বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬-২৭ বিত্তীয় বৰ্ষত ১২.২লাখ কোটি ৰাজহুৱা মূলধনী ব্যয়ৰ প্ৰস্তাৱ

৭টা দ্ৰুতগতিৰ ৰে'ল ক'ৰিডৰ, এটা ফ্ৰেইট ক'ৰিডৰ আৰু ২০টা নতুন ৰাষ্ট্ৰীয় জলপথৰ প্ৰস্তাৱ

ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ বিশ্বাস বৃদ্ধিৰ বাবে আন্তঃগাঁথনিৰ বিপদাশংকা নিশ্চিত পুঁজি

জাহাজৰ থলুৱা নিৰ্মাণ কাৰ্যক উৎসাহিত কৰাৰ বাবে জাহাজ ভি জি এফ আঁচনি মুকলিৰ প্ৰস্তাৱ

পোষ্ট কৰা হৈছে: 01 FEB 2026 12:56PM by PIB Guwahati

আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৬-২৭ দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়; "আমাৰ প্ৰথম কৰ্তব্য হৈছে উৎপাদনশীলতা আৰু প্ৰতিযোগিতা বৃদ্ধি কৰাৰ লগতে গোলকীয় গতিশীলতাৰ স্থিতিস্থাপকতা গঢ়ি তোলাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ স্থায়ী আৰু ত্বৰান্বিত কৰা।"

বিত্ত মন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ বাজেট ভাষণত কয় যে ৰাজহুৱা মূলধনী ব্যয় ২০১৪-১৫ বিত্তীয় বৰ্ষৰ ২ লাখ কোটি টকাৰ পৰা বহুগুণ বৃদ্ধি কৰি ২০২৫-২৬ৰ আনুমানিক বাজেট আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষত ১১.২ লাখ কোটি টকাৰ আবণ্টন দিয়া হৈছে আৰু মন্ত্ৰীগৰাকীয়ে এই গতি অব্যাহত ৰাখি ইয়াক ১২.২ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে। তেওঁ লগতে কয় যে যোৱা দশকত আন্তঃগাঁথনি বিনিয়োগ ন্যাস (আইএনভিআইটি),ৰিয়েল ইষ্টেট বিনিয়োগ ন্যাস (আৰইআইটি)ৰ লগতে এনআইআইএফ আৰু এনএবিএফআইডিৰ দৰে প্ৰতিষ্ঠানকে ধৰি ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যাপক বৰ্ধনৰ বাবে নতুন বিত্তীয় সঁজুলিৰ জৰিয়তে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বছৰ বছৰ ধৰি, সম্পত্তিৰ মুদ্ৰাকৰণৰ ক্ষেত্ৰত ৰিয়েল ইষ্টেট বিনিয়োগ ন্যাস (আৰইআইটি) সমূহ এক সফল মাধ্যম হিচাপে পৰিগণিত হৈছে। ২০২৬-২৭ বাজেটত সমৰ্পিত আৰ ই আই টি স্থাপনৰ জৰিয়তে চি পি এছ ই-ৰ গুৰুত্বপূৰ্ণ ৰিয়েল ইষ্টেট সম্পত্তিৰ পুনৰ্ব্যৱহাৰ ত্বৰান্বিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

 

আন্তঃগাঁথনি বিপদাশংকা নিশ্চিত পুঁজি

আন্তঃগাঁথনি উন্নয়ন আৰু নিৰ্মাণ পৰ্যায়ৰ বিপদাশংকা সন্দৰ্ভত ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ আস্থা শক্তিশালী কৰা উদ্দেশ্যে, বিত্ত মন্ত্ৰীগৰাকীয়ে ঋণদাতাসকলক আংশিক ঋণ গেৰাণ্টি প্ৰদান কৰিবলৈ এক আন্তঃগাঁথনি বিপদাশংকা নিশ্চিত পুঁজি স্থাপনৰ প্ৰস্তাৱ দিয়ে।

 

সা-সামগ্ৰীৰ পৰিৱেশঅনুকূল স্থায়ী পৰিবহন

 

এই উদ্দেশ্যে, বাজেটত পূবৰ ডানকুনিৰ পৰা পশ্চিমৰ চুৰাটলৈ সংযোগ কৰা নতুন ডেডিকেটেড ফ্ৰেইট কৰিডৰ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে আৰু অহা ৫ বছৰত ২০ টা নতুন ৰাষ্ট্ৰীয় জলপথ (এনডব্লিউ) কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তালচেৰ আৰু অংগুলৰ খনিজ সম্পদ সমৃদ্ধ অঞ্চল আৰু কলিঙ্গ নগৰৰ দৰে ঔদ্যোগিক কেন্দ্ৰসমূহক পাৰাদীপ আৰু ধামৰা বন্দৰৰ সৈতে সংযোগ কৰাৰ বাবে উৰিষ্যাত এনডব্লিউ-৫ৰ সৈতে এই প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ২০৪৭ চনৰ ভিতৰত আভ্যন্তৰীণ জলপথ আৰু উপকূলীয় জাহাজ পৰিবহণৰ অংশ ৬শতাংশৰ পৰা ১২শতাংশলৈ বৃদ্ধি কৰিবলৈ বিত্ত মন্ত্ৰীগৰাকীয়ে উপকূলীয় সা-সামগ্ৰী প্ৰচাৰ আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছিল।

 

শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে প্ৰয়োজনীয় মানৱশক্তিৰ বিকাশৰ বাবে আঞ্চলিক উৎকৰ্ষতা কেন্দ্ৰ হিচাপে প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হ'ব, যিয়ে সমগ্ৰ জলপথ চোৱাৰ বিষয়ে যুৱক-যুৱতীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান আৰু দক্ষতা বিকাশত সহায় কৰিব। ইয়াৰ উপৰিও, বাৰাণসী আৰু পাটনাত আভ্যন্তৰীণ জলপথৰ বাবে এটা জাহাজ মেৰামতি পৰিৱেশতন্ত্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

৭টা দ্ৰুতগতিৰ ৰেল কৰিডৰ

পৰিৱেশগতভাৱে স্থায়ী যাত্ৰী প্ৰণালীৰ প্ৰচাৰৰ বাবে, বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত চহৰসমূহৰ মাজত 'বিকাশ সংযোগকাৰী' হিচাপে সাতটা দ্ৰুতগতিৰ ৰে’ল কৰিডৰ বিকশাই তোলাৰ প্ৰস্তাৱ দিয়ে। সেইসমূহ হৈছে- ১) মুম্বাই-পুনে, ২) পুনে-হায়দৰাবাদ, ৩) হায়দৰাবাদ-বাংগালুৰু, ৪) হায়দৰাবাদ-চেন্নাই, ৫) চেন্নাই-বাংগালুৰু, ৬) দিল্লী-বাৰাণসী, ৭) বাৰাণসী-শিলিগুৰি।

 

 

সাগৰীয় জাহাজ ভি জি এফ আঁচনি

অত্যন্ত দুৰ্গম আৰু দূৰৱৰ্তী সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে শ্ৰীমতী নিৰ্মলা সীতাৰমণে সাগৰীয় জাহাজৰ থলুৱা নিৰ্মাণক উৎসাহিত কৰাৰ প্ৰস্তাৱ দিয়ে আৰু কয় যে এনে কাৰ্যপৰিচালনাৰ সহায়ক হোৱাকৈ এখন সাগৰীয় জাহাজ ভি জি এফ আঁচনি প্ৰৱৰ্তন কৰা হ'ব।

কাৰ্বন কেপচাৰ ইউটিলাইজেচন এণ্ড ষ্টোৰেজ (চি চি ইউ এছ)

২০২৫ চনৰ ডিচেম্বৰত আৰম্ভ কৰা কাৰ্যপৰিকল্পনাৰ সৈতে সংগতি ৰাখি, চি চি ইউ এছ প্ৰযুক্তিসমূহে শক্তি, ইস্পাত, চিমেণ্ট, শোধনাগাৰ আৰু ৰাসায়নিক পদাৰ্থকে ধৰি পাঁচটা ঔদ্যোগিক খণ্ডত অন্তিম ব্যৱহাৰৰ ক্ষেত্ৰত দ্ৰুত প্ৰস্তুতিৰ স্তৰ প্ৰাপ্ত কৰিব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ বাবে বাজেটত অহা ৫ বছৰত ২০,০০০  কোটি টকা ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে।

নগৰ অৰ্থনৈতিক অঞ্চল

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নগৰসমূহ হৈছে ভাৰতৰ বিকাশ, উদ্ভাৱন আৰু সুযোগৰ ইঞ্জিন। এইবাৰৰ বাজেটত আধুনিক আন্তঃগাঁথনি আৰু মৌলিক সা-সুবিধাৰ প্ৰয়োজন থকা দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহৰ লগতে মন্দিৰ-চহৰসমূহৰ ওপৰতো গুৰুত্ব দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। ভিন ভিন অৰ্থনৈতিক শক্তি প্ৰদান কৰিবলৈ নিৰ্দিষ্ট বিকাশৰ ওপৰত ভিত্তি কৰি নগৰ অৰ্থনৈতিক অঞ্চলসমূহ(চিইআৰ) চিনাক্ত কৰা হ’ব। ইয়াৰ ৰূপায়নৰ বাবে বিত্ত মন্ত্ৰীগৰাকীয়ে ৫ বছৰত প্ৰতিটো নগৰ অৰ্থনৈতিক অঞ্চলসমূহ (চিইআৰ)ৰ বাবে ৫০০০  কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়ে।

****

NB/AK/PSF/NB


(ৰিলিজ আই ডি : 2222042) অতিথি কক্ষ : 42