ স্তৰ (LOS) – C স্তৰত চলি আছে:

১৬০এ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নে এই ঔদ্যোগিক অঞ্চলসমূহ বাইপাছ কৰি বিকল্প পথ প্ৰদান কৰিব, যিয়ে চহৰখন বাইপাছ কৰি যান-জঁটৰ সমস্যা হ্ৰাস কৰিব।

এই প্ৰকল্পটো পি এম কাইনেটিক্স নীতিৰ সৈতে সংগতি ৰাখি প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ ফলত দেশৰ লজিষ্টিক পাৰফৰমেন্স ইনডেক্স (এল পি আই)ত ইতিবাচক প্ৰভাৱ পৰিব।

সম্পূৰ্ণ হোৱাৰ লগে লগে এই প্ৰকল্পটোৱে বাহনৰ মসৃণ আৰু নিৰাপদ চলাচলৰ সুবিধা প্ৰদান কৰিব, যাত্ৰাৰ সময়ৰ লগতে বাহন চলাচল ব্যয় (ভিঅ’চি) যথেষ্ট হ্ৰাস কৰিব। তদুপৰি, এই প্ৰকল্প ৰূপায়ণৰ ফলত জনজাতীয় অঞ্চলসমূহৰ মৌলিক আন্তঃগাঁথনি উন্নত হ’ব। ইয়াৰ দ্বাৰা সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব। এই প্ৰকল্পটোৱে কৰিডৰৰ কাষেৰে অতিৰিক্ত অৰ্থনৈতিক কাৰ্যকলাপক উৎসাহিত কৰাৰ উপৰিও প্ৰায় ১৯.৯৮ লাখ মানৱ দিনৰ প্ৰত্যক্ষ নিয়োগ আৰু ২৪.৮৬ লাখ মানৱ দিনৰ পৰোক্ষ নিয়োগ সুবিধা প্ৰদান কৰিব বুলি অনুমান কৰা হৈছে।

 

****

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2228310) অতিথি কক্ষ : 9