বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ সমাপ্তিঃ ভাৰতৰ বিশ্ব বাণিজ্য সংযোগৰ ক্ষেত্ৰত এক কৌশলগত অগ্ৰগতি
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনে ১৬ সংখ্যক ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ সন্মিলনত ঐতিহাসিক মাইলৰ খুঁটিসমূহৰ সম্পৰ্কে ঘোষণা কৰে
বিশ্বব্যাপী জিডিপিত ৪ৰ্থ সৰ্ববৃহৎ অৰ্থনীতি ভাৰত আৰু ২য় সৰ্ববৃহৎ অৰ্থনীতি ইউৰোপিয়ান ইউনিয়নৰ অংশ ২৫%, যি হৈছে এক বিশ্বস্ত অংশীদাৰ
অভূতপূৰ্ব বজাৰ প্ৰৱেশঃ ভাৰতৰ ৯৯% ৰো অধিক ৰপ্তানিয়ে ইউৰোপিয়ান ইউনিয়নত অগ্ৰাধিকাৰমূলক প্ৰৱেশ লাভ কৰিছে, ইয়াৰ ফলশ্ৰুতিত ব্যাপক বিকাশৰ সম্ভাৱনাৰ উন্মেষ ঘটিছে
এফটিএ-ৰ জৰিয়তে এমএছএমই-ৰ বাবে নতুন সুযোগ মুকলি হোৱাৰ লগতে মহিলা, কাৰিকৰ, যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ বাবে নিয়োগ সৃষ্টি হ’ব
এফটিএ-ৰ অধীনত ৬.৪১ লাখ কোটি টকাৰ (৭৫ বিলিয়ন মাৰ্কিন ডলাৰ) ৰপ্তানি টেক-অফৰ বাবে সাজু হৈছে, বস্ত্ৰ, চামৰা, সামুদ্ৰিক সামগ্ৰী, ৰত্ন আৰু গহনা আদি শ্ৰম-নিবিড় খণ্ডত ৩৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিয়ে অগ্ৰাধিকাৰমূলক প্ৰৱেশৰ পৰা অসীম লাভ কৰিবলৈ সক্ষম হৈছে
মেক ইন ইণ্ডিয়াক আগুৱাই নিবলৈ পাৰস্পৰিক বজাৰ প্ৰৱেশৰ সৈতে অট’ উদাৰীকৰণক সাৱধানে মানাংকিত কৰা হৈছে
অনুকূল বজাৰ প্ৰৱেশে ভাৰতৰ কৃষিজাত আৰু সংসাধিত খাদ্য ৰপ্তানিৰ বাবে দুৱাৰ মুকলি কৰিছে
ভাৰতে স্পৰ্শকাতৰ কৃষি সামগ্ৰী আৰু দুগ্ধ খণ্ডক সুৰক্ষা প্ৰদান কৰিছে
সেৱাসমূহৰ অভিলাষী আৰু বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ বজাৰ প্ৰৱেশ
ভৱিষ্যতৰ বাবে সাজু ম’বিলিটি কাঠামোৱে দক্ষ আৰু অৰ্ধ-দক্ষ ভাৰতীয় পেছাদাৰীসকলৰ বাবে বিশ্বব্যাপী সুযোগক সম্প্ৰসাৰিত কৰিছে
চিবিএএম-ৰ দূৰদৰ্শী বিধানসমূহে গঠনমূলক নিয়োজিততা, আলোচনা আৰু সমৰ্থন নিশ্চিত কৰিছে
ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ এফটিএ য়ে অন্তৰ্ভুক্ত, স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু বিকাশৰ বাবে ভেটি স্থাপন কৰিছে
प्रविष्टि तिथि:
27 JAN 2026 2:16PM by PIB Guwahati
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী উৰ্চুলা ভন ডেৰ লেয়েনে আজি যৌথভাৱে ইউৰোপিয়ান নেতাসকলৰ ভাৰত ভ্ৰমণৰ সময়ত অনুষ্ঠিত ১৬ সংখ্যক ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ সন্মিলনত ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি (India–EU FTA) সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। এই ঘোষণাই ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ অৰ্থনৈতিক সম্পৰ্ক আৰু মূল বিশ্ব অংশীদাৰসমূহৰ সৈতে বাণিজ্যিক সংযোগৰ এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কাৰ্য্যক সূচিত কৰিছে।
উক্ত এফটিএ-ৰ সামৰণিত ভাৰত আৰু ইউৰোপিয়ান ইউনিয়ন মুক্ত বজাৰ, ভৱিষ্যদ্বাণীযোগ্যতা আৰু অন্তৰ্ভুক্ত বিকাশৰ বাবে অংগীকাৰবদ্ধ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হয়।
২০২২-ত পুনৰ আলোচনা আৰম্ভ হোৱাৰ পিছৰে পৰা গভীৰ আলোচনাৰ অন্তত এই এফটিএ ঘোষণা কৰা হৈছে। আজি এই এফটিএ ঘোষণা কাৰ্য্যই ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত বছৰ-বছৰ ধৰি অব্যাহত স্থায়ী আলোচনা আৰু সহযোগিতাৰ ফলশ্ৰুতিকে প্ৰতিফলিত কৰিছে। ই এক সুষম, আধুনিক আৰু নিয়ম-ভিত্তিক অৰ্থনৈতিক আৰু বাণিজ্যিক অংশীদাৰিত্ব প্ৰশস্ত কৰাৰ ৰাজনৈতিক ইচ্ছাশক্তি আৰু উমৈহতীয়া দৃষ্টিভংগীকে প্ৰদৰ্শিত কৰিছে।
ইউৰোপিয়ান ইউনিয়ন হৈছে ভাৰতৰ অন্যতম সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। বছৰ-বছৰ ধৰি সামগ্ৰী আৰু সেৱাৰ দ্বিপাক্ষিক বাণিজ্য ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ২০২৪–২৫ ত ইউৰোপিয়ান ইউনিয়নৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সামগ্ৰীৰ বাণিজ্য ১১.৫ লাখ কোটি টকা (১৩৬.৫৪ বিলিয়ন মাৰ্কিন ডলাৰ) আছিল। ইয়াৰে ৰপ্তানিৰ মূল্য ৬.৪ লাখ কোটি টকা (৭৫.৮৫ বিলিয়ন মাৰ্কিন ডলাৰ) আৰু আমদানিৰ মূল্য আছিল ৫.১ লাখ কোটি টকা (৬০.৬৮ বিলিয়ন মাৰ্কিন ডলাৰ)। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ সেৱাৰ বাণিজ্য ২০২৪-ত ৭.২ লাখ কোটি টকা (৮৩.১০ বিলিয়ন মাৰ্কিন ডলাৰ) হৈছিল।
বিশ্বব্যাপী জিডিপিত ৪ৰ্থ সৰ্ববৃহৎ অৰ্থনীতি ভাৰত আৰু ২য় সৰ্ববৃহৎ অৰ্থনীতি ইউৰোপিয়ান ইউনিয়নৰ অংশ ২৫% আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশ। বৃহৎ বৈচিত্ৰ্যপূৰ্ণ আৰু পৰিপূৰক অৰ্থনীতিৰ দেশ দুখনৰ এনে একত্ৰীকৰণে অভূতপূৰ্ব বাণিজ্য আৰু বিনিয়োগৰ সুযোগ মুকলি কৰিব।
এই সন্দৰ্ভত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৌশলগত দৃষ্টিভংগী আৰু দৃঢ় নেতৃত্বক প্ৰশংসা কৰে। তেওঁ কয়ঃ
“ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ সমাপ্তিয়ে ভাৰতৰ অৰ্থনৈতিক সংযোগ আৰু বিশ্ব দৃষ্টিভংগীৰ ক্ষেত্ৰত এক বিশেষ কৃতিত্বক সূচিত কৰিছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ বিশ্বাসযোগ্য, পাৰস্পৰিকভাৱে লাভজনক আৰু সুষম অংশীদাৰিত্বক সুৰক্ষিত কৰাৰ পন্থা সুদৃঢ় হৈ পৰিল।
গতানুগতিক বাণিজ্য চুক্তিৰ বাহিৰেও ই কৌশলগত মাত্ৰাৰ সৈতে এক ব্যাপক অংশীদাৰিত্বক প্ৰতিনিধিত্ব কৰে আৰু এয়া অন্যতম গুৰুত্বপূৰ্ণ এফটিএ। ইউৰোপিয়ান ইউনিয়নলৈ বাণিজ্যিক মূল্যৰ ভিত্তিত ভাৰতে ৯৯% ৰো অধিক ভাৰতীয় ৰপ্তানিৰ বাবে অভূতপূৰ্ব বজাৰ প্ৰৱেশ নিশ্চিত কৰিছে, যিয়ে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপকো সুদৃঢ় কৰিছে। সামগ্ৰীৰ বাহিৰেও, ই দক্ষ ভাৰতীয় পেছাদাৰীসকলৰ নিৰৱচ্ছিন্ন আহ-যাহ প্ৰশস্ত কৰা এক বিস্তৃত ম’বিলিটি কাঠামোৰ দ্বাৰা পৰিপূৰক সেৱাসমূহত উচ্চ-মূল্যৰ অংগীকাৰসমূহ বাস্তৱায়িত কৰিছে।
যুৱ প্ৰজন্ম আৰু গতিশীল কৰ্মশক্তিৰ দ্বাৰা চালিত আৰু দ্ৰুত বৰ্ধমান প্ৰধান অৰ্থনীতিসমূহৰ অন্যতম ভাৰত এই এফটিএ-ৰ সহায় লৈ নিয়োগ সৃষ্টি, উদ্ভাৱনক প্ৰেৰণা যোগান, খণ্ডসমূহৰ মাজত সুযোগ মুকলি আৰু বিশ্বৰ মঞ্চত নিজৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ সাজু হৈছে।”
ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ বাণিজ্য চুক্তিয়ে সামগ্ৰী, সেৱা, বাণিজ্যিক প্ৰতিকাৰ, উৎপত্তিৰ নিয়ম, শুল্ক আৰু বাণিজ্যৰ সুবিধাৰ দৰে গতানুগতিক ক্ষেত্ৰসমূহৰ লগতে লঘু আৰু মজলীয়া উদ্যোগ (SME) তথা ডিজিটেল বাণিজ্যৰ দৰে উদীয়মান ক্ষেত্ৰসমূহকো সামৰি লৈছে।
ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ এফটিএ য়ে ইয়াৰ শ্ৰম-নিবিড় খণ্ডসমূহ যেনেঃ বস্ত্ৰশিল্প, পোছাক, চামৰা, ফুটৱেৰ, সামুদ্ৰিক সামগ্ৰী, ৰত্ন আৰু গহনা, হস্তশিল্প, অভিযান্ত্ৰিক সামগ্ৰী আৰু অট’ম’বাইলক নিৰ্ণায়কভাৱে সহায় কৰিব। চুক্তিখন বলবৎ হোৱাৰ লগে-লগে প্ৰায় ৩৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিৰ ওপৰত শুল্ক ১০% পৰ্য্যন্ত হ্ৰাস পাই শূন্য হৈ পৰিব। প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাহিৰেও ই শ্ৰমিক, কাৰিকৰ, মহিলা, যুৱক-যুৱতী আৰু এমএছএমই-ক সুদৃঢ় কৰিব। একে সময়তে ভাৰতীয় ব্যৱসায়সমূহক বিশ্ব মূল্য শৃংখলৰ সৈতে অধিক গভীৰভাৱে একত্ৰিত কৰিব আৰু বিশ্ব বাণিজ্যৰ মূল অগ্ৰদূত তথা যোগানকাৰী হিচাপে ভাৰতৰ ভূমিকাক দৃঢ় কৰি তুলিব।
অট’ম’বাইলৰ ক্ষেত্ৰত মানাংকিত আৰু সযতনে যুগুত কৰা কোটা ভিত্তিক অট’ উদাৰীকৰণ পেকেজে ইউৰোপিয়ান ইউনিয়নৰ অট’ নিৰ্মাতাসমূহক ভাৰতত তেওঁলোকৰ মডেলসমূহক অধিক মূল্যৰ বেণ্ডত প্ৰৱৰ্তন কৰাৰ সুবিধা প্ৰদান কৰাই নহয়, বৰঞ্চ ভৱিষ্যতে মেক ইন ইণ্ডিয়া আৰু ভাৰতৰ পৰা ৰপ্তানিৰ সম্ভাৱনাও মুকলি কৰিব। ভাৰতীয় উপভোক্তাসকল উচ্চ প্ৰযুক্তিৰ সামগ্ৰী আৰু অধিক প্ৰতিযোগিতাৰ দ্বাৰা উপকৃত হ’ব। ইউৰোপিয়ান ইউনিয়নৰ বজাৰত পাৰস্পৰিক বজাৰ প্ৰৱেশে ভাৰত নিৰ্মিত অট’ম’বাইলৰ বাবেও ইউৰোপিয়ান ইউনিয়নৰ বজাৰত প্ৰৱেশৰ সুযোগ মুকলি কৰিব।
ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ এফটিএ-ৰ অধীনত ভাৰতৰ কৃষিজাত আৰু সংসাধিত খাদ্য খণ্ডসমূহ এক ৰূপান্তৰশীল উত্থানৰ বাবে সাজু হৈছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় কৃষক আৰু কৃষি উদ্যোগসমূহৰ বাবে এক সমতাপূৰ্ণ পৰিবেশৰ সৃষ্টি হ’ব। চাহ, কফি, মছলা, সতেজ ফল-মূল আৰু সংসাধিত খাদ্যৰ দৰে মূল সামগ্ৰীসমূহে প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব, গ্ৰামীণ জীৱিকাক সুদৃঢ় কৰিব, সৰ্বাংগীন বৃদ্ধিৰ প্ৰসাৰ ঘটাব আৰু ভাৰতৰ বিশ্বাসযোগ্য বিশ্ব যোগানকাৰী হিচাপে স্থিতিক শক্তিশালী কৰিব। ভাৰতে দুগ্ধ, শস্য, হাঁহ-কুকুৰা, চয়াবিন, কেতবোৰ ফল-মূল, শাক-পাচলিকে প্ৰমুখ্য কৰি স্পৰ্শকাতৰ খণ্ডসমূহক বিচক্ষণতাৰে সুৰক্ষিত কৰি ৰাখিছে। একেদৰে ঘৰুৱা অগ্ৰাধিকাৰৰাজিৰ সৈতে ৰপ্তানি বৃদ্ধিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে।
শুল্কৰ উদাৰীকৰণৰ বাহিৰেও এফটিএ য়ে সুদৃঢ় নিয়ন্ত্ৰণ সহযোগিতা, অধিক স্বচ্ছতা আৰু সুশৃংখলিত শুল্ক, ছেনিটেৰী আৰু ফিট’ছেনিটেৰী (SPS) পদ্ধতি তথা বাণিজ্যৰ কাৰিকৰী বাধা অনুশাসনৰ জৰিয়তে অ-শুল্ক (non-tariff) বাধাসমূহৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থা কৰিছে।
চিবিএএম-ৰ বিধানৰ জৰিয়তে এই নিয়মৰ অধীনত তৃতীয় দেশসমূহক কোনো নমনীয়তা প্ৰদান কৰা মাত্ৰেকে নমনীয়তাক সম্প্ৰসাৰণ কৰা, কাৰ্বনৰ মূল্য স্বীকৃতিৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতাৰ বৰ্ধন, ভেৰিফায়াৰক স্বীকৃতি দিয়াৰ লগতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ তথা উদীয়মান কাৰ্বনৰ প্ৰয়োজনীয়তাসমূহৰ অনুপালনৰ বাবে আৰ্থিক সাহায্য আৰু লক্ষ্যভিত্তিক সমৰ্থনকে প্ৰমুখ্য কৰি অংগীকাৰসমূহ নিশ্চিত কৰা হৈছে।
সেৱাসমূহ প্ৰভাৱশালী আৰু উভয় অৰ্থনীতিৰে দ্ৰুত-বৰ্ধমান অংশ হোৱাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতে ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটিব। বজাৰত প্ৰৱেশৰ নিশ্চয়তা, বৈষম্যহীন ব্যৱহাৰ, ডিজিটেলভাৱে প্ৰদান কৰা সেৱাৰ ওপৰত গুৰুত্ব আৰোপ, ইজ অৱ ম’বিলিটিয়ে ভাৰতৰ সেৱা ৰপ্তানিৰ ক্ষেত্ৰত সহায় কৰিব।
এই এফটিএ য়ে আইটি আৰু আইটি-ভিত্তিক সেৱা, পেছাদাৰী সেৱা, শিক্ষা, বিত্তীয় সেৱা, পৰ্যটন, নিৰ্মাণ আৰু আন-আন ব্যৱসায়িক খণ্ডকে প্ৰমুখ্য কৰি ভাৰতীয় শক্তিৰ মূল খণ্ডসমূহত ইউৰোপিয়ান ইউনিয়নৰ পৰা সম্প্ৰসাৰিত আৰু বাণিজ্যিকভাৱে উল্লেখযোগ্য অংগীকাৰ নিশ্চিত কৰিছে।
ইউৰোপিয়ান ইউনিয়নৰ ১৪৪ টা উপখণ্ডত (ইয়াত আইটি/আইটিইএছ, পেছাদাৰী সেৱা, আন-আন ব্যৱসায়িক সেৱা আৰু শিক্ষা সেৱা অন্তৰ্ভুক্ত) ভাৰতৰ ভৱিষ্যদ্বাণীযোগ্য প্ৰৱেশে ভাৰতীয় সেৱা প্ৰদানকাৰীসমূহক উদ্দীপনা যোগাব। একেদৰে ইউৰোপিয়ান ইউনিয়নৰ উপভোক্তাসকলক প্ৰতিযোগিতামূলক বিশ্বমানৰ ভাৰতীয় সেৱা প্ৰদান কৰিবলৈ সক্ষম কৰিব আৰু ভাৰতে আগবঢ়োৱা ১০২ টা উপখণ্ডত ইউৰোপিয়ান ইউনিয়নৰ প্ৰৱেশে উচ্চ প্ৰযুক্তিৰ সেৱাক প্ৰশস্ত কৰিব, ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত বিনিয়োগৰ ফলশ্ৰুতিত পাৰস্পৰিকভাৱে উপকাৰী ব্যৱস্থা গঢ় লৈ উঠিব।
ম’বিলিটিৰ ক্ষেত্ৰত ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ এফটিএ য়ে উভয় দিশতে হ্ৰস্ব-ম্যাদী, অস্থায়ী আৰু বাণিজ্যিক ভ্ৰমণক সামৰি বাণিজ্যিক ম’বিলিটিৰ বাবে এক সুবিধাজনক আৰু ভৱিষ্যদ্বাণীযোগ্য কাঠামো প্ৰশস্ত কৰিব। ইয়াৰ জৰিয়তে পেছাদাৰীসকলে উভয় অৰ্থনীতিৰ মাজত ভ্ৰমণ কৰি ভিন্ন পৰিস্থিতিৰ অধীনত সেৱা আগবঢ়াব পাৰে। ইউৰোপিয়ান ইউনিয়ন আৰু ভাৰতে ইন্টা-কৰ্পৰেট ট্ৰেন্সফাৰী (ICT) আৰু ব্যৱসায়িক দৰ্শকৰ বাবে পাৰস্পৰিকভাৱে ম’বিলিটিৰ অংগীকাৰ প্ৰদান কৰাৰ লগতে আইচিটি-ৰ নিৰ্ভৰশীল আৰু পৰিয়ালৰ সদস্যসকলৰ বাবে প্ৰৱেশ আৰু কৰ্মৰ অধিকাৰ প্ৰদান কৰিছে। ইউৰোপিয়ান ইউনিয়নে চুক্তিবদ্ধ সেৱা যোগানকাৰীৰ (CSS) বাবে ৩৭ টা খণ্ড/উপখণ্ড আৰু স্বতন্ত্ৰ পেছাদাৰীৰ (IP) বাবে ১৭ টা খণ্ড/উপখণ্ডত প্ৰতিশ্ৰুতিও আগবঢ়াইছে। ইয়াৰে একাধিক ভাৰতৰ আগ্ৰহৰ খণ্ড। ইয়াত পেছাদাৰী সেৱা, কম্পিউটাৰ আৰু আনুষংগিক সেৱা, গৱেষণা আৰু উন্নয়ন সেৱা তথা শিক্ষা সেৱাও অন্তৰ্ভুক্ত হৈছে।
ভাৰতে পাঁচ-বছৰৰ ভিতৰত সামাজিক সুৰক্ষা চুক্তিসমূহৰ সন্দৰ্ভত গঠনমূলকভাৱে জড়িত হ’ব পৰাকৈ এক কাঠামো নিশ্চিত কৰিছে। লগতে ছাত্ৰ-ছাত্ৰীৰ ম’বিলিটি আৰু অধ্যয়ন-পৰৱৰ্তী কামৰ সুযোগসমূহক সমৰ্থন কৰা কাঠামোও নিশ্চিত কৰিছে।
ইয়াৰ উপৰিও ভাৰতে ভাৰতীয় পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ চিকিৎসকসকলৰ বাবে ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহত হ’ম টাইটেলৰ অধীনত কাম কৰাৰ সুবিধাও নিশ্চিত কৰিছে য’ত পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহ নিয়ন্ত্ৰিত নহয়।
বিত্তীয় সেৱাৰ ক্ষেত্ৰত এফটিএ য়ে উদ্ভাৱনক আগুৱাই নিবলৈ সহযোগিতাক প্ৰসাৰিত কৰিছে আৰু সীমান্ত-অতিক্ৰমি ইলেক্ট্ৰনিক পেমেন্টক সুৰক্ষিত কৰিছে। একে সময়তে ভাৰতক ইউৰোপিয়ান ইউনিয়নৰ কেইবাখনো প্ৰধান সদস্য ৰাষ্ট্ৰৰ মাজত বজাৰৰ প্ৰৱেশ বৃদ্ধিৰ সুবিধা প্ৰদান কৰিছে। এই বিধানসমূহে বিত্তীয় সংহতি গভীৰ কৰি তুলিব আৰু বিত্তীয় সেৱাৰ বাণিজ্যৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।
এই প্ৰতিশ্ৰুতিসমূহে কেৱল উচ্চ-মূল্যৰ নিয়োগৰ সুযোগ মুকলি কৰাই নহয়, বৰঞ্চ প্ৰতিভা, উদ্ভাৱন আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতিক সুদৃঢ় কৰিছে।
এফটিএ য়ে কপিৰাইট, ট্ৰেডমাৰ্ক, ডিজাইন, বাণিজ্যিক গোপনীয়তা, প্লান্টৰ প্ৰকাৰ, আইপিআৰ বলবৎকৰণৰ সৈতে জড়িত ট্ৰিপছ (TRIPS) ৰ অধীনত প্ৰদান কৰা বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাক সুদৃঢ় কৰিছে, দোহাৰ ঘোষণাক সুদৃঢ় কৰিছে আৰু ডিজিটেল পুথিভঁৰালৰ গুৰুত্বক স্বীকৃতি প্ৰদান কৰিছে। বিশেষকৈ ভাৰতে আৰম্ভ কৰা পৰম্পৰাগত জ্ঞান ডিজিটেল পুথিভঁৰাল (TKDL) প্ৰকল্পই স্বীকৃতি লাভ কৰিছে।
এই এফটিএ য়ে কৃত্ৰিম বুদ্ধিমত্তা, স্বচ্ছ প্ৰযুক্তি আৰু অৰ্ধপৰিবাহীৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতাৰ সুবিধা প্ৰশস্তৰে ভাৰতৰ প্ৰযুক্তিগত অগ্ৰগতিত সহায় কৰিব বুলি আশা কৰা হৈছে।
এই এফটিএ য়ে বাণিজ্যৰ যথেষ্ট বৰ্ধন ঘটাব, ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব আৰু ভাৰতীয় ব্যৱসায়সমূহক ইউৰোপিয়ান আৰু বিশ্ব মূল্য শৃংখলৰ সৈতে অধিক গভীৰভাৱে একত্ৰিত কৰিব বুলি আশা কৰা হৈছে।
ভাৰত–ইউৰোপিয়ান ইউনিয়নৰ এফটিএ য়ে ভাৰত আৰু ২৭-সদস্যৰ ইউৰোপিয়ান ইউনিয়ন ব্লকৰ মাজত দ্বিপাক্ষিক অৰ্থনৈতিক সংযোগ, বাণিজ্যক সুদৃঢ়কৰণ আৰু কৌশলগত সহযোগিতাৰ এক নতুন অধ্যায় ৰচনা কৰিছে। বাণিজ্য ভিত্তিক একাধিক লক্ষ্য, বাণিজ্যৰ গতিশীল প্ৰকৃতি, দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তি আৰু ক্ৰমাৎ বৃদ্ধি পোৱা নিয়ামক জটিলতাৰ কথা অনুধাৱনেৰে চুক্তিখনে ভৱিষ্যতে দেখা দিব পৰা নতুন, হঠাৎ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একাধিক পৰ্য্যালোচনা, পৰামৰ্শ আৰু সঁহাৰি ব্যৱস্থাক সন্নিৱিষ্ট কৰিছে। চুক্তিখন দুয়োপক্ষৰ লাভৰ বাবে সু পৰিচালনা আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল।
ইউৰোপিয়ান ইউনিয়ন হৈছে ভাৰতৰ ২২ সংখ্যক এফটিএ অংশীদাৰ। ২০১৪-ৰ পৰা চৰকাৰে মৰিচাছ, ইউএই, ইউকে, ইএফটিএ, ওমান আৰু অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ লগতে নিউজিলেণ্ডৰ সৈতে বাণিজ্য চুক্তি ঘোষণা কৰিছে। ২০২৫-ত ভাৰতে ওমান আৰু ইউকে-ৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ লগতে নিউজিলেণ্ডৰ সৈতে বাণিজ্য চুক্তি সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে।
ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ বাণিজ্য চুক্তিৰ সমান্তৰালকৈ যুক্তৰাজ্যৰ সৈতে ভাৰতৰ এফটিএ আৰু ইএফটিএ য়ে ফলপ্ৰসূভাৱে ভাৰতীয় ব্যৱসায়ী, ৰপ্তানিকাৰী আৰু উদ্যোগীসকলৰ বাবে সমগ্ৰ ইউৰোপিয়ান বজাৰখন মুকলি কৰিছে।
বাণিজ্যক অগ্ৰগতি সাধনৰ উপৰিও ই উমৈহতীয়া প্ৰমূল্যবোধক সুদৃঢ়, উদ্ভাৱনক লালন-পালন আৰু এমএছএমই, মহিলা তথা দক্ষ পেছাদাৰীসকলৰ পৰা কৃষক আৰু ৰপ্তানিকাৰীলৈকে ভিন্ন খণ্ড আৰু অংশীদাৰসকলৰ মাজত সুযোগৰ সৃষ্টি কৰিছে। ভাৰতৰ “বিকশিত ভাৰত ২০৪৭”-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উক্ত এফটিএ য়ে ভাৰতক বিশ্বৰ মঞ্চত এক গতিশীল, বিশ্বাসযোগ্য আৰু দূৰদৰ্শী অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। একেদৰে উভয় অঞ্চলৰ বাবে এক অন্তৰ্ভুক্ত, স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু বিকাশৰ ভেটি স্থাপন কৰিছে।
*****
(रिलीज़ आईडी: 2219132)
आगंतुक पटल : 20