প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলক বিশ্বকাপ জয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 06 FEB 2026 9:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলে বিশ্বকাপৰ খিতাপ দখল কৰা উৎকৃষ্ট প্ৰদৰ্শনক প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰি সমগ্ৰ প্ৰতিযোগিতাখনতে অত্যন্ত ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে দলটোক প্ৰশংসা কৰে। এই জয়ে বহু যুৱ খেলুলৈক অনুপ্ৰাণিত কৰিব বুলিও তেওঁ লগতে কয়।

এক্সত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়ঃ

“ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিছে!

বিশ্বকাপ ঘৰলৈ অনাৰ বাবে আমাৰ ১৯ বছৰ অনূৰ্ধ দলটোক লৈ গৌৰৱান্বিত। সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰি অত্যন্ত ভাল খেলিছে। এই জয়ে বহু যুৱ খেলুৱৈকো অনুপ্ৰাণিত কৰিব। খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো।”

 

***

MJPS/SR/KD


(ৰিলিজ আই ডি : 2224788) অতিথি কক্ষ : 7