গৃহ মন্ত্ৰালয়
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া নেতাগৰাকীক সন্মান
নেতাজী সুভাষ চন্দ্ৰ বসুৱে যুৱসকলক সংগঠিত কৰাৰ লগতে আজাদ হিন্দ ফৌজৰ জৰিয়তে আৰম্ভ কৰিছিল প্ৰথম সামৰিক অভিযান
নেতাজীয়ে ১৯৪৩ চনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ত্ৰিৰংগা পতাকা উত্তোলন কৰি স্বাধীন ভাৰতৰ ঘোষণা কৰিছিল
যুৱচামৰ প্ৰতিগৰাকী প্ৰতিনিধিয়ে নেতাজীৰ জীৱন আৰু তেওঁৰ বীৰত্বৰ বিষয়ে পঢ়া উচিত আৰু ৰাষ্ট্ৰক সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ সংকল্প শক্তিশালী কৰা উচিত
জাৰ্মানীৰ পৰা ৰাছিয়া আৰু জাপানলৈ হাজাৰ হাজাৰ কিলোমিটাৰ যাত্ৰাই ভাৰতক স্বাধীন কৰাৰ বাবে নেতাজীৰ অটল সংকল্পক প্ৰদৰ্শন কৰে
সুভাষ চন্দ্ৰ বসুৰ ত্যাগ আৰু উচ্চ ব্যক্তিত্বৰ জীৱনে ৰাষ্ট্ৰৰ স্বাধীনতা, আত্মসন্মান আৰু সাৰ্বভৌমত্বৰ সংগ্ৰামত নিজকে উৎসৰ্গিত কৰিবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব
प्रविष्टि तिथि:
23 JAN 2026 9:37AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া নেতাজনক সন্মান জনায়।
এক্সত দিয়া এলানি পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতীয় স্বাধীনতা আন্দোলনত এনে এটা নাম, যাৰ কেৱল উল্লেখে আমাৰ হৃদয়লৈ দেশপ্ৰেমৰ জোৱাৰ কঢ়িয়াই আনে। তেওঁ কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে যুৱশক্তিক সংগঠিত কৰাৰ লগতে আজাদ হিন্দ ফৌজৰ জৰিয়তে প্ৰথম সামৰিক অভিযান আৰম্ভ কৰিছিল তথা ১৯৪৩ চনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ত্ৰিৰংগ পতাকা উত্তোলন কৰি স্বাধীন ভাৰতৰ ঘোষণা কৰিছিল। শ্ৰী শ্বাহে কয় যে প্ৰতিজন যুৱক-যুৱতীয়ে নেতাজীৰ জীৱন আৰু তেওঁৰ বীৰত্বৰ কাহিনীৰ বিষয়ে পঢ়া উচিত তথা ৰাষ্ট্ৰক সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ সংকল্প শক্তিশালী কৰা উচিত। দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া নেতাজীৰ জয়ন্তী উপলক্ষে মই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
শ্ৰী অমিত শ্বাহে কয় যে আজি সমগ্ৰ দেশে ভাৰত মাতৃৰ মহান পুত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিত ‘পৰাক্ৰম দিৱস’ উদযাপন কৰিছে। তেওঁ কয় যে নেতাজীৰ দৰে ব্যক্তিত্বৰ জন্ম বিৰল। শ্ৰী শ্বাহে কয় যে নেতাজীয়ে জাৰ্মানীৰ পৰা ৰাছিয়া আৰু জাপানলৈ হাজাৰ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰাৰ লগতে তেওঁৰ কষ্ট আৰু সংগ্ৰামে ভাৰতক স্বাধীন কৰাৰ বাবে তেওঁৰ অটল সংকল্পক প্ৰদৰ্শন কৰে। তেওঁ কয় যে সুভাষ চন্দ্ৰ বসুৰ ত্যাগ আৰু উচ্চ ব্যক্তিত্বৰ জীৱনে ৰাষ্ট্ৰৰ স্বাধীনতা, আত্মসন্মান আৰু সাৰ্বভৌমত্বৰ সংগ্ৰামত নিজকে উৎসৰ্গিত কৰিবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
***
RK / RR / PS / SK / DD
(रिलीज़ आईडी: 2217697)
आगंतुक पटल : 4